স-ৰা-পা-ত

ইমানদাৰ শইকীয়া


সপোনৰ পিছত দৌৰি আৰম্ভ হয় জীৱনটো,
জখলা বগাওঁতে বগাওঁতে তলতে পৰি ৰয়
উৱঁলি যোৱা সময়,

ৰা
ৰাখাইন প্ৰদেশ পৰি ৰয় অটল স্মৃতিত।
নতুন খবৰবোৰ মেটেকাৰ দৰে;
পুৰণি খবৰটোৰ উশাহ হেৰায়,
পুৰণি হয় ৰহিঙীয়াৰ দুৰ্দশাৰ খবৰ
আৰু নাফ নদীত হেৰোৱা মানুহবোৰ????

পা
“পাণ বেচা টকাৰে সোণটিৰ স্কুলৰ ফীজ দিব লাগিব”
কোনোমতে জোৰা মাৰে কোনোবা মাতৃয়ে,
সুখৰ স্বপ্নময়তাই ঢাকি ধৰে বাস্তৱৰ পতন
……………
‘এইবাৰ আহিবিনে সোণ?’
“নোৱাৰিম মা ইয়াৰ পৰীক্ষা”
শৰীৰত থিতাপি লোৱাৰ অসুখৰ কথাটো ৰৈ যায়,
সংযোগহীন হৈ পৰে ফোনটো(নে সম্পৰ্ক?);
নীৰৱে গুচি যায় তেওঁ সময়হীনতাৰ পৰা সময়লৈ।


তলাটোৰ নিৰ্মাণ সহজ টান চাবিটোৰ (?)
দৰ্শনৰ শ্ৰেণীত (অ)পদাৰ্থৰ উপস্থিতিৰ নতুন ৰসায়ন।
জীৱনটোতো বীজগণিত নহয় যে সূত্ৰ মানি চলা যায়;
তথাপিও কিছুমান সূত্ৰ থাকিলে ভাল,
অন্ততঃ মানুহৰ বাবে।।

3 COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here