টুলুং-ভুটুং

ভাৰ্গৱী নাথ

: সঁচা ?
: সঁচা ৷
: চিয়’ৰ ?
: ইয়েচ ৷

স্বাগতা বৰুৱা ইমান সহজে গলা মম নহয় ৷ স্বাগতা বৰুৱা বাস কৰে কবি প্ৰেমিকৰ চিয়াঁহীৰ টোপত, আৱাৰা আচিকৰ গীটাৰৰ ষ্ট্ৰিঙত অথবা কোনোবা ইঞ্জিনিয়াৰিঙৰ ষ্টুডেণ্টৰ লাইফ ইকুৱেশ্বনত ৷ কিন্তু তাইৰ হে কাকো ভালেই নালাগে ৷ মানে ভাল লাগে, কিন্তু হৃদয় স্পন্দিত হোৱাকৈ নহয়। অৰ্থাৎ “কুছ্‌ কুছ্‌ হ’টা হেই” ৱালা ফিলটো পোৱা নাই এতিয়ালৈকে ৷ সেয়ে তাই আগবাঢ়িব নোখোজে। নিজৰ সিদ্ধান্তবোৰক লৈ আক্ষেপো নাই ৷ আবেগিক নোহোৱা নহয়। কিন্তু আবেগবোৰক নিয়ন্ত্ৰণ কৰিব জানে। এইবোৰ কাৰণতে তাই হয়তো হৈ পৰে কাৰোবাৰ চকুত অন্তত্য অহংকাৰী নাইবা কেতিয়াবা প্ৰেক্টিকেল মাইণ্ডেদ ছোৱালী ৷

কিতাপৰ পাত লুটিয়াওতে লুটিয়াওতে তাইৰ জীৱনৰ পাতত জিলিকি ৰোৱা যৌৱন নামৰ অধ্যায়টি অবহেলিত হৈছে বুলি ক’লেও ভুল হ’ব। তাই সপোনপিয়াসী ৷ তাইৰ কল্পনাপ্ৰৱণ মনটোৱে ফেন্টাচীৰ দুনিয়াত ভ্ৰমি ভ্ৰমি আকৌ বাস্তৱৰ দুৱাৰত খুন্দা খাই লাজুকী বনৰ দৰে লাজত কুঞ্চিত হৈ পৰে; তাই অকলে অকলে হাঁহে ৷ স্বাগতা বৰুৱাই কথাবোৰ খুলি নকয় ৷ সেয়ে আশেপাশে থাকিও বহুতে গমেই নাপায় তাইৰ ভিতৰৰ পৃথিৱীখনত কি চলি থাকে ৷ “কিয় নকয়?”ৰ উত্তৰটো বোধহয় তাইৰ অৱচেতন মনে জানিব ৷ হয়তো আনে তাইৰ কথাবোৰ শুনিবলৈ আমনি পাব বুলি নাইবা আনে বুজি নাপাব বুলি ৷ বুজি নাপালে পুনৰাই সেইবোৰ বিশ্লেষণ কৰি থাকিবলৈ তাইৰেই আমনি লাগিব ৷ সেয়ে নোকোৱাকৈ থাকে ৷ কথাও কম সমস্যাও কম ৷

নিজৰ জীৱনটো গল্প-উপন্যাসৰ কাহিনীৰ লগত ৰিলেট্‌ কৰিব বিচৰা স্বাগতা বৰুৱাই যেতিয়া ফেচকুবকৰ জৰিয়তে চিনাকি হোৱা কাৰোবাৰ পৰা ভালপোৱাৰ প্ৰস্তাৱ পায়, জিয়’ বা এয়াৰটেল অফিচৰ পৰা অহা ফোনকলবোৰৰ প্ৰতি জগা তাইৰ নিৰ্মোহ প্ৰতিক্ৰিয়াৰ পুনৰাবৃত্তি ঘটে ৷ নহ’বনো কিয় ? ফেচবুকৰ কোনোবা চিনাকিৰ সৈতে আৰু বিয়া হ’ব পাৰি নেকি ! “লাভষ্ট’ৰী”টো দেখোন তেনেই চিম্পল হ’ব ৷ সেয়ে তাইৰ তেনে প্ৰস্তাৱৰ প্ৰতি মুঠেও আগ্ৰহী নহয় ৷ কিন্তু আগ্ৰহী নহয় বুলিলেও কেতিয়াবা তাইৰ নিজৰ ধ্যানধাৰণাবোৰে নিজকে বিপাঙত পেলায়। স্বাগতা বৰুৱা নামৰ কায়াটোৰ পৰা ওলাই গৈ স্ব-সৃষ্ট নিয়মৰ প্ৰাচীৰবোৰ ভাঙি এসোপামান ৰঙীন চিলাৰ মাজত আকাশত হেৰাই যাবৰ মন যায় তাইৰ কেতিয়াবা। তেনেকৈ ভাবি ভাবি আকৌ ঘূৰি আহে, পোৱা-নোপোৱাৰ খট্‌খটিৰে আৰু আহি আহি তাই শুই থাকে স্বাগতা বৰুৱাৰ মোটটো পৰিধান কৰি জীৱনৰ বিছনাত।

: তই কি বিচাৰ ?
: মাথো জানিব বিচাৰোঁ যে তই মোক ভাল পাৱ নে নাই ?
: নাপাওঁ ৷
: মই জোৰ কৰিব নোৱাৰো তোক ৷ আচলতে মোৰ হাতত কৰিব পৰাকৈ এতিয়া আৰু একো নাই ৷ ক’বলগীয়াখিনি ক’লো ৷ তই যি ভাল দেখ কৰ ৷
: ঠিকেই ৷
: লাহে লাহে কমকৈ কথা পাতিম…. লাহে লাহে আঁতৰি যাম.. ধূসৰ আলি কেকুঁৰিটোৰ মূৰত দুটা অচিনাকি আত্মা ৷
: ৱেইট্‌ ৱেইট্‌ ! ৰ’বিচোন এতিয়াই নাযাবি ৷
: ভালপাবি?
: নাপাওঁ
: অলপ পাবি দে… ৷
: শুন…….
স্বাগতা বৰুৱাৰ স্বাভিমানৰ পৰ্দাবোৰ গুচাই নীহাৰ দুৱাৰাই. প্ৰৱেশ কৰে তাইৰ হৃদয়ত ৷ দীপাৱলীৰ দৰে পোহৰময় হৈ পৰে দুয়োৰে মন ৷
আকাশত যেন থোপাথোপে তৰাফুল ফুলিছে- সিহঁতৰ বাবেই; বতাহজাকে ৰাস্তাত সোণাৰু সিঁচি থৈছে যেন সিহঁতৰ বাবেই; সাধাৰণ বৰষুণজাক আজি ছন্দময় গতিত সৰিছে- যেন সিহঁতৰ বাবেই ৷ মুঠতে সকলোতে ৰং সকলোতে ৰামধেনু ৷

একেলগে সাগৰৰ সজল ঢৌ ঠেলি ঠেলি গৈ থকা বঠা আৰু নাওখনিৰ বুকুত এটি কাহিনীৰ শৈশৱ ৷ কাহিনীটো এতিয়া আঁঠবছৰীয়া ৷ ওঁঠত গজা হাঁহি আৰু দুচকুত গজা সপোনবোৰ লাহেলাহে পৈণত হ’ল ৷ আকাশৰ জোন চাই চাই ফোনত কথা পতা নহয় এতিয়া ৷ এতিয়া যে নীহাৰৰ দেশত বেলি ওলালে স্বাগতাৰ দেশত মাৰ যায়। স্বাগতা স্বদেশত, নীহাৰ বিদেশত ৷ সময়, সপোন আৰু সুযোগৰ আহ্বান ৷ তাৰ পিছতো সকলো ঠিকেই চলি আছিল। পঢ়াশুনাৰ বাবে নীহাৰৰ ব্যস্ততা বাঢ়িছে যদিও স্বাগতাৰ বাবে সি তাৰ টাইট্‌ চেদ্যুলৰ মাজৰ পৰা কুৰুকি কুৰুকি ওলিয়াই আনে সময়। পিয়াহৰ পানীটুপি যেন লাগে তাৰ তাইক। হাজাৰ যোজন বাটকুৰি বাই অহা সি যেন তৃষ্ণাতুৰ পথিক আৰু তাই যেন এটি পৰ্বটীয়া নিজৰা ৷ দূৰেদূৰে থাকিও কিবা যেন প্ৰাপ্তি কিবা যেন শান্তি ৷

আপত্তি বা আক্ষেপ কাৰোৰে কাৰো ওচৰত নাই। যদি কিবা আছে সেয়া হৈছে অভিমান ৷ জীৱনে নানান অজুহাত দিছে অভিমান কৰিবলৈ ৷ ভবিষ্যতৰ ছবিখন আঁকিব খুজিও স্বাগতা বাৰে বাৰে থমকি ৰয় ৷ তাইৰ বুকুৰ ভিতৰত কিবা ভয় এটা বৈ থাকে ৷ পাৰাপাৰহীন সমূদ্ৰৰ মাজৰ দ্বীপ এটাৰ নিচিনাকৈ তাইৰ নিজক অকলশৰীয়া যেন লাগে ৷

কেতিয়াবা বান্ধ নাথাকিলেও সংযোগবোৰ ৰয় ৷ কেতিয়াবা গাঁঠি থাকিলেও বান্ধবোৰ নৰয় ৷ জোৰকৰি মৰা গাঁঠিয়ে কষ্টহে দিয়ে ৷ কষ্টডোখৰ ঘাঁলৈ ৰূপান্তৰিত হ’লে আকৌ মলমৰ প্ৰয়োজন
হয় ৷ মৰমৰ মলম ৷ কিন্তু মলম বিচাৰি সোঁতক ভেটা দি উজাই যাব নোৱাৰি ৷ সোঁতে বিদ্ৰোহ কৰিব ৷ আচলতে নাওঁখন এই বাটেৰে আহিবই নালাগিছিল বুলি মনে ক’ব ৷ সকলোবোৰ জটিলতাৰ প্ৰশ্নবোধক হৈ মাজবাটত থিয় দিব ৷

যেন এটা তপ্ত বেলি আহি ওলমি ৰৈছে স্বাগতাৰ মূৰৰ ওপৰত ৷ তাই চকুহাল মুদি আছে ৷ মেলিবলৈ সাহস গোটাব পৰা নাই ৷ মেলিলেই যেন শেষ হৈ থাকিব জোনাকভৰা সপোনটো ৷ খুব ধুমধামেৰে
স্বাগতাৰ পৰিয়ালত তাইৰ বিয়াৰ কথাবতৰা চলে ৷
ঘৰখনৰ মানুহবোৰৰ চকুত উছাহৰ চমক দেখিলে তাই দুৰ্বল হৈ পৰে ৷ যুঁজিবলৈও ভাগৰ অনুভৱ কৰে । তাইৰ বাবে সময়খিনি বৰ জটিল আৰু কঠিন ।

তাইৰ আৰু নীহাৰৰ সম্পৰ্কটো যেন এতিয়া বিজগণিতৰ সমীকৰণৰ এটা নিচল ধ্ৰুৱক ৷ নীহাৰ এতিয়াও তাৰ সপোনৰ জখলাত ৷
স্বাগতাই তাক তাইৰ বাবে নামি আহিবলৈ ক’ব নোৱাৰে আৰু তাইও তাৰ বাবে ৰৈ থাকিব নোৱাৰে ৷ এয়াই সত্য ৷ মানি ল’বলৈ কঠিন হ’লেও কঠিনতাৰ মাজেৰেই এই সত্যই সিহঁতক স্পৰ্শ কৰি জীৱনৰ বৰণ সলাই থৈ যাব ৷ স্মৃতিবোৰ বাষ্প হৈ নোহোৱা হৈ যোৱা হ’লে ভাল আছিল ৷ কিন্তু নোহোৱা হৈ নাযায় ৷ গোট মাৰি গধুৰ শিল হৈ বুকুত শুই থাকে ৷ কষ্ট দুয়োৱে পাইছে অথচ নিৰুপায় ।
দোষ কোনে কাক দিব ?
:আচলতে আমি কথাই পাতিবই নালাগিছিল, আগবাঢ়িব নালাগিছিল.. লাইফ ইজ্‌ আনচাৰ্‌টেইন ৷
: সঁচা কথা ৷ আগ নবঢ়া হ’লে বুকুত জখম নহয়, বিষো নহয়।
: এইদৰে আক্ষেপ কৰিবলৈ জীৱনক সুযোগ নিদিও দে ৷ নীহাৰ ! চাওঁ! চকুদুটা মুদি দেচোন ৷ নাওখন পাৰতে আছে ৷ নাওখন এতিয়াও পানীৰ মাজলৈ যোৱাই নাই ৷ সময়ক ঘড়ীটোৰ পৰা মুকলি কৰি কিছুদূৰ আগুৱাই গৈ আমি অলপ আগতে চাই আহিলোগৈ সন্মুখৰ ব্লাৰ্‌ ছবিখন। বুজিলি ?
: এতিয়া ?
: আবেগবোৰক সংযত কৰিব লাগিব ৷ নোৱাৰিলে জীৱনটো টুলুংভুটুং হৈ পৰিব ৷ গম পালি নহয় !
: উম..ঠিকেই কৈছ।
:লাহে লাহে কমকৈ কথা পাতিম…. লাহে লাহে আঁতৰি যাম.. ধূসৰ আলি কেকুঁৰিটোৰ মূৰত দুটা অচিনাকি আত্মা..৷

স্বাগতাৰ মাতটো নাইকিয়া হৈ গ’ল ৷ নীহাৰে ফোনটো চায়- হয়, তাই কলটো কাটিলে ৷ স্বাগতাই মেচেজ এটা পঠাইছে ৷ নীহাৰে লৰালৰিকৈ খুলে ৷ স্বাগতাই লিখিছে ” লাইফ ইজ আনচাৰটেইন ৷ সেয়ে আগ নাবাঢ়ো দে ৷ বেয়া নাপাবি ৷ টেক্‌ কেয়াৰ ৷ ফেচবুকত ব্লক কৰা নাই এতিয়াও…”

সিহঁতৰ সেইদিনাৰ কথোপকথন সিমানতে সামকাটিল ৷ তেতিয়া পুৱতি নিশা। স্বাগতাই কথা কৈ কৈ ৰাতিপুৱাই দিলে ৷ তাইৰ কথাবোৰ যেন একো একোটা গল্প ইজনে সিজনক লগপোৱা বেছিদিন হোৱা নাই যদিও বহু পুৰণি চিনাকী যেন লাগে দুয়োৰে দুয়োকে ৷

স্বাগতাইও ফোনটো চাৰ্জত লগাই টোপনি যাবলৈ চেষ্টা কৰিছে ৷ তাইৰ অভ্যাসগত ফেন্টাচীৰ দুনিয়াত উপঙি ফুৰিছে ৷ স্বাগতা বৰুৱা ইমান সহজে গলা মম নহয় ।

1 COMMENT

LEAVE A REPLY

Please enter your comment!
Please enter your name here