শিপা

হেমেন নাথ

: ঐ মাইকী!

ঠহৰকৈ বাজিল কাৰ্তিকৰ কাণত।
সি খৰকৈ খোজ দিলে।
হাতৰ মুঠি তাৰ টান হৈ পৰিল।
আন্ধাৰলৈ তাৰ মনত থকা সহজাত ভয়টোৱে যেন সেইখিনি সম‌য়ত তাৰ মনলৈ আহিবলৈ ভয় খালে। কাৰ্তিক নামটোৱে তাক সদায়েই লাজত পেলায়। তাক দস্তুৰমত লাজত পেলাবলৈকে যেন ককাকে তাৰ নামটো কাৰ্তিক ৰাখিছিল। ফুলা চকু, জোখতকৈ ডাঙৰ নাক, ডাঠ চেলাউৰি, বৰলে কামোৰাৰ দৰে  ওলমি পৰা ওঁঠেৰে সি যেন এটা অসুৰহে, অথচ নাম কাৰ্তিক! ইয়াত আকৌ যোগ হৈছে তাৰ মাইকী মানুহৰ দৰে কণ্ঠস্বৰ!
উফ!
আন্ধাৰত একো নেদেখি দুৱাৰমুখতে শুই থকা ছাগলীজনীৰ গাত উজুটি খালে কাৰ্তিকে। কোন সময়ত খঙটো মনত লৈ আহি সি নিজৰ ঘৰ পালে তলকিবই নোৱাৰিলে।
মহেন্দ্ৰ বেপাৰীৰ তিনি নম্বৰজনী ছোৱালীৰ বিয়া আজি। চুবুৰীটোৰ লগতে কিজানি ঘৰৰ সকলো তাতেই উবুৰি খাই পৰিছে।
মনে মনে ভালেই পালে কাৰ্তিকে। সকলো মানুহৰ মুখামুখি হ’বলৈ যেন ভয় কৰা হৈছে সি ক্ৰমশ:। জানোচা ‘ঐ মাইকী’ বুলি ইতিকিং কৰে কোনোবাই! যেনেকৈ এইমাত্ৰ তিনিআলিৰ ডঙুৱাকেইটাই চিঞৰি উঠিছিল!
দুৱাৰ খোলাৰ লগে লগে লাইট আহিল। ভিতৰৰ পৰা দুৱাৰৰ খিলি লগাই দিলে সি।
মাকৰ প্ৰাচীন ড্ৰেছিং টেবুলখনৰ  সমুখত থিয় হ’ল কাৰ্তিক। তাক ব্যংগ কৰি ‘আই এম হাংক’ লিখা থকা টি-চাৰ্টটো দলিয়াই দিলে সি বিচনালৈ।
দাপোণত দেখিলে বুকুৰ মাজত অলপ অলপকৈ নোম আহিব লৈছে। মন্ত্ৰমুগ্ধৰ দৰে খুটি খুটি চালে কাৰ্তিকে নিজৰ পুৰুষসুলভ শৰীৰটো। এইবাৰ লাহেকৈ আৰ্মি পোছাক ৰঙী ডাঠ হাফপেণ্টটোও খুলি পেলালে।
নিজক লৈ সদায়েই অসন্তুষ্ট কাৰ্তিক যেন আজি মুগ্ধ হয় নিজৰ নগ্ন শৰীৰৰ আদিম সৌন্দৰ্য্যত।
ক’তা?
এয়াতো সম্পূৰ্ণ মতা মানুহৰ শৰীৰ।
এশ ৱাটৰ বাল্বৰ ৰঙচুৱা পোহৰত পাণ্ডু বৰণীয়া দেখা যায় তাৰ পুৰুষ শৰীৰ।
সংগম কৰিলেই মৃত্যুক আকোঁৱালি ল’ব লাগিব বুলি অভিশাপ গ্ৰস্ত হোৱা পাণ্ডু!
নাই, কাৰ্তিক পাণ্ডু নহয়, হ’ব নোৱাৰে।
সি কোনো অভিশাপেৰে গ্ৰাসিত হ’ব নোৱাৰে।
তেন্তে?
সি যে মাইকী নাম পাইছে সকলোৰে পৰা?
ক্লাছ অফ থকা সময়ত যে একমাত্ৰ বাইক থকা ল’ৰা বিকি, চুলিৰ নতুন ষ্টাইল দিয়া দীপু আৰু নতুনকৈ মদ খাবলৈ শিকা নিহাল- ইহঁতবোৰে স্মাৰ্টফোনত চাই থকা ভিডিঅবোৰ- এইবোৰ কি সি নুবুজে?
পুৰামাত্ৰাই বুজে।
এবাৰ ৰুমনৰ কম্পিউটাৰত চাইছিল সি তেনেধৰণৰ চিনেমা। বস্ত্ৰহীন নৰনাৰীৰ যৌন অভিসাৰৰ মুকলি দৃশ্য। প্ৰথমবাৰৰ বাবে কাৰ্তিকে মনত অনুভৱ কৰিছিল এক অস্থিৰ অচিন উত্তেজনা।
সেই উত্তেজনা পুৰুষত্বৰ লক্ষণ নহয়?
তাৰ যে ডায়েনাক ভাল লাগে, তাইক যে চায়েই থাকিবলৈ মন যায়, সেয়াও জানো পৌৰুষৰ চিন নহয়?
ডায়েনা, ডায়েনা, ডায়েনা! উফ্!
সিহঁতৰ ক্লাছৰ আটাইতকৈ ধুনীয়া ছোৱালীজনীয়েই ডায়েনা। কাৰ্তিকৰ এসময়ৰ প্ৰিয়  ছিৰিয়েল ৰামায়ণৰ সীতাৰ দৰেই ধুনীয়া ডায়েনা। কিয় নাজানে কাৰ্তিকে, ডায়েনাক সি সীতা বুলি ভাবি পেলায়। আৰু আচৰিত ভাৱে সি নিজে ৰাম নহৈ, ৰাৱণ হৈ পৰে! জনকনন্দিনীক হৰণ কৰি নি তেওঁৰ প্ৰেমৰ পৰীক্ষাত উত্তীৰ্ণ হ’বলৈ অপেক্ষাৰত লঙ্কাধিপতি ৰাৱণ! আৰু যদি উত্তীৰ্ণ নহয়? তেন্তে জোৰ কৰি আদায় কৰিব সি অসূৰ্যস্পৰ্শা প্ৰেয়সীৰ প্ৰেম!
কোনোদিনেই স্কুলৰ খেলধেমালিত অংশগ্ৰহণ নকৰা ‘মাইকী’ কাৰ্তিকে ডায়েনাক দেখুৱাবলৈকেই কলেজ উইকৰ ডিছকাছ থ্ৰ খেললৈ আগবাঢ়ি গৈছিল। কাৰণ ফিল্ডত আছিল তাৰ সীতাৰূপী ডায়েনা!
খেলটোৰ কোনো ধাৰণা নথকাকৈয়ে সি গাৰ বলেৰে ডিছ্কখন দলিয়াই পঠিয়ালে। আৰু তাৰ দুৰ্ভাগ্যই সেইখন ডায়েনাৰ মূৰৰ একেবাৰে কাষেৰে উৰুৱাই নিলে। ফলত বেচেৰীয়ে ভয়তে বহি দিলে। তাইৰ অতৰ্কিত ভঙ্গী দেখি ফিল্ডৰ সকলোৱে গিৰ্জনি মাৰি হাঁহিলে। তেতিয়াই তালৈ তীব্ৰ বিতৃষ্ণাৰে চোৱা ডায়েনাক আজিলৈ সি মনৰ কথা । অপৰাধবোধে বিন্ধি থাকে তাক; তেতিয়াৰ পৰা তাইৰ লগত মুখামুখি হ’লেও তলমূৰ কৰে সি।
সন্ধিয়া এইখিনি সময়তে ডায়েনা সিহঁতৰ ঘৰৰ সমুখেৰে টিউছনৰ পৰা উভতি আহে। দূৰৈৰ পৰা দেখে সি কেতিয়াবা, লগে লগে ঘৰলৈ সোমাই আহে।
আজানৰ শব্দ ভাঁহি আহিল।
এয়াই সময় ডায়েনা টিউছনৰ পৰা উভতি অহাৰ।
সকলো মানুহ মহেন্দ্ৰ বেপাৰীৰ জীয়েকৰ বিয়াত মছগুল।
আজি এই ৰাস্তাটো তেনেই নিজম।
পাণ্ডুৱে পোৱা অভিশাপে যেন কাৰ্তিকক ব্যংগ কৰিলে।
তাৰ দুয়ো কাণত ঠহৰ ঠহৰকৈ বাজি থাকিল ‘মাইকী’ শব্দটো।
নাই, নাই।
এনেকৈ নহ’ব।
‘আই এম হাংক’ টি-চাৰ্ট আৰু আৰ্মিৰ হাফপেণ্টটো ততাতৈয়াকৈ পিন্ধি কাৰ্তিক পদূলিত ৰৈ থাকিল ডায়েনা অহালৈ।
মুখেৰে বিৰবিৰাই থাকিল সি- মই মাইকী নহওঁ!
পাণ্ডুৰ দৰে নমৰো মই!!
মই ৰাৱণ হওঁ ৰাৱণ!!!

অভেদ্য অন্ধকাৰত ৰাৱণ ৰৈ থাকিল সীতা অহালৈ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here