সংযমী শচীনৰ নিয়মানুৱৰ্তী ইনিংছ

ভাৰ্গৱ প্ৰতিম খাৰঘৰীয়া

ভাৰতৰ ক্ৰিকেট ইতিহাসৰ সৰ্বশ্ৰেষ্ঠ বেটছমেন বুলি ক’লে সকলোৰে মনলৈ প্ৰথমতেই অহা নামটো যে শচীন টেণ্ডুলকাৰ হ’ব সেই কথাত হয়তো কাৰো দ্বিমত নাই। ক্ৰিকেটৰ ভগৱান‌ খ্যাত শচীন টেণ্ডুলকাৰে খেলা আটাইতকৈ দৃষ্টিনন্দন শ্বট বুলি ক’লে তেওঁ খেলা ক’ভাৰ ড্ৰাইভ আৰু বিশ্বৰ আগশাৰীৰ বেগী বলাৰ সকলৰ বিপক্ষে খেলা সেই কলাত্মক ষ্ট্ৰে’ইট্ ড্ৰাইভৰ কথাই আমাৰ মনলৈ প্ৰথমে আহে। কিন্তু সেই টেণ্ডুলকাৰৰেই আছে এটাও ক’ভাৰ ড্ৰাইভ নেখেলাকৈ সজাই তোলা এক দ্বিশতকীয় চিৰসেউজ ইনিংছ। সেই ব্যতিক্ৰমী ইনিংছটোৰ কথাৰেই এই লেখা।

ইউটিউবত ক্ৰিকেটৰ ইটো সিটো ভিডিঅ’ চাই থাকোঁতে “ক্ৰিকেট অষ্ট্ৰেলিয়া”ৰ ইউটিউব চেনেলত “From the vault- Super Sachin’s SCG special in 2004″ শিৰোনামেৰে থকা টেণ্ডুলকাৰৰ অপৰাজিত ২৪১ ৰানৰ সেই ইনিংছটো পুনৰবাৰ উপভোগ কৰাৰ সুযোগ পালোঁ। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ২০০৩-০৪ চনৰ বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ চতুৰ্থ টেষ্টৰ প্ৰথম ইনিংছত শচীন টেণ্ডুলকাৰে অৰ্জন কৰা এই দ্বি-শতৰানৰ ইনিংছটোক তেওঁৰ টেষ্ট কেৰিয়াৰৰ আটাইতকৈ নিয়মানুৱৰ্তী (Disciplined) ইনিংছ হিচাপে বিশেষজ্ঞ সকলে অভিহিত কৰে। শেহতীয়াকৈ ৱেষ্ট ইণ্ডিজৰ কিংবদন্তি বেটেছমেন ব্ৰায়ান লাৰাই সামাজিক মাধ্যম যোগে শচীনৰ এই অপৰাজিত ইনিংছৰ বিষয়ে এনেদৰে প্ৰকাশ কৰিছে- ” Sachin has played some amazing innings throughout his career but none with more discipline and determination like his 241* against Australia at the Sydney Cricket Ground (SCG)”.

২০০৩-০৪ চনৰ বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ প্ৰথম তিনিখন টেষ্টৰ পাঁচটা ইনিংছত শচীনে মাত্ৰ সৰ্বমুঠ ৮২ ৰানহে সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল। এনেদৰে চকুত লগাকৈ ব্যৰ্থ হোৱাত তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছিল তেতিয়াৰ ভাৰতীয় বেটিংৰ ৰাজহাড় স্বৰূপ শচীন টেণ্ডুলকাৰ। স্বাভাৱিকতেই একাংশই তেখেতৰ টেষ্ট কেৰিয়াৰৰ ভৱিষ্যতৰ ওপৰতো প্ৰশ্ন উত্থাপন কৰিছিল। মেলবৰ্ণত অনুষ্ঠিত শৃংখলাৰ তৃতীয় টেষ্টত ২০০৩ চনৰ ৩০ ডিচেম্বৰত অষ্ট্ৰেলিয়াই জয়লাভ কৰাত ২০০৪ চনৰ ২ জানুৱাৰীৰ পৰা ছিডনী ক্ৰিকেট গ্ৰাউণ্ডত আৰম্ভ হ’বলগীয়া চতুৰ্থ অৰ্থাৎ শৃংখলাৰ অন্তিমখন টেষ্টেই হৈ পৰিছিল নিৰ্ণায়ক টেষ্ট।

নতুন বছৰৰ প্ৰাকক্ষণত টেণ্ডুলকাৰেও যেন সমালোচনাৰ উচিত প্ৰত্যুত্তৰ দিবলৈ নতুন ৰূপত সাজু হৈছিল! টছত জিকি প্ৰথমে বেটিং কৰা গাংগুলী নেতৃত্বাধীন ভাৰতে দলীয় স্ক’ৰ ১২৮ ৰানত দুটা উইকেট হেৰুওৱাৰ পাছতেই চতুৰ্থ স্থানত বেটিং কৰিবলৈ আহিছিল শচীন ৰমেশ টেণ্ডুলকাৰ। ব্ৰেটলী, গিলেছপি আৰু নৱাগত নাথান ব্ৰেকেনেৰে গঠিত অষ্ট্ৰেলিয়ান পে’চ্ (pace) আক্ৰমণক প্ৰতিহত কৰাৰ উদ্দেশ্যেৰে এক সুকীয়া বেটিং পৰিকল্পনাৰে ২২ গজৰ ক্ৰীজত ভৰি থৈছিল মাষ্টাৰ ব্লাষ্টাৰে। পূৰ্বৰ ৫ টা ইনিংছৰ ৩ টা ইনিংছত অফ্ ষ্টাম্পৰ বাহিৰৰ বলত ড্ৰাইভ্ খেলাৰ প্ৰয়াস কৰি উইকেট কীপাৰৰ হাতত কেচ্ (catch) তুলি প্ৰায় একে ধৰণেৰেই পেভিলিয়নলৈ উভতিছিল শচীন। সেয়েহে অফ্ ষ্টাম্পৰ বাহিৰৰ বলত ড্ৰাইভ্ নেখেলাৰ ক্ষেত্ৰত টেণ্ডুলকাৰ হয়তো ড্ৰেছিং ৰুমৰ পৰাই সংকল্পবদ্ধ হৈ আহিছিল! আশা কৰা ধৰণেই প্ৰথম অৱস্থাত অষ্ট্ৰেলিয়ান বেগী বলাৰে শচীনৰ বিৰুদ্ধে অফ ষ্টাম্পৰ বাহিৰত বল কৰি আউট কৰাৰ সেই একেই কৌশলেই অৱলম্বন কৰিছিল যদিও তেওঁলোক সেইবাৰ সফল নহ’ল। দলীয় স্ক’ৰ ১৩৩ ৰানত ব্ৰেটলীৰ বিৰুদ্ধে এক আকৰ্ষণীয় অন্ ড্ৰাইভেৰে প্ৰথমটো বাউণ্ডেৰী সংগ্ৰহ কৰি হেৰুৱা ছন্দ ঘূৰাই পোৱাৰ ইংগিত দিয়া শচীনে প্ৰথম দিনাৰ শেষলৈ ৭৩ ৰানত অপৰাজিত হৈ ৰয়। অত্যন্ত ধৈৰ্য আৰু আত্ম-সংযমেৰে ইনিংছ আগবঢ়াই নি ক্ৰমাৎ ছন্দোবদ্ধ হৈ উঠা শচীনে দ্বিতীয় দিনা নিজৰ টেষ্ট কেৰিয়াৰৰ ৩২ সংখ্যক শতক অৰ্জন কৰাৰ লগতে কেৰিয়াৰৰ তৃতীয়টো দ্বি-শতৰানো সংগ্ৰহ কৰিছিল। উইকেটৰ আনটো মূৰে থাকি শচীনক যোগ্য সহযোগিতা আগবঢ়োৱা আন এজন শতৰানকাৰী ভি ভি এছ লক্ষ্মনৰ সৈতে চতুৰ্থ উইকেটত অভিলেখ সংখ্যক ৩৫৩ ৰানৰ যুটি বান্ধি দলক শক্তিশালী স্থিতিত উপনীত কৰাইছিল শচীনে। তৃতীয় দিনা দলীয় স্ক’ৰ ৭০৫ ৰানত অধিনায়ক গাংগুলীয়ে প্ৰথম ইনিংছ ঘোষণা কৰাত টেণ্ডুলকাৰ ব্যক্তিগত স্ক’ৰ ২৪১ ৰানত অপৰাজিত হৈ ৰয়। সৰ্বমুঠ ৬১৩ মিনিট ক্ৰীজত অতিবাহিত কৰি ৪৩৬ টা বলৰ মুখামুখি হোৱা টেণ্ডুলকাৰে ৩৩ টা চাৰিৰ সহায়ত ২৪১ ৰানৰ এই বিশাল ইনিংছটো সজাইছিল। আমোদজনক আৰু আশ্চৰ্যজনক কথাটো হ’ল- এই ৩৩ টা চাৰিৰ এটাও টেণ্ডুলকাৰে ক’ভাৰ ড্ৰাইভৰ দ্বাৰা সংগ্ৰহ কৰা নাছিল। এই সন্দৰ্ভত শচীনৰ মন্তব্য এনেধৰণৰ- “I had got out couple of times to ball bowled outside the off stump. So, I decided not to play the cover-drive. They were bowling consistently outside the off stump, and I decided to leave all those balls.”

কিন্তু উক্ত নিৰ্ণায়ক টেষ্টত দলক শক্তিশালী স্থিতিত উপনীত কৰোৱাৰ স্বাৰ্থত আৰু নিজকে ফৰ্মহীনতাৰ পৰা মুক্ত কৰাৰ
উদ্দেশ্যে টেণ্ডুলকাৰে বলাৰৰ বিৰুদ্ধে তেওঁৰ অন্যতম প্ৰধান অস্ত্ৰ ক’ভাৰ-ড্ৰাইভ্ খেলাৰ পৰা বিৰত আছিল। প্ৰবল ইচ্ছাশক্তি, অত্যন্ত ধৈৰ্য আৰু তীব্ৰ আত্ম-সংযমৰ অভুতপূৰ্ব সংমিশ্ৰণেৰে টেণ্ডুলকাৰে ২৪১ ৰানৰ সেই চিৰসেউজ ইনিংছ খেলি ভাৰতক ৭০৫ ৰানৰ বিশাল স্ক’ৰত উপনীত কৰাইছিল। অষ্ট্ৰেলিয়ান কেপ্তেইন ষ্টিভ ৱ’ৰ সেইখন আছিল কেৰিয়াৰৰ অন্তিম টেষ্ট। খেলপথাৰত টেণ্ডুলকাৰৰ বিৰুদ্ধে সেই খেলত ইটোৰ পাছত সিটো কৌশল প্ৰয়োগ কৰি ব্যৰ্থ হোৱা ষ্টিভ ৱ’ৱে ২৪১ ৰানৰ সেই ইনিংছৰ এনেদৰে প্ৰশংসা কৰিছে- “We had been getting him out edging to the cordon in the previous Tests. And he didn’t play the cover-drive at all in the final Test. To me, that showed incredible fortitude, mental strength and discipline. To me, that was a lesson even in my last match”.

২৪ বছৰে বিশ্ব ক্ৰিকেটত নিজৰ আধিপত্য বৰ্তাই ৰখা শচীন টেণ্ডুলকাৰে ধৈৰ্যশীলতা, প্ৰবল ইচ্ছাশক্তি, নিয়মানুৱৰ্তীতা, সংযমশীলতা ইত্যাদি গুণৰ লগতে খেলপথাৰত খেলুৱৈসুলভ মানসিকতাৰ বলতেই ক্ৰিকেটৰ ভগৱান হিচাপে পৰিগণিত হৈছে বুলি আমি অনুভৱ কৰোঁ। ২০১৯ চনত “আই চি চি হল্ অৱ ফে’ম্”ত ষষ্ঠ গৰাকী ভাৰতীয় ৰূপে অন্তৰ্ভুক্ত হোৱা ক্ৰিকেট ইতিহাসৰ অন্যতম মহান খেলুৱৈ শচীন টেণ্ডুলকাৰে SCG-ত খেলা ২৪১ ৰানৰ এই নিয়মানুৱৰ্তী, সংযমী ইনিংছটো প্ৰতিজন ক্ৰিকেটপ্ৰেমীৰ মনত চিৰদিন সজীৱ হৈ থাকিব।

LEAVE A REPLY

Please enter your comment!
Please enter your name here