সেউজীয়া মনৰ মানুহ

ভাৰ্গৱ বৰুৱা

২০১৫ চন । আমি মেট্ৰিক পাছ কৰিলোঁ। তাৰ পিছত হায়াৰ চেকেণ্ডাৰী পঢ়াৰ পাল। বহু আগ-পিছ, হিচাব-নিকাচ,গুণা-গঁথাৰ অন্তত মোক ডিব্রুগড়ৰ চল্টব্ৰুক একাডেমীত পঢ়িবলৈ পঠালে। জুন মাহৰ কোনোবা এটা পুৱাত খুদমান বস্তুটোৰ পৰা আদিকৰি প্ৰকাণ্ড ট্ৰাংক, হ’লদ’লটোলৈ এগাড়ী বয়-বস্তুৰ সৈতে ডিব্ৰুগড়ত উপস্থিত হৈছিলো। কিঞ্চিত ভয়,সীমাহীন উৎকণ্ঠা আৰু ঘৰৰ পৰা বুটলি অনা উপদেশৰ যাদৃচ্ছিক আঁক-বাঁকেৰে অস্পষ্ট ছবি এখন মনৰ মাজতে আঁকি আঁকি দুবছৰৰ শেষত সম্পূৰ্ণ কৰিছিলোঁ;হোষ্টেল।এতিয়া সেই দুটা বছৰৰ সমস্ত অনুভৱ-অভিজ্ঞতাক খুচৰি চালে মনৰ মাজতে বহু মানুহক আকৌ লগ পাওঁ। চিনাকি,পুৰণি মানুহ। আমাৰ সুকোমল মনত অজানিতে থিতাপি লৈ নিগাজি হোৱা ভিন্নৰঙী মানুহ। সেই মানুহবোৰৰ মাজৰ পৰা এজন মানুহ সঘনাই মনলৈ আহে। হোষ্টেলৰ প্ৰতিজন ল’ৰাৰ প্রিয়, হাঁহিমুখীয়া, ফুৰ্তিবাজ মানুহজনক ডি.চিত থাকি অহা ল’ৰাই কেনেকৈ পাহৰে! আমাৰ বিশৃংখল জীৱনবোৰত লেকাম লগাই কিছু চিজিল কৰা আমাৰ মৰমৰ ৱাৰ্ডেন ছাৰক আমি কোন সতে পাহৰোঁ। ছাৰ আছিল আমাৰ অভিভাৱক। শাসনতন্ত্ৰৰ মুৰব্বী। কেইটামান কাহিনী সহায়ত ছাৰৰ কথা কবলৈ লৈছোঁ।

(১)

হোষ্টেলৰ প্ৰথম দিনাই আমাৰ হাতৰ পৰা ম’বাইল ফোনবোৰ কাঢ়ি লোৱা হৈছিল। নিৰ্দিষ্ট দিনত নিৰ্দিষ্ট সময়ত আধা ঘন্টাৰ বাবে ঘৰলৈ ফোন কৰিবলৈ দিছিল। সময় শেষ হোৱাৰ লগে লগে ছাৰৰ টেবুলৰ প্ৰকাণ্ড দ্ৰয়াৰটোত ফোনবোৰ থৈ আহিছিলোঁ। প্ৰথম দুই-তিনিমাহ সেই নিয়ম নতশিৰে মানি লৈছিলোঁ। কিন্তু দিন বাগৰিল আৰু মোৰ মনত কেচেলুৱা বুদ্ধিৰ পোক সোমাল। নিয়মিত ফোন ঘূৰাই দিয়াৰ কাৰ্যত কিছু গাফিলতি আৰম্ভ হ’ল। ঘূৰাই দিয়াৰ সময় আহিলেই ফোনটোৰ মোহে ধৰে আৰু পিছৰ বাৰ ঘূৰাই দিয়াৰ সংকল্প লৈ আহিব লগা দিনকেইটা ফোনটোৰ নামত উচৰ্গা কৰাৰ বদঅভ্যাস এটা গঢ়ি উঠিল। এদিন কিছু দীঘলীয়া প্ৰস্তুতিৰ অন্তত ফোন উভতাবলৈ অহা বন্ধুবোৰৰ হেমগেম বেছি হোৱাৰ উমান লৈ ছাৰৰ সেই বিশেষ ড্রয়াৰটোত ফোনটো থৈ সংগোপনে সৰকি আহিব খুজিছিলোঁ। ছাৰ কামত ব্যস্ত আছিল। মোৰ ফালে পিঠি দি কামত বিভোৰ মানুহজনে স্বগতোক্তিৰ শৈলীত কৈছিল,” ভাৰ্গৱ, এনেই তোমাৰ চকু বেয়া,বেছিকৈ নুজুপিবা। পিছত আখৰো চিনি নোপোৱা হ’লে শেষেই আৰু।”

(২)

নিয়মিত ক্লাছলৈ যোৱা, মনোযোগেৰে প্ৰতিটো ক্লাছ কৰা, ক্লাছৰ শেষত নাকৰ পোণৰ বাটেৰে হোষ্টেললৈ উভটি অহা: এই তিনিটাই আছিল আমাৰ দিনটোৰ কাম। প্ৰতিটো নিয়মৰ দৰে এই নিয়মো প্ৰথমে নতশিৰে স্বীকাৰ কৰিছিলোঁ। সদায় ক্লাছলৈ যাবলৈ চেষ্টা কৰিছিলোঁ। সময়ত উভতিও আহিছিলোঁ। ঠিকেই চলি আছিল। কিন্তু এদিন ৰাতিপুৱা এজন হোষ্টেলমেট ৰুমলৈ আহিল এটা বেঁকা বুদ্ধি লৈ। তেখেতৰ সিদিনা ক্লাছলৈ যোৱাৰ ইচ্ছা নাই। হাতত দুখন কিতাপ, দুটা ১৬ আনাৰ পেকেট, দুটা বাৰ্বন বিস্কুটৰ পেকেট আৰু এটা পানীৰ বটল। মোক ক’লে যে মোৰ ৰুমত সি দিনটো থাকিব আৰু মই বাহিৰৰ পৰা তলা মাৰি ছাৰৰ চকুত ধূলি দিয়াৰ কৰ্মটোত হাত উজান দিব লাগে। তাৰ হাতত খাদ্যসম্ভাৰ দেখি মই প্ৰস্তুতিৰ উমান পালোঁ। দিহামতেই কামটো কৰি মই ক্লাছ কৰিবলৈ ৰাওনা হ’লো। বন্ধুৱে সেই বন্ধ ৰুমত প্ৰচণ্ড গৰমত দিনৰ দিনটো কি কৰি কেনেকৈ কটালে সেই কথা আজিলৈ মইও ভাবি চোৱা নাই। সময়ত উভতি আহিলোঁ। এটা ক্ষীণ সংশয়ে সমগ্ৰ দিনটো কলিজাত টোকৰ দি আছিল। সংশয়ক সত্য কৰি সঠিক সময়ত মোৰ সৈতে মোৰ বন্ধুক ছাৰৰ ৰুমলৈ নিমন্ত্ৰণ কৰিলে। ছাৰে টেবুলত এখন কাগজ উলিয়াই দিলে। কলমটো আগবঢ়াই ক’লে; ” ইয়াতে লিখা কি কৰিলা আজি। ভৱিষ্যতে আৰু কি প্লেনিং আছে সেইখিনিও লিখিবা।” মই কি কৰিছিলোঁ তাৰ বৰ্ণনা কৰি কিছু লিখিলোঁ। লিখি শেষ কৰি লাহেকৈ ক’লো,” ছাৰ, আৰু একো প্লেনিং নাই।” ভাবিলোঁ ইমানতে শাস্তি শেষ। অযথা চিন্তাত মূৰ ঘমাই আছিলোঁ। স্বভাৱসুলভ মিচিকিয়া হাঁহিৰে চাৰে ৰুমটোৰ চুক এটালৈ দেখাই মৃদু সুৰত কলে,” যোৱা সৌ তাত দুইটা কাণত ধৰি থাকা। উৰহো মৰক,ঢাৰিও ভাগক।”

(৩)

৩১ আগষ্ট। হোষ্টেলৰ প্ৰতিজন ল’ৰাৰ বাবে এটা ফূৰ্তিৰ দিন। সিদিনা ছাৰৰ বাৰ্থদে। ফুৰ্তিৰ প্ৰধান কাৰণ দুটা। প্ৰথম কাৰণটো হ’ল সেইদিনাই ডি. চি ত এটা উৎসৱ হয়। নাম ‘ডি. চি. ৱাটাৰ ফেষ্টিভেল’। নিশা ঠিক বাৰ বজাত ছাৰৰ বাৰ্থদে কেক কাটি শেষ হোৱা মাত্ৰেই হোষ্টেলৰ প্ৰতিটো ৰুম পানীত ডুব যায়। কেক কটাৰ আগতেই প্ৰতিটো বাথৰুমত বাল্টিয়ে বাল্টিয়ে পানী জমা কৰি ৰখা হয়। আমি আবেলিতে বস্তুবোৰ ওপৰত তুলি থওঁ। হোষ্টেলত গা নোধোৱা মানুহৰ অভাৱ নাই। এই চেগতে সেই সকল ‘বাথোফবিক’ ছাত্ৰক গা ধুই পাব পৰা অনুভৱ আওৰাবলৈ সুযোগ দিয়া হয়। দ্বিতীয় কাৰণটো কিছু অভিয়াছ। কাৰণ সিদিনা ৰাতি ছাৰৰ জেপ উদং কৰি সমস্ত হোষ্টেল নিবাসীক পোলাও আৰু মাংসৰে পেট পূজা কৰা হয়। সাধাৰণতে ন বজাত ভাত ৰান্ধি হোৱাৰ ইঙ্গিত দি বেল বাজে। সিদিনা আঠ বজাৰ পৰা ভাত খাবলৈ শাৰী পতা হয়। সিজা মাত্ৰেই পোলাও আৰু মাংসৰ সোৱাদত বিলীন হৈ যোৱা সকলোৰে হাত সিদিনা আগৰ পৰাই চাফা থাকে। মাজতে চাৰে এপাক মাৰি সুধেহি,” অ কেনে হৈছে?” । আমি সমস্বৰে চিঞঁৰো, ” Thank You Sir, একদম মজা…..”

(৪)

২০১৭‌ চনত মই হোষ্টেল এৰিলোঁ। হায়াৰ চেকেণ্ডাৰী পাছ কৰি ডিগ্ৰী পঢ়িবলৈ গুৱাহাটীলৈ আহিলোঁ। এদিন মোৰ বন্ধু এজনে ফোন কৰি ক’লে তেওঁৰ সম্পৰ্কীয় ভায়েক এজনে চল্টব্ৰুকত এডমিছন লৈছে। খুৰীয়েকৰ খুব ইচ্ছা কলেজৰ হোষ্টেলত ৰাখিবলৈ। পিছে হোষ্টেলত ছিট খালি নাই। তেতিয়ালৈ ভৰ্তি হৈছে। মোক সুধিলে মই কিবা কৰিব পাৰোঁ নেকি। মই পিছদিনা পুৱাতে চাৰলৈ ফোন কৰি কথাটো ক’লো। চাৰে ক’লে যে এটা ৰুমো খালি নাই। থকা হ’লে দিলেহেঁতেন। যিহেতু ৰুম খালি নাই,মই ছাৰক কিছু কাবৌ কৰাৰো একো বাট নেদেখিলোঁ। চাৰে কিছু সময় কিবা এটা ভাবি ক’লে,” বেয়া নাপাবা। একেবাৰে নায়ে নহয়, তথাপি….চাওঁচোন ৰ’বা।” মই ফোনটো ৰাখিলো। বন্ধুক ইঙ্গিতটো দিলোঁ যে আশা নাই। আবেলি বন্ধুৰ খুৰীয়েকৰ পৰা ফোন আহিল। প্ৰথমে মোক ধন্যবাদ যাছিলে আৰু ক’লে যে মিডল ফ্লৰৰ খালি ঠাই অকণত প্লাইবৰ্ড আনি চাৰে এটা ছিংগল ৰুম সাজি দিলে। প্লাইবৰ্ডৰ যদিও ৰুমটো তেখেতৰ খুব পছন্দ হৈছে। ৰুমটোৰ পৰা বাহিৰৰ ভিওটো খুব সুন্দৰ। ছাৰে কৈছে,” পুৰণি ল’ৰাই কোৱা কথা পেলাবলৈ বেয়াও লাগে নহয়।”

(৫)

ছাৰৰ ঘৰ লখিমপুৰত। বছৰত দুই-তিনিবাৰ ঘৰলৈ যায়। মানে দীঘলীয়া বন্ধ হ’লেহে। হোষ্টেলৰ সকলো কাম-বন, হিচাপ নিকাচ সামৰি, বস্তু-বাহনি চিজিল কৰি সকলোতকৈ শেষত ছাৰ ঘৰলৈ যাব লগা হয়। আহিব লগা হয় সকলোতকৈ আগত। খুব নিয়াৰিকৈ প্ৰতিটো কাম ছাৰে সম্পন্ন কৰে। হোষ্টেলৰ প্ৰতিটো বস্তুৱে নিয়ম মানি চলে। প্ৰতিটো কাম অত্যন্ত নিষ্ঠাৰে আৰু পৰিপাতিকৈ কৰিবলৈ চেষ্টা কৰে। ছাৰৰ ব্যক্তিগত ৰুমটোলৈ গলেও ছাৰ কিমান পৰিপাতি সেই কথা অনুভৱ কৰিব পাৰি। ছাৰ হোষ্টেলত থকা দহ বছৰৰো অধিক হ’ল ।হোষ্টেলখনৰ প্ৰতিটো চুক-কোণ, প্ৰতিটো ৰুম, প্ৰতিটো বস্তু ছাৰৰ ৰাডাৰৰ বেষ্টনীত। সিদিনা দেখা পালোঁ চাৰে নিজাকৈ এখন গাড়ী লৈছে। ফেচবুকত আপলোড দিছে। একাগ্ৰতা আৰু নিষ্ঠাৰে কৰি থকা কাম এটাই বহু নিদিলেও যি খুদকন দিয়ে সেই প্ৰাপ্তিৰ আনন্দ চাৰে নিশ্চয় পাইছে। সৰু সৰু পুখুৰীৰ সৰু মাছ বোৰৰ উজ্জলতাৰ দৰে ছাৰৰ এখুজি উন্নতিয়ে আমাৰ চকুটো পোহৰ সিঁচিছে। স্বাৱলম্বী ডেকা ল’ৰা এজনে খোপনি পোতাৰ আঁৰৰ কষ্ট আৰু সাধনা ফঁহিয়াই চাই আমি বাঢ়ি অহা ল’ৰাবোৰে প্ৰেৰণা পাইছোঁ। হোষ্টেলত থাকিয়ে চাৰে কিছু কৰিছে। হোষ্টেলখনেই ছাৰৰ ব্যস্ত জীৱনৰ ৰাজপথ।

আমাৰ মনবোৰ তেতিয়া তেনেই কুমলীয়া আছিল। কুমলীয়া মনৰ বিন্দু বিন্দু দোমোজাৰ টোপালে চিন্তাৰ দুবৰি দোঁ খুৱাই আনিছিল। তেনে দোমোজাৰ মাজতেই ডি. চি. দুৱৰা একাডেমী ছাত্ৰ নিবাসত জীৱনৰ অনন্য অধ্যায় এটা শেষ হৈছিল। হোষ্টেল এৰি অহাৰ পৰত বহু কিবাকিবি লৈ আহিছিলোঁ। চাৰে আমাক বুজি পাইছিল। প্ৰতিজন জেষ্ঠৰ দৰে চাৰে মুখ দেখিয়ে উমান পাইছিল আমি কোন দিশে গৈ আছোঁ। কোনে অজানিতে বাট হেৰুৱাইছোঁ। কোনে গুৰি পাহৰিছোঁ। আমি নজনাকৈ আমাৰ আঙুলিত ধৰি চাৰে বহু পাঠ পঢ়াইছিল। গালি-শপনি নপৰাকৈ কেৱল কথাৰ জোৰত চাৰে আমাক সঠিক পথ দেখাইছিল। ছাৰ ৰঙীয়াল মানুহ। মুখৰ হাঁহিটোৱে ছাৰৰ পৰিচয়। ছাৰ ধৈৰ্যশীল কৰ্মী মানুহ। এৰি অহাৰ দিনা ছাৰৰ ভৰি চুই ওলগ লৈছিলোঁ। চাৰে পিঠিত চপৰিয়াই চপৰিয়াই শুভেচ্ছা দিছিল। ছাৰৰ পৰা বহুত পালোঁ, বহুত শিকিলোঁ। হেমন্ত ছাৰ, এজন সেউজীয়া মনৰ মানুহ।

6 COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here