ৰোগ-অনুষংগ: “আজাৰ” উপন্যাসৰ এক অৱলোকন

লক্ষীপ্ৰিয়া গগৈ

মহামাৰী বা মহামাৰীসদৃশ অন্য আজাৰ মানৱ সভ্যতাৰ উত্থান-উত্তৰণৰ ইতিহাসৰ এক এৰাব নোৱাৰা অংগ। সভ্যতাৰ বিকাশে মানুহক নিতৌ ন ন সমস্যা তথা প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰিব পৰাকৈ সাহস আৰু বুদ্ধিমত্তা যোগাই আহিছে। এই প্ৰক্ৰিয়াত প্ৰাকৃতিক আৰু মানৱসৃষ্ট দুয়োধৰণৰ সমস্যাই মানুহক সময়ে সময়ে জুৰুলা কৰিছে আৰু আকৌ তাৰপৰা নিস্কৃতিৰ পথো মানুহে নিজেই বিচাৰি উলিয়াইছে। এনেধৰণৰ এক প্ৰত্যাহ্বান হৈছে বেমাৰ আজাৰ আৰু ইয়াৰ আনুষংগিক পৰিঘটনাসমূহ যিসমূহক কেৱল প্ৰাকৃতিক বা মানৱসৃষ্ট আখ্যা দিব নোৱাৰি। বৰং বেমাৰ আজাৰৰ সামাজিক ইতিহাস খুচৰি চালে এইসমূহৰ বহুমুখী চৰিত্ৰ আমাৰ বোধগম্য হয়। মহামাৰীৰ এনে এক বহুমাত্ৰিক সামাজিক ইতিহাসকেই উন্মোচিত কৰিছে ড: ধ্ৰুৱজ্যোতি বৰাৰ ২০১৭ চনত প্ৰকাশিত “আজাৰ” উপন্যাসখনিয়ে।

উপন্যাসিক হিচাপে ড: ধ্ৰুৱজ্যোতি বৰা অসমীয়া সাহিত্যৰ এক চিনাকি নাম। “কাহিনী”, “কথা ৰত্নাকৰ” আদিৰ দৰে উপন্যাসৰ স্ৰষ্টা ড: বৰাৰ সমাজৰ নিম্নবৰ্গীয় মানুহৰ অৱস্থানৰপ্ৰতি সচেতন দৃষ্টি আৰু এওঁলোকৰ সততে উপেক্ষিত কণ্ঠস্বৰ বাহিৰলৈ উলিয়াই অনাৰ প্ৰচেষ্টা চকুত পৰে।  কাল্পনিক কথনৰ মাজেৰে প্রান্তীয় ইতিহাস অধ্যয়নৰ উদ্দেশ্যৰে ড: বৰাই মোৱামৰীয়া গণ অভ্যুত্থানক সমল হিচাপে লৈ বিশেষভাৱে সাহিত্য ৰচনা কৰি আহিছে আৰু সেইসমূহৰ ভিতৰত “কথা ৰত্নাকৰ” অন্যতম। একে আলমতে ৰচনা কৰা শেহতীয়া উপন্যাস “আজাৰ”ৰ কাহিনীয়ে এই মূল ভেটিৰ সৈতে সংপৃক্ত হৈ থকা আনটো গুৰুত্বপূৰ্ণ বিষয় বেমাৰ-আজাৰৰ সামাজিক ইতিহাসক এক মহাকাব্যিক  পৰিসৰত সামৰি লৈছে। ইতিমধ্যে উল্লেখ কৰাৰ দৰে প্ৰাকৃতিক তথা মানৱসৃষ্ট- মহামাৰীক লৈ বিশ্ব সাহিত্যৰ লগতে বিভিন্ন আঞ্চলিক ভাষাৰ সাহিত্যত কালজয়ী ৰচনাৰ সৃষ্টি হৈছে। আলবেয়াৰ কেমুৰ “প্লেগ” বোধহয় এইসমূহৰ ভিতৰত সকলোতকৈ জনপ্ৰিয় য’ত প্লেগ মহামাৰীৰ ভয়াবহতাৰ বহু তৰপীয়া ছবি বর্ণিত হৈছে। ড: ধ্ৰুৱজ্যোতি বৰাৰ এনে সাহিত্যৰ সৈতে চিনাকি সহজেই অনুমেয়। তদুপৰি বৃত্তিত এজন চিকিৎসক হোৱা বাবে ৰোগৰ পেথ’লজিকেল দিশটোৰ সম্যক জ্ঞানৰ এক সমন্বিত ৰূপ “আজাৰ”ৰ মন কৰিবলগীয়া বৈশিষ্ট্য হৈ  পৰিছে।

অৱশ্যে এনে নহয় যে অসমীয়া সাহিত্যত ইয়াৰ পূৰ্বে মহামাৰীৰ বৰ্ণনা দেখা পোৱা নগৈছিল।বৰং অসমৰ সামাজিক- সাংস্কৃতিক পটভূমিত ৰচিত গল্প-উপন্যাস– বিশেষকৈ ঔপনিবেশিক কালৰ অসমীয়া সমাজ জীৱন যিসমূহ গল্প-উপন্যাসৰ মূল বিষয়– সেইসমূহত অৱধাৰিতভাৱেই “মহামাৰী”ৰ‌ উল্লেখ ‌দেখা যায়। আধুনিক অসমীয়া উপন্যাসৰ ভেটি সবল কৰি তোলা এখন‌ গুৰুত্বপূৰ্ণ ‌উপন্যাস বীণা বৰুৱাৰ “জীৱনৰ ‌বাটত” ইয়াৰ এক অন্যতম ‌উদাহৰণ। বিংশ শতিকাৰ প্ৰথমাৰ্ধৰ অসমীয়া সমাজত ঔপনিবেশিক ‌শাসনৰ ফলশ্ৰুতিত হোৱা‌ পৰিৱৰ্তন,‌ সামাজিক সংৰচনাৰ নতুন চৰিত্ৰ আৰু মূলতঃ প্ৰেমৰ মানৱীয় আৰু স্খলিত ৰূপৰ হৃদয়স্পৰ্শী কাহিনীৰ বৰ্ণনাত ক’লাজ্বৰ,‌ ক্ষয়ৰোগ আদিৰ দৰে মহামাৰীয়ে গাঁওসমূহ উচন কৰি যোৱাৰ বৰ্ণনাই ঠাই পাইছে। প্ৰাত্যহিক জীৱনৰ স্বাভাৱিক ছন্দৰ সুৰতে এনে মহামাৰীৰ বৰ্ণনাও এনেদৰে আগবঢ়োৱা হৈছে যে কুৰি শতিকাৰ অসমৰ ছবিখন মহামাৰীৰ ‌প্ৰসংগ বাদ‌ দি আধৰুৱা হৈ ৰয়।

মহামাৰী বা আন ৰোগৰ প্ৰসংগৰ সাহিত্যত উপস্থাপনৰ এক মন কৰিবলগীয়া দিশ হ’ল- এইসমূহৰ বিজ্ঞানসন্মত বা বিদ্যায়তনিক গৱেষণাত উপেক্ষিত হৈ‌ ৰোৱা সামাজিক-ৰাজনৈতিক চৰিত্ৰৰ প্ৰতি পাঠকৰ দৃষ্টি‌ আকৰ্ষণ। তথ্যভিত্তিক অধ্যায়নে যদি কোনো এটা বেমাৰ বা মহামাৰীৰ কাৰণ,‌ লক্ষণ,‌ চাৰিত্ৰিক বৈশিষ্ট্য আৰু নিৰাময়ৰ উপায় সম্পৰ্কে আলোচনা কৰে তেন্তে সাহিত্যৰ পাতত এইসমূহে একো‌ একোটা সামাজিক-সাংস্কৃতিক পৰিঘটনাৰ ৰূপ লাভ কৰে আৰু ইয়ে মানৱীয় সম্পৰ্ককে আদি কৰি এখন‌ সমাজৰ আৰ্থিক-ডেম’গ্ৰাফিক দিশতো কিদৰে প্ৰভাৱ পেলায় তাৰ আভাস দিয়ে।

এনে এক বহুমুখী চৰিত্ৰৰ মহামাৰী কলা-আজাৰ বা ক’লাজ্বৰ- যিয়ে প্ৰাক-ঔপনিবেশিক তথা ঔপনিবেশিক অসমৰ ভৌগোলিক, সামাজিক আৰু অৰ্থনৈতিক দিশ নিৰ্ণয়ত বিশেষ প্ৰভাৱ পেলাইছিল আৰু এই‌ মহামাৰীয়ে সমাজৰ প্ৰান্তীয় জীৱনৰ গাঁথনিৰ বৈচিত্ৰ্য কিদৰে উদঙাই দিছিল, তাৰেই মননশীল অধ্যয়নৰ ফলশ্ৰুতি‌ হৈছে- “আজাৰ”। ইতিপূৰ্বে উল্লেখ কৰি অহা উপন্যাসিক হিচাপে ড: বৰাই বিশেষভাৱে বাচি লোৱা মায়ামৰা সম্প্ৰদায়ৰ সামাজিক অৱস্থানত এই আজাৰে সৃষ্টি কৰা যুগচেতনা- যি সমকালীন স্বাধীনতা আন্দোলনৰ বিদ্ৰোহী চেতনাৰে সংপৃক্ত হৈ পৰিছে আৰু কাহিনীৰ তৃতীয় প্ৰজন্মৰ অনুসন্ধিৎসু মনৰ এই পৰিৱৰ্তন আৰু পৰিঘটনাৰ প্ৰতি আকৰ্ষণে উপন্যাসখনক এক বহুমাত্ৰিক আলোচনাৰ থলী হিচাপে গঢ়ি তুলিছে। ক’লাজ্বৰ এই উপন্যাসৰ মূল বিষয়বস্তু যদিও ই এক আজাৰৰ চৰিত্ৰতে সীমাৱদ্ধ হৈ ৰোৱা নাই, বৰং বহুতৰপীয়া সমকালীন সামাজিক দ্যোতনাৰ ই এনে এক ৰূপক হিচাপে চিহ্নিত হৈছে যে ইয়াৰ গতিৰেই মূল কাহিনীত বৰ্ণিত তিনিটা প্ৰজন্মৰ জীৱনৰ গতি নিৰ্ধাৰিত হৈছে।

ঘিণাই ডকাইতে ধৰ্মীয় আৰু জাতিগত বৈষম্যৰ বিৰুদ্ধে আৰম্ভ কৰা বিদ্ৰোহৰ বীজ তেওঁৰ আজোনাতি বুঢ়াদেউতাৰ সময়লৈকে কিদৰে শিপাই আছিল তাৰেই পটভূমিত ওঠৰশ শতিকাৰ গোলাঘাটৰ ধনশিৰিৰ পাৰত মোৱামৰীয়া বিদ্ৰোহৰ উকমুকনিৰ বৰ্ণনা বুঢ়াদেউতাৰ অতীত ৰোমন্থেনেৰে আগবঢ়োৱাৰ সমান্তৰাল ভাৱে তেওঁৰ  পো-বোৱাৰী নীলকান্ত আৰু যশোদাৰ তথা নাতি মণিময়ৰ   জীৱনৰ গতি ঔপনিবেশিক শাসনৰ শেহৰফালে অহা ন ন সামাজিক পৰিৱৰ্তনে কেনেকৈ নিৰ্মাণ কৰিছে  তাৰ এক জীৱন্ত ছবি এই উপন্যাসত অংকিত হৈছে। এই সুদীৰ্ঘ সময়ৰ বহুৰঙী চিত্ৰণত ক’লাজ্বৰ স্বাভাৱিকভাৱেই এক এৰাব নোৱাৰা উপাদান ‌হৈ পৰিছে। ঘিণাই‌ আৰু তাৰ সংগী পলৰীয়া বিদ্ৰোহীসকলে ৰজাঘৰৰ অত্যাচাৰৰ‌‌ পৰা হাত সাৰিবলৈ ধনশিৰিৰ পাৰৰ হাবিয়ে বননিয়ে লুকাই ‌ফুৰাৰ মাজতে মহামাৰীয়ে উচন কৰি পেলোৱা ‌গাঁওবোৰৰ  জনপ্ৰাণীহীন ঘৰবোৰ দেখা পাইছে। তেনে‌ এক বৰ্ণনা এঘাৰ নম্বৰ অধ্যায়ত এনেদৰে আগবঢ়োৱা হৈছে-
“ঘৰটোৰ ভিতৰত পৰি আছিল এটা মানুহ, এজনী মাইকী আৰু এটা পোৱালি। এটাইকেইটা মৰা, আৰু শৱকেইটা গেলিবলৈ ধৰিছে বেয়াকৈ। এটাইকেইটা মৰা শৱ তেনেই খীণাই-শুকাই হাড়ে-ছালে লগা মানুহৰ শৱ। গাৰ মঙহবোৰ যেন জহি-পমি নাইকিয়া হৈ গৈছে। গাৰ ছালখন ফিটফিটীয়া হৈ হাড়ৰ ওপৰত যেন লিপিত খাই লাগি পৰিছে। শিয়ালকেইটাই ল’ৰা পোৱালিটোৰ গাটো খাবলৈ আৰম্ভ কৰিছিল।” (৯৯)

ঘৰবোৰত পৰি থকা শৱ বা ঘৰ-বাৰী এৰি পলাই যোৱা‌ মানুহৰ এনে অকল্পনীয় ছবি অসমৰ পটভূমিত কেমুৰ প্লেগৰ‌ বৰ্ণনাৰ‌ দৰেই অতিশয় গুৰুত্বপূৰ্ণ। তাৎপৰ্যপূৰ্ণভাৱে মহামাৰীৰ এনে সংহাৰী ৰূপৰ লগতে অসমৰ দৰে ঠাইত সঘনাই হোৱা অন্যান্য প্ৰাকৃতিক দুৰ্যোগ যেনে বানপানী, খৰাঙ আদি তথা সমকালীন সামাজিক গাঁথনিৰ সুবাদত প্ৰবল ৰূপ ধাৰণ কৰা ৰজাঘৰীয়াৰ নিৰ্যাতন আৰু তাৰ বিৰুদ্ধে গণ অভ্যুত্থানৰ সংযুতিয়ে এই আন আন “আজাৰ” সমূহৰ বিশ্লেষণ উপন্যাসিকে সচেতন ভাৱেই কাহিনীৰ মাজলৈ লৈ আহিছে। উল্লেখযোগ্য যে সামাজিক জীৱনত অনুভূত গতিশীলতা- আহোমৰ শাসনৰপৰা ইংৰাজ শাসন তথা পৰৱৰ্ত্তী স্বৰাজোত্তৰ কাললৈকে সামৰি লোৱা এই সময়ছোৱা- ক’লাজ্বৰৰ ক্ষেত্ৰত স্হবিৰ আৰু পুনৰাবৃত্তিৰে ভৰপূৰ আছিল।‌ ক’লাজ্বৰত প্ৰায় প্ৰত্যেক বছৰে মানুহ মৰিছিল কিন্তু তাৰপৰা পৰিত্ৰাণৰ উপায় উদ্ভাৱনৰ প্ৰক্ৰিয়া ‌আছিল মন্থৰ আৰু সাধাৰণ মানুহৰ পৰিধিৰ বাহিৰত। ঘিণাইৰ সময়ৰ ভয়াবহতাৰ ছবিখন বুঢ়াদেউতাৰ দিনতো একেই আছিল। ক’লাজ্বৰৰ তাণ্ডৱৰ বাবেই তেওঁ গাঁও এৰি গোলাঘাটৰ বঙলালৈ গুচি আহিছিল। নীলকান্তৰ ভাষাত- “চাৰিওফালে এতিয়া বেমাৰটোৱে‌ শিপাবলৈ আৰম্ভ ‌কৰিছে পিতাদেউ। আমাৰ এই গোলাঘাট জিলাতে বহুতো গাঁৱত বেমাৰটো  হৈছে। আমাৰ এইখন গাঁৱৰ সিমূৰৰ চুবুৰীতে এতিয়া বোলে তিনি-চাৰিটা ক’লাজ্বৰ বেমাৰী ওলাইছে।… প্ৰথমে বোলে এনেদৰেই আৰম্ভ হয়, এটা-দুটা বেমাৰী ওলায়। সেইকেইটা লেলাই-ধেন্দাই বহুদিন‌ থাকে। ঘুৰঘুৰীয়া জ্বৰ গায়, চকুৰ আগতে ক’লা পৰি শুকাই-খীণাই আহে, পেটটো ওফন্দি আহে ঢোলটোৰ দৰে। তাৰপাছত একে সময়তে এলেকাটোত দহ-বাৰটা মানুহ একেলগে নৰিয়াত পৰিব আৰু তেতিয়াই মহামাৰী হ’ব।” (২৬১)

এনেধৰণৰ প্ৰত্যক্ষ ভয়াবহতাৰ উপৰিও আনুষংগিক অন্য  ব্যাধি‌ বা সংকট- যেনে ক্ষয়িষ্ণু সমাজৰ খাটি খোৱা মানুহৰ ওপৰত শোষণ, অন্ধবিশ্বাসৰ কবলত পৰি ক’লাজ্বৰৰ পৰা মুক্তি লাভৰ বাবে কৰা চেষ্টা- গৰুৱাৰ পত্নী আৰু জীয়ৰী, আহিনীৰ দৰে নাৰীসকলক আজাৰ ফুকোৱা ডাইনী সজাই গঞাই চলোৱা নিৰ্যাতন- আদি মহামাৰীৰ হাতত ধৰি বাঢ়ি অহা এনেবোৰ সামাজিক ব্যাধিৰ বৰ্ণনাই উপন্যাসখনৰ ঐতিহাসিক গুৰুত্ব বৃদ্ধি কৰিছে। অশিক্ষিত চহা লোকৰ জীৱনলৈ আজাৰে কঢ়িয়াই অনা এনেবোৰ প্ৰতিকূলতাৰ বিপৰীতে ইংৰাজ চাহাব আৰু মিচনেৰীসকলৰ “পশ্চিমীয়া” জ্ঞানৰ সমকালীন উপস্হাপন মন কৰিবলগীয়া। চাহাবহঁতে বাগানৰ বাট-পথবোৰ  ৰোগগ্ৰস্ত গাঁৱৰ মানুহ সোমাব  নোৱাৰাকৈ বন্ধ কৰি বাগানৰ “কুলী-কামলা”ক ক’লাজ্বৰৰ পৰা বচাই ৰখা,‌ ৰেচনৰ নাটনিৰ আশংকাত সৰহকৈ ধান‌ কিনি ৰাখি ধানৰ চাহিদা বঢ়োৱা, পশ্চিমীয়া চিকিৎসা বিজ্ঞানৰ সুবিধা নিৰ্বাচিত লোকৰ বাবে গ্ৰহণ কৰা আদি কাৰ্যৰ বিৱৰণে ‘নেটিভ’/ইংৰাজ ৰ এনে‌ বিপৰীত সহাৱস্থানে সৃষ্টি কৰা আন আন সংকটৰ আভাস প্ৰদান কৰিছে।

এনেবোৰ বৈপৰীত্য আৰু প্ৰতিকূলতাই বুঢ়াদেউতাৰ নাতি মণিময়ৰ মনত এক নতুন সপোনৰ বীজ ৰোপণ কৰিছে আৰু সেয়া হৈছে- কলিকতাত ডাক্টৰী পঢ়ি ক’লাজ্বৰৰ বিষয়ে গৱেষণা কৰাৰ সপোন। গোলাঘাটৰ‌পৰা কলিকতালৈ সামৰি লোৱা এই পৰিক্ৰমাত ক’লাজ্বৰৰ ঔপনিবেশিক ইতিহাস, ইয়াৰ চৰিত্ৰ তথা প্ৰতিকাৰ সম্পৰ্কীয় গৱেষণাৰ এক নতুন জগত পাঠকৰ সন্মুখত উন্মোচিত কৰিছে। লিঅ’নাৰ্ড ৰজাৰ্ছ, ৰ’ণাল্ড ৰচ, উপেন্দ্ৰনাথ ব্ৰহ্মচাৰী আদি চিকিৎসক-গৱেষকৰ যুগান্তকাৰী গৱেষণাৰ‌ এই বৰ্ণনাও কেৱল ‘ৰোগ’ৰ‌ ইতিহাস হৈ নাথাকি মণিময়-নিলাদ্ৰীহঁতৰ দৰে তৰুণ প্ৰজন্মৰ সমকালীন স্বাধীনতা আন্দোলনৰ অংশীদাৰ হোৱাৰ পথত সন্মুখীন হোৱা আদৰ্শগত দ্বন্দ- অহিংসাৰ নীতিৰ বিপৰীতে সশস্ত্ৰ সংগ্ৰাম- প্ৰেম, কৰুণা আৰু সমাজ ব্যৱস্থাত অন্তৰ্লীন হৈ থকা বৰ্ণ-বৈষম্যৰ দৰে এৰাব নোৱাৰা বাস্তৱৰ এক জটিল ছবিত পৰিণত হৈছে। মণিময়ৰ ক’লাজ্বৰ সম্পৰ্কীয় বিস্তৃত অধ্যয়ন, কলিকতাৰ পৰা চিকিৎসক হৈ আহি গোলাঘাটত চিকিৎসা সেৱা আগবঢ়োৱা‌ আদি বৰ্ণনাৰ ফাঁকে ফাঁকে দ্বিতীয় বিশ্বযুদ্ধৰ দামামা আৰু স্বাধীনতা আন্দোলনৰ শেষ পৰ্যায়ৰ কুচ-কাৱাজ ‌আদিৰ সাৱলীল চিত্ৰণ “আজাৰ”ৰ বিশাল পৰিসৰে সামৰি লৈছে।

এই  সামগ্ৰিক চিত্ৰণত উপন্যাসিকে ক’লাজ্বৰ মহামাৰীক মূল উপজীৱ্য হিচাপে গ্ৰহণ কৰিলেও মাথো এটা ৰোগৰ ইতিহাস হিচাপে স্বীকৃত ‌হোৱাৰ অৱকাশ নেওচি ইতিমধ্যে কৈ অহাৰ দৰে ‘আজাৰ’ৰ এক ৰূপকীয় উপস্থাপনেৰে  ক’লাজ্বৰৰ সমানেই ভয়াবহ সামাজিক বৈষম্য,‌ অন্ধবিশ্বাস, নৈৰাজ্য,‌ যুদ্ধৰ অসূয়া, অজ্ঞতা আদি আন আন আজাৰ নিৰ্মূলৰ বাবেও আহ্বান জনাইছে। ইয়াৰ পৰিণতিত এই আজাৰবোৰে কোবাই যোৱা সাধাৰণ মানুহৰ জীৱনৰ স্বাভাৱিক ছন্দৰ আঁৰত লুকাই থকা সংগ্ৰামী চেতনা প্ৰতিফলিত কৰাত উপন্যাসিক সফল হৈছে। লিপিৱদ্ধ তথা প্রামাণ্য ইতিহাসে চুব নোৱাৰা দূৰত্বত ৰৈ যোৱা এই জটিল সামাজিক পৰিঘটনাৰ সৰল অথচ শক্তিশালী উপস্থাপনৰ বাবে “আজাৰ” অসমীয়া সাহিত্যত  চিৰস্মৰণীয় হৈ ৰ’ব।

2 COMMENTS

  1. বাইদেউ, বৰ ভাল লাগিল পঢ়ি। বিষয়বস্তুৰ গভীৰতা, বৰ্ণনাশৈলীৰ সৰলতা, উৎকৃষ্ট,অনন্য আৰু ব্যতিক্ৰমী চিন্তাৰ খোৰাকে সঁচাই অভিভূত কৰিলে মোক।

LEAVE A REPLY

Please enter your comment!
Please enter your name here