ৰীতি-নীতি

কাৰ্ণট ইঞ্জিনৰ কথাৰে
কাৰ্ণট ইঞ্জিন

ভাৰতবৰ্ষত বাস কৰা বিভিন্ন ধৰ্মৰ লোকসকলৰ ভিতৰত পাৰ্চীসকল অন্যতম। ৬৩৬ চনৰ পৰা ৬৫১ চনলৈ এই ধৰ্মৰ লোকসকলে পাৰ্চীয়াৰ পৰা ভাৰতলৈ প্ৰবজন কৰিছিল। ভাৰতীয় সংস্কৃতিৰ এক অপৰিহাৰ্য অংশ যদিও পাৰ্চীসকলৰ সংস্কৃতি, ৰীতি-নীতি আৰু পৰম্পৰা সম্পৰ্কে আমাৰ জ্ঞান তেনেই সীমিত। পাৰ্চীসকলৰ বিবাহৰ নিয়ম নীতিৰ বিষয়ে অলপ জানো আহক :-

‌ পাৰ্চীসকল জোৰোষ্ট্ৰীয়ান ( zoroastrian ) ধৰ্মাৱলম্বী। তেওঁলোকৰ বিবাহ উৎসৱ পৰম্পৰাগত ভাৰতীয় বিবাহৰ দৰে আড়ম্বৰ নহয় যদিও বগা আৰু ৰঙা ৰঙৰ সমাহাৰে এটি সুন্দৰ পৰিবেশৰ সৃষ্টি কৰে।
পাৰ্চী বিবাহ আৰম্ভ হয় ‘ ৰুপিয়া পেৰাভানু’ নামৰ নিয়মেৰে। এই নিয়ম আৰু আমাৰ জোৰোণৰ মাজত সাদৃশ্য আছে। দৰা আৰু কইনা দুয়ো ঘৰৰ মহিলাসকলে পৰস্পৰৰ ঘৰলৈ বিভিন্ন উপহাৰ আৰু এটি ৰূপৰ মুদ্ৰা লৈ যায়। তাৰপিছত দুয়োঘৰে লগ লাগি এটি গছ পুলি ৰোপণ কৰে। এই গছৰ পুলিটোৱে উৰ্বৰতা আৰু আনন্দৰ প্ৰতীক। এই অনুষ্ঠানটোৰ নাম ‘মাধৱচাৰো’।

বিবাহৰ দিনা ‘চুপৰা নু মুৰাত’ নামৰ এটি অনুষ্ঠান হয়। এই অনুষ্ঠানটো আমাৰ হালধি লগোৱা পৰ্বৰ দৰেই। তাৰ পিছত ‘নাহান’ত কইনাজনীক নোৱআ হয়।

বিবাহৰ বাবে কইনাই এখন পৰম্পৰাগত বগা চিফনৰ শাৰী পৰিধান কৰে। শাৰীখনৰ নাম ‘পাৰ্চী গাৰা’।আনহাতে দৰাজনে বগা কুৰ্তা, কোট আৰু ‘ ফেটাহ’ নামৰ পৰম্পৰাগত পাৰ্চী ক’লা টুপী পৰিধান কৰে।

বিবাহৰ প্ৰথম ৰীতি ‘আচু মিচু’ । ইয়াত দৰা আৰু কইনাৰ মাতৃয়ে কেঁচা কণী, নাৰিকল, চাউল আৰু খেজুৰ লৈ নিয়ম কৰিলে নৱ দম্পতীৰ আনন্দত বাধা বিঘিনি ঘটাব পৰা অশুভ দৃষ্টিক আঁতৰাই বুলি পাৰ্চীসকলে বিশ্বাস আছে। তাৰ পৰৱৰ্তী নিয়মত দৰা কইনা মুখামুখিকৈ বহি লয়। তেওঁলোকৰ মাজত এখন শুভ্ৰ পৰ্দা আঁৰি দিয়া হয়। বিবাহ সম্পন্ন কৰা পূজাৰীজনে এডাল পবিত্ৰ সূতাৰে তেওঁলোকৰ চাৰিওফালে সাতপাক ঘূৰে। এই নিয়মক ‘ আৰা আন্তৰ’ বুলি কোৱা হয়। বিবাহ সম্পূৰ্ণ হোৱাৰ অন্তিমটো নিয়ম হ’ল ‘ চেৰো বন্ধভানো’ । এই নিয়মানুসৰি দৰা আৰু কইনাই ইজনে সিজনক আঙুঠি পিন্ধায়। তেওঁলোকৰ দুয়োৰে কাষত দুটা চাকি জ্বলোৱা হয়। এই নিয়মে বিবাহৰ বন্ধনত আবদ্ধ হোৱাটো সূচায়।

বিবাহৰ পিছত দৰা কইনাৰ ভগ্নীসকলে কিছু হাঁহি ধেমালি কৰে। ‘ হাঠ বোৰভানু’ নামৰ অনুষ্ঠানত কইনাৰ ভনীয়েকে দৰাৰ হাত ধুৱায় দিয়ে আৰু দৰা কইনাৰ আঁচল গাঁঠি দিয়ে। সেই গাঁঠি খুলি দিয়াৰ বিনিময়ত তেওঁ ভিনিয়েকৰ পৰা পইচা পায়। আনহাতে দৰাৰ ভনীয়েকে তেওঁৰ জোতাত গাখীৰ পেলাব বুলি ভাবুকি দি তেওঁৰ পৰা পইছা আদায় কৰে।
হাঁহি ধেমালিৰ অন্তত, নৱ বিবাহিত দম্পতীয়ে ঈশ্বৰৰ আশীৰ্বাদ বিচাৰি তেওঁলোকৰ মন্দিৰলৈ যায়। বিবাহৰ সময়ত তেওঁলোকৰ কাষত জ্বলোৱা চাকি দুগছি গোলাপৰ পাহিৰে নুমাই দিয়া হয়।

এই সকলোবোৰৰ অন্তত অতি ধুমধামেৰে অভ্যৰ্থনা অনুষ্ঠিত হয়। তাত নৱ দম্পতীয়ে একেলগে নৃত্য কৰে যাক প্রথম নৃত্য ( first dance ) বুলি কোৱা হয়। অভ্যাগতসকলক পৰম্পৰাগত পাৰ্চী খাদ্য যেনে চালি- না – গোষ্ট, পাট্রা-নি-মচ্চি, পোলাও-দালি, আলিমা মুৰ্গ আদি আগবঢ়োৱা হয়। লগতে নৱ দম্পতীৰ একেলগে খোৱা প্ৰথম সাজ খাদ্য একেখন কাঁহীতে খাবলৈ দিয়া হয়। এই অনুষ্ঠানটোৰ নাম ‘ দহিকুমৰণ’।

এনেদৰেই সম্পন্ন হয় এখন পাৰ্চী বিবাহ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here