WhatsApp

সৰগম ডেকা

ৰবিবাৰৰ দিনটো বাৰু কাৰ ভাল নালাগে। সপ্তাহটো অফিচৰ কামৰ মাজতে ব্যস্ত থাকি ঘৰখনলৈ চাবলৈ আহৰি নাপায় আস্থাই। নিজৰ বাবে অলপ সময় পোৱাটো দূৰৰ কথা। সেয়ে ৰবিবাৰৰ দিনটোলৈ তাই আগ্ৰহেৰে বাট চাই থাকে। আজি বতৰটোও ফৰকাল। তাইৰ প্ৰিয় গীতৰ কলি এটা মুখতে গুনগুনাই বাহিৰৰ ফুলবোৰত পানী দি আছিল। এনেতে ভনীয়েকে ভিতৰৰ পৰা চিঞৰি মাতিলে -“বা, শুনিছ নে ?? এইফালে আহ চোন।” ” গৈছো ৰবি।” ভিতৰত আহি দেখিলে লুনাই বিছনাত পেট পেলাই ম’বাইল পিটিকি আছে। “উফ ,তই পুৱাই পুৱাই সেইটোত ধৰিলি ন ?” আস্থাৰ মুখত বিৰক্তিৰ চিন।” ৰাতিপুৱা উঠি বোলো ঘৰখনৰ কাম এটাকে কৰোঁ, সেই বোৰ নাই। ম’বাইল টো পালেই হ’ল। সংসাৰত কি চলি আছে খবৰ নাথাকে। “এইখন চানা , কেনেকুৱা লাগিছে ?” ম’বাইলটো তাইৰ হাতত গুজি লুনাই মিচিকিয়াই হাঁহিলে। স্ক্ৰীনত এজন সুঠাম ডেকাৰ মুখ ভাঁহি উঠিল। দেখাত ভালেই। জোঙা নাক, চকুত নীলা গোগলছ। চুলিখিনি জেল নে কিবা লগাই
উঠাই থৈছে। আজিকালি পপুলাৰ স্তাইল এইটো। “কৰবী যে, নগাওঁৰ, তাইৰ সম্বন্ধীয় ককায়েক, ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠাইছে মোক। হেণ্ডচাম হয় ন!” আস্থাই চকু ঘোপা কৰি তাইলৈ চালে। “এইবোৰ কৰি থাক তই, দিন ৰাতি ল’ৰাৰ ফটো। , হু মোক দিগদাৰী দি নাথাকিবি কৈ দিছো।” আৰু যেন দৰকাৰী কাম নাইয়ে, ফেচবুকটো খুদলি থাকিব পালেই হ’ল। মুখৰ ভিতৰত ভোৰভোৰাই তাই পাকঘৰ পালেগে। অচিনাকি মানুহবোৰক ফ্ৰেণ্ড বনাই কিনো লাভ আছে বুজি নাপাই তাই। ওঁঠ কেইটা জোঙা কৰি পাউত কৰি কৰি ফটোবোৰ তুলি আপলোড দিব। তাৰ পিছতছত লাইক্সৰ প্ৰতিযোগিতা। এইজনীৰ যে কেতিয়া কাণ্ডজ্ঞান হ’ব! ভাবি পাৰ নাপায়।
দিনটোত কৰিবলগীয়া কামখিনি তাই মনতে এবাৰ জুকিয়াই ল’লে। পালেংৰ গুটি অলপ আনি থোৱা আছে। চোতালৰ আগদোখৰ চিকুনাই তাত খেতি অলপ কৰাৰ কথা ভাবি আছিল কিছুদিনৰ পৰা। ঘৰৰ বস্তু হ’লে যে কিমান ভাল লাগে। চহৰত ভেজাল নোহোৱা খাদ্য পোৱাতো বৰ টান। অৱশ্যে গাঁৱৰ ঘৰখনত একোৰে অভাৱ নাই। সেয়েহে মাকহঁতে ইয়ালৈ আহিবলৈ একদম মন নকৰে। লুনাই কিন্তু ইয়াতেই ভাল পাই। কলেজ পাছ কৰিও তাইৰ ইয়াতেই চাকৰি কৰাৰ মন। খুব কম সময়তে তাই চহৰখন আপোন কৰি ল’লে। আস্থাতকৈ বহুত কথা জনাও হ’ল, এক শব্দত – আপদেটেদ। ঘৰত কৰিম বুলি অনা অফিচৰ কাম অলপো আছে। আজিয়েই কৰিব লাগিব। কালিৰ পৰা আকৌ সপ্তাহজুৰি ৰণৰ প্ৰস্তুতি।
এনেতে তাইৰ নকীয়া হেণ্ডছেতটো বাজি উঠিল। ধুব ওলোৱা মাংসখিনি চৰিয়াত থৈ তাই ৰুম গৈ পাই মানে বন্ধই হৈ থাকিল। নাই। কোম্পানীৰ নম্বৰহে। কোম্পানীবোৰেও বৰ আমনি কৰে। মবাইলটো থব ওলাই তাইৰ হাঁহি উঠিল। পুৰণিকলীয়া অকণমানি ফোনটো আৰু কিমান ব্যৱহাৰ কৰ বুলি লুনাই সদায় কৈ থাকে। দেখিব নোৱাৰে তাই ফোনটো। আজিকালিৰ দিনত ৱাটছএপ, ফেচবুক এইবোৰ নোহোৱাকৈ জানো মানুহ থাকিব পাৰে। এইটো ফোন যদি মানুহৰ আগত ওলাব লগা হয়,তাই হেনা লাজত মৰিব। এৰা। সকলোৰে হাতে হাতে আজিকালি স্মাৰ্টফোন। পেন্দুকণা লৰা- ছাৱালী বোৰেও বাহিৰত ওলাই যোৱাৰ সলনি ম’বাইলটোকেই টিপি থকাটো পছন্দ কৰে। ভতিজাটো বন্ধত আহিব পালেই হ’ল, চিধাই আহি লুনাৰ ফোনটোত লাগে। গেম খেলিব। আস্থাৰ ফোনটো দি থাকিলেও নলয়। হাঁহি উঠিল তাইৰ। এইটো ফোনৰ প্ৰতি তাইহে মোহ এৰাব পৰা নাই। কলেজৰ দিনত লোৱা। কিন্তু এতিয়াও ভালে চলি আছে। জৰুৰী হ’লে মেচেজটো দিব পাৰিয়ে। বাকী ফেচবুক- টেচবুকৰ প্ৰতি তাইৰ একো আগ্ৰহ নাই। সেইবোৰ চলাবলৈও তাইৰ বাৰু আহৰিয়ে ক’ত। হওঁতে অফিচৰ মানুহখিনিয়েও কৈ নথকা নহয় , নতুন ফোন এটা ল’ব লাগে। “আজিকালি বোলে কিবা টিণ্ডাৰ বুলি অনলাইন ডেটিং এপ্ ওলাইছে , ট্ৰেণ্ডিংত আছে, এণ্ড্ৰইড এটা থকাৰ কিমান লাভ চা, হাতত পাই চব। আৰু তোৰ নো বয়স কিমান হৈছে, এতিয়া বয়ফ্ৰেণ্ড নবনাই কেতিয়া বনাবি, বিয়াৰ পিছত নেকি”,এইবুলি ৰুমী বাইদেৱে এবাৰ জোকাইছিল। তাই লাজত তলমূৰ কৰিছিল। “বাইদেউ ও যে, কি কথাবোৰ কৈ থাকে, ” বুলি তাই লাহেকে ওলাই আহিছিল। ওঁঠতত কিন্তু লাগি ৰৈছিল,মিচিক মাচাক এটি হাঁহিৰ আভাস। সঁচাকৈ বহুত পৰিবৰ্তন হ’ল পৃথিৱীখন। কিয় জানো তাইৰ সেই মূহুৰ্তত আকাশলৈ মনত পৰিছিল। কলেজৰ কেন্টিনত বহি তাইক লুকাই চুৰকৈ চাই থকা চকুজুৰিয়ে বহুত দিনলৈ তাইক আমনি কৰিছিল। এদিন হঠাৎ সন্মুখত আহি ওলোৱাত অপ্ৰস্তুত হৈ পৰিছিল তাই। কি কৰোঁ কি নকৰোঁ। তাৰো যেন একেই অবস্থা। হাতত জোৰ কৰি কাগজৰ টুকুৰা এটা গুজি দিছিল সি। তাইৰ চকুত চকু থৈ বাকৰুদ্ধ হৈ পৰিছিল অলপ সময়। “কালি আমাৰ লাষ্ট ক্লাছ।… তাৰ পিছত ফাইনেল পৰীক্ষা। ………….ভালকৈ থাকিবা। আশা কৰোঁ আকৌ লগ পাম কেতিয়াবা।” কওঁ নকওঁ কৈ কথাখিনি কৈয়ে সি আঁতৰি গৈছল। এৰি গৈছল তাইৰ মনত হাজাৰ প্ৰশ্নৰ ধুমুহা। অনামী শিহৰণ এটা যেন বৈ গৈছল শৰীৰৰ শিৰে শিলে। কাগজখনত লিখি থোৱা ফোন নম্বৰটো চাই ৰৈছল অলপ সময়। লগৰ কেইজনী আহি আগুৰি ধৰাত লাজত তাইৰ গাল কেইখন গৰম হৈ উঠিছিল।

কিছুদিনলৈ মেচেজৰ আদান প্ৰদান ঠিকেই চলিছিল। এদিন সি মেজেচ দিছিল দিল্লীলৈ যাব লাগে বুলি। তাৰ পিছত আকাশৰ পৰা একো খবৰ পোৱা নাছিল তাই। বৰ মনত পৰিছিল তালৈ। বহুদিন বাট চালে কিবা খবৰ আহে নেকি। লাহে লাহে তাই নিজৰ জীৱনত ব্যস্ত হৈ পৰিল। আকাশৰ কথা ভাবিবলৈ সময় নোপোৱা হ’ল। আধৰুৱা কেইটামান মেচেজ পৰি ৰ’ল তাইৰ নকীয়া ফোনটোৰ আউটবক্সত।
পুৱাৰ পৰা কেতিয়া গধূলি হ’ল , আৰু গধূলিৰ পৰা কেতিয়া ৰাতি হ’ল, গমকে নাপায় তাই। বন্ধৰ দিনটো এনেকুৱাই। চকুৰ পচাৰতে পাৰ হৈ যায়। ৰাতি ভাত পানী খাই উঠি পিছদিনা পিন্ধিব লগা বগা চুৰিদাৰ যোৰ ইস্ত্ৰি কৰি থৈছল।
পিছে পিছদিনা পুৱা উঠি দেখে ধাৰাসাৰ বৰষুণ। যাব ওলোৱা সময়খিনিতেই দিগদাৰি কৰিব মানে। ছেহ! ৰাস্তাত গোটেই পানী উঠিছে চাগে। এই বতৰত আৰু ক’ত বগা কাপোৰ পিন্ধি যাব পাৰি। আলমিৰাৰ পৰা তাই গাঢ় নীলা চুৰিদাৰ যোৰ উলিয়াই ল’লে। আজি ইস্ত্ৰি নকৰাকৈয়ে যাব লাগিব। সকলো কাম কৰি উঠি অফিচৰ বাবে ওলাই মানে দেৰিয়ে হ’ল। লুনাক শেষবাৰৰ বাবে মাত লগাই তাই ছাতিটো মেলি ল’লে। বৰষুণ কমাৰ চিন-চাবেই নাই। বতাহো মাৰিছে। কোনোমতে আধা তিতি বুৰি তাই বাছ স্তপেজ পালেগৈ। লেগিংছটো গোটেই তিতিল। অসময়ত অহা বৰষুণজাকৰ ওপৰত খং উঠিল তাইৰ। অফিচটো গৈ পোৱালৈ বাৰু ৰখিব নোৱাৰিলেনে।
বাছৰ ভিতৰত মানুহৰ ঠেলা- হেঁচা। বৰষুণৰ বাবে ভিৰ বেছি। সকলো কামলৈ ওলাইছে। বাহিৰত ঠাণ্ডা যদিও তাইৰ কপালত বিন্দু বিন্দু ঘাম ফুটি উঠিল। অস্থিৰ ভাবে তাই বাৰে বাৰে ঘড়ীটোলৈ চাইছে। এইটো মাহত তাইৰ তৃতীয় বাৰ পলম হৈছে। দেৰি হ’লে গোহাঁই চাৰৰ বিৰক্তি মিশ্ৰিত চাৱনি তাইৰ মুঠেই সহ্য নহয়। আজিলৈকে ভাল মুখুৰে মাত এষাৰ দি পাইছেনে? সকলো সময়তে খঙত থকা যেন লাগ মুখখন দেখিলে। পৰাপক্ষত তেওঁৰ লগত কথা পতাৰ পৰা আঁতৰত থাকিব খোজে মানুহ বোৰে।
২০ মিনিটমান পিছত বাছখন গন্তব্য স্তপেজ পালেহি। পিছে বাছৰ পৰা নামি দেখে এখনো ৰিক্সা নাই। এইবাৰহে মৰিল। এখন হাতেৰে ফাইলটো বুকুত সাৱটি , ইখন হাতেৰে তাই ছাতিটো খামুচি ধৰিলে। এখন ৰিক্সা পোৱা হ’লে! উপাই নাপাই তাই বৰষুণৰ মাজেৰেই খোজ ল’লে। ৰাস্তাটো গোটেই বোকাৰে পেলপেলীয়া হৈ পৰিছে। খুব সাৱধানে গৈছে যদিও চেণ্ডেল যোৰত গোটেই বোকা লাগিল। অফিচ পাইয়ে ধুব লাগিব। দুবছৰ হ’ব হ’ল ইয়াত চাকৰি কৰা। আজিলৈকে ৰাস্তাটো ঠিক নহ’ল! চৰকাৰৰ পৰা আঁচনি আহে আৰু যায়। বিষ্ণুৰাম পথ কিন্তু একেই থাকে। ফোপাই জোপাই অৱশেষত তাই অফিচ পালেহি।
ইতিমধ্যে ভিজা কুৰ্তাটো নীলাৰ পৰা ক’লা বৰণীয়া হৈ পৰিছিল। দেৰিটো হ’লেই, উপাই নাই আৰু। পিছে……..গেটখন দেখোন বন্ধ!

“মনোহৰ, গেটখন বন্ধ কৰি থৈছা যে। চাওঁ, খোলা সোনকালে, দেৰিয়েই হ’ল মোৰ আজি।” তাইৰ মাতত ভিতৰৰ পৰা চিকিউৰিটি গাৰ্ডটোৱে মূৰ ডাঙি চালে। তাইক দেখি যেন সি কিছু আচৰিত হ’ল।
“বাইদেউ? ……আপুনি ইয়াত? মেচেজ পোৱা নাই নেকি?” তাৰ মুখত প্ৰশ্নবোধক চাৱনি।
” মেচেজ? কি মেচেজৰ কথা কৈছা ?” তাইৰটো একো মেচেজৰ কথা মনত পৰা নাই। ফোনটো দেখোন ৰাতিপুৱা বেগত ভৰোৱাৰ আগত চাইছিল।
” কেলেই? আজি অফিচ বন্ধ নহয়! .… গোহাঁই চাৰেটো কালি দুপৰীয়াই সকলোকে ৱাটছএপত মেচেজ ফৰৱাড কৰি দিছিল। কিবা দিৱস আছে হেনো। এয়া চাওঁক।” মনোহৰে নিজৰ ফোনত ৱাটছএপটো খুলি দেখালে।
“আপুনি …….. মেচেজ চাব পাহৰিলে হ’বলা?” তিতি বুৰি জোপোকা লগা আস্থাৰ প্ৰতি তাৰ সহানুভূতি জাগিল।
বজ্ৰপাত পৰা গছ এডালৰ দৰে আস্থা তাতেই থৰ লাগিল। ছাতিটো ধৰি থাকিবলৈও যেন তাইৰ শক্তি নোহোৱা হৈ আহিল। মনোহৰৰ মাত আৰু তাইৰ কাণত নোসোমোৱা হ’ল। চকুত কেৱল ভাঁহি থাকিল… তাৰ টাছ স্ক্ৰীনত জিলিকি থকা সেউজীয়া ৰঙৰ চেট্ বক্সটো।

1 COMMENT

LEAVE A REPLY

Please enter your comment!
Please enter your name here