সাহিত্যৰ জনপ্ৰিয়তা আৰু ‘জনপ্ৰিয় সাহিত্য’

ড৹ বিৰিঞ্চি কুমাৰ দাস

যুগ যুগ ধৰি সাহিত্যৰ জনপ্ৰিয়তা যে সন্দেহাতীত ভাবে চলি আছে, তাক প্ৰতিপন্ন কৰিবলৈ বৰ বেছি দূৰলৈ ঢাপলি মেলাৰ প্ৰয়োজন নাই। সেই তাহানিতেই লিখা ৰামায়ন, মহাভাৰত, ইলিয়াদ, ওডিছি আদি মহাকাব্যসমূহৰ কাহিনীসমূহ আজিও যি কাৰণতেই আৰু যি ৰূপতেই নহওঁক কিয়, সকলো স্তৰৰ মানুহৰ মাজত চৰ্চিত হৈ আছে। প্ৰাচীন কালত মৌখিক ৰূপত মানুহৰ মাজত প্ৰচলিত হৈ থকাৰ সময়ত ৰামায়ন, মহাভাৰতৰ কাহিনীবোৰ যেনেদৰে জনপ্ৰিয় আছিল, আজি ছপা আৰু ডিজিটেল উভয় ৰূপতেই কিতাপ সহজলভ্য হৈ পৰা সময়তো ইয়াতকৈ বেছি নহ’লেও এইবোৰৰ জনপ্ৰিয়তা লক্ষণীয় ধৰণেৰেই অটুট আছে। সাম্প্ৰতিক সাহিত্যলৈকে চালেও আমি দেখিবলৈ পাওঁ যে ইণ্টাৰনেটৰ আগ্ৰাসনৰ প্ৰেক্ষাপটত কিতাপৰ অস্তিত্বলৈ সংকট নামি আহিছে নেকি বুলি বিভিন্ন মানুহে প্ৰশ্ন তুলি থকা সময়তো এতিয়াৰ বিশেষ একোগৰাকী লেখকৰ বিশেষ একোখন কিতাপ ইংৰাজীত ক’বলৈ হ’লে selling like hot cakes; ক্লাছিকচত পৰিণত হোৱা কিতাপৰপৰা আৰম্ভ কৰি সাম্প্ৰতিক সময়সাপেক্ষ কিতাপলৈকে বিভিন্ন কিতাপ প্ৰাসংগিক ৱেবছাইটত সন্ধান কৰা, আমাজন, ফ্লিপকাৰ্ট আদিৰ জৰিয়তে কিতাপ ক্ৰয় কৰা লোকৰ সংখ্যাটো চকুত লগাকৈ ডাঙৰ বাবেই এনে ধৰণৰ একোটা প্ৰতিষ্ঠানে নিজৰ বাণিজ্যিক বিস্তাৰৰ বহল আচনিৰ মাজত কিতাপকো অন্তৰ্ভূক্ত কৰিছে। একোখন জনপ্ৰিয় কিতাপৰ আলমতে সাংঘাতিক জনপ্ৰিয় চিনেমাও নিৰ্মিত হৈ যে আছে (কেইটামান থাউকতে মনলৈ অহা উদাহৰণ বৰিচ পেষ্টাৰনকৰ ‘ড৹ ঝিভাগো’, মাৰিঅ’ পুজোৰ ‘দ্য গডফাদাৰ’, এলিচ ৱাকাৰৰ ‘দ্য কালাৰ পাৰ্পল’, ডান ব্ৰাউনৰ ‘দ্য ভিন্সি কোড’), এয়াও সাহিত্যৰ সুদূৰপ্ৰসাৰী জনপ্ৰিয়তাৰেই ফল । দ্বিধাহীনভাবে ক’ব পৰা কথা যে সাহিত্যৰ জনপ্ৰিয়তা অতীতত আছিল, এতিয়াও আছে আৰু অদূৰ বা সুদূৰ ভৱিষ্যতে নোহোৱা হোৱাৰো কোনো কাৰণ এতিয়ালৈকে আমাৰ দৃষ্টিগোচৰ হোৱা নাই।

সামগ্ৰিকভাবে সাহিত্যৰ ব্যাপক জনপ্ৰিয়তাৰ প্ৰসংগত এই কথাখিনিৰ সৈতে সাঙুৰিয়েই আমি ‘জনপ্ৰিয় সাহিত্য’ বুলি এটা অস্পষ্ট, বহু সময়ত ভুল ব্যাখ্যাযুক্ত অভিধাৰ বিষয়েও আলোচনা কৰিব পাৰোঁ। সুদীৰ্ঘকাল ধৰি ‘জনপ্ৰিয় সাহিত্য’ বুলি এটা ধাৰণা প্ৰচলিত হৈ আহিছে, যাক গভীৰ বিষয়বস্তু সম্বলিত, কলাত্মকভাবে উচ্চ মানবিশিষ্ট সাহিত্যৰ পৰা সম্পূৰ্ণ নিলগৰ বস্তু বুলি ধৰা হয়। ‘জনপ্ৰিয় সাহিত্য’ৰ ধাৰণাৰ ভিতৰত সচৰাচৰ সাঙুৰি লোৱা হয় এনে ধৰণৰ সাহিত্যক, যাক ইংৰাজীত non-canonical বুলি আখ্যায়িত কৰা, এক ধৰণৰ জাতত নুঠা সাহিত্যকৰ্মৰ ভিতৰুৱা বুলি ধৰা হয়, আৰু যি ঘাইকৈ লিখা হয় বিনোদনৰ উদ্দেশ্যেহে – যেনে, পাতল ৰোমান্সপ্ৰধান কাহিনী, বিজ্ঞান-কাহিনী, এডভেন্সাৰধৰ্মী কাহিনী বা ডিটেক্টিভ কাহিনী আদি। আমি ‘উচ্চ সাহিত্য’ বুলি ক’লে যেনে ধৰণৰ সাহিত্য বুজোঁ, ‘জনপ্ৰিয় সাহিত্য’ক তেনে ধৰণৰ সাহিত্যৰ বিপৰীত মেৰুত অৱস্থান কৰা, কলা বহিৰ্ভূত এক কাৰ্য বুলি সততেই ধৰি লোৱা হয় বাবেই ‘জনপ্ৰিয় সাহিত্য’ৰ ধাৰণাটোত ব্যৱসায়িক সফলতাৰ কাষে কাষে মৰ্যাদাহীনতাৰ ধাৰণা এটাও অৱধাৰিতভাবেই আহিবলগীয়া বস্তু বুলি গণ্য কৰা হয় । ৱাল্টাৰ নাছে তেওঁৰ ‘দ্য লেংগুৱেজ অৱ পপুলাৰ ফিকশ্যন’ত জনপ্ৰিয় কাহিনীৰ কোনো ভাল গুণ নথকা বুলিয়েই কৈছে। আমাৰ চেতন ভগত বা তেনেই কাষৰ ৰঞ্জু হাজৰিকাক ‘জনপ্ৰিয় সাহিত্য’ৰ ধাৰণাৰ ভিতৰত ৰাখিয়েই বিচাৰ কৰি চোৱা হয়।

লেঠাটো তাতেই। আচলতে কোনো সাহিত্য জনপ্ৰিয় হ’বলৈ হ’লে ই কলাৰপৰা বিচ্যুত, কোনো উচ্চ চিন্তাৰ প্ৰকাশ নথকা, কেৱল বৌদ্ধিক সক্ষমতাবিহীন, অল্পমতি লোকৰ বিনোদনৰ উদ্দেশ্যে লিখা পাতল ধৰণৰ সাহিত্য হ’বই লাগিব বুলি যদি কোৱা হয়, তেনেহ’লে এয়া নিতান্তই সাধাৰণীকৰণহে হ’ব। আচলতে বহু সময়তে তথাকথিত ‘কলাত্মক সাহিত্য’ বা ‘উচ্চ সাহিত্য’ আৰু ‘জনপ্ৰিয় সাহিত্য’ৰ মাজৰ সীমাৰেখাডাল বৰ অস্পষ্ট হৈ পৰা দেখা যায়। উইলিয়াম শ্যেকছপীয়েৰে যেতিয়া তেওঁৰ আজি আমি ‘মহৎ’ বুলি গণ্য কৰা নাটকসমূহ লিখিছিল, তেতিয়া তেওঁ তথাকথিত জনপ্ৰিয় লেখকেই আছিল; বিশ্ববিদ্যালয়ৰ শিক্ষাৰে বলীয়ান ‘ইউনিভাৰ্ছিটী উইটছ’ বুলি পৰিচিত ক্ৰিষ্টোফাৰ মাৰ্লো, গ্ৰাহাম গ্ৰীন, টমাছ নাশ্ব আদি বিখ্যাত নাট্যকাৰৰ উপস্থিতি সত্বেও তেওঁলোকৰ নিচিনা উচ্চ শিক্ষাৰ পোহৰ নোপোৱা শ্যেকছপীয়েৰ জনপ্ৰিয় হ’ব পাৰিছিল – বহু সময়ত তেওঁলোকতকৈ বেছি পৰিমাণে — আৰু গ্ৰাহাম গ্ৰীনে শ্যেকছপীয়েৰৰ প্ৰতি সেই সময়ত নিক্ষেপ কৰা নিন্দাবাচক শব্দবোৰো আছিল এক ধৰণে তেওঁ বহন কৰা সম্ভাৱনীয়তাক ঢুকি পাব নোৱৰাৰ বাবে থকা আক্ষেপৰ বহিঃপ্ৰকাশহে। জনপ্ৰিয় আছিল বাবেই শ্যেকছপীয়েৰ নিজে জড়িত থকা ‘লৰ্ড চেম্বাৰলেইনজ মেন’ (পিছলৈ ‘কিংজ মেন’), ‘গ্লোব’ আদি নাট্যদলৰ মাধ্যমত তেওঁৰ নাটক বেছ সফলতাৰে মঞ্চস্থ হৈ আছিল অবিৰতভাবে; আনকি ৰাজ-পৰিয়ালৰ ঈৰ্ষণীয় পৃষ্ঠপোষকতাও তেওঁ লাভ কৰিছিল। তেতিয়াৰ শ্যেকছপীয়েৰ এতিয়াৰ দৰে ‘মহান’ নাছিল; লোকচক্ষুত তেওঁ জনপ্ৰিয় অথচ সাধাৰণ মানৰ নাট্যকাৰেই আছিল । কিন্তু এতিয়া? শ্যেকছপীয়েৰৰ উদাহৰণৰপৰা আমি এইটো উপলদ্ধি কৰিব পাৰোঁ যে তেওঁৰ নাটকবোৰৰ মাজত আজি আমি জীৱন সম্পৰ্কীয় যি গভীৰ উপলদ্ধি, কলাৰ যি বিশাল প্ৰকাশ দেখিবলৈ পাওঁ, সেইবোৰেৰেই সেই সময়ত শ্যেকছপীয়েৰ জনপ্ৰিয় হ’ব পাৰিছিল। আমাৰ অসমতেই দেখিবলৈ পোৱা যায় যে শ্ৰীমন্ত শংকৰদেৱৰ জীৱন কালতে তেওঁৰ কীৰ্তনৰ পদ আদি তেনেই সাধাৰণ মানুহেও মুখে মুখে আওৰাইছিল আৰু এয়া হ’ল সাধাৰণ মানুহৰ মাজত শংকৰদেৱৰ বিশাল জনপ্ৰিয়তাৰ এটা সাধাৰণ উদাহৰণ । কিন্তু শংকৰদেৱৰ এই জনপ্ৰিয়তা নিঃসন্দেহে তেওঁৰ সৃষ্টিৰ উচ্চ মানৰ মাজেৰেই আহিছিল।

আধুনিক সময়ৰ কথা ক’বলৈ হ’লে, ভাৰতীয় মূলৰ ইংৰাজী লেখক বিক্ৰম শেঠক তেওঁৰ ‘এ চুইটেবল বয়’, ‘এন ইকুৱেল মিউজিক’ আৰু ‘টু লাইভচ’ৰ বাবে প্ৰকাশকে বৃহৎ পৰিমাণৰ ধন আগতীয়া ৰয়েল্টী হিচাপে দিছিল । এয়া হৈছিল নিঃসন্দেহে কেৱল তেওঁৰ কিতাপৰ জনপ্ৰিয়তাৰ বাবেই; কিন্তু জনপ্ৰিয় হোৱা কাৰণেই বিক্ৰম শেঠক উচ্চ সাহিত্যৰ আওতাৰপৰা নিলগাই চোৱাৰ কথা অহা নাই । (এয়া অন্য কথা যে পাণ্ডুলিপি সময়মতে সম্পূৰ্ণ কৰিব নোৱৰা বাবে তেওঁক ‘এ চুইটেবল গাৰ্ল’ৰ বাবে দিয়া ৰয়েল্টীৰ আগধন প্ৰকাশক ৰেন্দম হাউছে ওভতাই বিচাৰিছে।)

জনপ্ৰিয় কিতাপ কোনবোৰ, বা কি কথাৰ ওপৰত ভিত্তি কৰি এখন কিতাপক আমি জনপ্ৰিয় কিতাপ বুলি ক’ব পাৰোঁ, সেইটো এটা চিন্তা কৰিবলগীয়া কথা। সাম্প্ৰতিক কালত নিঃসন্দেহে আমি কিতাপ একোখন প্ৰকাশৰ পোৱাৰ পিছৰ এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত কিতাপখনৰ বিক্ৰীৰ ওপৰত ভিত্তি কৰিয়েই ই জনপ্ৰিয় হয় নে নহয়, সেইটো কওঁ। ইয়াতেই বেষ্ট-চেলাৰ বুলি এটা ধাৰণাৰ কথা আহি পৰে। কিন্তু কিতাপ এখন কিমান সংখ্যক বিক্ৰী হ’লে কিতাপখনক জনপ্ৰিয় বা বেষ্ট-চেলাৰ বুলি ক’ব পাৰি, তাৰো কোনো নিৰ্দিষ্ট সূত্ৰ নাই। নক’লেও হয় যে এই বেষ্ট-চেলাৰ সম্পৰ্কীয় কথাটোৰ নিৰ্ধাৰক বহু সময়তে বাতৰিকাকত-আলোচনী আৰু প্ৰকাশক-বিক্ৰেতা প্ৰতিষ্ঠানসমূহ; কিন্তু কথাটো বহু সময়ত একোখন ভ্ৰাম্যমান থিয়েটাৰে নিজেই নিজৰ প্ৰতিখন নাটককেই সৰ্বশ্ৰেষ্ঠ বুলি ঘোষণা কৰাৰ লেখীয়া হৈও নপৰা নহয়। এই প্ৰসংগতে এটা উদাহৰণলৈ যাব পাৰি। ফ্ৰাঞ্জ কাফকাই তেওঁৰ জীৱন কালত বিশেষ কোনো স্বীকৃতি পোৱা নাছিল, জনপ্ৰিয়তাতো দূৰৰ কথা; বন্ধু মেক্স ব্ৰ’ডক তেওঁ মৃত্যুৰ আগতে কৈ গৈছিল তেওঁৰ সাহিত্যিক সৃষ্টি সমূহ নষ্ট কৰি পেলাবলৈ। ব্ৰ’ডে যেনিবা সেয়া নকৰিলে, আৰু তাৰ ফলতেই আমি আজি কাফকাৰ নিচিনা মহৎ সাহিত্যিক এগৰাকীক পালোঁ। কাফকাৰ কিতাপৰ বিক্ৰী নিশ্চয় বিক্ৰম শেঠ, ৰাস্কিন বণ্ড বা চেতন ভগতৰ কিতাপৰ দৰে নহয়; কিন্তু এইগৰাকী লেখকৰ কিতাপ পৃথিৱীৰ অজস্ৰ ভাষালৈ অনুদিত হৈছে, পৃথিৱীৰ অসংখ্য মানুহে অনুবাদৰ মাধ্যমত হ’লেও তেওঁৰ কিতাপ পঢ়িছে – ইয়াৰ পিছত তেওঁৰ জনপ্ৰিয়তাৰ বিচাৰ কৰিবলৈ তেওঁৰ মূল কিতাপসমূহৰ বিক্ৰীৰ পৰিসংখ্যাটো বৰ বেছি প্ৰয়োজনীয় বুলি ক’ব নোৱাৰি।

সেয়ে ‘জনপ্ৰিয় সাহিত্য’ মানেই অগভীৰ, কলাৰহিত সাহিত্য বুলি কোৱাটো, বা কোনো এগৰাকী লেখকে সৃষ্টি কৰা সাহিত্য কেনেবাকৈ জনপ্ৰিয় হোৱা মানেই মানৰ ক্ষেত্ৰত ইয়াৰ অৱস্থান নিম্নত বুলি ধৰি লোৱাটো ভুল হ’ব। মান আৰু জনপ্ৰিয়তা– এই দুয়োটা দুটা সম্পূৰ্ণ পৃথক বস্তু, আৰু ইটোৱে সিটোৱে প্ৰভাৱিত কৰিবই বুলি সততে ক’ব নোৱাৰি।

তথাকথিত জনপ্ৰিয় সাহিত্যৰ আওতাৰ ভিতৰত থকা ডিটেক্টিভ কাহিনীলৈকে এই প্ৰসংগত দৃষ্টি নিক্ষেপ কৰিব পাৰোঁ। একোটা বা একাধিক অপৰাধ, ইয়াৰ তদন্ত আৰু অৱশেষত অপৰাধীৰ চিনাক্তকৰণ – মূলতঃ এই গাঁঠনিকেই আধাৰ হিচাপে লৈ সুদীৰ্ঘকাল জনপ্ৰিয় হৈ অহা ডিটেক্টিভ কাহিনীবোৰক উচ্চ সাহিত্যৰ ভিতৰত সচৰাচৰ ধৰা নহয় । আনৰ কথা বাদেই দিলোঁ, যিগৰাকী লেখকে শ্বাৰ্লক হোমচৰদৰে সৰ্বকালৰ জনপ্ৰিয় ডিটেক্টিভ চৰিত্ৰৰ সৃষ্টি কৰিছিল, সেই আৰ্থাৰ কোনান ডয়লে নিজেই কৈছিল যে তেওঁৰ মনটো অনবৰতে শ্বাৰ্লক হোমচতেই আৱদ্ধ থাকিবলগীয়া হোৱাত তেওঁ বেছি ভাল কথা চিন্তা কৰিব নোৱৰা হৈছে, আৰু সেয়ে তেওঁ ‘দ্য এডভেন্সাৰ অৱ ফাইনেল প্ৰব্লেম’ কাহিনীত শ্বাৰ্লক হোমচৰ মৃত্যু ঘটাই গভীৰ বিষয়ক কাহিনী লিখিবলৈ ল’লে। কিন্তু শ্বাৰ্লক হোমচৰ জনপ্ৰিয়তা ইমানেই ব্যাপক যে এইগৰাকী কাল্পনিক ডিটেক্টিভৰ মৃত্যু ঘটোৱা কথাৰ প্ৰচণ্ড প্ৰতিবাদ হ’ল, আৰু এই প্ৰতিবাদত সেওঁ মানি ডয়লে প্ৰায় দহ বছৰৰ পিছত ‘দ্য ৰিটাৰ্ন অৱ শ্বাৰ্লক হোমচ’ সংকলনৰ কাহিনীবোৰৰ মাজেৰে ডিটেক্টিভ গৰাকীক পুনৰ জীয়াই তুলিবলৈ বাধ্য হ’ল। (আনকি এই কাল্পনিক ডিটেক্টিভগৰাকীৰ কাল্পনিক ঠিকনা ২২১-বি বেকাৰ ষ্ট্ৰীটলৈকে অজস্ৰ সঁচা চিঠি অহাটোও এটা সঘন আলোচিত কথা।)
অথচ অপৰাধ আৰু অনুসন্ধানক লৈ পৰম্পৰাগত ডিটেক্টিভ কাহিনীৰ কাঠামোৰ মাজতেই উমবাৰ্টো ইকো, অৰহান পামুক, মাৰিও ভাৰ্গছ ল্ল’চা আদি লেখকে গহীন বিষয়বস্তু সম্বলিত কাহিনী লিখিছে, যাৰ কলাত্মক মান আৰু বিষয়বস্তুৰ গভীৰতা সম্পৰ্কত কোনো ধৰণৰ সন্দেহ কৰাৰ থলেই নাই। উমবাৰ্টো ইকোৰ ‘দ্য নেম অৱ দ্য ৰোজ’ উপন্যাসখনত হত্যা আৰু ইয়াৰ অনুসন্ধানৰ কথা আছে, কিন্তু উপন্যাসখনৰ মাজেৰে লেখকে জীৱনৰ বহু গুৰুত্বপূৰ্ণ দিশৰ উন্মোচন ঘটোৱাৰ এটা গহীন প্ৰয়াস কৰিছে।

শেষত কবিতালৈকে আহো। সাহিত্যপ্ৰেমীয়ে জানে যে বিংশ শতিকাটো মূখ্যতঃ উপন্যাসৰ জয়যাত্ৰাৰ সময়। উপন্যাস আৰু লগতে চুটি গল্পৰ অভাৱনীয় জনপ্ৰিয়তাৰ বিপৰীতে কবিতা এনেকৈ পিছ পৰি থাকিল যে কিছুমানে আনকি কবিতাৰ মৃত্যু পৰ্যন্ত ঘোষণা কৰিলে। কিন্তু আমেৰিকা যুক্তৰাষ্ট্ৰত হোৱা এটা অধ্যয়নে এই কথাটো প্ৰতিপন্ন কৰিছে যে একবিংশ শতিকাত কবিতাৰ জনপ্ৰিয়তা বাঢ়িবলৈ লৈছে। এই যে কবিতা আকৌ জনপ্ৰিয় হ’ব ধৰিছে, তাৰ কাৰণ হৈছে সামাজিক মাধ্যম। আজিকালি গোটেই পৃথিৱীতে এচাম কবি ওলাইছে, যিসকলে ফে’চবুক, ইনষ্টাগ্ৰাম, আনকি টুইটাৰৰ সীমিত শব্দৰ পৰিসৰৰ ভিতৰতো কবিতা লিখি পঢ়ুৱৈলৈ আগ বঢ়াই দিছে, আৰু এই কবিসকল অত্যন্ত জনপ্ৰিয়ও হৈছে। । এটা থাই শৰণাৰ্থী শিৱিৰত জন্ম গ্ৰহণ কৰা আৰু অষ্ট্ৰেলিয়াত ডাঙৰ দীঘল হোৱা কবি লেং লীয়েভ মূলতঃ ‘ইনষ্টাপয়েট’ (ইনষ্টাগ্ৰামৰ জৰিয়তে নিজৰ কবিতা প্ৰকাশ কৰা কবি) বুলিয়েই পৰিচিত, আৰু তেওঁৰ কবিতাৰ গুণমুগ্ধৰ সংখ্যাও বৰ কম নহয়। এনে ধৰণেৰে সামাজিক মাধ্যমৰ জৰিয়তে আত্মপ্ৰকাশ কৰা কবিসকলে আধুনিকতা আৰু উত্তৰ-আধুনিকতাৰ পৰৱৰ্তী সময়ৰ কাব্যিক দৃষ্টিকোণ প্ৰস্তুত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা লৈছে (যাক কিছুমানে মেটামডাৰ্নিজম বুলিও আখ্যা দিব খোজে), আৰু ইয়াৰ স্থায়িত্ব কিমানদূৰলৈকে বিয়পে সেয়া এতিয়াই ক’ব নোৱাৰি যদিও এই সকল কবিক সম্পূৰ্ণৰূপে নাকচ কৰাও সম্ভৱপৰ নহয়।

1 COMMENT

LEAVE A REPLY

Please enter your comment!
Please enter your name here