উত্তৰ

নয়নজ্যোতি শইকীয়া

কত খুচুৰা অনুভূতিৰেই জীৱন
খুঁটি নাটিবোৰ অনাকাংক্ষীত,
বেমেজালিৰ হাতোৰাত পৰি
সুখবোৰ চেদেলী ভেদেলী।

ঠণ ধৰে মধুময় ক্ষণবোৰ
আকৌচোন বিমোৰতাভৰা
তীব্ৰ বিদ্ৰোহ হৃদয়ৰ,
পল পলকৈ আকৌ ,উত্ৰাৱল মন।

ডাৱৰ খহে, আকৌ ভুল বুজা বুজি
আৰুনো কিমান?
ধুমূহাৰ শেষৰ শান্তিময় পৰিৱেশলৈ
দিঙি মেলি চাই ৰওঁ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here