চাৰিচৰ স্বীকাৰোক্তি

লুইত কিৰণ দাস

প্ৰথম চৰঃ
বাপুকীৰ দুবিঘা মাটিৰ শইচ গেলিল। মূধচত ফুটা।
পানী সৰকাৰ পিছত বুকুত বল লৈ ৰজাৰ গুৰিলৈ গ’লো
সাহাৰ্য্যৰ প-পত্ৰ পূৰণৰ শেষত
মোৰ গালত এটা প্ৰকাণ্ড কানতলীয়া।

দ্বিতীয় চৰঃ
শৌচালয়ত বহি থাকোতে বেৰেদি দেখিলো দৌৰি অহা এজাক শিশু।
নাঙঠ। দুজনীৰ ফ্ৰকত ফুটা।
পিৰালীত উদং এটা চৰু, বেমাৰত মানুহৰ লগত গৰু।
এওঁলোকে কাপোৰ আৰু ভাত নাপায় নেকি হুজুৰ?

মোৰ গালত দ্বিতীয়টো চৰ।

তৃতীয় চৰঃ
মোৰ হাত দুখন আপোনাৰ ভৰিলৈ যোৱাৰ আগতে চিগি থাকিল।
বন্ধু ‘…বাদ বিতৰ্ক’ ত জিকিল। এতিয়া মই শেতেলীত পৰি পালন কৰিছোঁ
মৌনতাৰ উচৱ।
সাৰ পায় চিঞৰিলোঁ :
বাদ…বাদ…সুবিধাবাদ…ৰজাৰ বিপদত বন্ধুৰ আগতীয়া মাত…

ঠাঁচ ঠাঁচ ঠাঁচ।

চতুৰ্থ চৰঃ
তেজৰ মাজতে জন্মি তেজৰ দেশতে এতিয়া মৰোঁ মৰোঁ।
মাজনিশা চিঙি নিয়া মূৰবোৰৰ স’তে মই এতিয়া খাম সভ্যতাৰ
চপৰা-চপৰ ৰুটিৰ টুকুৰা। তৃপ্তি সুকীয়া।
আপুনি খাব নেকি?

চুলিত ধৰি চাৰিটা চৰ

চাৰিটা চৰৰ প্ৰতিদান মই আপোনাক দিব নোৱাৰাকৈ মৰিব নোৱাৰো
প্ৰতিদান নিদিয়াকৈ মৰি যোৱাৰ নজিৰ আজিলৈকে পৃথিৱীত নাই

4 COMMENTS

  1. বুজি পাবলৈ কঠিন… তিনিবাৰ পঢ়িছোঁ। বিৰাট ভাল লিখিছা। শুভ কামনা।

  2. কবিতাটোৱে এক অনন্য অনুভূতি জগালে । আন্তৰিক আভিনন্দন।

LEAVE A REPLY

Please enter your comment!
Please enter your name here