উত্তৰসূৰীৰ বাবে এটা পদ্য

সংগীতা মেধি

অৰ্ধ নিৰ্মিলিত চকুৱে সামৰি ৰাখিব পৰা যাতনাৰ
দৰে
শব্দৰ ভৰত উথপথপ আঙুলিক দিয়া সীমা

উভয়ে হেৰাই নোযোৱাকৈ ভাৰসাম্যৰ ৰেখা এডালত বৰ্তি থকাটো
শূন্য স্মৃতি আৰু নিঃস্ব অভিজ্ঞতাক সৃষ্টিৰ বসন পিন্ধাই থকাৰ দৰেই কষ্টকৰ

উত্তৰসূৰীৰ বাবে লিখা দিনচৰ্যাত এনে চটফটনি কঢ়়িয়াই ফুৰা মানুহে
কিদৰে সংগোপনে বাঢ়়ি অহা সম্ভাৱনা এটাক
নিৰহ- নিপানীকৈ আগুৱাই দিব পাৰিব

পানীৰ আঙুলিৰে নিটোল কৰি তুলিব
জীৱনী শক্তিৰ কোনো এক তৰংগক,

স্বস্তিৰ পায়জামা অথবা ভোকৰ অঙঠা
ক’ত গৈ নিৰাই থ’ব হাবাথুৰিবোৰ !

আজিকালি নিজানৰ বেলিটো জ্বলি থাকে এনেকুৱা অনেক কথাৰ কটাকটিৰে
তাকে জগাই ৰাখিবলৈ সাৰপানী দি থকা হয়
উত্তৰসূৰীৰ বাবে লিখিব খোজা পদ্যটো
আৰু আমাৰ বোধৰ সূৰ্যটো কেতিয়া জন্মিব তাকে লৈ গুণা গথা শেষ নহয়

LEAVE A REPLY

Please enter your comment!
Please enter your name here