বৰ্ণালী ডেকাৰ সৈতে বাৰ্তালাপ

“প্ৰাঙ্গণ”ৰ চতুৰ্থ সংখ্যাৰ “বাৰ্তালাপ”ৰ বিশেষ অতিথি গোৱালপাৰা জিলাৰ উপায়ুক্ত শ্ৰীমতী বৰ্ণালী ডেকা। এগৰাকী প্ৰশাসনিক বিষয়া হিচাপে তেখেতৰ শৈক্ষিক আৰু কৰ্মজীৱনৰ বিষয়ে অলপ জানিবলৈ চেষ্টা কৰোঁ আহক।

১) আপোনাৰ জন্মস্থান আৰু শৈক্ষিক জীৱন সম্পৰ্কে জানিব বিচাৰিছোঁ।
উ: মোৰ জন্মস্থান গুৱাহাটী। আৰম্ভণিতে মই চেণ্ট মেৰীজ ইংলিছ স্কুলত পঢ়িছিলোঁ, তাৰ পিছত দিল্লী পাব্লিক স্কুল আৰু কেপুৰমত পঢ়িছিলোঁ। স্কুলীয়া শিক্ষা সমাপ্ত কৰি মই কম্পিউটাৰ চাইন্সত ইঞ্জিনিয়াৰিং কৰিলোঁ আৰু স্নাতকোত্তৰৰ বাবে মই আই.আই.টি বম্বেৰ পৰা এম.বি.এ কৰিলোঁ।

২) বাইদেউ, আপুনি ইতিমধ্যে আপোনাৰ শৈক্ষিক যাত্ৰাৰ কথা ক’লে। তাৰ মাজত কেতিয়া আপোনাৰ প্ৰশাসনিক সেৱাত যোগদান কৰাৰ সিদ্ধান্ত হ’ল ? প্ৰস্তুতি কেনেদৰে কৰিছিল অলপ জনাব নেকি ?
উ: মোৰ সদায় সপোন এটা আছিলে। মোৰ মনত আছে স্কুলত থাকোতেই ক্লাছ ৫ মানত এবাৰ “জীৱনৰ লক্ষ্য” বুলি ৰচনা এখন আহিছিল । তেতিয়া মই লিখিছিলোঁ যে কম্পিউটাৰ ইঞ্জিনিয়াৰিং কৰিম আৰু তাৰ পাছত IAS officer হ’ম । মই ইঞ্জিনিয়াৰিং কৰি থকাৰ সময়ত campus placement তে ভাল চাকৰি পাই গ’লো। তাৰ পাছত মই MBA কৰিলোঁ আৰু MBA ৰ পাছতো campus placement ত তিনিটা মান ভাল চাকৰিৰ প্ৰস্তাৱ পালো। এটাৰ পাছত এটাকৈ মই সেইটো দিশত আগবাঢ়ি গৈ থাকিলো। লাহে লাহে আমেৰিকালৈ যোৱাৰ বাবে প্ৰস্তাব আহিবলৈ ধৰিলে। তেনেতে মোৰ অনুভৱ হ’ল যে আচলতে মোৰ লক্ষ্য আছিলে প্ৰশাসনিক বিষয়া হোৱাৰ। মোৰ দেউতা আৰক্ষীত কৰ্মৰত আছিল। তেওঁ ইয়াতে DIG আছিল, পাছত deputationত দিল্লীলৈ গৈছিল। গতিকে সদায় সেই ভাবটো মোৰ লগত থাকি গ’ল যে মোৰ মূল উদ্দেশ্য প্ৰকৃততে বেলেগ আছিল। হঠাৎ এটা সিদ্ধান্ত লোৱাটো মোৰ বাবে কঠিন আছিল কাৰণ মই এখন জগতত প্ৰতিষ্ঠিত হৈ গৈছিলো, খুব ভাল দৰমহা আছিল, মাল্টিনেশ্বনেল কোম্পানীত কাম কৰি আছিলো। কিন্তু মই সিদ্ধান্ত ল’লো কাৰণ “This is what I have always wanted to do”। গতিকে মই এবাৰ অন্ততঃ চেষ্টা কৰি চাব লাগে। তেনেদৰেই মই প্ৰস্তুতি আৰম্ভ কৰিলোঁ। মই চাকৰিটো কৰি আছিলোঁ, তাৰ লগে লগে পৰীক্ষাৰ বাবে পঢ়িবলৈ ধৰিলোঁ।

৩) বাইদেউ একে সময়তে চাকৰি আৰু প্ৰস্তুতি চলাই নিবলৈ অসুবিধা হোৱা নাছিল নে?
উ: অসুবিধা নিশ্চয় হৈছিল কাৰণ মই ব্যক্তিগত খণ্ডত চাকৰি কৰিছিলোঁ। মোৰ চাকৰি আৰু পৰীক্ষা দুয়োটাই “demanding” আছিল কিন্তু মই কোনোমতে সময় মিলাই prelims clear কৰিলো । কিন্তু prelimsৰ ফলাফলৰ পাছত মই mainsৰ বাবে প্ৰস্তুতি চলাবলৈ আঢ়ৈ মাহ সময় পালোঁ আৰু তেতিয়া মই ছুটি ল’লো।

৪) বাইদেউ, আমি জানো আপুনি IAS সেৱাত যোগদান কৰাৰ পূৰ্বে National Academy of Police ত প্ৰশিক্ষণ গ্ৰহণ কৰিছিল। তাত থকা অভিজ্ঞতা আৰু এই প্ৰশিক্ষণৰত অৱস্থাত আকৌ এবাৰ পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ আপুনি মানসিকভাবে আকৌ কেনেদৰে সাজু হৈছিল ?
উ: মই National Academy of Policeত intern হিচাপে প্ৰশিক্ষণ লৈ থাকোতেই পৰীক্ষা দিছিলো। তাৰ পিছত এপ্ৰিল-মে’ মানত আমাৰ ফলাফল ঘোষণা কৰা হৈছিল। সেই সময়ত মই NPAতেই আছিলোঁ। কিন্তু মোৰ যোগদানৰ সময় আছিল ডিচেম্বৰত, গতিকে মই ভাবিলো যে মই মোৰ প্ৰশিক্ষণ সম্পূৰ্ণ কৰা উচিত। মোৰ কাৰণে সেয়া অলপ কঠিনো আছিলে কাৰণ শাৰিৰীক ভাৱে বহুত গধুৰ প্ৰশিক্ষণ দিয়া হয় । কিন্তু মই নৱেম্বৰ মানলৈকে থাকি প্ৰশিক্ষণ গ্ৰহণ কৰি তাৰ পৰা উত্তীৰ্ণ হ’লো।
মানসিক প্ৰস্তুতিৰ যথেষ্ট প্ৰয়োজন। কিন্তু এই UPSC পৰীক্ষাটোৱেই এনেকুৱা। Toughness is very much essential . কাৰণ চাকৰিত যোগদান কৰাৰ পিছতো তাৰ দৰকাৰ হয় । সময়ৰ উচিত ব্যৱহাৰ আৰু পৰিচালনা (time management)ৰ কথা থাকে । ক’ত কিমান গুৰুত্ব দিব লাগে, কোনটো বিষয়ত মোৰ দখল আছে, কোনটো বিষয়ত মই দুৰ্বল, সেই সম্পৰ্কে এটা স্পষ্ট ধাৰণা থকাটো অতিকৈ প্ৰয়োজনীয়।

৫) আপোনাৰ কৰ্মজীৱনলৈ আহিছোঁ। আপোনাৰ প্ৰথম পোষ্টিং ক’ত আছিল ? ইমান দায়িত্বগধুৰ পদত অধিস্থ হোৱাৰ প্ৰথম অনুভৱ কেনেকুৱা ? চাকৰি জীৱনৰ এটি স্মৰণীয় ঘটনাৰ বিষয়ে ক’ব নেকি?
উ: প্ৰথম অনুভৱ মানে আচলতে চাকৰিত যোগদান কৰাৰ আগতে আমাৰ এটা বিতং প্ৰশিক্ষণ পাওঁ। তাত ইতিমধ্যে আমাক এটা আভাস দিয়া হয় যে প্ৰশাসন কেনেকৈ চলে । তেনেদৰে আমাক প্ৰস্তুত কৰি তোলা হয়।। মোৰ প্ৰথম চাকৰি অসমত first assistant commissioner হিচাপে মই শোণিতপুৰত যোগদান কৰিছিলোঁ। ধুনীয়া ঠাই আছিল আৰু শিকিব লগীয়া বহুত আছিলে। মোৰ এতিয়াও মনত আছে মই প্ৰথম যিদিনা যোগদান কৰিছিলোঁ, সেইদিনাই বহুকেইটা বস্তু মোৰ উপায়ুক্ত ছাৰে পঢ়িবলৈ দিছিলে । তেখেতে সেইদিনা মিটিঙত যিখিনি কৈছিল মই মন দি শুনিছিলো আৰু মই উপলব্ধি কৰিছিলোঁ যে এগৰাকী উপায়ুক্তৰ কিমান দ্বায়িত্ব থাকে।
মই ৰঙিয়াৰ এটা অভিজ্ঞতাৰ কথা ক’ব পাৰো। এইটো মোটামুটি ২০১২ চনৰ কথা। এঠাইত কিছু গণ্ডগোলৰ সৃষ্টি হৈছিল। মই লগালগ তালৈ গ’লো। উত্তেজিত ৰাইজে মোৰ গাড়ীখন আক্ৰমণ কৰিব খুজিছিলে যদিও মই immediately react কৰিলোঁ। মই ভাবোঁ মোৰ IPS প্ৰশিক্ষণে তাত মোক সহায় কৰিলে।

৬) প্ৰশাসনিক বিষয়াৰ দায়িত্ব আৰু ক্ষমতা যথেষ্ট থাকে। তাৰ অনুপাতত সমাজৰ ওপৰত কিমানখিনি প্ৰভাৱ পেলাব পাৰে ?
উ: নিশ্চয়কৈ পৰে। “পাব্লিক চাৰ্ভিছ” শব্দটোতে গম পায় ৰাইজৰ সেৱা কৰা কাৰণে। আমাৰ প্ৰত্যেকটো কামৰে প্ৰভাৱ মানুহৰ ব্যক্তিগত নাইবা সামাজিক জীৱনত বিস্তৃত ভাৱে পৰে। গতিকে মই ভাবোঁ যে দ্বায়িত্ব আৰু ক্ষমতাৰ অনুপাতত এগৰাকী প্ৰশাসনিক বিষয়াৰ সেৱাই সামাজিকভাৱে যথেষ্ট প্ৰভাৱ পেলাব পাৰে।

৭) বৰ্তমান আপুনি গোৱালপাৰা জিলাৰ উপায়ুক্ত। তাত কৰ’না পৰিস্থিতি আৰু বানপানী দুয়োটা আপুনি কিদৰে একেলগে পৰিচালনা কৰিছে ? Aspirational district ত গোৱালপাৰা জিলাই প্ৰথম স্থানো অধিকাৰ কৰিছিল। এই সাফল্য বোৰৰ বিষয়ে কি ক’ব ?
উ: প্ৰথম কথাটো হ’ল প্ৰস্তুতি। আমি এনে পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ আগৰে পৰাই সাজু থাকো। কোভিড আৰু বানপানী দুয়োটা ক্ষেত্ৰতে আমাৰ ৰাজ্যিক ভিত্তিত যি প্ৰস্তুতি , সেয়া যথেষ্ট উন্নত আছিল। মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিছিল যে কোভিড আৰু বানপানী এই দুয়োটা সমস্যাৰ মুখামুখি হ’বলৈ দুটি পৃথক ‘টীম’ থাকিব। গোৱালপাৰা জিলাত কি কি বিষয়ত আমি সমস্যাৰ সন্মুখীন হ’ব পাৰো, সেয়া আমি পূৰ্বানুমান কৰি আমাৰ হাতত থকা সুবিধা আৰু সম্পদ সমূহৰ এটা “database” তৈয়াৰ কৰিছিলোঁ। তেনেদৰে আমাৰ সকলো বিভাগে নিজকে প্ৰস্তুত কৰিছিল। কিন্তু যিমান প্ৰস্তুতি থাকিলেও , ” last minute ” সিদ্ধান্ত বহুত ল’ব লগা হয়।

“Aspirational District”ৰ কথাটো হ’ল ইয়াৰ মাহেকীয়া নিৰীক্ষণ আৰু ফলাফল ওলাই থাকে আৰু প্ৰতিবাৰে গোৱালপাৰা জিলাৰ ফলাফল উন্নতমানৰ হৈ আছে। এই সফলতাৰ শ্ৰেয় গোৱালপাৰা জিলাৰ সকলো বিষয়া- কৰ্মচাৰীলৈ যায়। গোৱালপাৰা জিলা প্ৰশাসনৰ সকলো বিভাগৰ কাম আৰু অৰিহণা এটা দিশত ধাৱমান (converge) কৰাৰ চেষ্টা কৰিছোঁ। Aspirational District ৰ ফলাফল নিৰ্ণয়ৰ বাবে ৪৯ তা চৰ্ত আছে আৰু আমি সেই আটাইবোৰ নিৰীক্ষণত ৰাখিছোঁ।

গোৱালপাৰা জিলাত ২০১৮ চনৰ মে-জুন মাহত পকী ৰাস্তা নিৰ্মাণৰ বাবে কেঁচা সামগ্ৰীৰ নাটনি হৈছিল। তেতিয়া মই সেউজ প্ৰযুক্তি ( green technology) ৰ বিষয়ে পঢ়িছিলোঁ।মই গড়কাপ্তানি বিভাগক এই প্ৰযুক্তি ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ দিলোঁ। এই ক্ষেত্ৰত গোৱালপাৰা জিলা আৰু ৰাজ্যিক গড়কাপ্তানি বিভাগ উভয়ে আগভাগ ল’লে। তাৰ ফলত অসমৰ প্ৰথমটো প্লাষ্টিকৰ সহায়ত নিৰ্মিত ৰাস্তা গোৱালপাৰা জিলাত বন্ধা হ’ল। গোৱালপাৰা জিলাত গাৰো পাহাৰৰ পৰা নামি অহা পানীৰ ফলত হঠাৎ বানপানীৰ সৃষ্টি হয়। আমি দেখিবলৈ পাইছো পকী ৰাস্তাৰ তুলনাত প্লাষ্টিকৰ সহায়ত নিৰ্মিত ৰাস্তাৰ ক্ষতি কম হয়।
ইয়াৰ উপৰিও আমি ‘goalmart’ নামৰ এপ এটি নিৰ্মাণ কৰিছো য’ত গোৱালপাৰা জিলাৰ উৎপাদিত সামগ্ৰী বিক্ৰীৰ বাবে প্ৰদৰ্শন কৰা হয়।

৮) প্ৰশান্ত কিশোৰে এবাৰ কৈছিল যে ভাৰতত প্ৰশাসনিক বিষয়াসকলে এটা বিভাগৰ পৰা আনটো বিভাগলৈ বদলি হৈ থাকে। আৰু সেইবাবে চৰকাৰী পৰিকল্পনাবোৰত অধিক অভিজ্ঞতা থকা বা expert opinion নাথাকে। এই অভিযোগ সম্পৰ্কে আপুনি কি ক’ব ?
উ: এইটো এটা ৰাজনৈতিক মত, গতিকে এই বিষয়ে বিশেষ মন্তব্য নকৰোঁ। কিন্তু চৰ্দাৰ বল্লভ ভাই পেটেলে কৈছিল -” Civil Service is the steel frame of India” – এই কথাটো মই মানো আৰু বিশ্বাস কৰোঁ যে আমি প্ৰশাসনিক বিষয়াসকলে সম্পূৰ্ণ নিষ্ঠাৰে কাম কৰি সমাজৰ বহু পৰিৱৰ্তন আনি আছোঁ আৰু ভৱিষ্যতত আনিব পৰা যাব।

১০) IAS পাওঁতে আপুনি কিছু লক্ষ্য কিছু সপোন লৈ কৰ্মক্ষেত্ৰত নামিছিল। তাৰ ভিতৰত আপুনি কিমান দূৰ সফল হৈছে বুলি ভাবে ? ভাল দৰমহাৰ চাকৰি এটা বাদ দি, এটা বেলেগ ধৰণৰ লাইফষ্টাইল বাদ দি, গাঁৱত ৰাইজৰ সেৱাত জড়িত হৈ পৰা সিদ্ধান্তটো আপুনি কেতিয়াবা আফচোচ কৰে নেকি?
উ: মই ভাবোঁ যে মই যিখিনি গোলছ লৈ আহিছিলোঁ, I have gone beyond that। মই পাব্লিক চাৰ্ভিছৰ উদ্দেশ্য লৈ আহিছিলোঁ। ক’ভিড, বানপানীৰ ক্ষেত্ৰত কেৱল ময়েই নহয়, সহকৰ্মী সকলোৱে যিধৰণে কাম কৰি আছে, সেইটো মই ভাবোঁ আমাৰ ক্ষমতাতকৈও বেছি। We are performing with atmost efficiency.
মোৰ কোনো আফচোচ নাই। প্ৰশাসনিক সেৱাত মই অহা সেইটোও এটা কাৰণ যে যিখন দেশত মই পঢ়িলোঁ, যিখন দেশে মোক ইমান দিলে , এইখন দেশ মই এৰি যাব নুখুজিলোঁ। মই দেখিছিলোঁ যে ব্যক্তিগত খণ্ডত ভালকৈ কাম কৰিলে শ্ৰেষ্ঠ কৰ্মচাৰী বিলাকক বাহিৰত পোষ্টিং দিয়ে। সেইসময়ত মই ভাবিলোঁ যে মোৰ যিখিনি অৰ্হতা বা শিক্ষা আছে সেইখিনি মই নিজৰ দেশক দিব খোজোঁ।

১১) আমাৰ সমাজত বহুতে ভাৱে মহিলা এগৰাকীয়ে পুৰুষৰ সমানে নেতৃত্ব বা প্ৰশাসনিক দ্বায়িত্ব গ্ৰহণ কৰিব নোৱাৰে। এই মানসিকতাক আপুনি কিদৰে লয়?
উ: মানুহৰ এটা perception নথকা নহয় যে মহিলা পুৰুষৰ তুলনাত দুৰ্বল। আনকি অসমীয়া হয় বুলিও কেতিয়াবা ভুল মানসিকতা থাকিব পাৰে। কিন্তু বাস্তবিক জগতত মই কামত কেতিয়াও অসুবিধা পোৱা নাই। মোৰ মা-দেউতাই মোক ডাঙৰ কৰোঁতে এনেকুৱা ধাৰণাবোৰ আহিবলৈ দিয়া নাছিল। তেওঁলোকে মোক সদায় ‘I can do whatever I want to’ বুলিয়ে শিক্ষা দিছিল আৰু সেইমতেই মই লক্ষ্য ঠিক কৰি কাম কৰি আহিছো। মই ছোৱালী ছাত্ৰীসকলক ক’ব বিচাৰো যে মানসিকভাৱে কেতিয়াও বাধ্যবাধকতা আনিব নালাগে। যদি অৰ্হতা আৰু ক্ষমতা থাকে, কাম কৰাৰ উৎসাহ থাকে, ultimately your calibre will shine।

১২) ইমানখিনি ব্যস্ততাৰ মাজত পৰিয়াল আৰু ব্যক্তিগত কামৰ বাবে আপুনি কিদৰে সময় উলিয়াই ? আজৰি পৰত আপুনি কি কৰি ভাল পায় ?
উ: সময়ৰ সৎ আৰু উচিত পৰিচালনাৰ দিশটো সকলোৱে গুৰুত্বসহকাৰে ল’ব লাগে। সকলোৰে হাতত ২৪ ঘণ্টাই থাকে। সেইদিনা মই কথা এষাৰ শুনিছিলোঁ যে বহু ক্ষেত্ৰত প্ৰকৃতিয়ে পক্ষপাতীত্ব কৰে। মানুহৰ জন্ম সমান স্তৰত নহয়, কোনোবা জীৱনত বেছি সুবিধা পায়, কোনোবাই নাপায়। কিন্তু সময়ৰ ক্ষেত্ৰত সকলো সমান। সকলোকে ভগৱানে সেই ২৪ ঘণ্টাই দিছে, আৰু এই ২৪ ঘন্টাটো কিদৰে আমি ব্যৱহাৰ কৰিব পাৰোঁ, সেয়া আমাৰ ওপৰত নিৰ্ভৰ কৰে।
মোৰ ছোৱালী এজনী আছে, তাইৰ পঢ়া শুনা খিনি মই নিজে চাওঁ সদায়। মই অফিচ যাওঁ, অফিচৰ পৰা আহোঁতে মোৰ পলম হয়, কিন্তু যিয়ে নহওক কিয়, আহি আমি একেলগে ভাত খাওঁ আৰু ভাত খাই পঢ়োঁ একেলগে। এনেদৰে সন্তুলন ৰক্ষা কৰি চলি আছোঁ।
কেৱল সেয়াই নহয়, নাৰী হিচাপে মোৰ আৰু বহুত দ্বায়িত্ব আছে। মোৰ নিজৰ পৰিয়াল আছে, স্বামী আছে। এটা কথা মই আত্মবিশ্বাসৰ সৈতে ক’ব পাৰোঁ যে কোনো এটো বস্তু মই আওকাণ কৰা নাই। মোৰ কামখিনিও মই নিষ্ঠাৰে কৰিছোঁ।
আজৰি সময় এতিয়া একেবাৰে নাই, নিজৰ hobby হিচাপে আগতে পঢ়িছিলোঁ। এতিয়া কেৱল স্বাস্থ্য ৰক্ষাৰ কাৰণে মই বিশেষকৈ সজাগ । যেতিয়াই মই সময় পাওঁ, দিনটো মোৰ যেতিয়াই আৰম্ভ নহওক কিয় মই তাৰ দুঘণ্টা আগতে উঠি মই দৌৰো। । এইটো আচলতে hobby নহয় এইটো মোৰ প্ৰতিদিনৰ ৰুটিনত আহি গৈছে। মই গানৰ বিশাৰদ হয়, এইখিনিয়েই হয়। মোৰ ছোৱালীয়ে সংগীত শিকি আছে, কেতিয়াবা তাইৰ লগত বহো।

১৩। আপুনি নিশ্চয় বহুত মানুহ লগ পাইছে, বা আৰু পাব, down the lane , maybe 30 years later, আপোনাক মানুহে কিদৰে মনত ৰখাটো বিচাৰে ?
উ: এজন ভাল মানুহ আৰু এগৰাকী দক্ষ প্ৰশাসনিক বিষয়া হিচাপে মনত ৰখাটো বিচাৰোঁ।

এখন জিলাৰ উপায়ুক্ত হিচাপে আপোনাৰ ব্যস্ততা কিমান সেয়া হয়তো আমি কল্পনা কৰিব নোৱাৰোঁ। তাৰ মাজতো আপুনি সময় উলিয়াই আমাক দিয়াৰ বাবে আমি চিৰকৃতজ্ঞ। ভৱিষ্যতে আপোনাৰ সবল নেতৃত্বত সমাজৰ আৰু বেছি হিত হওক, তাৰে কামনা কৰিছোঁ।
“প্ৰাঙ্গণ”ৰ হৈ সাক্ষাৎকাৰ গ্ৰহণ কৰিছে হেমাংগিনী দাস, পল্লৱ কুমাৰ দাস, প্ৰত্যুষ প্ৰতিম দাস আৰু বিক্ৰম জিত দেউৰীয়ে।

1 COMMENT

LEAVE A REPLY

Please enter your comment!
Please enter your name here