টাইকো ব্ৰাহে : সূৰ্যগ্ৰহণে জন্ম দিয়া আৰু প্ৰথম চুপাৰ্ন’ভা আৱিষ্কাৰ কৰা জ্যোতিৰ্বিদজন

ড° পবন কুমাৰ চহৰীয়া
টাইকো ব্ৰাহে (১৫৪৬-১৬০১)

জ্যোতিৰ্বিজ্ঞানৰ ইতিহাসত টাইকো ব্ৰাহে (১৫৪৬-১৬০১) এক চিৰস্মৰণীয় নাম । কপাৰনিকাচৰ মৃত্যুৰ তিনিবছৰ পাচত ১৫৪৬ চনত ডেনমাৰ্কৰ এক সম্ভ্ৰান্ত ৰাজকীয় পৰিয়ালত টাইকো ব্ৰাহেৰ জন্ম হৈছিল । ব্ৰাহেৰ এজন নি:সন্তান খুড়াকে তেওঁক চুৰ কৰি নি নিজৰ লগত ডাঙৰ কৰিছিল আৰু তেওঁক আইন পঢ়ুৱাবৰ মানসেৰে কোপেনহেগেন বিশ্ববিদ্যালয়ত নাম ভৰ্তিও কৰাইছিল । কিন্তু ব্ৰাহেৰ চৌধ্য বছৰ বয়সত ১৫৬০ চনত হোৱা এক সূৰ্যগ্ৰহণৰ দৃশ্যই তেওঁৰ জীৱনৰ গতি সলনি কৰিলে । পূৰ্বতে হিচাব কৰা সময়তে সূৰ্যগ্ৰহণ হোৱা ঘটনাই টাইকো ব্ৰাহেক আকাশৰ বস্তুৰ গতিৰ বিষয়ে এনেকৈ আগতেই জনাটো সম্ভৱ হোৱা কথাই হেনো উত্তেজিত কৰি পেলাইছিল আৰু তেতিয়াই তেওঁ ঠিক কৰিছিল যে এইধৰণৰ ভৱিষ্যতবানী কৰিব পৰাকৈ তেওঁ গ্ৰহ-নক্ষত্ৰৰ বিষয়ে অধ্যয়ন কৰিব । আমাৰ কাৰণে সূৰ্য্গ্ৰহণ এটা সাধাৰণ ঘটনা, ঘৰত সোমাই থাকিব লাগে , কিন্তু এই এটা ঘটনাই কিদৰে এজন কিশোৰক এজন বিজ্ঞানীলৈ পৰিৱৰ্তন কৰিব পাৰে সেই কথাটো বুজাবৰ কাৰণেহে উল্লেখ কৰিছো । কোপেনহেগেন বিশ্ববিদ্যালয়ত থাকোতেই তেওঁৰ জীৱনত আন এটা উল্লেখযোগ্য ঘটনা ঘটিল । ১৫৬৩ চনৰ আগষ্ট মাহৰ ১৭ তাৰিখে আকাশত বৃহস্পতি আৰু শনি গ্ৰহ ইটো সিটোৰ নিচেই ওচৰ চাপিছিল, যিটোক জ্যোতিৰ্বিজ্ঞানত কনজাংচন (conjunction) বুলি কোৱা হয় । কিন্তু তেতিয়া উপলব্ধ সকলোবিলাক (আনকি কপাৰনিকাচে প্ৰস্তুত কৰা তালিকাতো) জ্যোতিৰ্বিজ্ঞানৰ পঞ্জিকাতে এই নিকটতম সময়ৰ হিচাপত খেলিমেলি আছিল । টলেমীৰ পঞ্জিকাত প্ৰায় এমাহৰ আৰু কপাৰনিকাচে প্ৰস্তুত কৰা তালিকাতো এসপ্তাহ সময়ৰ ব্যৱধান । তেতিয়াই হেনো টাইকো ব্ৰাহেই ঠিক কৰিলে যে গ্ৰহ-নক্ষত্ৰৰ সঠিক অৱস্থানৰ তেওঁ এক নিখুত পঞ্জিকা প্ৰস্তুত কৰিব । আৰু তেতিয়াৰ পৰাই তেওঁ জীৱনৰ গোটেইখিনি সময়েই নিমজ্জিত কৰিলে আকাশৰ গ্ৰহ, তৰাৰ নিৰীক্ষণ আৰু অধ্যয়নত । সেই উদ্দেশ্যে তেওঁ ইউৰোপৰ বিভিন্ন দেশ ভ্ৰমণ কৰি জ্যোতিৰ্বিজ্ঞান আৰু গণিতশাস্ত্ৰ অধ্যয়ণ আৰু যন্ত্ৰপাতি সংগ্ৰহ কৰিবলৈ ধৰিলে । নিজেও অত্যন্ত ধনীহোৱা কাৰণে আৰু ডেনমাৰ্কৰ ৰজাৰ লগত থকা সম্পৰ্কৰ কাৰণে তেওঁৰ অৰ্থৰ অভাৱ নহ’ল । ১৫৭২ চনত নিজৰ লেবৰটৰীৰ পৰা ঘৰলৈ ওভটোতে আকাশত তেওঁ এক অভূতপূৰ্ব দৃশ্য প্ৰত্যক্ষ কৰিলে । কেচিওপিয়া নক্ষত্ৰমণ্ডলীত শুক্ৰ গ্ৰহতকৈও উজ্জ্বল এক আগতে নেদেখা জ্যোতিষ্কৰ আৱিৰ্ভাৱ ঘটিছিল আৰু ই ইমানেই উজ্জ্বল আছিল যে দিনতে সূৰ্যৰ পোহৰতো দৃশ্যমান হৈছিল । জ্যোতিৰ্বিজ্ঞানৰ সকলোবিলাক তথ্য ঘোটালি তেওঁ দেখিলে যে সেই ঠাইত আকাশত তেনেকুৱা এটা তৰাৰ কথা ক’তো উল্লেখ নাই, কোনেও কেতিয়াও সেই ঠাইত তেনেকুৱা এটা তৰা দেখা নাছিল । এবছৰতকৈও অধিক কাল ই আকাশত দৃশ্যমান আছিল । তেওঁ নিখুতভাৱে ইয়াক পৰ্যবেক্ষণ কৰি হিচাব কৰি উলিয়ালে যে ইয়াৰ দূৰত্ব চন্দ্ৰৰ দূৰত্বতকৈ বহুগুণে বেছি । এই সিদ্ধান্তই জ্যোতিৰ্বিজ্ঞানী মহ’লত বেছ হুলস্থূল লগাইছিল, কাৰণ টলেমীৰ বিশ্বতত্বমতে সৰগ অপৰিবৰ্তনীয় । তেতিয়াও কপাৰনিকাচৰ সূৰ্যকেন্দ্ৰিক বিশ্বতত্বক মানুহে গ্ৰহণ কৰা নাছিল আৰু টাইকো ব্ৰাহে নিজেও টলেমীৰ বিশ্বতত্বৰহে সমৰ্থক আছিল । দৰাচলতে সেই তৰাটো আছিল এটা বিস্ফোৰিত তৰা যাক আজি আমি চুপাৰন’ভা বুলি কওঁ । টাইকোই পিচে ইয়াক ‘ন’ভা” অৰ্থাৎ উজ্জ্বল জ্যোতিষ্ক বুলিহে কৈছিল । জ্যোতিৰ্বিজ্ঞানৰ ইতিহাসত এইটো এটা অতি স্মৰণীয় ঘটনা, কাৰণ সঠিক চন আৰু তাৰিখেৰে পঞ্জীয়ণ কৰা এইটোৱেই প্ৰথম চুপাৰন’ভা । এই ঘটনাই গোটেই ইউৰোপতে টাইকো ব্ৰাহেক এক বিখ্যাত জ্যোতিৰ্বিদ হিচাবে প্ৰতিষ্ঠিত কৰিলে । এই চুপাৰন’ভাক এতিয়া নাম দিয়া হৈছে টাইকো-চুপাৰন’ভা ।

এই চুপাৰন”ভা আৱিস্কাৰৰ পাচতেই ডেনমাৰ্কৰ ৰজা দ্বিতীয় ফ্ৰেডৰিকে তেওঁক এক নিৰীক্ষণাকেন্দ্ৰ পাতিবলৈ নিৰলে এটা দ্বীপ আৰু প্ৰয়োজনীয় সকলো অৰ্থসাহাৰ্য প্ৰদান কৰিলে । এই দ্বীপত তেওঁ গ্ৰহ-নক্ষত্ৰৰ নিৰীক্ষনৰ তেতিয়াৰ কাৰণে এক অত্যাধুনিক কেন্দ্ৰ স্থাপন কৰিলে । ইয়াৰ আগলৈকে জ্যোতিৰ্বিদসকলে বছৰটোৰ কিছুমান নিৰ্দ্দিষ্ট সময়তহে গ্ৰহবোৰৰ অৱস্থান নিৰীক্ষণ কৰিছিল । টাইকো ব্ৰাহেই বছৰটোৰ প্ৰায় প্ৰত্যেক সময়তে অৰ্থাৎ অতি ক্ষুদ্ৰ সময়ৰ ব্যৱধানত গ্ৰহবোৰৰ (বিশেষকৈ মংগল গ্ৰহৰ), তৰাবোৰৰ অৱস্থান নিৰীক্ষণ কৰি সেইবোৰৰ তালিকা প্ৰস্তুত কৰিব আৰম্ভ কৰিলে । তেতিয়াও দূৰবীক্ষণ যন্ত্ৰ আৱিস্কাৰ হোৱা নাছিল । কেবল মাথো খালী চকুৰে প্ৰায় পচিশ বছৰ ধৰি আটাইকেইটা গ্ৰহ আৰু একহাজাৰৰো ওপৰ নক্ষত্ৰৰ বছৰটোৰ প্ৰায় প্ৰত্যেক সময়তে অৱস্থানৰ যি নিখুত টোকা তেওঁ পঞ্জীয়ণ কৰিছিল সেয়া জ্যোতিৰ্বিজ্ঞানৰ এক অমূল্য সম্পদ আছিল । তেওঁ নিজে যন্ত্ৰ-পাতিবোৰ ইমান নিখুতভাবে সাজি লৈছিল যে গ্ৰহবোৰৰ অৱস্থান নিৰূপনত কেবল মাথো আধা মিনিট কোণহে ( ১ ডিগ্ৰী কোণৰ ষাঠী ভাগৰ এভাগ হৈছে এক মিনিট কোণ) ভূল হোৱাৰ সম্ভাৱনা আছিল । ইয়াৰ আগলৈকে এই ভূল আছিল প্ৰায় ১০ ডিগ্ৰী । সেয়েহে হেনো কপাৰনিকাচৰ কাৰণে গ্ৰহসমূহৰ উপবৃত্তাকাৰ কক্ষপথ নিৰ্ণয় সম্ভৱ নহ’ল । কিন্তু ডেনমাৰ্কৰ ৰজা দ্বিতীয় ফ্ৰেডৰিক ঢুকুৱাৰ পিচত নতুন ৰজাই অৰ্থসাহাৰ্য কমোৱাত তেওঁ ডেনমাৰ্ক এৰি সকলোবিলাক যন্ত্ৰপাতি লৈ তেতিয়াৰ ৰোমান সাম্ৰাজ্যৰ অধীনৰ প্ৰেগ চহৰলৈ গুচি গ’ল আৰু তাত ৰজাৰ ৰাজ-গণিতজ্ঞ হিচাবে কাম কৰিব আৰম্ভ কৰিলে । ইয়াতেই ১৬০০ চনত তেওঁ জোহান্চ কেপলাৰে তেওঁৰ সহযোগী হিচাবে যোগদান কৰে।

জোহান্চ কেপলাৰৰ (১৫৭১-১৬৩০) জন্ম হৈছিল এক দুখীয়া জাৰ্মান পৰিয়ালত । সৰুতে ধৰ্মযাজক হোৱাৰ মন মেলিছিল যদিও পাচত দেখিলে যে তেওঁৰ বিজ্ঞান আৰু গণিততহে বেছি মন । কিছুদিন স্কুলত গণিতৰ শিক্ষক হিচাবেও তেওঁ কাম কৰিছিল । টাইকো ব্ৰাহে যেতিয়া ডেনমাৰ্ক এৰি প্ৰেগ’লৈকে আহিছিল তেতিয়া কেপলাৰৰ গণিতত থকা দখল আৰু জ্যোতিৰ্বিজ্ঞানৰ প্ৰতি স্পৃহাৰ কথা গম পাই ব্ৰাহেই তেওঁৰ তলত সহকাৰী হিচাবে নিয়োগ কৰিলে । টাইকো ব্ৰাহেৰ লগত কেপলাৰৰ সম্পৰ্ক কিন্তু মধুৰ নাছিল । টাইকো ব্ৰাহেই কপাৰনিকাচৰ সূৰ্যকেন্দ্ৰিক তত্বৰ সমৰ্থক নাছিল, আনহাতে কেপলাৰে কপাৰনিকাচৰ তত্ব সঁচা বুলি বিশ্বাস কৰিছিল । তদুপৰি ব্ৰাহেই তেওঁৰ গ্ৰহসম্পৰ্কীয় সকলোবোৰ তথ্য কেপলাৰক দিবলৈও হেনো অমান্তি হৈছিল । ব্ৰাহে আছিল এজন নিৰীক্ষণাত্মক বিজ্ঞানী, তেওঁ গ্ৰহ-নক্ষত্ৰৰ গতিবিধি আৰু অৱস্থান নিৰীক্ষণ কৰি ভাল পাইছিল । অন্যহাতে কেপলাৰ আছিল এজন গণিতৰ সহায়ত হিচাপ নিকাচ কৰি গ্ৰহৰ গতিবিধি উলিয়াই ভাল পোৱা বিজ্ঞানী, ইটোৰ পিচত সিটো আৰ্হি লৈ তেওঁ গণনা কৰিছিল । কিন্তু তেওঁ ভালদৰে বুজিছিল যে অকল গণনাই তেওঁক সত্যৰ ওচৰ চপাই নিব নোৱাৰে যদিহে সেই গণনা পৰীক্ষা কৰি চাবৰ কাৰণে তেওঁৰ হাতত গ্ৰহবোৰৰ নিখুত আৰু নিৰ্ভূল তথ্য নাথাকে । গতিকে কেপলাৰে বুজি উঠিছিল যে ব্ৰাহেই প্ৰায় একুৰিৰো অধিক কাল অতি অধ্যৱসায় আৰু কষ্টৰে আহৰণ কৰা তথ্যসমূহ তেওঁৰ কাৰণে এক অপৰিহাৰ্য সম্পদ । কেপলাৰে ব্ৰাহেৰ তলত যোগদান কৰাৰ এবছৰমান পিচতে হঠাৎ ব্ৰাহেৰ মৃত্যু হ’ল । অতিপাত মদ্যপানেই মৃত্যুৰ যদিও তাৎক্ষণিক কাৰণ আছিল তথাপি এতিয়ালৈকে তেওঁৰ মৃত্যুৰ সঠিক কাৰণ উলিয়াব পৰা হোৱা নাই । কবৰৰ পৰা তেওঁৰ দেহৰ অৱশিষ্ট অংগ-প্ৰত্যঙ্গ লৈ এতিয়াও বহু বিজ্ঞানীয়ে গৱেষণা কৰিয়ে আছে । বহুতে সন্দেহ কৰে এইটো এটা পৰিকল্পিত হত্যাকাণ্ড আছিল । কাৰণ যিয়েই নহওক ব্ৰাহেৰ মৃত্যুৰ পিচতে ডেনমাৰ্কৰ পৰা তেওঁৰ আত্মীয় সজ্জন আহি পোৱাৰ আগতেই হেনো কেপলাৰে তেওঁৰ থকা ঘৰলৈ গৈ ব্ৰাহেৰ গ্ৰহসম্পৰ্কীয় সকলোবোৰ তথ্য হস্তগত কৰিলে ।

বহুতে কেপলাৰৰ এই কাৰ্যক চুৰিকাৰ্য আখ্যা দিলে । কিন্তু কেপলাৰৰ হাতত নপৰি যদি ডেনমাৰ্কৰ যিজন ৰজাৰ কাৰণে তেওঁ ডেনমাৰ্ক এৰি গুচি আহিছিল তেওঁৰ হাতত পৰিলেহেঁতেন তেতিয়া হয়তো এই অমূল্য তথ্যবোৰ চিৰদিনৰ কাৰণে হেৰাই গ’লহেঁতেন, তেতিয়াহলে হয়তো কেপলাৰৰ গ্ৰহসম্পৰ্কীয় সূত্ৰবোৰ উলিওৱাত আৰু বহু বছৰ পিচপৰি গ’লহেঁতেন, কেপলাৰে নিজে বোধকৰো নোৱাৰিলেইহেঁতেন । ব্ৰাহেৰ তথ্যসমূহ লৈ পিচৰ নটা বছৰ কেপলাৰ সেইবোৰত ডুব গ’ল । প্ৰথমতে কেপলাৰেও গ্ৰহৰ কক্ষপথ কপাৰনিকাচে ভবাৰ দৰে বৃত্তীয় বুলিয়েই ধৰিছিল, কিন্তু অনেক হিচাব-নিকাচৰ পিচতো তেওঁ দেখিলে যে টাইকোৰ তথ্যৰ লগত মংগল গ্ৰহৰ তেওঁ হিচাব কৰা অৱস্থানৰ ৮ মিনিট কোণৰ এক ব্যৱধান থাকি যায় । কপাৰনিকাচৰ সময়ত সুক্ষ্মতম কোণ জুখিব পৰা গৈছিল কেবল মাত্ৰ ১০ মিনিটলৈকে, সেয়েহে হয়তো কপাৰনিকাচৰ চকুত এই বিসংগতি ধৰা নপৰিল । কিন্তু কেপলাৰে জানিছিল যে টাইকো ব্ৰাহেৰ তথ্যত এই সুক্ষ্মতম কোণ কেবল মাথো আধা মিনিট , গতিকে আঠ মিনিট ব্যৱধান এৰি দিব পৰা বস্তু নহয় । এই ঘটনাৰ পৰা বিজ্ঞানী এজনে কিমান সুক্ষ্ম আৰু গভীৰভাবে চিন্তা কৰে সেই কথাৰ উমান পাব পাৰি । এই আঠ মিনিটৰ বিসংগতিৰ কাৰণে কেপলাৰে কপাৰনিকাচৰ বৃত্তীয় কক্ষপথ বাদ দি উপবৃত্তাকাৰ পথ ধৰি গণনা কৰিব ধৰিলে । আৰু বা ! সকলো দেখোন একেবাৰে ব্ৰাহেৰ তথ্যৰ লগত মিলি যায়। তাৰ মানে গ্ৰহবোৰৰ কক্ষপথ বৃত্তীয় নহয় ! কেপলাৰে তেওঁৰ প্ৰথম সূত্ৰ আৱিস্কাৰ কৰিলে । ইয়াৰ লগে লগে ৰহস্যময় বিশ্বৰ আন এক ৰহস্যৰ উৎঘাটন হ’ল, গ্ৰহবোৰে সূৰ্যৰ চাৰিওফালে উপবৃত্তাকাৰ পথতহে পৰিভ্ৰমণ কৰে, কপাৰনিকাচে ভবাৰ দৰে বৃত্তাকাৰ পথত নহয় । এইটো কেপলাৰৰ গ্ৰহবিষয়ক প্ৰথম সূত্ৰ । ইয়াৰ ওপৰিও কেপলাৰৰ আন দুটা সূত্ৰ আছে । মুঠতে কেপলাৰৰ তিনিটা সূত্ৰ । দ্বিতীয়টোৱে কক্ষপথত গ্ৰহৰ গতিবেগ কিদৰে সলনি হয় তাৰ আভাস দিয়ে আৰু তৃতীয় সূত্ৰই কক্ষপথৰ আকাৰ আৰু এবাৰ পৰিভ্ৰমণ কৰোতে লগা সময়ৰ সম্পৰ্ক স্থাপন কৰে । সূৰ্যৰ কিবা এক বিশেষ বলৰ কাৰণেই যে গ্ৰহবোৰ সূৰ্যৰ চাৰিওফালে ঘূৰি ফুৰে এই কথাও প্ৰথমে কেপলাৰেই কৈছিল ; অৱশ্যে কেনেকুৱা বল, কিভাৱে ই ক্ৰিয়া কৰে সেই বিষয়ে একো ঠাৱৰ কৰি পৰা নাছিল । ইয়াৰ কাৰণে আমি নিউটনলৈ বাট চাব লগা হ’ল ।

3 COMMENTS

  1. পঢ়ি খুব ভাল লাগিল। আগলৈও এনেকুৱা লেখা পাম বুলি আশা থাকিল।

  2. ছাৰ, আপুনি বৰ সৰল ভাষাৰে ৰসাল কৰি লিখা বাবেই ব্ৰাহে, কেপলাৰ আৰু বিজ্ঞানৰ কথাখিনি পাহৰিব নোৱাৰা এটা কাহিনী হৈ মনত ৰ’ব।

LEAVE A REPLY

Please enter your comment!
Please enter your name here