ৱাটচএপ বিশ্ববিদ্যালয়

সায়ন্তন শইকীয়া

আজিকালি বিশ্ববিদ্যালয় এখনত চীট পোৱাটো সহজ কথা নহয়। পাৰ্চেন্টেজ যথেষ্ট লাগে। সেইকাৰণে ‘অধ্যয়ন পিপাসু’ এনে বহু আছে যিয়ে উচ্চস্তৰৰ দীক্ষা লাভ কৰিবলৈ এটা নিৰ্ভৰযোগ্য বাট বিচাৰি থাকে। সেই বাট নিজে নিজেই আহি যদি আপোনাৰ ম’বাইলতেই আৰম্ভ হোৱাৰ লগতে শেষো হয় তেন্তে লাইফ জিংগালালা নহ’ব নে! আমাৰ ভাৰতত পণ্ডিতৰ অভাৱ নাই। যিয়ে পণ্ড কৰিব পাৰে, মই তেনে পণ্ডিতৰ কথা কৈছো। এনে পাণ্ডিত্যৰ অধিকাৰী, সম্ভাৱণাপূৰ্ণ লাখ লাখ যুৱক-যুৱতীয়ে ইতিমধ্যে প্ৰৱেশ কৰি সুন্দৰ ফলাফলেৰে উচ্চশিক্ষা লাভ কৰা সেই বিখ্যাত শিক্ষানুষ্ঠানখনৰ নামেই হৈছে ‘ৱাটচএপ বিশ্ববিদ্যালয়’।

এই বিশ্ববিদ্যালয়খনৰ আটাইতকৈ ভাল লগা কথাটো হৈছে যে ইয়াত বয়সৰ কোনো সীমা নাই। বোধগম্য হোৱাৰ পৰা বোধহেৰোৱা বয়সৰ যিকোনো মানুহেই ইয়াত পঢ়িব পাৰে। ইয়াত ভাষা, জাতি, গোষ্ঠী, বৰ্ণ, ধৰ্ম…(অ নহয় নহয়..ধৰ্মৰ ক্ষেত্ৰত আপোচ নহয়) নিৰ্বিশেষে মানুহে পঢ়িব পাৰে। মই যিমান দূৰ জানো প্ৰত্যেক বছৰে বিশ্ববিদ্যালয়ৰ শ্ৰেষ্ঠ স্নাতকজনক ‘গৰ্বিত গৰ্দভ’ পদক প্ৰদান কৰা হয়।

বিশ্ববিদ্যালয়খনত পঢ়া প্ৰত্যেকগৰাকী ব্যক্তি একো একোজন ন্যায়াধীশ/মুখ্য ন্যায়াধীশ। মানে তথাকথিত। সকলোৱে নিজৰ নিজৰ ‘জাজমেন্ট’ ৰাখে। সাধাৰণ মানুহে অভিমত ৰাখে, এওঁলোকে ৰায় প্ৰদান কৰে। পাৰ্থক্য সিমানেই। তেওঁলোকৰ মতামত, মাইকীমতবোৰ সদায় গুৰুত্বসহকাৰে শুনিব আপুনি। কিয়নো এওঁলোকেই দেশৰ মণি-মুকুতাস্বৰূপ। এওঁলোকৰ কাৰণেই দেশখন চলি আছে একপ্ৰকাৰ। দেশখন নচলিলেও অন্তত: চৰকাৰখন চলি আছে!

জীৱনত সকলো কৰিছে কিন্তু ৱাটচএপ বিশ্ববিদ্যালয়ৰ ৱাটচএপ গ্ৰুপ এটাৰ অংশীদাৰ যদি আপুনি হোৱা নাই তেন্তে আপোনাৰ জীয়াই থকাৰ একো অৰ্থই নাই! এবাৰ তৰ্ক লাগি চাব। কিমান চোকা এই বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীখিনি আপুনি তেতিয়াহে ভালদৰে বুজিব! এনে অকাট্য যু্ক্তি হয়তো যুধিষ্ঠিৰ, বীৰবল বা চাৰ্বাকেও দিব পৰা নাছিল যি যুক্তি ইয়াৰ শিক্ষাৰ্থীখিনিৰ পৰা পাব। কি বিষয়ৰ ওপৰত জ্ঞান নাই? থাল-বাটি কোবালে ক’ৰণা দূৰ হোৱাৰ পৰা আৰম্ভ কৰি ভাৰতখন কেৱল হিন্দুৰ দেশ, ‘লাচিত হিন্দু বীৰ’ৰ পৰা আৰম্ভ কৰি বাঘে গৰু মাংস খালে বাঘৰ ধৰ্ম বিপদত পৰাৰ দৰে যুগান্তকাৰী সূত্ৰ/ধাৰণা কিছুমান ক’ত উদ্ভাৱন হৈছিল? এইখন ৱাটচএপ বিশ্ববিদ্যালয়ৰ মহিমামণ্ডিত শ্ৰেণীকোঠা/গৱেষণাগাৰবোৰতেই…

ৱাটচএপ বিশ্ববিদ্যালয়ত পঢ়াৰ মোৰো এটা মন আছিল কিন্তু মোৰ নম্বৰ সিমান ভাল নহয়। শুনিছো মগজুটি বন্ধকত থোৱাখিনিক ই.চি কোটাত চীট দিয়া হয়। বিবেচনা কৰি চাম। তেতিয়ালৈ ইয়াতে এৰিছো।

2 COMMENTS

  1. ভাগ্যে whatsapp University গ্ৰেজুৱেটখিনিয়ে Prangon নপঢ়ে হবলা.. আপুনি কেতিয়া যে নহʼলে অন্তি-নচুনেল হৈ পৰিলেহেতেন নহয়😌 কিন্তু যিয়েই নহওঁক একেবাৰে জেগাত দিছে দেই🔥🔥🔥

LEAVE A REPLY

Please enter your comment!
Please enter your name here