শুকুৰ আলি জিন্দাবাদ

ত্ৰিদিৱ ভাগৱতী
ত্ৰিদিৱ ভাগৱতী

অসমৰ বিধানসভা নিৰ্বাচনলৈ বেছি দিন নাই। অনাকাংক্ষিত ক’ৰণাই ইতিমধ্যে ৰাজনৈতিক দলসমূহৰ অংকত খেলিমেলি লগাইছে। ভবা ধৰণে ৰাইজৰ মাজলৈ যাব পৰা নাই প্ৰাৰ্থীত্ব প্ৰত্যাশী নেতাসকল। তলা বন্ধ, সামাজিক দূৰত্বকে আদি কৰি বিভিন্ন নীতি-নিৰ্দেশনাই বহুতৰেই ৰাজনৈতিক অংকত আউল লগাইছে। তথাপি কোনেও এটাও সুযোগ এৰি দিব বিচৰা নাই। সেয়ে বানাক্ৰান্ত শিবিৰে শিবিৰে দেখা গৈছে প্ৰাৰ্থীত্ব প্রত্যাশী নেতাৰ ভিৰ। বানাক্ৰান্তক সহায় কৰিবলৈ উবুৰি খাই পৰিছে বহু নেতা-পালিনেতা। এই সহায়-সেৱাৰ মনোভাৱে কোনো কোনো ঠাইত এনে ৰূপ লৈছেগৈ যে লগত সমৰ্থকৰ বিশাল বাহিনী লৈ বান শিবিৰলৈ যোৱা নেতাৰ সমৰ্থকৰ উৎপাতত অতিষ্ঠ হৈ বানাক্ৰান্তই নেতা আৰু সমৰ্থক বাহিনীক খেদি পঠিয়াবলৈ বাধ্য হৈছে। ৰূপহীত আকৌ এজন নেতাই বানাক্ৰান্তৰ কাষলৈ যাওঁতে সাহাৰ্যৰ টোপোলাৰ লগতে নিছে ডাঙৰ চাউণ্ড চিষ্টেম – তাত অবিৰাম বাজি ৰৈছে নেতাৰ গুণ-গৰিমা বৰ্ণাই গোৱা কোনো অচিনাকি শিল্পীৰ গান। আনকি এগৰাকী প্ৰাক্তন মন্ত্ৰীৰ সাহাৰ্যৰ নামত কৰা নাটকখন ইমান তললৈ নমা দেখা গ’ল যে প্ৰাক্তন মন্ত্ৰী মহোদয়ে বানাক্ৰান্তক নির্দেশ দিলে – পানীত নামি সাহাৰ্য লওঁক। কাৰণ সাহাৰ্য টোপলাটো লওঁতে বানাক্ৰান্তজন পানীৰ মাজত থাকিলে – মন্ত্ৰীৰ ফটোখন বেছি ধুনীয়া আহিব, ফটোখন বেছি ভাল আহিব।

শুকুৰ আলি

ক’ৰণাৰ আঁৰে আঁৰে চলি থকা ৰাজনীতিৰ এই বতৰতেই শেহতীয়াকৈ সামাজিক মাধ্যমত এজন বিশেষ যুৱকৰ এটি ভিডিঅ’ ভাইৰেল হৈছে। বানাক্ৰান্ত লোকসকলৰ এক আশ্ৰয় শিবিৰত দেখা গৈছে তেওঁক। চৰ্চালৈ অহা ভিডিঅ’টোৰ যুৱকজনৰ নাম শুকুৰ আলি। সামাজিক মাধ্যমত প্ৰায়েই চৰ্চাত থাকে শুকুৰ আলি। ভিডিঅ’টোত দেখা গৈছে – শুকুৰ আলিও লগত সাহাৰ্যৰ টোপোলালৈ উপস্থিত হৈছে বানাক্ৰান্তৰ আশ্ৰয় শিবিৰত। ভিডিঅ’টোত বান সাহায্য দিবলৈ যোৱা শুকুৰ আলিয়ে ভঙা ভঙা ইংৰাজীৰে নৰেন্দ্ৰ মোদীক সমালোচনা কৰিছে। ভুলে শুদ্ধই শুকুৰ আলিয়ে কৈছে – ‘হি ইজ এ পলিটিক্স’। ব্যাকৰণৰ নিয়ম নীতিয়ে চুব নোৱৰা শুকুৰ আলিয়ে সমালোচনা কৰিছে চৰকাৰৰ ল’কডাউনৰ সিদ্ধান্তক। ভাষণত ঠাই পাইছে দুখীয়া, নিবনুৱাসকলৰ দুৰ্দশাৰ প্ৰসংগই। বহুতেই শুকুৰ আলিৰ কৰ্ম-কাণ্ড দেখি হাঁহিছে, শুকুৰ আলিৰ মুখেৰে ওলোৱা অভিনৱ ইংৰাজী শুনি বহুতেই কৰিছে ভিন্ন কৌতুক, বনোৱা হৈছে ভিন্ন মিমছ্। শুকুৰ আলিৰ ৰাজনৈতিক আদৰ্শ, ৰাজনৈতিক চিন্তাধাৰা সম্পৰ্কে আমাৰ বিশেষ জ্ঞান নাই। তেওঁ কৰা কোনো মন্তব্য অথবা সমালোচনাৰ প্ৰতি আমাৰ সমৰ্থনো নাই। সামাজিক মাধ্যমত প্ৰচাৰ হোৱা কিছু ভিডিঅ’ৰ যোগেদিয়েই শুকুৰ আলিৰ সৈতে আমাৰ পৰিচয়। হয়তো নেতা হ’বলৈ মন মেলা শুকুৰ আলিয়েও সাহাৰ্য দিয়াৰ নাটকখনৰ জৰিয়তেই ৰাইজৰ কাষ চপাৰ চেষ্টা চলাইছে; হয়তো শুকুৰ আলিয়েও বছৰৰ বাকী সময়খিনি ৰাইজৰ পৰা নিজৰ ছাঁটোও আঁতৰাই ৰাখি বানৰ সময়ত সাহাৰ্য শিবিৰত দুৰ্ভগীয়া মানুহজাকৰ হাতত অনুগ্ৰহৰ টোপোলা তুলি দিয়াই ৰাজনীতি বুলি ভাবিছে। তথাপিও এক বিশেষ কাৰণত আমাৰ ক’বলৈ মন গৈছে – ‘শুকুৰ আলি জিন্দাবাদ’।

অসমৰ বানপানীৰ সমস্যা শীৰ্ষক ৰচনাখন বহুবছৰ ধৰি প্ৰতিটো প্ৰজন্মৰ প্ৰতিজন অসমীয়াই লিখি আহিছে। পৰীক্ষাৰ আগত এই ৰচনাখন মুখস্থ কৰি থ’লে ৰচনাৰ নম্বৰকেইটা পোৱাটো একপ্ৰকাৰ নিশ্চিত। কাৰণ বানৰ বিভীষিকা প্ৰত্যেক বছৰেই বাতৰিৰ শিৰোনামত থকাটো যিদৰে নিশ্চিত একেদৰে সমস্যাৰ সমাধানৰ ক্ষেত্ৰতো কোনো চৰকাৰেই কোনো স্থায়ী পদক্ষেপ নোলোৱাটোও নিশ্চিত। ১৯৬৫ চনতেই অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ কাৰ্যনিৰ্বাহত বানপানী সমস্যাক ৰাষ্ট্ৰীয় সমস্যা ৰূপে ঘোষণা কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল। দীর্ঘদিন কেন্দ্ৰ আৰু ৰাজ্যত শাসনত থকাৰ পাছতো সেই প্ৰস্তাৱ, প্ৰতিশ্ৰুতি কেৱল নিৰ্বাচনৰ আগে-পিছে কংগ্ৰেছে আওৰাই থাকিল। আনকি অসমৰ পৰাই ৰাজ্যসভালৈ সাংসদৰূপে নিৰ্বাচিত হৈ গৈ ড০ মনমোহন সিং দেশৰ প্ৰধানমন্ত্ৰী হ’ল। তাৰ পাছতো কিন্তু বানপানীৰ বিভীষিকাময় পৰিস্থিতিৰ পৰা অসম আৰু অসমীয়াই আজিকোপতি পৰিত্ৰাণ নাপালে। ২০১৪ চনৰ নিৰ্বাচনী ইস্তাহাৰত বিজেপিয়েও একেই কথাকেই উল্লেখ কৰিলে – কোৱা হ’ল অসমৰ বানপানী আৰু গৰাখহনীয়া সমস্যা ৰাষ্ট্রীয় সমস্যা হ’ব। শাসনলৈ আহিলে গঠন কৰিব বান সমস্যা সমাধানৰ বাবে জলসম্পদ মন্ত্ৰণালয়ৰ অধীনত এক উচ্চস্তৰীয় কমিটি। সেই ঘোষণাও নিৰ্বাচনী বতাহজাক পাৰ হৈ যোৱাৰ লগে লগে সেই বতাহজাকৰ লগতেই নোহোৱা হ’ল। মুঠতে অসমৰ বানপানী সমস্যাটোৰ ক্ষেত্ৰত কেন্দ্ৰ চৰকাৰৰ যি সোপা-ঢিলা মনোভাৱ, কোনো নিৰ্ণায়ক সিদ্ধান্ত গ্ৰহণ কৰি কাৰ্যকৰীকৰণৰ সদিচ্ছাৰ অভাৱ – কোনো আদৰ্শ-মতাদৰ্শ নিৰ্বিশেষে প্ৰতিটো ৰাজনৈতিক দলৰেই ই এক প্ৰধান চৰিত্ৰ।

কিন্তু বানপানী সমস্যাৰ সম্পৰ্কে হোৱা চর্চাৰ পৰা প্ৰায়েই বাদ পৰি যায় এটা বিশেষ শ্ৰেণী। কেন্দ্ৰীয় চৰকাৰক কৰা সমালোচনাৰ আঁৰে আঁৰে সমালোচনাৰ পৰা সাৰি যায় এই বিশেষ শ্ৰেণীটো। অসমৰ মানুহে প্ৰত্যেক পাঁচবছৰৰ মূৰে মূৰে লোকসভালৈ চৈধ্যজনকৈ সাংসদ নিৰ্বাচিত কৰি পঠিয়ায়। ৰাজ্যসভাটো থাকে অসমৰ সাতজনকৈ সাংসদ। কিন্তু অসমত সততেই সৰৱ হোৱা এই নেতাসকল দিল্লী পালেই নীৰৱ হয়। দুই-এজনৰ বাহিৰে সদনৰ মজিয়াত থিয় হৈ কথা কোৱা দূৰৈৰে কথা, বেছিভাগকেই পাঁচবছৰীয়া কাৰ্যকালত কোনো গুৰুত্বপূৰ্ণ কথা প্ৰসংগ উত্থাপন কৰাই দেখা নাযায়। কথা কোৱাৰ সাহস, আত্মবিশ্বাস অথবা প্ৰয়োজনীয় অধ্যয়নৰ অভাৱত প্ৰায়েই মৌন হৈ ৰয় অসমৰ সাংসদসকল। দিল্লীৰ অসম আৰু অসমীয়াৰ বাবে যিকোনো বিপদজনক সিদ্ধান্ত গ্ৰহণৰ সময়তেই হওঁক বা অসম আৰু অসমীয়াৰ যিকোনো সমস্যাৰ ক্ষেত্ৰতেই হওঁক – ৰাইজে আশাৰে নিৰ্বাচিত কৰি দিল্লীলৈ পঠিওৱা এই মানুহজাকৰ পৰা নীৰৱতা, নীৰৱতা আৰু নীৰৱতাৰ বাহিৰে একোৱেই পোৱা নাযায়।

শুকুৰ আলিয়ে ইংৰাজী নাজানিব পাৰে, তথাপি তেওঁৰ অন্তত ভুলে শুদ্ধই কিবা এটা কোৱাৰ সাহস আছে। শুকুৰ আলিৰ কথাবোৰৰ সৈতে বহু দূৰ দূৰণিলৈ ব্যাকৰণৰ কোনো সম্পৰ্কই নাথাকিব পাৰে তথাপি তেওঁৰ কথাত আত্মবিশ্বাস আছে। অসমৰ ৰাইজে অত্যন্ত আশা আৰু বিশ্বাসেৰে পঠিওৱা অধিকাংশ সাংসদৰ দৰে শুকুৰ আলি ৰাইজৰ সমস্যাবোৰৰ কথা কোৱাৰ বেলিকা মনে মনে ৰোৱা নাই। ভুলে শুদ্ধই শুকুৰ আলিয়ে অন্তত কিবা এটা ক’বলৈ চেষ্টা কৰিছে। শুকুৰ আলিয়ে দাবী কৰাৰ দৰে যদি তেওঁ ২০২১ ৰ নির্বাচনত জয়ী হয়; তাৰপাছত তেওঁ একেই থাকিব নে আমাৰ তথাকথিত নেতাসকলৰ দৰে সলনি হৈ যাব সেয়া আমি নাজানোঁ। শুকুৰ আলিৰ গাত আমি নেতা হোৱাৰ কোনো লক্ষণো নেদেখোঁ। কিন্তু আজিৰ তাৰিখত আমি অন্তত এটা কথা জানোঁ – অসমক ইমানবছৰে প্ৰতিনিধিত্ব কৰি সংসদত নিমাতি কইনাৰ ভূমিকা লোৱা বহু সাংসদে শুকুৰ আলিৰ কথা শুনি আত্মবিশ্বাস, প্ৰত্যয়েৰে কিদৰে কথা কয় – সেয়া শিকাৰ প্ৰয়োজন আছে। নিজৰ স্বাৰ্থত, সমষ্টিবাসীৰ স্বাৰ্থত কিম্বা ৰাজ্যৰ বৃহত্তৰ স্বাৰ্থত। সেয়ে আমি পুনৰ কওঁ – শুকুৰ আলি জিন্দাবাদ।

20 COMMENTS

  1. Hukur Ali r ulekhere bornona kora hamprotik homoyor poristhitir uposthapon khub hundor hoise. Enadorei bhal bhal likhoni homuh amar majoloi aagbohai jabo buli akha rakhilu. May God bless you.

  2. ভাল লাগিল। সঁচাকৈ শুকুৰ আলি জিন্দাবাদ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here