শিক্ষানীতি ২০২০: তথ্যসমৃদ্ধ সমালোচনাৰে বিশদ অবলোকন

সুদৰ্শন কৌশিক শৰ্মা

এবাৰ এগৰাকী নিয়োগ-প্ৰাৰ্থীক এটা দ্বীপলৈ পাদুকা (চেণ্ডেল)ৰ ব্যৱসায়িক সম্ভাৱনা নিৰীক্ষণ কৰিবলৈ পঠোৱা হ’ল। প্ৰায় ১ লাখ জনসংখ্যা থকা দ্বীপটোত এজনেও পাদুকাৰ ব্যৱহাৰ নকৰা দেখি তেওঁ ঘূৰি আহি নিযুক্তি প্ৰদান কৰোঁতাক আশাহত হোৱাৰ কথা জনালে। দ্বিতীয়জনে কিন্তু ঘূৰি আহি ক’লে যে যিহেতু এজনেও পাদুকা নিপিন্ধে গতিকে আমাৰ ব্যৱসায় ৰমৰমীয়া হ’ব। বিনাদ্বিধাই তেওঁৰ কপালৰ পৰা নিবনুৱাৰ মোহৰ আতঁৰিল। নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ৰ ক্ষেত্ৰতো কথাটো সদৃশাত্মক। ধনাত্মক দৃষ্টিভঙ্গীৰে দৃষ্টিপাত কৰিলে সংশয়ৰ মাজত সম্ভাৱনা আৰু ঋণাত্মক দৃষ্টিভঙ্গীৰে আলোকপাত কৰিলে অনতিবিলম্বে তাত নিৰাশা দেখিব! যি নহওক সংশয়ৰ সময়তে আশাৰ বতৰা লৈ কেন্দ্ৰীয় কেবিনেটে গৃহীত কৰিলে নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০।

সৰ্বপ্ৰথমে প্ৰণিধানযোগ্য কথাটো হৈছে শিক্ষাগ্ৰহণৰ স্তৰবিন্যাস পূৰ্বৰ ১০+২ৰ সলনি এতিয়াৰ পৰা ৫+৩+৩+৪ আৰ্হিত হ’ব। তাৰেও আকৌ প্ৰথম ভাগটো ৩+২ত ভাগ কৰিছে। অৰ্থাৎ শিশুক ৩ৰ পৰা ৬ বছৰলৈ প্ৰাক-প্ৰাথমিক শিক্ষা আৰু ৬ৰ পৰা ৮ বছৰলৈ প্ৰাথমিক শিক্ষা প্ৰদান কৰা হ’ব। শিক্ষা প্ৰদানৰ মাধ্যম পঞ্চম শ্ৰেণীপৰ্যন্ত মাতৃভাষা/স্থানীয় ভাষাত হ’ব। ষষ্ঠ শ্ৰেণীৰ পৰা বৃত্তিমূলক শিক্ষা, শিশুৰ বাবে ৩৬০° সামগ্ৰিক বিকাশ কাৰ্ডৰ ব্যৱস্থা, ৮ম শ্ৰেণীলৈ বিকল্প ভাষা হিচাপে ইংৰাজীৰ উপলব্ধতা, প্ৰাথমিক সাক্ষৰতা আৰু গাণিতিক শিক্ষাৰ ব্যৱস্থা, শিক্ষকৰ বাবেও ৰাষ্ট্ৰীয় পেশাগত মানদণ্ডৰ ব্যৱস্থা; লগতে বিজ্ঞান, কলা আৰু বাণিজ্য শাখাৰ, পাঠ্যক্ৰম আৰু সহ-পাঠ্যক্ৰম, একাডেমিক আৰু বৃত্তিমূলক শিক্ষাৰ অনমনীয় পাৰ্থক্য প্ৰত্যাহাৰ, ষষ্ঠ শ্ৰেণীৰ পৰাই কোডিঙ তথা বৃত্তিমূলক শিক্ষাৰ দিহা, প্ৰতীকী ভাষা(দিব্যাঙ্গসকলৰ ভাষা) মানসম্পন্ন(standardizasion) কৰাৰ সিদ্ধান্ত, ১০০খন বিদেশী শ্ৰেষ্ঠ বিশ্ববিদ্যালয়ৰ ভাৰতত কেম্পাছ স্থাপন কৰাৰ অনুমতি, আদিবোৰ হ’ল শিক্ষানীতিত সন্নিবিষ্ট কেতবোৰ বৃহৎ পৰিবৰ্তন। লগতে সাম্প্ৰতিক সময়ৰ অনলাইন শিক্ষাব্যৱস্থাৰ অভূতপূৰ্ব উত্থানৰ প্ৰতি লক্ষ্য ৰাখি অনলাইন শিক্ষাৰ বিশেষ ব্যৱস্থা গ্ৰহণৰ সমান্তৰালকৈ অনলাইন পাঠ্যক্ৰম ৮টা স্থানীয় ভাষাত উপলব্ধ কৰোৱাৰ সিদ্ধান্তও লোৱা হৈছে। গৱেষণাত যথেষ্ট গুৰুত্ব আৰোপ কৰাৰ লগতে ১৯৬৪ চনৰ কোঠাৰী আয়োগৰ পৰামৰ্শ গ্ৰহণ কৰি মুঠ ঘৰুৱা উৎপাদনৰ ৬% শিক্ষাখণ্ডত বিনিয়োগৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। উক্ত শিক্ষানীতিৰ কিন্তু কিছু সিদ্ধান্তৰ অন্তৰ্নিহিত তাৎপৰ্য যথেষ্ট গুৰু-গম্ভীৰ।

এতিয়াপৰ্যন্ত পৰিচালিত পৰীক্ষা-নিৰ্ভৰ শিক্ষাব্যৱস্থাটোৰ যৎপৰোনাস্তি সংস্কাৰ সাধনৰ প্ৰয়াস উক্ত শিক্ষানীতিত দৃশ্যমান।এতিয়ালৈকে আমাৰ হোৱা অভিজ্ঞতাই আনুষ্ঠানিক শিক্ষা আৰু জীৱিকাৰ সম্পৰ্কহীনতাকে প্ৰমাণ কৰি আহিছে। হাতৰ কাম শিকোৱাত ই ব্যৰ্থ প্রমাণিত হৈ আহিছে। উদাহৰণস্বৰূপে ভাৰতত অজস্ৰ বৈদ্যুতিক অভিযন্তা আছে কিন্তু ইলেক্ট্রিশ্যান তেনেই নগণ্য। পঞ্চম শ্ৰেণীপৰ্যন্ত বহু শিশুৱে প্ৰাথমিক যোগ-বিয়োগপৰ্যন্ত কৰিবলৈকে সক্ষম নহয়। সেয়ে এই আটাইবোৰ সমস্যাৰ পৰিপ্ৰেক্ষিতত কিছুমান বিশেষ কাৰ্যপন্থা অৱলম্বনৰ দিহা কৰা হৈছে। ‘শিক্ষাৰ অধিকাৰ আইন’ ৩ বছৰৰ পৰা ১৮ বছৰ পৰ্যন্ত বলৱৎ কৰাৰ কথা ভবা হৈছে। মধ্যাহ্ন ভোজনৰ লগতে প্ৰাত-আহাৰৰ ব্যৱস্থা থাকিব। কোনো শিক্ষাৰ্থীয়ে যাতে বিদ্যাৰ নামত কেৱল ‘চাৰ্টিফিকেট’ এখন নলৈ বৰং সঁচা অৰ্থত কোনো বিদ্যা লৈ বিদ্যালয়ৰ দেওনা পাৰ হয় তাৰ বাবে ষষ্ঠ শ্ৰেণীৰ পৰাই বৃত্তিমূলক শিক্ষাৰ প্ৰচলনৰ কথা উল্লেখিত হৈছে। যুগৰ সৈতে ফেৰ মাৰিব পৰাকৈ ষষ্ঠ শ্ৰেণীৰ পৰাই কোডিঙৰ শিক্ষা প্ৰদান কৰা হ’ব। যিহেতু শিশুৰ শিক্ষা গ্ৰহণৰ বাবে মাতৃভাষাই শ্ৰেষ্ঠ মাধ্যম গতিকে পঞ্চম শ্ৰেণীপৰ্যন্ত তথা পাৰ্যমানে অষ্টম শ্ৰেণী আৰু পাছতো মাতৃভাষা বা স্থানীয়ভাষা অথবা আঞ্চলিক ভাষাত শিক্ষাদান কৰাৰ পোষকতা কৰিছে (ই বাধ্যতামূলক নহয়)। নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ ষান্মাসিক ব্যৱস্থা প্ৰৱর্তিত হ’ব। মূল বা গুৰুত্বপূৰ্ণ বাৰ্ষিক পৰীক্ষা ক্ৰমে তৃতীয়, পঞ্চম, অষ্টম আৰু দ্বাদশ শ্ৰেণীত অনুষ্ঠিত কৰা হ’ব। পাঠ্যপুথিৰ তথ্য মুখস্থ কৰি পৰীক্ষাৰ দেওনা পাৰ হোৱাৰ বিপৰীতে শিখ্যাৰ্থীৰ ‘holistic growth’ অৰ্থাৎ সামগ্ৰিক বিকাশত গুৰুত্ব প্ৰদান কৰা হ’ব। কেৱল পৰীক্ষাৰ দিনা শিক্ষাৰ্থীৰ জ্ঞান পৰিমাপন কৰাৰ সলনি ‘robust internal assessment’ৰে শিক্ষাৰ্থীজনক জুখি চোৱা হ’ব। শিক্ষাৰ্থী বিকাশ কাৰ্ডৰ জৰিয়তে স্ব মূল্যাংকন ব্যৱস্থাৰো দিহা কৰা হৈছে।

উচ্চ শিক্ষাৰ ক্ষেত্ৰতো ব্যাপক সংস্কাৰ সাধন কৰা হ’ব। মহাবিদ্যালয়সমূহত স্নাতক পাঠ্যক্ৰম তিনিৰ লগতে চাৰি বছৰীয়া কৰা হ’ব। এই চাৰি বছৰীয়া স্নাতক পাঠ্যক্ৰমৰ ব্যৱস্থাৰ কথা পোনতে আজিৰ পৰা সাত বছৰ আগতে দিল্লী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য দীনেশ সিঙে উনুকিয়াইছিল। চাৰি বছৰীয়া পাঠ্যক্ৰমত একাধিক প্ৰৱেশ-প্ৰস্থানৰ ব্যৱস্থা থাকিব। এবছৰ পঢ়িলে প্ৰমাণপত্ৰ, দুবছৰ পঢ়িলে ডিপ্ল’মা, তিনি বছৰ পঢ়িলে সাধাৰণ স্নাতক ডিগ্ৰী আৰু চাৰিবছৰ পঢ়িলে গৱেষণাপ্ৰভূত সন্মানসহ স্নাতক অর্জনৰ পথ প্ৰশস্ত হ’ব। এইধৰণে ডিগ্ৰী অর্জন কৰা শিক্ষাৰ্থীয়ে এবছৰীয়া স্নাতকোত্তৰ পাঠ্যক্ৰম অধ্যয়ন কৰি গৱেষণাৰ দিশত আগবাঢ়িব পাৰিব। অতদিনে বিদেশী ৰাষ্ট্ৰৰ উচ্চ শিক্ষানুষ্ঠানত আমাৰ তিনিবছৰীয়া ডিগ্ৰী পাঠ্যক্ৰমক স্বীকৃতি দিয়া নহৈছিল, এতিয়াৰ পৰা এই সমস্যাৰ অৱসান হ’ব। লগতে সততে দেখিব পোৱা এটি ঘটনা হৈছে যে কোনো শিক্ষাৰ্থীয়ে যদি সময়মতে স্নাতক পৰ্যায়ৰ চূড়ান্ত পৰীক্ষা দিবলৈ অপাৰগ হয় তেন্তে তেওঁ ডিগ্ৰী লাভৰ পৰা বঞ্চিত হয়। কিন্তু যিহেতু এতিয়াৰ পৰা একাধিক প্ৰৱেশ-প্ৰস্থানৰ ব্যৱস্থা উপলব্ধ হ’ব গতিকে কোনো শিক্ষাৰ্থীয়ে অনিবাৰ্য কাৰণত স্নাতক শিক্ষা নিৰ্দিষ্ট সময়ৰ ভিতৰত সাং কৰিব নোৱাৰিলেও পাছত আকৌ তাক সম্পূৰ্ণ কৰিব পাৰিব। লগতে ‘credit transfer’ ব্যৱস্থাৰ ফলত নিৰ্দিষ্ট বিষয় এবছৰ পঢ়ি অসন্তুষ্ট হ’লে শিক্ষাৰ্থীয়ে পাছৰ বছৰ স্নাতক দ্বিতীয় বৰ্ষত পোনে পোনে আন বিষয়ত প্ৰৱেশ কৰিব পাৰিব। বিজ্ঞান/কলা/বাণিজ্য শাখাৰ অনমনীয় পাৰ্থক্য বিলুপ্তিৰ ফলত শিক্ষাৰ্থীৰ বিষয় নিৰ্বাচনৰ স্বতন্ত্ৰতা বৃদ্ধি অনিবাৰ্য। ভাৰতীয় প্ৰশাসনিক পৰীক্ষাৰ ক্ষেত্ৰত আমি দেখিবলৈ পাও যে কোনো অভিযন্তাইও নৃ:তত্ত্ব বিষয় অধ্যয়ন কৰি প্ৰশাসনিক বিষয়া হ’ব পাৰিছে। সেইফালৰ পৰাও শাখাগত সীমালঙ্ঘন এক অতি যোগাত্মক চিন্তাৰ ফচল। যিহেতু ১০০খন শ্ৰেষ্ঠ বিদেশী বিশ্ববিদ্যালয়ক ভাৰতত চৌহদ স্থাপন কৰাৰ অনুমতি প্ৰদান কৰা হ’ব গতিকে প্ৰতিযোগিতাৰ দ্ৰুত বৃদ্ধিৰ ফলশ্ৰুতিত গুণগত মান বৃদ্ধিৰ সম্ভাৱনা আছে।

নতুন শিক্ষানীতিৰ সম্ভাৱ্য আসোঁৱাহসমূহো কিন্তু যুক্তিৰে ফঁহিয়াই চোৱাৰ প্ৰয়োজনীয়তা আছে। ভাৰতত অতীজৰে পৰা চলি অহা এটা গুজৱ হৈছে কথা আৰু কামৰ সাদৃশ্যহীনতা। গতিকে শিক্ষানীতিৰ ঋণাত্মক দিশসমূহ, বৰ্তমানৰ আন্তঃগাঁথনিত তাৰ ব্যৱহাৰিক সম্ভাৱনা তথা সুন্দৰ কল্পনা আৰু ৰূঢ় বাস্তৱৰ পাৰ্থক্য তন্ন-তন্নকৈ বিশ্লেষণ কৰাৰ খুবেই প্ৰয়োজন।

ধৰা হ’ল আপুনি এখন অত্যাধুনিক বিলাসী গাড়ী কিনিছে। উদাহৰণস্বৰূপে ফেৰাৰী। গাড়ী চলোৱাৰ বিদ্যা অবিহনে কিন্তু আপুনি সেয়া চলাব নোৱাৰিব, চলালেও দুৰ্ঘটনা সংঘটিত হোৱাৰ সম্ভাৱিতা ১০০%। তদুপৰি উজনিৰ নামবৰ হাবিৰ মধ্যাংশৰে ধাবিত গাঁতেৰে মানে বাটেৰে অথবা নামনি অসমৰ ট্ৰেক্টৰে নেফানেফ কৰা কোনো পথত উক্ত বাহনখন ফোঁ-ফোঁৱাই চলাই নিম বুলি ভবা কথাটো বৃথাস্বপ্ন হে হ’ব মাথোঁ! একেধৰণে নতুন শিক্ষানীতিখনক অত্যাধুনিক গাড়ীৰ সৈতে ৰিজাই চালে বিষয় সম্পৰ্কিত জটিলতাসমূহ অধিক বোধগম্য হ’ব। এয়া তিক্ত সত্য যে ভাৰতৰ শিক্ষাখণ্ডৰ অৱস্থা পুতৌজনক, পয়ালগা। কেইখনমান মহানগৰৰ কৌটিটকীয়া ব্যক্তিগত শিক্ষানুষ্ঠানক বাদ দি যেতিয়াই আপুনি চৌপাশৰ শিক্ষানুষ্ঠানসমূহৰ বিশেষকৈ চৰকাৰী শিক্ষানুষ্ঠানসমূহৰ ভগ্নপ্ৰায় আন্তঃগাঁথনি লক্ষ্য কৰিব তেতিয়াই উক্ত শিক্ষানীতি অতিমাত্ৰা কাল্পনিক বুলিও ভাব হ’ব পাৰে! বাস্তৱ ক্ষেত্ৰত তাৰ প্ৰয়োগ এতিয়াও বহুদূৰ বুলি সংশয় উপজিব পাৰে! উক্ত শিক্ষানীতি সফল হ’বলৈ হ’লে আন্তঃগাঁথনিৰ উন্নয়ন এক কথাত পূৰ্বচৰ্ত। লগতে অতীব প্ৰাসংগিক বিষয়টোৱেই হৈছে তাৰ কাৰ্যকৰীকৰণ। সেয়া বহুলাংশে নিৰ্ভৰ কৰিব দায়িত্ব-ন্যস্ত বিষয়ববীয়াৰ ওপৰত। দুৰ্নীতি-অনিয়মৰ এটা মাত্ৰ ঘটনাতে শিক্ষাখণ্ডত চিৰাল ফাঁট মেলি ধ্বংসমুখী বান অহাৰ দুৰ্ভাৱনাও নাকচ কৰিব নোৱাৰি। গতিকে আঁচনি কাৰ্যকৰীকৰণৰ দিশত প্ৰতিটো খোজতেই হ’ব লাগিব অত্যধিক সচেতন আৰু সতৰ্ক।

শিক্ষানীতিৰ ওপৰত আৰোপিত প্ৰথম অভিযোগ হৈছে তাত কি হ’ব সেয়া স্পষ্ট কিন্তু কেনেকৈ হ’ব সেয়া ধূসৰ! কেইটামান জাকত জিলিকা শব্দৰ ব্যৱহাৰে সেই কৰ্মৰ কৃতকাৰ্যতা নিৰূপণ নকৰে। যদি ষষ্ঠ শ্ৰেণীৰ পৰা কোডিং শিক্ষা দিয়া হ’ব তেন্তে তাৰ আগতেই ইংৰাজী ভাষাৰ প্ৰাথমিক জ্ঞান থকাটো অপৰিহাৰ্য। কিন্তু সেয়া জানো শিক্ষানীতিয়ে নিশ্চিত কৰে?বৰ্তমান কালত ইংৰাজীত শিক্ষাদান নকৰিলেও ইংৰাজীৰ শিক্ষা দিয়াটো প্ৰয়োজনীয়। উদাহৰণস্বৰূপে অসম জাতীয় বিদ্যালয়ৰ শিক্ষণৰ মাধ্যম অসমীয়া। কিন্তু তৃতীয় শ্ৰেণীৰ পৰা (এতিয়া দ্বিতীয়ৰ পৰাই) ইংৰাজী ভাষাৰ শিক্ষা দিয়া হয় তথা পঞ্চমৰ পৰা অষ্টম শ্ৰেণীলৈ হিন্দী ভাষাৰ জ্ঞান দিয়া হয়। অৰ্থাৎ ত্ৰি-ভাষা সূত্ৰ ইতিমধ্যে তাত সুন্দৰকৈ কাৰ্যক্ষম হৈ আছে। শিক্ষানীতিৰ ত্ৰি-ভাষাৰ নিয়মমতে কিন্তু দুটা ভাষা ভাৰতীয় হ’ব লাগিব আৰু সংস্কৃত ভাষা প্ৰত্যেক শ্ৰেণীতে উপলব্ধ হ’ব। ই বক্রপথেৰে সংস্কৃত অথবা হিন্দী জাপি দিয়াৰ চেষ্টা নহয় নে? স্মৰণযোগ্য যে শিক্ষা বিষয়টো ভাৰতৰ সংবিধানৰ সমৱৰ্তী সূচীৰ অন্তৰ্গত। সংগবিধান প্ৰণয়নৰ সময়ত কিন্তু ই ৰাজ্যিক সূচীৰ অধীনত হে আছিল। এইবাৰ শিক্ষা সম্পূৰ্ণৰূপে কেন্দ্ৰীয় চৰকাৰৰ হাতলৈ নিয়াৰ কুচকাৱাজ চলিছে নেকি? আমি যদি কানাডা দেশলৈ মন কৰো তেন্তে দেখিম যে তাত কোনো কেন্দ্ৰীয় শিক্ষামন্ত্ৰীয়েই নাই। ৰাজ্য অনুযায়ী শিক্ষা মন্ত্ৰণালয় পৃথক। যিখন ভাৰতবৰ্ষৰ বিবিধতা সকলো ক্ষেত্ৰতে পৰিদৃশ্যমান সেইখন ভাৰতবৰ্ষত অত্যধিক কেন্দ্ৰীয়কৰণ এটি আত্মঘাতী গ’ল। নতুন শিক্ষানীতি মতে উচ্চ শিক্ষাৰ বাবে এখনেই নিয়ন্ত্ৰক কমিটি থাকিব আৰু সমগ্ৰ ভাৰতত এটাই উচ্চ শিক্ষাৰ নিমিত্তে প্ৰৱেশিকা পৰীক্ষা অনুষ্ঠিত হ’ব। ‘Uniformity can be a cause of disruption’। এইক্ষেত্ৰত আপ্ত বাক্যষাৰী শুদ্ধ প্ৰমাণিত হ’লে অথন্তৰ অনিবাৰ্য। কলেজসমূহৰ ক্ষেত্ৰত বিত্তীয় স্বতন্ত্ৰতাৰ কথা লিখা আছে। কিন্তু ইয়াৰ অত্যন্ত বিৰূপ প্ৰভাৱ পৰিব পাৰে। যদি এখন কলেজৰ সমস্ত খৰছৰ ভাৰ শিক্ষাৰ্থীৰ মাচুলৰ ওপৰত প্ৰতিষ্ঠিত হয় তেন্তে শিক্ষা এক বিলাসী পণ্য হৈ উঠিব যাক দৰিদ্ৰজনে গ্ৰহণ কৰাৰ পৰা বিৰত থাকিবলগীয়া হ’ব। তদুপৰি কলেজ/বিশ্ববিদ্যালয়ৰ প্ৰদৰ্শনৰ ওপৰত ভিত্তি কৰিহে যিহেতু চৰকাৰী অনুদান দিয়া হ’ব গতিকে চৰকাৰ বিতুষ্ট হোৱা মাত্ৰকে অনুদান প্ৰদানত বিলম্বকে আদি কৰি বিভিন্ন সমস্যাই গা কৰি উঠিব পাৰে। ধৰি অনা বনৰীয়া পক্ষী এটাক বৃহৎ সজাত ৰাখিলে বুলিয়েই যদি ‘autonomy’ দিয়া বুলি সদম্ভে ঘোষণা কৰা হয় সেয়া হ’ব কেৱল মিথ্যা। ইয়াৰোপৰি এটা বিশেষ দফাত গৱেষণাৰ বিষয় নিৰ্বাচনৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰীৰ নেতৃত্বত গঠিত কেন্দ্ৰীয় কমিটিয়ে গৱেষণাৰ বিষয়টো গ্ৰাহ্য কৰিব বুলি লিখা আছে। ই এক ভয়ংকৰ কথা।

বিষয়টো অসমৰ পৰিপ্ৰেক্ষিতত চালে আমি অধিক সচেতন হোৱাটো যুগুত। কিয়নো অসমৰ শিক্ষাৰ পৰিবেশ ধূসৰিত। মাত্ৰ এগৰাকী শিক্ষকেৰে পৰিচালিত শিক্ষানুষ্ঠান হাজাৰৰ ঘৰত। ইয়াত প্ৰতিটো বিষয়ৰে বিষয় শিক্ষক পোৱাটোৱেই এক দুৰূহ কাৰ্য। তেনেস্থলত ইচ্ছানুসৰি বিষয় নিৰ্বাচনৰ স্বাধীনতা তথা কোডিং, বৃত্তিমূলক শিক্ষা আদিবোৰ কথা আঁচনিৰ পাততেই সীমাবদ্ধ হ’ব বুলি ভয় হয়। অসম চৰকাৰে ইতিমধ্যে অৱশ্যে এখন কমিটি গঠন কৰি দিছে যিয়ে শিক্ষানীতি কাৰ্যকৰীকৰণ সন্দৰ্ভত নীতি প্ৰস্তুত কৰিব। এইক্ষেত্ৰত অসমৰ বৰেণ্য শিক্ষাবিদসকলে উচিত মতামত আগবঢ়াই শিক্ষাৰ পোহৰেৰে সমগ্ৰ অসম আলোকিত কৰাৰ সম্পূৰ্ণ প্ৰয়াস কৰিব বুলি আশাবাদী।

অসমৰ বাসিন্দা হিচাপে “বিশ্বমানৰ ২০খন প্ৰসিদ্ধ শিক্ষানুষ্ঠান” স্থাপন কার্যসূচীত যাতে অসমৰো দুই-এক শিক্ষানুষ্ঠান সামৰি লোৱা হয় সেয়াই আশা কৰিছোঁ।

এতিয়া কথা হ’ল চৰকাৰখনক সাউতকৈ বিশ্বাস কৰিবলৈ টান যদিও নতুন শিক্ষানীতি খুব ধনাত্মক প্ৰতীয়মান হৈছে। তথাপি আন্ত:গাথঁনি নির্মাণ আৰু আঁচনি কাৰ্যকৰীকৰণৰ ওপৰত হে ইয়াৰ সফলতা নিৰ্ভৰ কৰিব। আমি পাহৰি যাব নালাগিব সৌৰভ কুমাৰ চলিহাৰ কথা, ‘এয়া একবিংশ শতিকা, ধেমালি নহয়’।

10 COMMENTS

  1. সুন্দৰ সুদৰ্শন দা…তথ্যপূৰ্ণ ভাল লাগিল পঢ়ি✨

    • আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ…

  2. নতুন শিক্ষা নীতিৰ ওপৰত এক সুন্দৰ বিশ্লেষণ। লেখাটোৱে চিন্তাৰ এক সুন্দৰ তথা গুৰুত্বপূৰ্ণ খোৰাক দিলে।

    • বহুত বহুত ধন্যবাদ বৰ্ণিল। তোমাৰ মন্তব্যত আপ্লুত হৈছোঁ।

  3. সুন্দৰকৈ বিশ্লেষণ কৰিছা সুদৰ্শন দা। প্ৰৱন্ধটোত ধনাত্মক আৰু ঋণাত্মক দুয়োটা দিশেই সুন্দৰ ভাৱে ফুটাই তুলিছা।

  4. বহুত ধন্যবাদ। সাধ্যনুসৰি সামান্য চেষ্টা হে মাথোঁ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here