সংবাদ মাধ্যমৰ স্বৰূপ পৰিৱৰ্তন আৰু দায়বদ্ধতা

ঋতুবাস্তৱ হাজৰিকা

গণ যোগাযোগৰ মাধ্যম হিচাপে সংবাদ মাধ্যমে অতীতৰ পৰা বৰ্তমানলৈকে এক উল্লেখনীয় ভূমিকা পালন কৰি আহিছে। অসমীয়া মানুহৰ উদ্যোগত প্ৰকাশিত অসমীয়া বাতৰি কাকত ‘আসাম বিলাসিনী’ৰ পৰা আৰম্ভ কৰি অৰুনোদই, আসাম নিউজ, আসাম বন্ধু, আসাম হিতৈষী, মৌ, দৈনিক জনমভূমি, দৈনিক বাতৰি, আমাৰ অসম, ডেকা অসম, দৈনিক অসম , প্ৰতিদিন, অসমীয়া খবৰ, নিয়মীয়া বাৰ্তা, অসম আদিত্য আদি কাকতসমূহে দুৰ্নীতি-কেলেংকাৰি আদি উন্মোচন কৰাকে আদি কৰি বিভিন্ন সামাজিক, আৰ্থ-সামাজিক দিশৰ যুক্তিপূৰ্ণ আলোচনাৰ দ্বাৰা জনসজাগতা সৃষ্টি কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰ লগতে অসমীয়া ভাষা সাহিত্যৰ ক্ষেত্ৰখনটো বিশেষ ভূমিকা পালন কৰি অহা পৰিলক্ষিত হয়। ক্ৰমাগতভাৱে, যুগৰ পৰিৱৰ্তনৰ সমানে সমানে সংবাদ মাধ্যমৰ ক্ষেত্ৰখনৰো স্বৰূপ সলনি হোৱা দেখা গ’ল। কুৰি শতিকাৰ আঠ দশকমানলৈকে সংবাদ পত্ৰ, পত্ৰিকা, ৰেডিঅ’, টেলিভিছন আদিতে সীমাবদ্ধ থকা সংবাদ মাধ্যমৰ বৰ্তমান সময়ত স্বৰূপ সলনি হৈছে। বৰ্তমান সমাজৰ আৰ্থিক, সামাজিক, প্ৰযুক্তিগত পৰিবৰ্তনৰ লগত সংগতি ৰাখি আজিৰ সংবাদ মাধ্যমে নিজা গতি-প্ৰকৃতি সলনি কৰিছে। ইয়াৰ লগে লগে কিন্তু সংবাদ মাধ্যমৰ লক্ষ্য উদ্দেশ্যৰ ক্ষেত্ৰটো পৰিৱৰ্তন অহা পৰিলক্ষিত হৈছে। ন ন কৌশল-প্ৰযুক্তিৰে সংবাদ মাধ্যমৰ ক্ষেত্ৰখন আগুৱাই গ’লেও ক’ৰবাত কেতিয়াবা ভাব হয় যে সংবাদ মাধ্যমৰ এই স্বৰূপ পৰিৱৰ্তনৰ ফলত কেতিয়াবা কেতিয়াবা সংবাদ মাধ্যমে আওবাটে গৈছে। ক’ৰবাত যেন সংবাদ মাধ্যমে সমাজখনৰ প্ৰতি , মানুহৰ প্ৰতি থকা দায়বদ্ধতা হেৰুৱাইছে, স্বকীয় মৰ্যাদা হেৰুৱাইছে। সংবাদ মাধ্যমৰ ক্ষেত্ৰখনত ইলেকট্ৰনিক মাধ্যমৰ সংযোজন ঘটাৰে পৰা কিছু কিছু ক্ষেত্ৰত কেৱল “ভিউজ”ৰ নামত “নিউজ” সৃষ্টি কৰাই যেন একাংশ সংবাদ মাধ্যমৰ মূল লক্ষ্য হৈ পৰিছে। অসমীয়া ভাষাটো শুদ্ধকৈ প্ৰচাৰ কৰাৰ ক্ষেত্ৰটো যেন দায়বদ্ধতাৰ কথা পাহৰি গ’ল সেই এচাম তথাকথিত নিউজ চেনেল-পৰ্টেলে। ইয়াৰ পৰৱৰ্ত্তী সময়ত অৰ্থাৎ বৰ্তমান সময়ৰ প্ৰেক্ষাপটত সৃষ্টি হোৱা ‘সামাজিক মাধ্যমত’ সৃষ্টি হোৱা একাংশ ‘ৱেব পৰ্টেল’ৰ সাংবাদিকতাৰ স্বৰূপে সংবাদ মাধ্যমৰ ক্ষেত্ৰখনকে যেন মূল লক্ষ্য-উদ্দেশ্যৰ পৰা আঁতৰাই আনিব বিচাৰিছে। সাংবাদিকতাৰ অ-আ, ক-খ নজনাকৈয়ে একাংশ ব্যক্তিয়ে নিজা উদ্যোগত সামাজিক মাধ্যমত জন্ম দিয়া ৱেব পৰ্টেল সমূহৰ বহুতেই হেৰুৱাই পেলাইছে সাংবাদিকতাৰ প্ৰকৃত মৰ্যাদা-উদ্দেশ্য। কেৱল ‘ভাইৰেল’ কৰা ট্রেণ্ড এটা লৈ কিছুমান ৱেব পৰ্টেলে প্ৰচাৰ কৰা বাতৰিয়ে সমাজ, ব্যক্তি, শিশুৰ ক্ষেত্ৰত বিৰূপ প্ৰভাৱ পেলোৱা পৰিলক্ষিত হয়। ইয়াৰ সমানে সমানে একাংশ ছ’চিয়েল মিডিয়া সাংবাদিকে সাংবাদিকতাৰ ক্ষেত্ৰখন কলুষিত কৰি তোলাৰো নজিৰ দেধাৰ। দ্ৰুত সংবাদ প্ৰচাৰৰ মানসিকতাৰে পৰিচালিত একাংশ ছ’চিয়েল মিডিয়া সাংবাদিকে ভুৱা বাতৰি প্ৰচাৰ কৰা, সম্পাদনাৰ অবিহনে বিভৎস, অশালীন ফটো-ভিডিও প্ৰচাৰ কৰা, ভাইৰেল হোৱা মানসিকতাৰে ৰাজ্যৰ স্বনামধন্য, পুৰোধা ব্যক্তিবিশেষক জীৱিত কালতেই মৃত সজোৱা আদি স্পৰ্শকাতৰ কাৰ্যৰ সৈতেও জড়িত হৈ পৰিছে সাংবাদিকতা । এইবোৰ জানো সাংবাদিকতাৰ উদ্দেশ্য? এইবোৰ জানো এজন সাংবাদিকৰ সমাজখনৰ প্ৰতি থাকিব লগা দায়বদ্ধতাৰ স্বৰূপ? গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ জ্ঞান কৰা সাংবাদিকসকলৰে যদি সমাজ দায়বদ্ধতা, সচেতনতা নাথাকে তেনেহ’লে সাধাৰণ লোকসকলে সমাজখনক কিদৰে সংশোধিত কৰিব। যুগৰ পৰিৱৰ্তন, প্ৰযুক্তিৰ পৰিৱৰ্তনে অন্যান্য ক্ষেত্ৰসমূহলৈ অনা পৰিৱৰ্তনৰ দৰেই সংবাদ মাধ্যমৰ ক্ষেত্ৰখনলৈও পৰিৱৰ্তন অনাটো একো অস্বাভাৱিক কথা নহয়। কিন্তু পৰিৱৰ্তন অহা মানেই নিজৰ দায়িত্ব- কৰ্তব্য-দায়বদ্ধতাক উলাই কৰাটো জানো সমীচীন।

LEAVE A REPLY

Please enter your comment!
Please enter your name here