তই অমুক, মই অমুক, সি শামুক, তাই জামুক, সেইটি অৰ্হান পামুক

সায়ন্তন শইকীয়া

জাতিয়ে বাচন ধুবৰ সময় হৈছে লাহেকৈ। বুজা নাই? মানে প্ৰত্যেক পাঁচ বছৰৰ মূৰে মূৰে আমি অসমীয়াই মিলি নিৰ্দিষ্ট যি বাচন ধুই পখালি চাফা কৰোঁ। অৰ্থাৎ নিৰ্দিষ্ট+বাচন = নিৰ্বাচন। সকলোৱে নিজৰ নিজৰ পাশুপাত অস্ত্ৰ, ব্ৰক্ষ্মাস্ত্ৰ তৈয়াৰ কৰি লওক। ৰিন চুপ্ৰীম, চাৰ্ফ এক্সেল মজুত কৰি লওক। এইবাৰ জাতিয়ে ‘শতৰুক’ ধুবই ধুব। এইবাৰ কাকো এৰি দিয়া নহয়। চাৰি বছৰৰ আগতে ‘শেষ শৰাইঘাট’ এখন হৈ গৈছিল। এইবাৰ একা?পলাশী,ৱান্দিৱাশ্ব,পানীপত? বাৰু সেইবোৰ সময়ত দেখা যাব। মূল কথাটো হ’ল যে অসমীয়াই এইবাৰ ধুবলৈ সাজু হৈছে!

পিছে ধুলেই যেনিবা, ধুই একেবাৰে ওফৰাই পঠিয়ালে। তাৰ পাছত? অ’ বোলো দেশখন চলাবলৈ দিবা কাক? ‘ৰজাঘৰীয়া’ পাতিবা কাক? ‘হাত’খনৰ পিনে আমাৰ চাবলৈ মন নাযায়, ‘পদুম’ পাহি কলিতেই মৰহিলে বুলি আমি ধৰি লৈছো, ‘হাতী’ হ’লগৈ বগা। কি কৰা যায়? আমাৰ দৰে নি:কিন, কলমৰ আগতে পৃথিৱীখন বিচাৰি ফুৰা মানুহে এটা নতুন প্ৰকল্পৰ দাবী কৰি আহিছো ইমানদিনে। সেই প্ৰকল্পটোৰ নাম হ’ল ‘বিকল্প’। ভোট দিবলৈ যোৱা দিনা প্ৰখৰ ৰ’দ অথবা কলহৰ কাণে ধলা বৰষুণ হ’লে আধা ঘন্টা, এক ঘন্টা লাইন ধৰি NOTA নামৰ অদ্ভুত বস্তুবিধত টিপনটো দি আহিব জানো? পিছে আমাৰ দৰে মানুহৰ চিঞৰ-বাখৰবোৰ শুনাকৈ মানুহৰ কাণবোৰ বৰ সৰু যেন পাইছো। ‘পদুম’পাহিৰ পিনে তৰ্জন, ‘বজ্ৰগৰ্জন’ কৰি ‘নামানো, নহ’ব, নিদিওঁ’ বুলি কৈ দিলেই সকলো হৈ যোৱা হ’লে দেখোন ভালেই আছিল। পিছে এইখন গণতন্ত্ৰত ‘ভোট’ মানেই যে ভৱিষ্যত সেইটো হয়তো আমাৰ আশাবাদী, জাতীয়তাবাদী শিবিৰে বুজি উঠা নাই। বুজি উঠিবলৈ এতিয়াও সময় আছে বুলি মনে কয়। আৰু কেইমাহমান এইদৰেই ‘পেহলে আপ, পেহলে আপ’ কৰি থাকিলে অহাবছৰলৈ ‘পদুম’পাহি ন আকাৰ, ন প্ৰকাৰে ফুলিলে ‘লগন উকলি গ’ল’ বুলি জাতীয়তাবাদী শিবিৰে হাৰমনিয়াম ধৰি ঐকতান দিলে লাভ নহ’ব।

ডেকা শকতি ‘পাব জি’ত ব্যস্ত থাকিলেও মাজে মাজে অসমী আইৰ পিনে ভুমুকি নমৰা নহয়, ‘লুইতৰ পাৰৰে আমি ডেকা ল’ৰা মৰিবলে ভয় নাই’ বুলি কৰবাত বাজি উঠিলে ৰাজপথ এতিয়াও কম্পমান হয়। ‘গড্ডলিকা প্ৰবাহ’ নালাগে আমাক। তেনেকুৱা ধৰণৰ বস্তুবোৰৰ পৰা আঁতৰত থাকিলেই ভাল। ‘শতৰু’ই ইতিমধ্যে ভাঙন প্ৰক্ৰিয়া আৰম্ভ কৰি দিছে। তই অমুক, মই অমুক, সি শামুক, তাই জামুক, সেইটি অৰ্হান পামুক। আমাৰখিনিক ভাঙিবলৈ কি লাগে আৰু। মাছক আটা দিয়াৰ নিচিনাকৈ আমাক ‘আশ্বাস’ দি দিলেই আমি পাৰিলে শ্বাস-প্ৰশ্বাসেই দি দিম। সেইকাৰণে সাৱধান হ’বৰ হ’ল। ফেচবুকে, ৱাটচএপে ‘এনথুজিয়াষ্টিক’ খাদ্য-ৰসিক, Meme ৰসিক, ট্ৰল ৰসিক, ফেশ্বন ৰসিক ৰাইজে কথাবোৰ অলপ দ কৈ ভাবি চাবৰ হ’ল। ৰাজনৈতিকভাৱে ৰোগাক্ৰান্তখিনিক নতুনকৈ ক’বলগীয়া একো নাই। কিতাপ-পত্ৰ নপঢ়ি, মন-মগজু নুখুলি কাৰোবাৰ অন্ধ স্তাৱক হোৱাতকৈ উজু কৰ্ম এই পৃথিৱীত আৰু একো নাই।

বাৰু যা হওক,জাতিৰ ধুলাই পৰ্ব আমি চাবলৈ আশাৰে ৰৈ আছো।

9 COMMENTS

  1. অতি সুন্দৰ ব্যংগাত্মক লিখনি । খুব ভাল লাগিল পঢ়ি।

  2. অতি সুন্দৰ ব্যংগাত্মক লিখনি । ভাল লাগিল পঢ়ি ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here