তেজ লগা গামোছা

দিপান্দিতা মজুমদাৰ

বৰ কষ্ট পাইছো আজি। অপেক্ষা কৰাতো বৰ বিৰক্তিকৰ। আজিহে বুজিছো। অতদিনে তেওঁৰ অবিহনে এইখন বিছনাত অকলে থাকি পোৱা নাই। তেওঁ বা কিয় ইমান দেৰি কৰিছে। শইকীয়ানীৰ শটো পোৰা হ’লেহে চাগে আহিব।
ঘড়ীটোলৈ চাই দেখে ২.০৫।

“শ্মশানলৈ লৈ যাওতে ১২ বাজি গৈছিল। অকণমান পলম হ’ব চাগে।”
ইফালে শইকীয়ানীৰ ১৩ বছৰীয়া ছোৱালীজনীৰ কান্দোনৰ ৰোল শুনি মনতে ভাবিছে “আজি ১০ বছৰৰ বেছি হ’ল বিয়া হ’বৰ।ভগৱানে যদি আমাকো এটা সন্তান দিলেহেতেঁন”।
হঠাতে দুৱাৰত কোনোৱাই নক কৰিছে।
ঘড়ীত ইতিমধ্যে তিনি বাজো বাজো অৱস্থা।
“এওঁ আহিল চাগে” বুলি কৈ দুৱাৰ খন খুলি দিলে।

“মোক এখন গামোছা দেচোন। “
এইবুলি তাই ভিতৰৰ পৰা গামোছাখন আনি তেওঁৰ হাতত দিলে।

“তই শুই থাক। বৰ ঠাণ্ডা পৰিছে।”
৩.৪০ হ’ল। এওঁ বাহিৰৰ পৰা অহা নাই যে!
আকৌ এবাৰ দুৱাৰ খন খুলি চালে। নাই কোনো নাই।
-“এওঁ চাগে আকৌ শইকীয়ানীৰ ঘৰলৈ গ’ল।”
শইকীয়ানীয়ে বাৰু আত্মহত্যা কিয় কৰিলে?
নে এয়া হত্যা!

“যি হয় হ’ব। এইবোৰ নো আমাৰ ভাবিবলে কি দৰকাৰ।”
এইবিলাক ভাবোতে তাই খিৰীকিৰ ফাকেৰে কেতিয়া পোহৰ আহি ৰাতিপুৱাৰ জাননী দিলে গমকে নাপালে।
এনেতে বাহিৰৰ পৰা তাইৰ চিনাকী মাত “অলকা! অলকা!”
তাই দৌৰি আহি দুৱাৰখন খুলি দি-

“আপুনি ৰাতি আকৌ ক’লৈ গৈছিলে?”

“মই! মই কালি ৰাতি শইকীয়ানীৰ ঘৰতে থাকিলো। ছোৱালীজনীৰ মুখলৈ চাব নোৱাৰি।…….. “
অৰিন্দমে কৈ আছে কিন্তু তাইৰ মনত এটায়ে প্ৰশ্ন “ৰাতি যদি অৰিন্দম অহা নাছিল তেন্তে সেইজন কোন?”

“শুনকচোন!”

“একো শুনিবলৈ সময় নাই হেৰৌ সোণকালে কিবা এটা খাবৰ বাবে যোগাৰ কৰ। কামলৈ যাব লাগে। ঐ শুনচোন শইকীয়ানীৰ হেনো ডিঙিত তেজ লাগি আছিলে। এয়া চাগে কোনো অপশক্তি। এনেও আমাৰ ইয়াত ৰাতি ৰাতি পিয়াপি দি ফুৰে হেনো। কোনো কোনোৱে দেখিছে হেনো।”
তাই ভিতৰলৈ আহি জলপান সাজু কৰিছে। এনেতে অৰিন্দমে বাহিৰৰ পৰা চিঞৰিছে। তাই দৌৰি বাহিৰলৈ ওলাই যায়।
অৰিন্দমে বেৰত ওলমি থকা গামেছাখনলৈ আঙুলিয়াই সোধে” ঐ গামোছাখনত তেজ যে! গামোছাখন ক’ৰ পৰা আহিল? “

1 COMMENT

LEAVE A REPLY

Please enter your comment!
Please enter your name here