সুস্থ সাংস্কৃতিক উপলব্ধি আৰু অসমীয়া সংস্কৃতিৰ ক্ৰমবিকাশত যুৱ-প্ৰজন্মৰ ভূমিকা

জ্ঞানদীপ শইকীয়া

সাধাৰণতে অসমীয়া সংস্কৃতিৰ বিবৰ্তন বুলিলে গছতলৰ বিহু মঞ্চলৈ যোৱা,চিৰা-পিঠা এৰি চাওঁমিন-পোলাও খোৱা অথবা নিজস্বতা পাহৰি পাশ্চাত্যৰ ঢং অনুকৰণ কৰা আদিকে বুজা যায়।বাস্তৱিকতে কেৱল এইসমূহকে সংস্কৃতি বুলি ভবাটো ভুল।চৌষষ্ঠি কলাতে সংস্কৃতি সীমাবদ্ধ নহয়।জীৱনৰ আন এটা নামেই হৈছে সংস্কৃতি।এজন মানুহে যেনেকুৱা কাৰ্য-ক্ৰমনিকাৰে জীৱন অতিবাহিত কৰে, সেই সমগ্ৰতাখিনিয়ে হৈছে সাধাৰণ অৰ্থত সংস্কৃতি।কাৰ্যতঃ অসমীয়া মানুহখিনিৰ সভ্য আচৰণ-বিধিৰ সমষ্টিয়েই হৈছে অসমীয়া সংস্কৃতি।সমাজবিজ্ঞানী এদৱাৰ্ড টাইলৰৰ মতে,”সংস্কৃতি হৈছে জ্ঞান,নৈতিকতা,বিশ্বাস আদিকে ধৰি সমাজৰ সদস্য হিচাপে মানুহে আহৰণ কৰিবলগীয়া অন্যান্য সকলোবোৰ দিশৰ সংমিশ্ৰিত ৰূপ”।প্ৰধানতঃ অন্ন,বস্ত্ৰ,বাসস্থান এই তিনি মৌলিক প্ৰয়োজনতে সমাজ এখন চলি আহিছে আৰু প্ৰাথমিক পৰ্যায়ত এই তিনি প্ৰয়োজনক কেন্দ্ৰ কৰিয়ে সংস্কৃতি একোটাৰ জন্ম হয়।অন্নৰ লগত মানুহ জড়িত হৈছে আৰু তাতেই খাদ্য-সংস্কৃতিৰ জন্ম।বস্ত্ৰৰ লগত বস্ত্ৰ-সংস্কৃতি।বাসস্থানে কেৱল বাসস্থানৰ কথাই বুজোৱা নাই,এখন সমাজত জীৱন ধাৰনৰ প্ৰণালীক ই সাঙুৰি লৈছে।ড° লীলা গগৈয়ে কৈছিল যে সংস্কৃতি বোৱতী নৈৰ দৰে।নৈয়ে সুঁতি সলায়,জীয়া-সুঁতি মৰা-সুঁতিলৈ ৰূপান্তৰ ঘটে।সংস্কৃতিও নৈৰে অনুৰূপ।ৰূপান্তৰে সৌন্দৰ্যত সুৱগা চৰায়।সংস্কৃতি আৰু সাংস্কৃতিক মূল্যবোধত ৰূপান্তৰ ঘটাতো স্বাভাৱিক কথা।কিন্ত,এই ৰূপান্তৰ হ’ব লাগিব মানৱ-হিতৈষী।
সাংস্কৃতিক অৱক্ষয়ৰ ফলত সমাজত ঘূণে ধৰিছে,সমান্তৰালভাৱে সুস্থ বিবৰ্তনে অসমীয়া সংস্কৃতিক বিশ্বসভালৈ লৈ গৈছে।যুৱ-প্ৰজন্মই সমাজ এখন সমৃদ্ধ কৰে আৰু সমাজৰ স্বৰূপ প্ৰতিফলিত কৰে।ভঙা-পতাৰ খেলখন নিৰ্ভৰ কৰে যুৱ-প্ৰজন্মৰ ওপৰত।অসমীয়া সংস্কৃতিৰ সত্বাও হাজাৰ যুৱ-প্ৰজন্মৰ কান্ধ বাগৰি আজিৰ এই অৱস্থাত উপনীত হৈছেহি।ধ্বংস আৰু সৃষ্টিৰ মাজেৰে অসমীয়াৰ বিবৰ্তিত সাংস্কৃতিক দৰ্শনে বিশ্বত এক সূকীয়া স্থান দখল কৰিছে।
অসমীয়া সংস্কৃতিৰ ক্ৰমঃবিকাশ আৰু যুৱ-প্ৰজন্মৰ ভূমিকাঃ
ভাৰতবৰ্ষত ১৯৯১ চনৰ অৰ্থনৈতিক উদাৰীকৰণৰ পাছতে গোলকীকৰণৰ ধাৰনাটো আহে।মুক্ত অৰ্থনীতিৰ সমান্তৰালভাৱে আৰু প্ৰযুক্তিবিদ্যাৰ ক্ষীপ্ৰ উন্নয়নে সাংস্কৃতিক গোলকীকৰণৰ সৃষ্টি কৰিলে।পৃথিৱীখন এখন গাঁৱলৈ পৰিৱৰ্তন ঘটিল আৰু কিছুমান ঊমৈহতীয়া সাংস্কৃতিক মূল্যবোধৰ সৃষ্টি হ’ল।অসমীয়া সংস্কৃতিৰ ক্ৰমঃবিকাশৰ বেলিকাও বিশ্বায়নৰ আৰ্শীবাদ অথবা অভিশাপ আছে। যুৱ-প্ৰজন্মইয়ো সংস্কৃতি ৰক্ষাত প্ৰধান ভূমিকা পালন কৰিছে।যুৱ-প্ৰজন্মৰ জড়িয়তেই অসমীয়া সংস্কৃতি বিভিন্ন উপায়েৰে,বিভিন্ন মাধ্যমেৰে বিশ্বসভালৈ গৈছে।গীত-মাত,খাদ্যাভাস,বস্ত্ৰ-সংস্কৃতি পৰা আদি কৰি অসমীয়াৰ জীৱন-দৰ্শনৰ স্বকীয়তাক বিশ্ব-বাসীয়ে স্বীকৃতি দিছে।
নৈতিকতা,বিশ্বাস,সহনশীলতা ইত্যাদি মানৱীয় প্ৰমূল্যৰ ক্ষেত্ৰত অসমীয়া সংস্কৃতি সদায় উৰ্ধত।কিন্তু,আজিৰ অসমীয় যুৱ-প্ৰজন্মই সংস্কৃতিৰ এই দিশটোত এক সুস্থ বিবৰ্তন অনাত ব্যৰ্থ হৈছে যেন ভাৱ হয়।সাংস্কৃতিক মূল্যবোধ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত যুৱ-প্ৰজন্মৰ ভূমিকা স্খলিত হোৱা পৰিলক্ষিত হৈছে।অসহিষ্ণুতা,যুৱ-উৎশৃংখলতা,নৈতিক-স্খলন,ভীৰ-হত্যা ইত্যাদি এশ এবুৰি অপকৰ্মত আজিৰ গৰিষ্ঠ সংখ্যক যুৱ-প্ৰজন্ম লিপ্ত হোৱা দেখা যায়।মানুহ আৰু অমানুহৰ মাজত ব্যৱধান হ্ৰাস হৈছে।তথাপি,সংস্কৃতি সুন্দৰৰ পূজাৰী।বিবৰ্তনৰ সৌন্দৰ্যক নতুন ৰূপ দিবলৈ এজাক অসমীয়া লৰা-ছোৱালীয়ে অক্লান্ত সাধনা কৰি গৈছে। সংস্কৃতিৰ উত্তৰণত অসমীয়া যুৱ-প্ৰজন্মৰ এই ভূমিকা লেখত ল’বলগীয়া।
বিশেষকৈ মানুহ আৰু পৰিৱেশৰ নিবিড় সম্পৰ্কই এখন সমাজৰ সাংস্কৃতিক মনঃস্তত্বক বাৰুকৈয়ে প্ৰতিফলিত কৰে।এই প্ৰতিফলনক অসমীয়া যুৱ-প্ৰজন্মৰ সুদুৰপ্ৰসাৰী ভূমিকাই বিশ্ববাসীৰ আগলৈ লৈ যাব পাৰিছে।যুৱাৱস্থাতে যাদৱ পায়েঙে মোলাই-কাঠনিৰ সৃষ্টি কৰিছে।মনোজ গগৈয়ে দুৰ্ঘটনা-পতিত বন্য জীৱকুলক আপদাল কৰি নতুন জীৱন দান কৰিছে।”এক বৃক্ষ দশ পুত্ৰ”ৰ দৰে জীৱনবোধেৰে অসমীয়া সংস্কৃতিয়ে সদায় পৃথিৱীৰ পক্ষত বাট বুলিছে। পূৰ্ণিমা দেৱী বৰ্মনে হাড়গিলা সংৰক্ষণৰে গ্ৰীণ অস্কাৰ বঁটা কঢ়িয়াই আনিছে।পৃথিৱীত এজনেই অৰণ্য মানৱ আছে,তেওঁ হ’ল অসমীয়া।এওঁলোকৰ বাটেই যুৱপ্ৰজন্মৰ লক্ষ্য হোৱা উচিত।গুহাত বাস কৰি অৰণ্যৰ জীৱকুল মাৰি খাই জীৱন কটোৱাৰ পৰা আজিৰ বিশ্ববাসীৰ এই স্বীকৃতিলৈকে অসমীয়া সংস্কৃতিৰ ক্ৰমবিকাশ মনকৰিবলগীয়া।পৰিৱেশ আৰু পৃথিৱীৰ এই নিবিড়তাত নতুন গতি প্ৰদান কৰি অসমীয়াৰ এই বিশ্বজনীন সাংস্কৃতিক মূল্যবোধ জীয়াই ৰখাটো যুৱ-প্ৰজন্মৰ দায়িত্ব।
অসমীয়া সংস্কৃতি নৈতিক মূল্যবোধৰ ওপৰত প্ৰতিষ্ঠিত।অসমীয়াৰ পৰোপকাৰ,অতিথিপৰায়ণতাই বিশ্ববাসীক আকৰ্ষণ কৰে।কভিদ-সৃষ্ট লকডাউনত অসমতে আবদ্ধ হৈ পৰা এজন স্পেনিছ পৰ্যটকক শিৱসাগৰৰ এটা পৰিয়ালে সাতমাহ নিজৰ দৰে লালন কৰি,নিজৰ সংস্কৃতিৰ লগত বিলীন কৰি ৰাখিলে।বিদেশী পৰ্যটকজনে সাত সাগৰ তেৰ নদীৰ সিপাৰলৈ এই সুষমা লৈ গৈছে।আনহাতে ২০১৭চনত বৰ্ষাপাৰাত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেলখনত খেলূৱৈৰ বাছলৈ শিলগুটি দলিয়াই সমগ্ৰ অসমৰ মান কেঁহৰাজবৰণীয়া কৰিছিল খোদ যুৱ-প্ৰজন্মৰে একাংশই।এনেকুৱা অপসংস্কৃতিৰ ক্ষেত্ৰত যুৱচাম সচেতন হোৱা উচিত। যুৱপ্ৰজন্মই এটা প্ৰগতিশীল চিন্তাৰে অপসংস্কৃতিৰ আঁচোৰ নপৰাকৈ নিজস্বতাবোধেৰে আগুৱাব লাগিব। উগ্ৰ-জাতীয়তাবাদ আৰু পাশ্চাত্যৰ কিছুমান প্ৰমূল্যক ভুলকৈ অনুকৰণ কৰি অপ-সংস্কৃতিৰ ৰূপ দিছে একাংশ যুৱ-প্ৰজন্মই।সামাজিক মনঃস্তত্ব এনেকুৱা পৰ্যায় পাইছেগৈ,এতিয়া অসমৰ সাধাৰণ মানুহে পাশ্চাত্যৰ সংস্কৃতি বুলিলে অবাধ যৌনতা,সুৰা-পান,পাৰ্টি,চুটি কাপোৰ,এটা বেচিজিল যান্ত্ৰিক জীৱন এইবোৰৰ কথাই বুজে।আমাৰ এচাম যুৱ-প্ৰজন্মইয়ো আধুনিকীকৰণৰ নামত এই সমূহকে আকোঁৱালি লৈছে।বাস্তৱিকতে এইক্ষেত্ৰত যুৱচামৰ সাংস্কৃতিক উপলব্ধি সীমিত আৰু ভুল।পাশ্চাত্যৰ জীৱন-ধাৰণৰ প্ৰণালী অতিশয় প্ৰগতিশীল,এই সংস্কৃতি কৰ্ম তথা নৈতিকতাৰ ওপৰত নিৰ্ভৰ আৰু উৎপাদনমূখীতাৰে মহীয়ান।আমাৰ যুৱ-প্ৰজন্মই কৰ্ম-সংস্কৃতিৰে পৰিচালিত হ’লেহে সংস্কৃতিৰ প্ৰকৃত লক্ষ্যত উপনীত হ’ব।
সংস্কৃতিৰ পশ্চাৎৱৰ্তিতা আৰু ক্ৰমঃবিকাশত যুৱচামৰ ভুমিকাঃ
এই সংস্কৃতিৰে দুটা দিশ থাকে।এটা বস্তুবাদী,আনটো অবস্তুবাদী।মানুহে ব্যৱহাৰ কৰা সকলোবোৰ দৃশ্যমান আৰু স্পৰ্শ কৰিব পৰা উপাদানেই বস্তুবাদী সংস্কৃতি।যিবোৰ দৃশ্যমান নহয় আৰু চুব নোৱাৰি সেয়াই অবস্তুবাদী সংস্কৃতি।মানুহৰ চিন্তা-চৰ্চা,বিশ্বাস,ব্যৱহাৰিক দৰ্শন আদিবোৰ অবস্তুবাদী সংস্কৃতিৰ উদাহৰণ।বস্তুবাদৰ ধাৰনা অহাৰ আগতে মানুহে নানান অবস্তুবাদী সংস্কৃতিৰ ওপৰত ভিত্তি কৰি চলিছিল।বৰ্তমানৰ সমাজখনৰ যি বস্তুবাদী উন্নয়ন,সেয়াও অবস্তুবাদী সংস্কৃতিৰ কৰ্ষনৰ ফচল।মানুহৰ চিন্তা,বিশ্বাস আদিৰ ওপৰতে সমাজখন চলি আছে।কিন্তু এই যি বস্তুবাদ আৰু অবস্তুবাদৰ কথা কোৱা হৈছে,অসমীয়া সমাজখনত উভয় সংস্কৃতিৰ মাজত এক দুৰত্ব দেখা যায়।সমাজ তথা সংস্কৃতিৰ বস্তুবাদী দিশটো অবস্তুবাদী দিশতকৈ বহুদূৰ আগবাঢ়ি যায়।অবস্তুবাদী দিশটোৰ গতি অতি মন্থৰ,নতুবা একেটা ৰূপতে থাকি যায়।ধৰাহ’ল,২০০০ চনত এজন মানুহে এটা কেঁচাঘৰত বাস কৰিছিল আৰু দুৰ্গাপূজাত জীৱ-জন্তু বলি দিছিল।২০২০ চনত মানুহ জনৰ কেঁচাঘৰটো এটা পকী আৰু ডিজিটেল বাসগৃহলৈ পৰিৱৰ্তন হ’ল,আকৌ ২০০০ চনৰ দৰেই ২০২০ চনটো মানুহজনে দূৰ্গা পূজাত জীৱ-জন্তু বলি দিবলৈ গৈছে।এইক্ষেত্ৰত সংস্কৃতিৰ বস্তুবাদী দিশটোৰ আমুল পৰিৱৰ্তন হৈছে।বলি দিয়াৰ লগত জড়িত বিশ্বাসখিনি তথা সংস্কৃতিৰ অবস্তুবাদী দিশটো একেই থাকিল।একেই থকা আৰু পৰিৱৰ্তন হোৱাৰ ক্ষেত্ৰত এটা তফাৎ আহি পৰিছে।বস্তুবাদী দিশটো আগুৱাই গৈছে।অবস্তুবাদী দিশটো পিছপৰি ৰৈছে।বাসগৃহৰ ডিজিটেলাইজেচনৰ লগতে চিন্তা আৰু বিশ্বাসত পৰিৱৰ্তন অহাতো জৰুৰী নহয়নে?নিশ্চয় হয়।কিন্তু অসমীয়া সমাজ ব্যৱস্থাৰ ই এটা প্ৰধান আসোঁৱাহ আৰু মনস্তাত্বিক সমস্যা।আমি গম নোপোৱাকৈয়ে সকলো ইয়াৰ বলি হৈছো।সমাজ বিজ্ঞানী অগবাৰ্ণে সংস্কৃতিৰ এই প্ৰাৰ্থক্যক অবস্তুবাদী সংস্কৃতিৰ পশ্চাৎবৰ্তিতা বুলি অভিহিত কৰিছে।একেদৰে পৰিতাপৰ কথা এইয়ে যে আজিৰ যুগতো ভীৰ-হত্যা,গোষ্ঠী-সংঘৰ্ষ,সাম্প্ৰদায়িকতাবাদ,জাতিবাদ,ধৰ্মীয় অশান্তি আদি অলেখ কাম-কাজত যুৱ-প্ৰজন্ম জড়িত।বাহ্যিক আৱৰণত নুতন যুগৰ মানুহ যেন লাগিলেও চিন্তা-ধাৰাত প্ৰাচীন সুৰ।যুৱ প্ৰজন্মই এই পশ্চাৎৱৰ্তিতা দূৰীকৰণত মূখ্য ভূমিকা ল’বই লাগিব।অন্যথা নতুন বটলত পুৰনি সুৰাৰ দৰে চিন্তাই সংস্কৃতিৰ ক্ৰমবিকাশত আউল লগাব।
স্বাস্থ্য-সন্মত জীৱন-ধাৰণ প্ৰণালীও যে সংস্কৃতিৰ এক গুৰুত্বপূৰ্ণ অংগ অসমীয়ালোকসকলে উপলব্ধি নকৰে।ডাষ্টবিনৰ ব্যৱহাৰ নকৰা,মুকলিতে মল-মূত্ৰ ত্যাগ কৰা ইত্যাদি আজিও গৰিষ্ঠসংখ্যকৰ কাৰণে ভাতৰ লগত পানী-খোৱা কথা।জন-স্বাস্থ্যৰ কথা আমাৰ সংস্কৃতিয়ে প্ৰতক্ষ্যভাৱে নকয়।সেয়েহে প্ৰাপ্তবয়স্কএজাক মানুহক পুলিচ প্ৰশাসনে বেতৰ কোব দি কভিদ-প্ৰট’কল সমূহৰ কথা বুজাবলগাত পৰিছে। কোনো সামাজিক স্থানত নাই ভাল অনাময় ব্যৱস্থা।বিদ্ৰুপাত্মকভাৱে বিদেশী পৰ্যটকক মুকলিতে মুত্ৰ-বিসৰ্জন কৰোৱাই তেওঁলোকৰ আগত ঢোলৰ গিৰিপনি পদৰ্শন কৰা হয়।এইক্ষেত্ৰত নিজকে সংস্কৃতিবান বুলি গৌৰৱ কৰাৰ অধিকাৰ হেৰায়। সেয়েহে যুৱ-প্ৰজন্মই এক সুস্থ কৰ্ম সংস্কৃতিৰ মাধ্যমেদি মানুহ হোৱাৰ আখৰা কৰিব লাগিব। সংস্কৃতিৰ প্ৰকৃত মহত্ব লুকাই আছে কেৱল সভ্যতা আৰু কামৰ মাজত।
আধ্যাত্মিকতা সংস্কৃতি বনাম অনাময়ঃ
“নিমাটি” অসম মানচিত্ৰৰ এক গুৰুত্বপূৰ্ণ ঠাই বুলিয়ে ক’ব লাগিব।নিমাটি হৈছে মাজুলী-যোৰহাট সংযোগস্থল আৰু ব্ৰহ্মপুত্ৰৰ এটা প্ৰধান ফেৰীঘাট।যাতায়তৰ লগতে পৰ্যটনক্ষেত্ৰ হিচাপেও দৈনিক হাজাৰ হাজাৰ মানুহ নিমাটিলৈ আহে।কিন্তু নিমাটিক এখন সফল পৰ্য্যটনক্ষেত্ৰ আৰু অত্যাধুনিক ফেৰীঘাট হিচাপে গঢ়ি তোলাৰ বাবে চৰকাৰ-প্ৰশাসনৰ আজিকোপতি গা নলৰিল।এইয়া অৱশ্যে অসম-মুলুকত ভাতৰ লগত পানী খোৱাৰ দৰে কথা,হৈয়ে থাকে।
স্বচ্ছ-ভাৰত অভিযানৰ কাৰ্য-পন্থাই অনাময় ব্যৱস্থাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছিল।কিন্তু নিমাটিৰ দৰে দৈনিক হাজাৰ হাজাৰ মানুহৰ সমাগম হোৱা এখন অতি-ব্যস্ত ঠাইত সামান্যতম অনাময় ব্যৱস্থাৰ অভাৱ ।আনহাতে সেই ঠাইতে এটা মন্দিৰ স্থাপন কৰি পুৱা-গধুলি ভগৱানৰ বন্দনা চলাই থকা হৈছে।
মানুহ হিচাপে লাজ পাবলগীয়া এটা ব্যক্তিগত অভিজ্ঞতাৰ কথা ক’ব খুজিছো।যোৱা ছেপ্তেম্বৰ মাহত আমি আঠ ঘণ্টাৰ নৈশ-যাত্ৰা কৰি পুৱাই নিমাটি-ঘাট পাইছিলোহি মাজুলীলৈ ৰাওনা হ’বৰ বাবে।পুৱাৰ প্ৰথমখন ফেৰীৰ বাবে কমেও ৭০/৮০ জন মানুহ গোট খাইছে।নিশা বহুসময় ধৰি যাত্ৰা কৰি অহাৰ পাছত স্বাভাৱিকতেই যাত্ৰী সকলৰ বাবে অনাময় ব্যৱস্থাৰ প্ৰয়োজন হয়।কিন্তু যিহেতু নিমাটি-ঘাটত নূন্যতম অনাময় ব্যৱস্থাখিনিৰ অভাৱ,সকলোৱে মুকলিতে কৰিবলৈ বাধ্য।সেইদিনাও অনুৰূপ কথা!!সকলোৱে জোপোহা,দোকানৰ পিছফালে নিজৰ সুবিধা অনুযায়ী মুত্ৰ-বিসৰ্জনত লাগিছে আৰু সেইখন ঠাইতে মন্দিৰত পূজাৰীয়ে ঘণ্টা বজাই ৰাইজৰ মংগল কামনা কৰিছে(বোধহয়)।এৰা,মোলায়েম লগাই ফেৰী-যাত্ৰা,নিমাটি-মাজুলী ইত্যাদিৰ অপৰূপ ৰূপকথাত উটি যাবলৈ ভাল,কিন্তু ব্ৰহ্ম-পুৱাতে লেট্ৰিনৰ অভাৱত মুকলিতে মুত্ৰ-বিসৰ্জন কৰি থাকোতেই মন্দিৰৰ ঘণ্টা-ধ্বনি শুনিবলৈ পোৱাতো বৰ লাজ আৰু দুখৰ কথা!!তেনে ইমানদিনে বিদেশী পৰ্যটকক মুকলিতে মুতুৱাই অতিথি-পৰায়ন বুলি ফিতাহি মাৰি গৰ্বত গদ্‌গদ্‌ হৈ থকাটো এক পুতৌলগা আৰু তথৈবছ অৱস্থা নহয়নে??এইয়া জানো সাংস্কৃতিক মূল্যবোধ আৰু আমাৰ নৈতিকতা?

LEAVE A REPLY

Please enter your comment!
Please enter your name here