উডষ্টক ১৯৬৯: সংগীত, সমাজ আৰু ষাঠিৰ দশকৰ যুৱবিক্ষোভৰ কাহিনী

ষাঠিৰ দশকত নিউয়ৰ্কৰ উপকণ্ঠ অঞ্চলৰ উডষ্টক সমগ্ৰ বিশ্বৰে পৰা অহা বিভিন্ন সংগীতজ্ঞসকলৰ এক আড্ডাস্থলী হিচাবে প্ৰসিদ্ধ আছিল। বব ডিলানৰ পৰা আৰম্ভ কৰি বাউল শিল্পী পূৰ্ণ দাসলৈকে বিভিন্নজনে এই অঞ্চলক এক সাংস্কৃতিক সম্পৰীক্ষাৰ কেন্দ্ৰ কৰি তুলিছিল। আৰু এই সম্পৰীক্ষাই চৰম ৰুপ লৈছিল ১৯৬৯ চনৰ আগষ্ট মাহত, তিনিদিনীয়া উডষ্টক সংগীত ফেষ্টিভেলৰ যোগেদি। ৩২ গৰাকী সংগীতজ্ঞ/বেণ্ড তথা চাৰিৰ পৰা পাঁচ লাখ দৰ্শকৰ উপস্থিতিত তিনি দিনতে উডষ্টক হৈ পৰিছিল সংগীত ইতিহাসৰ এক অবিস্মৰণীয় অধ্যায়।

(আলোকচিত্ৰ ১: উডষ্টক প্ৰজন্ম- ১৯৬৭ চনৰ এলবাম ‘জন উইজলি হাৰ্ডিঙৰ’ বেটুপাতত বব ডিলানৰ সৈতে দুই বাউল শিল্পী পূৰ্ণ দাস আৰু লক্ষ্মণ দাস। )

উডষ্টকৰ জন্মকাহিনী অৱশ্যে কেৱল সংগীতৰে কাহিনী নহয়। ই হ’ল ষাঠিৰ দশকৰ যুৱচামৰ সাংস্কৃতিক আৰু ৰাজনৈতিক উন্মেষণৰ কাহিনী। ষাঠিৰ দশকটো পৃথিৱীৰ ইতিহাসত অতি গুৰুত্বপূৰ্ণ। মানৱ জাতিৰ মহাকাশত পদাৰ্পণ, বাৰ্লিনৰ প্ৰাচীৰৰ নিৰ্মাণ, ভাৰত-চীনৰ যুদ্ধ, দ্বিতীয় পৰ্য্যায়ৰ নাৰীবাদ, কিউবাৰ মিছাইল সংকট, বিটলছৰ জন্মলাভ, বৰ্ণ-বৈষম্যৰ বিৰুদ্ধে আমেৰিকাত নাগৰিক অধিকাৰ আন্দোলন, ভিয়েটনামৰ যুদ্ধ আদি অজস্ৰ গুৰুত্বপূৰ্ণ পৰিঘটনা সংঘটিত হৈছিল এই দশকতে। এনে এক ক্ষীপ্ৰ গতিত হোৱা সামাজিক তথা ৰাজনৈতিক পৰিৱৰ্ত্তনে নতুন প্ৰজন্মৰ মনত প্ৰচলিত ৰক্ষণশীল তথা পুৰণিকলীয়া সমাজ ব্যৱস্থাৰ প্ৰতি বিতৃষ্ণাৰ সৃষ্টি কৰিছিল।

(আলোকচিত্ৰ ২: আমেৰিকাৰ দ্বাৰা ভিয়েটনাম আক্ৰমণৰ বিৰুদ্ধে হোৱা প্ৰতিবাদত যুৱসমাজে মুখ্য ভূমিকা লৈছিল। )

যুৱ প্ৰজন্মৰ এই অসন্তুষ্টিৰ ফলস্বৰুপেই সৃষ্টি হৈছিল এক নতুন চিন্তাস্ৰোতৰ যাক কোৱা হয় ৬০ দশকৰ প্ৰতি-সংস্কৃতি (counterculture of the 60s) বুলি। সংগীত, সাহিত্য, জীৱনশৈলী, ৰাজনৈতিক মতাদৰ্শ, ফেশ্বন, যৌন স্বাধীনতা সকলোতে ইয়াৰ ফলত এক লক্ষণীয় পৰিৱৰ্ত্তন দেখা পোৱা গৈছিল। এই নতুন যুৱচামক বুজাবলৈ প্ৰায়ে হিপ্পী শব্দটো ব্যৱহাৰ কৰা হৈছিল। হিপ্পীসকল মূলত: আছিল যুদ্ধ আৰু পুঁজিবাদ বিৰোধী, মু্ক্ত সামাজিক ব্যৱস্থা তথা সামাজিক ন্যায়ত বিশ্বাসী, আৰু নতুন সাংস্কৃতিক অভিজ্ঞতা তথা সম্পৰীক্ষাৰ প্ৰতি আগ্ৰহী। ভাৰত তথা প্ৰাচ্যৰ দেশসমূহৰ সংস্কৃতি লৈ তেওঁলোক অতিশয় অনুসন্ধিৎসু আছিল। এই কাৰণে প্ৰায়ে তেওঁলোকে ইউৰোপৰ পৰা স্থলপথেৰে বিভিন্ন দেশ পাৰ হৈ ভাৰতীয় উপমহাদেশ ভ্ৰমণৰ বাবে আহিছিল। এই যাত্ৰাক কোৱা হৈছিল হিপ্পী ট্ৰেইল (Hippie Trail) বুলি।


(আলোকচিত্ৰ ৩: হিপ্পী ট্ৰেইলৰ পথচোৱা। মধ্যপ্ৰাচ্যত ষাঠিৰ দশকলৈকে কোনো যুদ্ধ বা উগ্ৰবাদে মূৰ দাঙি উঠা নাছিল। গতিকে এই অঞ্চলেদি ভ্ৰমণ কৰা সহজ আছিল।

ষাঠিৰ দশকত প্ৰকাশ পোৱা এই নতুন চিন্তাৰ পূৰ্ণ প্ৰকাশ ঘটিছিল ১৯৬৮ চনত, উডষ্টকৰ এবছৰ পূৰ্বে। বিশ্বৰ বিভিন্ন দেশৰ যুৱচাম আৰু ছাত্ৰসমাজে এই বছৰতে স্থিতাৱস্থাৰ বিৰুদ্ধে প্ৰচণ্ড বিক্ষোভ কৰি উঠে। প্ৰথম অৱস্থাত অধিকাংশ বিক্ষোভৰ সূচনা হৈছিল আমেৰিকাৰ দ্বাৰা ভিয়েটনাম আক্ৰমণৰ প্ৰতিবাদস্বৰুপে। পাছলৈ বিভিন্ন দেশত বিভিন্ন কাৰণত ই গণ অভ্যুত্থানৰ ৰুপ লয়: স্বেচ্ছাচাৰী শাসকৰ বিৰুদ্ধে, দুৰ্নীতিৰ বিৰুদ্ধে, সাম্ৰাজ্যবাদৰ বিৰুদ্ধে, ৰক্ষণশীল সমাজৰ বিৰুদ্ধে, বৰ্ণবৈষম্যৰ বিৰুদ্ধে। ব্ৰাজিলৰ পৰা চেকোশ্লোভাকিয়ালৈকে, আৰু ফ্ৰান্সৰ পৰা উত্তৰ আয়াৰলেণ্ডলৈকে বিংশ শতিকাৰ খতিয়ানত ১৯৬৮ আছিল এক বিক্ষোভৰ বৰ্ষ।



(আলোকচিত্ৰ ৪: এক স্বাধীন ৰাষ্ট্ৰ হোৱা স্বত্বেও চেকোশ্লোভাকিয়াৰ শাসনাধিষ্ঠ চৰকাৰৰ ওপৰত ছোভিয়েট ইউনিয়নৰ অপৰিসীম প্ৰভাৱ আছিল। ১৯৬৮তে এই ছোভিয়েট পৰোক্ষ শাসনৰ বিৰুদ্ধে যুৱচামে বিদ্ৰোহ কৰি উঠে।)

সামাজিক আৰু ৰাজনৈতিক পশ্চাদগামীতাৰ বিৰোধিতা কৰা বাবে ৰক্ষণশীল সমাজে হিপ্পীসকলক ভাল দৃষ্টিৰে চোৱা নাছিল। ১৯৬৯ চনত উডষ্টকত যেতিয়া এক সংগীত আৰু কলা মহোৎসৱ আয়োজন কৰাৰ কথা ঠিৰাং কৰা হ’ল, তেতিয়া স্থানীয় লোকে তাত বাধা দিলে। কাৰণ লাখ লাখ হিপ্পী একে ঠাইত সমৱেত হোৱা তেওঁলোকেৰ বাবে এক অভাবনীয় ঘটনা আছিল। সেইকাৰণে যদিও নামত উডষ্টক ফেষ্টিভেল, ই প্ৰকৃততে আয়োজন কৰা হৈছিল উডষ্টকৰ পৰা প্ৰায় ৭০ মাইল দূৰৰ বেথেল নামৰ এটি এলেকাত। মেক্স য়াছগাৰ নামৰ এজন দুগ্ধপালকৰ পামৰ মাটি ভাড়াত লৈ এই তিনিদিনীয়া সংগীতানুষ্ঠান অনুষ্ঠিত কৰা হৈছিল।

১৫ আগষ্টৰ পৰা আৰম্ভ হোৱা এই তিনিদিনীয়া অনুষ্ঠানত জোৱান বেইজ, ক্ৰিডেঞ্চ ক্লিয়েৰৱাটাৰ ৰিভাইভেল, জেফাৰছন এয়াৰপ্লেন, কাৰ্লোচ চান্টানা, দ্য হু, গ্ৰেটফুল ডেড, জেনিছ জ’পলিন আৰু জিমি হেন্দ্ৰিক্সৰ দৰে সংগীতজ্ঞৰ লগতে চেতাৰবাদক পণ্ডিত ৰবি শংকৰেও সংগীত পৰিৱেশন কৰে। প্ৰৱল বৰষুণ আৰু তাৰ ফলত সৃষ্টি হোৱা বোকাময় পৰিস্থিতিৰ মাজতো এই সংগীতজ্ঞসকলে গীত পৰিৱেশন কৰি যায় তেওঁলোকৰ পাঁচলাখ গুণমুগ্ধৰ বাবে ; এক শান্তিকামী, পৰিৱৰ্ত্তনমূখী নতুন প্ৰজন্মৰ বাবে। বোকাৰ মাজত নিশ্চিন্তমনে লেটি-পেটি হৈ পৰি থকা হিপ্পীসকলক দেখি বোলে পণ্ডিত ৰবি শংকৰৰ ভাৰতৰ বাৰিষাৰ পথাৰবোৰত চৰি থকা ঘৰচীয়া মহবোৰলৈ মনত পৰিছিল !


(আলোকচিত্ৰ ৫: জিমি হেন্দ্ৰিক্স মঞ্চত উঠিছিল একেবাৰে শেষৰ দিনা, আৰু তেওঁৰ সেইদিনাৰ সংগীত পৰিৱেশনক বিগত শতিকাৰ এক অন্যতম শ্ৰেষ্ঠ পাৰফৰ্মেঞ্চ হিচাবে গণ্য কৰা হয়।)

যদিও উডষ্টক আছিল এক শান্তিকামী প্ৰজন্মৰ উৎসৱ, কিন্তু সেই সময়ৰ দুজন প্ৰৱল যুদ্ধ-বিৰোধী সংগীতজ্ঞ তাত অনুপস্থিত আছিল।  উডষ্টকৰে বাসিন্দা হোৱা স্বত্বেও ব্ৰিটেইনত অনুষ্ঠিত আন এক সংগীত মহোৎসৱত অংশ লবলৈ যোৱা বাবে ইয়াত বব ডিলান উপস্থিত থাকিব নোৱাৰিলে। অৱশ্যে অন্য এক উৎসৰ মতে ডিলানে হিপ্পীসকলক বৰ এটা পছন্দ কৰা নাছিল, আৰু সেয়েহে এক হিপ্পী-কেন্দ্ৰিক অনুষ্ঠানৰ অংশ হ’ব নিবিচাৰিছিল। আনহাতে বিটলছৰ জন লেননে দাবী কৰিছিল যে তেওঁৰ পুঁজিবাদ-বিৰোধী ৰাজনৈতিক মতাদৰ্শৰ বাবে সেই সময়ৰ আমেৰিকাৰ ৰক্ষণশীল ৰাষ্ট্ৰপতি ৰিচাৰ্ড নিক্সনে তেওঁক আমেৰিকাত প্ৰৱেশ কৰিবৰ বাবে ভিছা লাভ কৰাত বাধা দিছিল। আৰু সেইয়ে তেওঁ উডষ্টকলৈ আহিব নোৱাৰিলে। এই কথা কিমানদূৰ সত্য জনা নাযায়। প্ৰথম অৱস্থাত আয়োজকসকলে উডষ্টকত টিকট লৈ প্ৰৱেশৰ সুবিধা কৰিছিল। কিন্তু অতি কম সময়ৰ ভিতৰত অনুষ্ঠানটি আয়োজন কৰিবলগীয়া হোৱা বাবে তেওঁলোকে কোনোধৰণৰ টিকট পৰীক্ষা কক্ষ নতুবা বন্ধ চাৰিসীমা নিৰ্মাণ কৰিব নোৱাৰিলে। ইফালে অনুষ্ঠানৰ দুদিন আগতেই প্ৰায় পঞ্চাচ হাজাৰ দৰ্শক আহি মুখ্য মঞ্চৰ কাষতে থিতাপি ললেহি। গতিকে আয়োজকসকলে অনুষ্ঠানটি বিনামূলীয়া কৰিবলৈ বাধ্য হ’ল। ইয়াৰ বাবে তেওঁলোকৰ বিপুল পৰিমাণৰ আৰ্থিক ক্ষতি হ’ল। কিন্তু তেওঁলোকৰ হাতত অনুষ্ঠানটিৰ ভিডিঅ’ ৰেকৰ্ডিংসমূহ থাকি গ’ল। এই ৰেকৰ্ডিংসমূহৰ ওপৰত ভিত্তি কৰি ১৯৭০ চনত ৰিচাৰ্ড ৱেদলিৰ পৰিচালনাত উডষ্টক নামেৰে এখন তথ্যচিত্ৰ নিৰ্মাণ কৰা হ’ল। তথ্যচিত্ৰখনে অস্কাৰ লাভ কৰাৰ লগতে বাণিজ্যিক দিশত অতি সফল হ’ল, আৰু আয়োজকসকলৰ লোকচান হোৱা ধন পুনৰ উভতি আহিল। বোলছবি নিৰ্মাতা হিচাবে প্ৰসিদ্ধ হোৱাৰ আগতেই বিখ্যাত পৰিচালক মাৰ্টিন স্কৰ্চিছিয়ে এই তথ্যচিত্ৰত সম্পাদনাৰ কাম কৰিছিল।



(আলোকচিত্ৰ ৬: উডষ্টকত চিত্ৰগ্ৰহণ কৰি থকা অৱস্থাত মাৰ্টিন স্কৰ্চিছি। পাছলৈ তেওঁ টেক্সি ড্ৰাইভাৰ, ৰেজিং বুল, গুড ফেলাছ, গেংছ অৱ নিউয়ৰ্ক আৰু উলফ অৱ ৱাল ষ্ট্ৰিটৰ দৰে বহু প্ৰসিদ্ধ বোলছবি নিৰ্মাণ কৰে।)

উডষ্টক আছিল ষাঠিৰ দশকত প্ৰাপ্তবয়স্কতা লাভ কৰা প্ৰজন্মটোৰ বাবে এক মাইলৰ খুঁটি। মূলত: এক বৈষম্য আৰু শুচিবায়ুগ্ৰস্ততাৰ পৰা মুক্ত সুস্থ সমাজ, আৰু এক সাম্ৰাজ্যবাদী হাতোঁৰাৰ পৰা মুক্ত পৃথিৱীৰ কল্পনা কৰা যুৱচামৰ বাবে ই আছিল নিজকে প্ৰকাশ কৰাৰ এক অৱকাশ। এই ফেষ্টিভেলক সেইকাৰণে কোৱা হৈছিল “সংগীত আৰু শান্তিৰ বাবে তিনি দিন” (3 days of music and peace)। আৰু প্ৰকৃতাৰ্থতেই কোনো ধৰণৰ হিংসাত্মক ঘটনা সংঘটিত নোহোৱাকৈ লাখ-লাখ যুৱক-যুৱতীয়ে তিনি দিন অতিবাহিত কৰিছিল সংগীত আৰু শান্তিৰ মাজত। হিপ্পীসকলৰ এই আশাবাদক বহুক্ষেত্ৰত অবাস্তৱ বা ইউটপিয়ান বুলি ক’ব পাৰি। কাৰণ ষাঠিৰ দশকৰ পাছৰ পৃথিৱীখন ক্ৰমান্বয়ে অধিক অশান্তিময় আৰু হিংসাপূৰ্ণ হৈ পৰিছে। কিন্তু এক সুস্থ আৰু ভৱিষ্যতমূখী তেওঁলোকৰ যি এক সামাজিক-ৰাজনৈতিক চেতনা আছিল, সেই চেতনাই পাছৰ প্ৰজন্মৰ যুৱচামক অনুপ্ৰাণিত কৰি আহিছে পৰিৱৰ্ত্তনৰ কল্পনা ৰচিবৰ বাবে।

উডষ্টকত প্ৰকাশ পোৱা এই প্ৰত্যাশাৰ সবাতোকৈ স্বতসফূৰ্ত্ত বহিৰ্প্ৰকাশ দেখা পোৱা গৈছিল এখন বিখ্যাত আলোকচিত্ৰত। ফটোগ্ৰাফাৰ বাৰ্ক উজলে তোলা এই ফটোখনত সংগীতনুষ্ঠান চলি থকা অৱস্থাত এহাল যুৱক-যুৱতীয়ে পৰস্পৰক আলিংগন কৰি থকা দেখা যায়। পাছত উডষ্টকত পৰিৱেশিত গীতসমূহ সংকলিত কৰি এলবামৰুপে মুকলি কৰোতে সেই এলবামৰ বেটুপাতৰুপে এই ছবিখন ব্যৱহাৰ কৰা হয়। এই যুৱক-যুৱতীহাল আছিল ববী কেলী আৰু নিক আৰ্কলিন। উডষ্টকৰ সময়ত তেওঁলোকে পৰস্পৰক লগ পোৱা মাত্ৰ তিনি মাহ হৈছিল। পাছত তেওঁলোক বিবাহপাশত আৱদ্ধ হয় আৰু এতিয়াও এক সুখী দম্পতী। ববী আৰু নিকৰ মতে এই ছবিখনত আবদ্ধ এই নিষ্কলুষ মুহুৰ্ত্তটি আছিল শান্তি, আশা, প্ৰেম আৰু পাস্স্পৰিক সহযোগিতাৰ প্ৰতীক। ১৯৮৯ চনত ছবিখন সম্পৰ্কে এক সাক্ষাৎকাৰত ববীয়ে কোৱা এষাৰ কথাই উডষ্টক প্ৰজন্মৰ সকলো আশা-প্ৰত্যাশা সামৰি লয়, “মই আমাৰ এই ফটোখন যোৱা ২০ বছৰ ধৰি সদায় দেখি আহিছো। এই ছবিয়ে এক অতি কঠিন সময়ৰ কাহিনী কয়। এক বিভক্ত সমাজৰ কাহিনী- গোষ্ঠীগত সংঘৰ্ষ, হত্যা, ভিয়েটনামৰ যুদ্ধৰ সময়ৰ কাহিনী। কিন্তু এই বিভেদৰ মাজতো সংগীতে আমাক এক কৰি তুলিছিল, আৰু সেইকাৰণেই [উডষ্টক] এক শান্তিৰ প্ৰতীক।”




(আলোকচিত্ৰ ৭: উডষ্টকত আলিংগনৰত ববী কেলী আৰু নিক আৰ্কলিনৰ বিখ্যাত ফটোখন)

2 COMMENTS

  1. এই প্ৰবন্ধটো পঢ়ি বহুত নজনা কথা শিকিলোঁ । লেখলৈ অনুৰোধ যেন প্ৰতি মাহে আমাক এনে প্ৰবন্ধ উপহাৰ দিয়ে। A treat for history lovers

LEAVE A REPLY

Please enter your comment!
Please enter your name here