ৰীতা চৌধুৰীৰ সৈতে বাৰ্তালাপ

“প্ৰাঙ্গণ”ৰ দ্বিতীয় সংখ্যাত আমাৰ “বাৰ্তালাপ”ৰ অতিথি ৰূপে আছে বিশিষ্ট লেখিকা ৰীতা চৌধুৰী বাইদেউ। কেইবাখনো কালজয়ী গ্ৰন্থৰ ৰচয়িতা হোৱাৰ লগতে তেখেতে “নেচনেল বুক ট্ৰাষ্ট”ৰ সঞ্চালক প্ৰধান হিচাপে কাৰ্যনিৰ্বাহ কৰিছে। নৱ প্ৰজন্মৰ লগতে পূৰ্বৰ প্ৰজন্মৰো প্ৰিয় সাহিত্যিক সকলৰ ভিতৰত অন্যতম বাইদেউৰ সৈতে আমি কিছু ভাৱ বিনিময় কৰিছিলোঁ। “প্ৰাঙ্গণ”ৰ তৰফৰ পৰা সাক্ষাৎকাৰ গ্ৰহণ কৰিছে হেমাংগিনী দাস আৰু পল্লৱ কুমাৰ দাসে।

১। অৰুণাচল প্ৰদেশৰ তিৰাপ জিলাত জন্মৰ পৰা “অবিৰত যাত্ৰা”ৰ প্ৰকাশ আৰু কালক্ৰমত ‘National Book Trust of India’ ৰ সঞ্চালক প্ৰধানলৈ আপোনাৰ এই বৰ্ণিল যাত্ৰাৰ সাৰমৰ্ম আপুনি কিদৰে দিব? আপোনাৰ জীৱনৰ আটাইতকৈ স্মৰণীয় দুটি মূহুৰ্তৰ বিষয়ে জানিব বিচাৰিছোঁ।

উ: প্ৰশ্নটো কিছু কঠিন। নানা উত্থান পতনৰ মাজেৰে আগবঢ়া এই দীঘলীয়া পৰিক্ৰমা। জীৱনটো হয়তো এটা জুৰিৰ দৰে আৰম্ভ হৈছিল । জুৰিটিয়ে শিলত ঠেকেচনী খাইছে, জলপ্ৰপাত হৈ সৰিছে। এনেকৈ যদি গোটেই জীৱনটো চাওঁ, মই সেয়া এখন নৈৰ লগত তুলনা কৰিব বিচাৰিম। লাহে লাহে নৈৰ পাৰে মোক সমৃদ্ধ কৰি আহিছিল। প্ৰথম যেতিয়া ওলাইছিলো নৈ খন তেনেই সৰু, সৰল আৰু সাধাৰণ আছিল আৰু আজি আহি মোহনা পাইছোহি। মোৰ যাত্ৰাটো মই এনেকৈয়ে সামৰি ল’বলৈ ভাল পাম।

বহুত টান হ’ব তেনেকৈ এটা স্মৰণীয় মুহুৰ্তৰ কথা ক’বলৈ কিয়নো জীৱনত বহুতো স্মৰণীয় মুহূৰ্ত আছে। এই মুহূৰ্তত মোৰ দুটা কথা মনলৈ আহিছে, সেই দুটা কৈছোঁ। মোৰ দুয়োটা সন্তান জন্মৰ মুহূৰ্তটো মোৰ বাবে আটাইতকৈ স্মৰণীয়। দ্বিতীয়তে এবাৰ মই চণ্ডীগড় এয়াৰপ’ৰ্টত দালাই লামাক লগ পাইছিলোঁ। ‘গেষ্ট লাউঞ্জ’ত দালাই লামা এফালে বহি আছিল আৰু মই বেলেগ এফালে বহি কিবা ভাবি আছিলোঁ। মোৰ ওচৰত মোৰ গৃহস্থ আছিল। হঠাৎ দালাই লামাই মোৰ ওচৰলৈ আহি পোনে পোনে মোৰ ফালে হাতখন আগুৱাই নিজৰ পৰিচয় দিলে। মোৰ হাতত ধৰি মোক লৈ গৈ তেওঁৰ ওচৰৰ চোফাখনত বহুৱাইছিল। আমি বহুত সময় কথা পাতিছিলোঁ। তেওঁ মোক কৈছিল তোমাৰ বহুত ভাল হ’ব । লগতে তেখেতে দুখন কিতাপ উলিয়াই তিব্বেতিয়ানত চহী কৰি “ঈশ্বৰে তোমাৰ মঙ্গল কৰক” বুলি লিখি দিছিল । এইটো মোৰ কাৰণে এটা অতি ডাঙৰ মুহূৰ্ত কাৰণ মই কেতিয়াও ভবা নাছিলো যে তেওঁ মোক হাতত ধৰি লৈ যাব। তেওঁ বুজি পাব যে সেই মুহূৰ্তত মই কি অনুভৱ কৰি আছিলোঁ বা কি মানসিক পৰিস্থিতিত আছিলোঁ। বহুত মূহুৰ্তৰ ভিতৰত এই দুটায়ে এতিয়া মোৰ মনত পৰিছে।

২। আপুনি সাহিত্য যাত্ৰা কবিতাৰে পাতনি মেলিছিল। কবিৰ পৰা ঔপন্যাসিকলৈ এই পৰিৱৰ্তন কেনেদৰে হ’ল? আপোনাৰ প্ৰায়বোৰ উপন্যাসত আমি সামাজিক আৰু ৰাজনৈতিক পৰিঘটনাৰ প্ৰভাৱ পৰ্যবেক্ষণ কৰোঁ। এই বিষয়ে আপোনাৰ মন্তব্য।

উ: মই আচলতে গদ্য লিখায়ে নাছিলোঁ বুলি ক’ব পাৰি, কবিতা লিখিছিলোঁ। কবিতাৰে সকলোৱে আৰম্ভ কৰে আৰু মইও কবিতাৰে আৰম্ভ কৰিছিলোঁ, কিন্তু ক’তো তেনেকৈ প্ৰকাশো হোৱা নাছিল।তেতিয়া বহুত সৰুও আছিলোঁ আৰু আজিৰ দৰে তেতিয়া প্ৰকাশৰ সুবিধাও নাছিল। কিন্তু মই যেতিয়া অসম আন্দোলনৰ সময়ত আত্মগোপন কৰি আছিলোঁ, তেতিয়া অসম সাহিত্য সভাৰ বিজ্ঞাপন এটাত গম পালোঁ যে তেওঁলোকে এখন উপন্যাস প্ৰতিযোগিতা পাতিছে। বিষয়বস্তু আছিল অসম আন্দোলন । মই তেতিয়া ৰূপাই চিডিঙত এঘৰ মানুহৰ ঘৰত ছদ্মনামেৰে আছিলোঁ। তেওঁলোকে মোক পঢ়িবলৈ সশস্ত্ৰ বিপ্লৱৰ এখন কিতাপ আনি দিছিল, বাতৰিকাকত এখনেৰে কিতাপখন মেৰিয়াই দিছিল। সেই বাতৰিকাকততখনতেই সেই বিজ্ঞাপনটো আছিল। মই যিহেতু আত্মগোপন কৰি আছিলোঁ গতিকে আন্দোলনৰ কাৰ্যসূচীলৈ তেনেকৈ ওলাই যাব পৰা নাছিলোঁ। মই ভাবিলোঁ যে মই লিখিব পাৰোঁ। সময়সীমাও এমাহ মান আছিল। কিন্তু সেই সময়ত মই অনিশ্চিয়তাৰ মাজেৰে গৈ আছিলো, গতিকে থৈ দিলোঁ।তাৰপিছত যেতিয়া গুৱাহাটীত এঘৰ মানুহৰ তাত মই আন এটি ছদ্মনামেৰে আছিলোঁ, তেতিয়া দেখিলো যে সময়সীমা এমাহ মান বঢ়াই দিছে। তেতিয়া মই সিদ্ধান্ত ল’লো যে মই লিখিম, যদিও আগতে কেতিয়াও মই সৃষ্টিশীল সাহিত্য একো লিখা নাই। প্ৰথমতে কেইটামান চৰিত্ৰ আৰু ডাইলগ লিখি উলিয়ালোঁ যদিও তাত কোনো বিশেষ কাহিনী নাছিল। পাছলৈ চৰিত্ৰৰ লগে লগে কাহিনীয়ে গঢ় ল’লে আৰু তেনেকৈ খণ্ডখণ্ডকৈ লিখি উপন্যাসখন সমাপ্ত কৰিলোঁ। মই কাৰাগাৰত থকা সময়ত পুৰস্কাৰ ঘোষণা হৈছিল আৰু মই প্ৰথম পুৰস্কাৰ লাভ কৰিছিলোঁ। মোৰ এগৰাকী ঔপন্যাসিক হিচাপে পৰিচয় গঢ় ল’লে। যিহেতু মই কাৰাবাস খাটি আছিলোঁ আৰু মোক পুৰস্কাৰ ল’বলৈ অনুমতি নিদিলে , গতিকে সেয়া বহুত ডাঙৰ বাতৰি হৈ পৰিল। ‘অবিৰত যাত্ৰা’ উপন্যাসখন বহুতে পঢ়িছিল। মোৰ এটা সামান্য পৰিচয় গঢ় লৈছিল যদিও তাৰ পিছত বহুত দিন মই একো লিখা নাছিলোঁ। পিছত যেতিয়া মই আকৌ লিখাৰ সিদ্ধান্ত ল’লোঁ তেতিয়া উপন্যাস আৰু কবিতা দুইটাই লিখিছিলোঁ। কিন্তু মই উপন্যাসক বেছি প্ৰাধান্য দিলোঁ কিয়নো মোৰ কাৰণে উপন্যাস লিখাটোহে বেছি সহজ হৈ পৰিল। গদ্যই যেতিয়া কিছুমান কথা সামৰিব নোৱাৰে তেতিয়াহে কবিতা লিখো।

মোৰ ঘৰৰ নিয়ম-নীতিৰ মাজেৰে যিটো সাধাৰণ জীৱন, তাৰ পৰা ওলাই আহি প্ৰথম অসম আন্দোলনতে যোগদান কৰিছিলোঁ। অসম আন্দোলনে মোক সেই চৌহদৰ পৰা ওলাই বৃহত্তৰ সমাজ, বিশাল পৃথিৱী এখনলৈ লৈ আহিছিল। পৰৱৰ্তী সময়ত বৈবাহিক সূত্ৰে ৰাজনীতিৰ ক্ষেত্ৰখনলৈ আহিলোঁ। অসম আন্দোলনৰ পিছত যিহেতু নিজৰ চৰকাৰ এখন গঠন হ’ল, গতিকে মোৰ ৰাজনৈতিক সচেতনতা বাঢ়িছিল আৰু কথাবোৰ ওচৰৰ পৰা পৰ্যবেক্ষণ কৰিবলৈও সুবিধা পাইছিলোঁ। যিহেতু আমাৰ সংগ্ৰামৰ পৰৱৰ্তী পৰ্যায় হিচাপে ৰাজনৈতিক দল এটা গঠন হৈছিল, গতিকে তাৰ পিছৰ উত্থান পতনবোৰৰ প্ৰভাৱ মোৰ মনত সজীৱ হৈ আছে আৰু সেয়েহে ক’বলগীয়া বহুত কথা আছিল বা এতিয়াও আছে। ইয়াৰ ফলত মই দেখা পৃথিৱীখন, সমাজ আৰু ৰাজনৈতিক জীৱন অৱধাৰিত ভাবে মোৰ লিখনিত আহি গৈছে।

৩। “মাকাম” অসমীয়া সাহিত্যৰ এক অন্যতম দলিলস্বৰূপ্। ইতিহাসৰ পাতৰ পৰা ক্ৰমান্বয়ে হেৰাই যোৱাৰ উপক্ৰম হোৱা অসমৰ চীনা সম্প্ৰদায়ৰ কথা লিপিবদ্ধ কৰিবলৈ কোনো বুৰঞ্জীবিদে পদক্ষেপ লোৱাৰ নজিৰ আমি দেখা নাই। তেনেক্ষেত্ৰত এই বৃহৎ দ্বায়িত্ব লোৱাত আপোনাৰ মূল পৰিকল্পনা আৰু উৎসাহৰ উৎপত্তিস্থল কি? ভাৰত আৰু চীনৰ কূটনৈতিক সম্পৰ্কৰ প্ৰতি লক্ষ্য ৰাখি এই প্ৰকল্প হাতত লোৱাৰ আগতে আপুনি দ্বিতীয়বাৰ ভাবিছিলেনে?

উ: বহুত আগতেই মই এই মানুহখিনিক দেখিছিলোঁ। যেতিয়া কোনোবাই কৈছিল এওঁলোক অসমত বাস কৰা চীনা মানুহ, তেতিয়া মই ভাবিছিলোঁ এওঁলোকক লৈ কেতিয়াবা লিখিম। বহুত বছৰ পিছত যেতিয়া তেওঁলোকক লৈ লিখিম বুলি ঠিক কৰিলোঁ তেতিয়া মাকুমৰ চীনাপত্তিৰ চীনা মানুহৰ ঘৰ এটা কিনিলৈ তাত থকা মানুহ এঘৰলৈ গৈছিলোঁ। তেওঁলোকৰ পৰা বহুত কথা গম পালোঁ। চীনলৈ গ’লো, মানুহবোৰক লগ পাবলৈ আৰম্ভ কৰিলোঁ। পৃথিৱীৰ বিভিন্ন প্ৰান্তত থকা সেই মানুহবোৰৰ সাক্ষাৎকাৰ ল’লোঁ। তাৰ পাছত গোটেই কাহিনীটো স্পষ্টকৈ চকুৰ আগলৈ আহিলে। আৰম্ভ এখন উপন্যাস হিচাপেই কৰিছিলো যদিও পিছলৈ এওঁলোকৰ কাৰণে কাম কৰাটো এটা মিছন হৈ গ’ল। বহুত পঢ়া শুনা তথ্য বিচাৰি উলিয়াই ভালকৈ কাম কৰিবলৈ যত্ন কৰিলোঁ , তেনেকৈ চাৰিবছৰৰ মূৰত কিতাপখন সম্পূৰ্ণ হৈ উঠিল।

এই বিষয়বস্তুৰ লেখক হিচাপে দ্বিতীয়বাৰৰ বাবে এবাৰো ভবা নাছিলোঁ। তেওঁলোকৰ মূল যদিও চীনা, কিন্তু তেওঁলোক আমাৰেই মানুহ, অসমীয়া জাতিৰ এক অংশ। নামবোৰ চীনা ভাষাত আৰু পূৰ্বপুৰুষৰ কিছু সংস্কৃতিৰ বাদে তেওঁলোকৰ চীনৰ সৈতে কোনো সম্পৰ্ক নাই। অৱশ্যে এইটো কথা ঠিক যে বিষয়টো স্পৰ্শকাতৰ আছিল। সেয়েহে মই গ্ৰন্থখনৰ পাণ্ডুলিপি প্ৰকাশকৰ হাতত তুলি দিয়া পৰ্যন্ত মই কাকো জানিবলৈ দিয়া নাছিলোঁ। প্ৰকাশৰ পাছত মই মোৰ ল’ৰা-ছোৱালীহালক বহুৱাই কিতাপখনৰ ফলত হ’ব পৰা প্ৰতিক্ৰিয়াৰ বাবে সাজু হৈ থাকিবলৈ কৈছিলো।

৪। অসমীয়া সাহিত্যৰ ঐতিহাসিক ঘটনা কেন্দ্ৰিক উপন্যাসৰ আধাৰত চলচ্চিত্ৰৰ নিৰ্মাণ হ’লে “দেও লাংখুই” অন্যতম হ’ব বুলি পঢ়ুৱৈ হিচাপে আমি অনুভৱ কৰোঁ। আপুনি কোৱাৰ দৰেই জোঙাল বলহু ইতিহাসৰ এক সমুজ্জ্বল অধ্যায়ৰ উজ্জ্বল জ্যোতিষ্ক। জোঙাল বলহুৰ জীৱনক কেন্দ্ৰ কৰি চলচ্চিত্ৰ নিৰ্মাণৰ সম্পৰ্কে আপোনাৰ অভিমত।

উ: সেই সময়ৰ সমাজ অথবা ৰাজনৈতিক যি পৰিস্থিতি আছিল তাক লৈ এখন চিনেমা হ’ব পাৰে। এইখন উপন্যাস যদি কোনোবাই এখন সঠিক চলচ্চিত্ৰৰ ৰূপ দিয়ে, মই খুব আনন্দিত হ’ম। কিতাপখনৰ আধাৰত ধাৰাবাহিক নিৰ্মাণ কৰিবলৈ বহুতে বিচাৰিছে। কিন্তু অনুমতি দিয়া নাই কাৰণ বিষয়বস্তুটো ভালদৰে উপস্থাপন কৰিব নোৱাৰিলে বেয়া লাগিব। চিনেমাৰ কাৰণেও এটা দুটা অফাৰ আহিছিল কিন্তু মই এতিয়ালৈকে কাকো নাই দিয়া। চলচ্চিত্ৰ নিৰ্মাণৰ বাবে প্ৰয়োজনীয় অনুমতি যথেষ্ট ভাবি চিন্তি দিব লাগিব কাৰণ কাহিনীটো মই গঢ় দিলেও সেয়া মোৰ মৌলিক কাহিনী নহয়। যদি কেতিয়াবা চিনেমা হয়, মই বিচাৰিম অতি দায়বদ্ধ পৰিচালকে পৰিচালনা কৰক।

৫। এগৰাকী বিশিষ্ট লেখিকা, ‘National Book Trust of India’ ৰ সঞ্চালক প্ৰধান, কটন বিশ্ববিদ্যালয়ৰ প্ৰবক্তা, দুটি সন্তানৰ মাতৃ আৰু লগতে এগৰাকী মন্ত্ৰীৰ পত্নী, আটাইবোৰ ভূমিকা আৰু দ্বায়িত্ব আপুনি কিদৰে “মেনেজ” কৰিছে? এগৰাকী আগশাৰীৰ ৰাজনৈতিক নেতাৰ পত্নী হিচাপে এই ক্ষেত্ৰত যোগদানৰ নিমন্ত্ৰণ পাইছে নেকি?

উ: সকলো মানুহে জীৱনত কেইবাটাও ভূমিকা সমানে পালন কৰিবলৈ চেষ্টা কৰে। তেনেদৰে মইও মোৰ আটাইকেইটা ভূমিকাৰ মাজত সন্তুলন ৰাখিবলৈ চেষ্টা কৰোঁ।
ৰাজনৈতিক নেতাৰ পত্নী হিচাপে যি ভূমিকা, সেয়া কিছু কঠিন নোহোৱা নহয়। অসম আন্দোলন সমাপ্ত হোৱাৰ পাছত মই যেতিয়া বিয়া হৈ আহিছিলোঁ তেতিয়াই মোলৈ ৰাজনীতিত যোগদান কৰাৰ নিমন্ত্ৰণ আহিছিল। সেয়া আনকি কেৱল প্ৰস্তাৱ নাছিল, এটা বিশেষ বিষয় লৈ মোৰ ওচৰলৈ আহিছিল। মই বহুত ভাবিলোঁ। কিন্তু মই উপলব্ধি কৰিলোঁ যে সেয়া মোৰ পথ নহয়। সেয়ে মই এই পথত খোজ নিদিয়াৰ সিদ্ধান্ত ললোঁ। কিন্তু মই ৰাজনৈতিক পৰিক্ৰমা পৰ্যবেক্ষণ কৰোঁ। মোৰ স্বামী যেতিয়া কোনো দ্বিধাত পৰে মোৰ মন্তব্য বিচাৰে। মই দিওঁ। কিন্তু তাৰ বাহিৰে তেওঁৰ ৰাজনৈতিক ক্ষেত্ৰখনত মই কেতিয়াও হস্তক্ষেপ নকৰো। ৰাজনৈতিক ক্ষমতা বহুত ক্ষেত্ৰত লোভনীয় হৈ পৰে। সেই আকৰ্ষণ আওকাণ কৰি স্বতন্ত্ৰতা ৰক্ষা কৰা বৰ সহজ নহয়। মই সিদ্ধান্ত লৈছিলোঁ যে মই নিজৰ এক সুকীয়া পৰিচয় গঢ়ি তুলি আত্মসন্মানৰ সৈতে জীয়াই থাকিম। নিজকে মই অতি শ্ৰদ্ধা কৰোঁ আৰু মই তেনে কোনো কাম নকৰোঁ যাৰ ফলত মোৰ নিজৰ প্ৰতি শ্ৰদ্ধা কমি যায়। গতিকে মই সেইধৰণে নিজৰ জীৱন আগবঢ়াই আনিছোঁ।

৬। আপুনি কেনেধৰণৰ সাহিত্য পঢ়ি উপভোগ কৰে অথবা প্ৰিয় সাহিত্যিক কোন?

উ: শৈশৱৰে পৰা অজস্ৰ কিতাপ পঢ়িছোঁ আৰু প্ৰত্যেকখন কিতাপেই মোক কিবা নহয় কিবা দিছে। কেতিয়াবা কোনো গ্ৰন্থৰ এশাৰীয়েও মোক অনুপ্ৰাণিত অথবা প্ৰভাৱানন্বিত কৰিছে। মই ভাবোঁ প্ৰতিগৰাকী লেখকৰ চিন্তাধাৰাৰ পৰাই মই কিবা পাইছোঁ। সকলোৰে নাম মই ল’ব নোৱাৰিম যদিও দুগৰাকী ব্যক্তিৰ নাম মই সদায় অতি শ্ৰদ্ধাৰে স্মৰণ কৰোঁ। এগৰাকী হ’ল দেৱেন্দ্ৰনাথ আচাৰ্য । কেনেদৰে ভাষাৰ লগত সামঞ্জস্য ৰাখি এটা বিষয়বস্তু উপস্থাপন কৰিব পাৰি, সেয়া মই তেখেতৰ সৃষ্টিৰাজিৰ পৰা শিকিছোঁ। অসমৰ প্ৰাতঃস্মৰণীয় লেখকৰ ভিতৰত তেখেত অন্যতম যদিও যথাযথ সন্মান আৰু স্বীকৃতি তেওঁ লাভ কৰা নাই। আশাপূৰ্ণা দেৱীৰ পৰা মই সমতাৰ সৈতে প্ৰতিটো চৰিত্ৰ গঢ়ি তুলিবলৈ শিকিছিলোঁ। কাৰণ লেখক হিচাপে আমি চৰিত্ৰসমূহৰ মাজত পক্ষপাতিত্ব কৰিব নোৱাৰো। আগতীয়াকৈ মই কেতিয়াও সিদ্ধান্ত নলও যে এটা বিশেষ চৰিত্ৰক কেনেদৰে ৰূপায়ন কৰিম। এই কথা মই শিকিছোঁ আশাপূৰ্ণা দেৱীৰ পৰা। তেখেতৰ পৰ্যবেক্ষণ, শক্তি, সততা, দায়বদ্ধতা, কোনোদিন আনুষ্ঠানিক শিক্ষা গ্ৰহণ নকৰাকৈ ঘৰৰ ভিতৰৰ পৰাই তেওঁ কালজয়ী সাহিত্যৰ সৃষ্টি কৰিছিল, সেইবোৰ কথাই মোক বহুত অনুপ্ৰাণিত কৰে। মোৰ হাতত সদায় ৰবীন্দ্ৰনাথ ঠাকুৰৰ “সঞ্চয়িতা” গ্ৰন্থখন থাকে। গতিকে বিভিন্ন গ্ৰন্থ , বিভিন্ন লেখকে মোক অনুপ্ৰাণিত কৰিছিল। আজি যদি মই মোতকৈ অনুজ লেখকৰ কিতাপ এখনো পঢ়োঁ, তাৰ পৰা মই কিবা এটা পাওঁ। সেয়েহে মই প্ৰত্যেকগৰাকী লেখকৰ আগত কোনোবাখিনিত মূৰ দোৱাওঁ।

৭। পাঠক হিচাপে আপোনাৰ “মায়াবৃত্ত” আৰু “এই সময় সেই সময়”ৰ মুখ্য চৰিত্ৰ নীৰা আৰু অদিতিৰ মাজত যেন কিছু সাদৃশ্য দেখা পাওঁ। এয়া সম্পূৰ্ণৰূপে কাল্পনিক সৃষ্টি নে অনুপ্ৰেৰণাৰ উৎস আছে?

উ: যেতিয়া শক্তিশালী নাৰী চৰিত্ৰ এটি গঢ়ি তোলো, সেই সময়ত মোৰ মনত মোৰ চাৰিওফালৰ পৃথিৱীখনে ক্ৰিয়া কৰি থাকে। কিন্তু একে সময়তে তেওঁলোক এটা বিশেষ পথৰ প্ৰতিনিধি হিচাপেও থিয় দি থাকে। গতিকে এই উপন্যাসৰ চৰিত্ৰসমূহ কৰ’বাত অলপ একে যেন লাগে। কেৱল নীৰা বা অদিতিয়েই নহয়, অন্য যিবোৰ উপন্যাসত মই শক্তিশালী নাৰী এগৰাকীৰ চৰিত্ৰ উপস্থাপন কৰিছোঁ, সকলোৰে মাজত আত্মসন্মান ৰক্ষা কৰি আগুৱাই যোৱা সংগ্ৰামী পথ এটি প্ৰতিফলিত হয়। সাধাৰণতে কিতাপ এখন প্ৰকাশ হোৱাৰ পাছত মই কিতাপখন সম্পূৰ্ণৰূপে পাঠকৰ মাজত এৰি দিওঁ আৰু অন্য এৰি বিষয়ৰ ফালে আগবাঢ়ি যাওঁ। কিন্তু মই যদি বিশ্লেষণ কৰি চাওঁ, এই চৰিত্ৰসমূহ আগবাঢ়ি যোৱা পথটোৱেই হয়তো মই নাৰী সৱলীকৰণৰ পথ বুলি ভাবোঁ। মই নিজেই এই পথৰেই যাত্ৰী আৰু মোৰ দৰে অলেখ নাৰী আছে। নিজৰ প্ৰতি শ্ৰদ্ধা ৰাখি প্ৰতিকূল অৱস্থাক নেওচি আগুৱাই যোৱা আৰু বিভিন্ন প্ৰত্যাহ্বানে সপ্তৰথীৰ দৰে ঘেৰি ধৰাৰ পাছতো তাৰ মাজেৰে আগবাঢ়ি যোৱা যি পথ, সেই পথৰেই প্ৰতিনিধি নীৰা আৰু আদিতিৰ দৰে চৰিত্ৰবোৰ। তাৰ মাজত ক’ৰবাত হয়তো ময়ো আছোঁ।

৮। আপোনাৰ “মায়াবৃত্ত” উপন্যাসখনৰ ‘ৰাজৰ্ষি’ চৰিত্ৰৰ পটভূমি অথবা পৰিচয়ৰ বিষয়ে কিছু কথা ক’ব নেকি?

উ: এই প্ৰশ্নটোৰ সন্মুখীন মই পূৰ্বতেও হৈছোঁ। কিন্তু প্ৰকৃততে তাৰ উত্তৰ মই উপন্যাসৰ শেষত দি থৈছোঁ। চিঠিখন যেতিয়া ৰাজৰ্ষিয়ে নীৰাৰ হাতত তুলি দিয়ে, তেতিয়া নীৰাই সেই চাংঘৰটোৱে তেওঁক পঠিয়াইছে নেকি বুলি সোধে। সুবৰ্ণ আৰু নীৰা একেলগে সেই যাত্ৰাত যোৱা কথা আছিল যদিও সুবৰ্ণ যাব নোৱাৰিলে। কিন্তু সুবৰ্ণৰ বাবে নীৰা সদায় পুতি হৈ থাকে। তেওঁ জানে যাত্ৰাত অকলশৰীয়া পুতিয়ে ক’ত ক’ত থমকি ৰ’ব পাৰে। সেয়েহে তেওঁ ৰাজৰ্ষিক পঠিয়াইছে পুতিৰ সাৰথি হ’বলৈ। সুবৰ্ণই জানিছিল যে গোমুখৰ পৰা উভতি আহিবলৈ নীৰাৰ মন নাযাব পাৰে । ইমান যন্ত্ৰনাকাতৰ জীৱন এটাক জয় কৰি পুতি আৰু সুবৰ্ণৰ সপোনৰ ঠাইৰ পৰা ঘূৰি আহিবলৈ নীৰাৰ সত নাযাব পাৰে। মই নিজেই গোমুখলৈ গৈছোঁ। সমগ্ৰ পৃথিৱীৰ পৰা সংযোগ-বিহীন ঠাইখনলৈ গৈ নিজেই উপলব্ধি কৰিছোঁ যে আমি সোমাই থকা ‘মায়াবৃত্ত’ পৃথিৱীখন তাত কিছু অস্পষ্ট হৈ পৰে। মায়াৰ বান্ধোন কিছু পৰিমাণে ঢিলা হৈ যায়। তেনে এক স্থিতিৰ পৰাই নীৰাক ওভতাই আনিবলৈ সুবৰ্ণই ৰাজৰ্ষিক পঠাইছিল। ৰাজৰ্ষি যদিও ৰহস্যজনক চৰিত্ৰ যেন লাগে, কিন্তু তেওঁ নীৰাক বুজি পায়। তেওঁ জানে নীৰাক ক’ত আগবঢ়াই লৈ যাব লাগে, ক’ত ধেমালি কৰিব লাগে, ক’ত গভীৰভাৱে কথা ক’ব লাগে। তেওঁ এটা দায়িত্ব লৈ আহিছে আৰু সেই দায়িত্ব তেওঁ নিয়াৰিকৈ পালন কৰিছে। ৰাজৰ্ষি কোন সেয়া ডাঙৰ কথা নহয়, ৰাজৰ্ষি কাৰ প্ৰতিনিধি সেয়াহে গুৰুত্বপূৰ্ণ। ৰাজৰ্ষিৰ মাজেৰে সুবৰ্ণই প্ৰতিটো মুহূৰ্তত নীৰাক আৱৰি ৰাখিছে। যদিও মই চৰিত্ৰটো কিছু ৰহস্যময় কৰি আঁকিছোঁ, কিন্তু শেষত তেওঁ কোন সেয়া মই কৈয়ো দিছোঁ। কিন্তু সেইখিনি সময়ত পাঠকে নীৰা চৰিত্ৰকলৈ কিছু আৱেগিক হৈ থাকে বাবে হয়তো ৰাজৰ্ষিৰ প্ৰতি ইমান গভীৰভাৱে মন নকৰে।

৯। “National Book Trust”ৰ সঞ্চালক হিচাপে আপোনাৰ অভিজ্ঞতাৰ বিষয়ে জানিব বিচাৰিছোঁ। যিসমূহ পৰিকল্পনা মনত বান্ধি আপুনি কাৰ্যভাৰ গ্ৰহণ কৰিছিল, সেইসমূহ বাস্তৱত ৰূপায়িত কৰাত কিমান দূৰ সফল হৈছে বুলি আপুনি ভাবে?

উ: এই চাৰিবছৰৰ অভিজ্ঞতা বৰ বিশাল আৰু তাৰ ওপৰত মই লিখি আছোঁ। গোটেই পৃথিৱীখনৰ সৈতে সংযোজিত হোৱা এক গধুৰ দায়িত্ব। NBT ৰ সমগ্ৰ পৰিচালনা সঞ্চালকজনে কৰে। তেওঁ ভাৰতবৰ্ষক প্ৰতিনিধিত্ব কৰি দলবোৰ বিদেশলৈ লৈ যায়। মই বহুত কম কৰিবলৈ চেষ্টা কৰিছিলোঁ আৰু তাৰ লগে লগে বহুত প্ৰত্যাহ্বানৰ সন্মুখীন হৈছোঁ। সেই বিষয়ে সবিস্তাৰে মই লিখিম।
ব্ৰহ্মপুত্ৰ ফেষ্টিভেলখন মই অসমলৈ আনিবলৈ চেষ্টা কৰোঁতে মই ইমান বাধা পাইছিলোঁ যে কামটো কৰিব পৰাটোৱেই মোৰ বাবে ডাঙৰ কথা হৈ পৰিছিল। আমি যিসকল ব্যক্তি এক সুবিধাজনক স্থিতিত আছোঁ, বিভিন্ন আন্তঃৰাষ্ট্ৰীয় সাহিত্য উৎসৱত আমাক নিমন্ত্ৰণ দিয়া হয় আৰু তাত আমি বহুত মহান লেখক, বুদ্ধিজীৱী ইত্যাদিৰ সান্নিধ্য লাভ কৰোঁ। তাৰ ফলত আমাৰ মন আৰু চিন্তাশক্তিৰ দিগন্ত প্ৰসাৰিত হয়। কিন্তু অসমত এনে বহুতো ন লেখক আছে, উঠি অহা প্ৰজন্মৰ আগৰণুৱা প্ৰতিনিধি আছে যিসকলে তেনেকুৱা সুবিধা নাপায়। যিহেতু প্ৰত্যেকে সমগ্ৰ বিশ্ব দেখাৰ সুযোগ নাপাব পাৰে; সেই সাহিত্যৰ মাজেৰে বিশ্বখন তেওঁলোকৰ দুৱাৰডলিত উপস্থিত হোৱাটো মই বিচাৰিছিলোঁ। বিশেষকৈ নৱ প্ৰজন্মই মহান লেখকসকলৰ চিন্তাধাৰা আৰু জীৱন দৰ্শনৰ সৈতে পৰিচিত হোৱাটো । তাৰ বাবে ব্ৰহ্মপুত্ৰ ফেষ্টিভেলত প্ৰতিগৰাকী লেখকৰ সৈতে এগৰাকী শিক্ষাৰ্থীক স্বেচ্ছাসেৱক হিচাপে নিয়োগ কৰা হৈছিল।
মই ভাবিছিলোঁ সমগ্ৰ বিশ্বৰ মহান সাহিত্যিক আৰু প্ৰকাশন গোষ্ঠীসমূহ ইয়ালৈ আহিলে, সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ সাহিত্য জগতখনত তাৰ এক প্ৰভাৱ পৰিব। এয়া নহয় যে কেৱল ব্ৰহ্মপুত্ৰ সাহিত্য উৎসৱৰ কাৰণেহে আমাৰ সাহিত্যৰ উত্থান হ’ব। কিন্তু তাৰ ফলত সকলোৱে কিবা নতুন শিকিব পাৰিব। তাৰ লগতে আৰু এটা প্ৰচেষ্টা মই হাতত লৈছিলোঁ। সেয়া হ’ল “লিটাৰেৰী এজেন্টছ”(Literary Agents)। অসমত এতিয়াও এই ধাৰণা সৰ্বজনবিদিত নহয়। মই অসমত লেখক কেইজনমানক বাহিৰৰ লেখক, সম্পাদক, প্ৰকাশক ইত্যাদিৰ সৈতে লগ লগাই দিছিলোঁ। তেওঁলোকৰ মাজত সম্পূৰ্ণ অসম্পূৰ্ণ উপন্যাসবোৰৰ আদান-প্ৰদান হৈছিল। “ব্ৰহ্মপুত্ৰ ফেষ্টিভেল” মই যথেষ্ট প্ৰত্যাহ্বান নেওচি অসমলৈ আনিছিলোঁ। তাৰ পিছৰ বছৰো মই যথেষ্ট কঠিন পৰিস্থিতিৰ সন্মুখীন হৈছিলোঁ। পৰৱৰ্তী সময়ত অসম প্ৰকাশন পৰিষদে নিজেই কৰিব পৰা হ’ল। কিন্তু এই সকলোবোৰৰ ফলত অসমত এক বাতাবৰণৰ সৃষ্টি হ’ল। সাহিত্যৰ মাজেৰে উত্তৰ পূৰ্বাঞ্চলৰ সমৃদ্ধ সংস্কৃতি সকলোৱে জানিবলৈ পালে। ই মোৰ বাবে এক সপোন আছিল। ‘আধাৰশিলা’ নামৰ অনুষ্ঠানটো গঢ়ি তোলোতেই মই ঘোষণা কৰিছিলোঁ এখন সাহিত্য উৎসৱৰ কথা। সেই সময়ত মোৰ বাবে সেয়া কঠিন আছিল যদিও National Book Trust ত যোৱাৰ পাছত কিছু উজু হৈ পৰিল। মোৰ এয়া সন্তুষ্টি আছে যে এই পথ খোল খোৱাত মোৰ কিছু অৱদান আছে। ইয়াৰ উপৰিও, NBT ৰ আঞ্চলিক কাৰ্যালয় কলিকতাত অৱস্থিত। অসমত থকা কাৰ্যালয়টো তেনেই সৰু। মই অসমত এটা বৃহৎ কাৰ্যালয় গঢ়ি তুলিবলৈ চেষ্টা কৰিলোঁ। কিন্তু মই ইমান বেছি বাধাৰ সন্মুখীন হ’লো যে মই কামটো সম্পূৰ্ণ কৰিব নোৱাৰিলোঁ। তথাপি মই প্ৰস্তাৱটো যথেষ্ট আগবঢ়াই দিছোঁ। এই দুটা গুৰুত্বপূৰ্ণ কাম মই নিজৰ অঞ্চলৰ বাবে কৰিবলৈ চেষ্টা কৰিছিলোঁ। কিন্তু মই যিহেতু এটি ৰাষ্ট্ৰীয় ন্যাসৰ মুৰব্বী, মই সমগ্ৰ ভাৰতবৰ্ষক সমান দৃষ্টিৰে চাব লাগিব আৰু সেয়া মই কৰিছোঁ। NBT ৰ পৰিচালক হিচাপে মই যদিও বহুত প্ৰত্যাহ্বানৰ সন্মুখীন হৈছোঁ, সেই সকলোবোৰ নেওচি মই বহুত কাম কৰিছোঁ। তাক লৈ মোৰ বহুত সন্তুষ্টি আছে।

১০। অসমীয়া গ্ৰন্থৰ বিক্ৰী আৰু সমাদৰ দুয়োটা কমিছে বুলি অভিযোগ উত্থাপন হয়। সমসাময়িক অসমীয়া সাহিত্যৰ এগৰাকী অন্যতম গুৰিধৰোঁতা হিচাপে এই অভিযোগ সন্দৰ্ভত আপোনাৰ মন্তব্য কি?

উ: এই বিষয়টোৰ সৈতে চৰকাৰী পাঠ্যপুথি প্ৰকাশৰ দিশটো কিছু জড়িত হৈ আছে। কিন্তু মই নিজেই এগৰাকী ঔপন্যাসিক। মোৰ ব্যক্তিগত অভিজ্ঞতাৰ পৰা মই ক’ম যে কিতাপৰ বিক্ৰী বা আদৰ কমা নাই।
এতিয়া কথাটো হ’ল আমি কিতাপ পঢ়িবলৈ কাকো বাধ্য কৰিব নোৱাৰোঁ। এখন গ্ৰন্থ পঢ়িবলৈ পাঠকজন নিজে অনুপ্ৰাণিত হব লাগিব, তাত জাতীয়তাবাদৰ দোহাই দি তেওঁক জোৰ কৰাৰ অৰ্থ নাই। একোজন লেখকে হয়তো তেওঁৰ সাহিত্যৰ জৰিয়তে পাঠকৰ এক বিশেষ ৰুচিবোধৰ সৃষ্টি কৰিব পাৰে নাইবা তেওঁ পাঠকৰ ৰুচিবোধক অনুসৰণ কৰি সাহিত্য সৃষ্টি কৰিব পাৰে।
একোখন গ্ৰন্থ প্ৰকাশ হোৱাৰ লগে লগে সি এক বস্তু ( commodity) হৈ পৰে। কিন্তু তাৰ ব্যৱসায়িক কৌশল , বজাৰ নিৰ্ধাৰণ ( marketing) ইত্যাদি দিশবোৰ অসমত এতিয়াও পেচাগত ( professional) হৈ উঠা নাই । এতিয়াও লেখক আৰু প্ৰকাশৰ মাজত কোনো চুক্তি স্বাক্ষৰিত নহয়।
গ্ৰন্থ দুই ধৰণৰ- পাঠ্যপুথি আৰু আনবোৰ গ্ৰন্থ। এই দুয়োবিধৰ ব্যৱসায়িক দিশ সম্পূৰ্ণ বেলেগ। গতিকে চৰকাৰ আৰু প্ৰকাশক গোষ্ঠীৰ মাজত এক যথাযথ যোগাযোগ আৰু তাল-মিল থকাটো প্ৰয়োজন।
ইয়াত মই এটা বিশেষ কথা ক’ব খুজিছোঁ। এই কথাটো মই NBT ৰ সঞ্চালক হৈ থাকোতে উপলব্ধি কৰিছিলোঁ। ব্ৰিটিছসকলে ভাৰতবৰ্ষ ত্যাগ কৰাৰ পিছত তেওঁলোকৰ পঢ়িবলগীয়া বিষয়বস্তুসমূহৰ (content) ঠাইত ভাৰতৰ বিষয়বস্তু আৰু সাহিত্যক স্থাপন কৰাত সৰু সৰু প্ৰকাশকসকলৰ এক বৃহৎ অৰিহণা আছিল। সেয়েহে সেই উদ্যোগটোক আগবঢ়াই নিয়াত চৰকাৰৰ সহযোগিতা লাগিব। মই ভাবোঁ আৱেগক প্ৰশ্ৰয় নিদি, ভাল বিষয়বস্তু আৰু যথাযথ প্ৰচাৰৰ সহায়ত গ্ৰন্থ উদ্যোগৰ উন্নতি সাধিব লাগিব।উঠি অহা লেখকসমূহক সম্পাদক আৰু প্ৰবীণ প্ৰজন্মই উৎসাহ যোগাব লাগিব। ছচিয়েল মিডিয়াত দেখোঁ বিভিন্ন গ্ৰন্থ চৰ্চাত থাকে। কেৱল অগ্ৰজ লেখসকলেই নহয়, নবীন লেখকসকলকো ৰাইজে আদৰি লৈছে। এনেদৰেই সাহিত্য জগতখন ঐশ্বৰ্যশালী হৈ পৰিব।

১১। অসম আন্দোলনত “জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ” সদস্যা হিচাপে আপোনাৰ সক্রিয় যোগদানৰ পৰা “কা” আন্দোলনলৈ, দুয়োটা সময়ৰ অসমৰ জাতীয়তাবাদী সামাজিক আৰু ৰাজনৈতিক প্ৰেক্ষাপট আপুনি অতি ওচৰৰ পৰা পৰ্যবেক্ষণ কৰাৰ সুবিধা পাইছে। ইয়াৰ ওপৰত আপোনাৰ অনুভৱ বা মন্তব্য কি হ’ব?

উ: এই ক্ষেত্ৰত মই মোৰ জীৱনৰ পৰ্যবেক্ষণ আৰু অভিজ্ঞতাৰ পৰা এটাই ক’ব বিচাৰোঁ। এই নতুন প্ৰজন্ম মোৰ সন্তানসম। গতিকে মই কেতিয়াও নিবিচাৰোঁ যে এমুঠি সৎ, সৰল আৰু আৱেগিক ল’ৰা ছোৱালী কাৰোবাৰ হাতৰ পুতলাৰ দৰে পৰিচালিত হওক। এটা সময়ত জাতিৰ স্বাৰ্থত, এখন ভাল পৃথিৱীৰ আশাত নিজৰ তাৰুণ্যৰ বলিদান দিছিলোঁ। মই নিবিচাৰোঁ এই প্ৰজন্মৰ জীৱন অথলে যাওক। তেওঁলোকে নিজৰ বিবেক-বুদ্ধি আৰু বিচাৰশক্তিৰে বাস্তৱক পৰ্যবেক্ষণ কৰাৰ লগতে নিজৰ জীৱন, ভৱিষ্যত, পৰিয়ালৰ কথা মনত ৰাখি সিদ্ধান্ত গ্ৰহণ কৰিব, সেই সিদ্ধান্তক মই সন্মান জনাম।

১২। আপুনি অসমবাসীক বহু কেইখন চিৰযুগমীয়া গ্ৰন্থ উপহাৰ দিছে। আপোনাৰ ভৱিষ্যত পৰিকল্পনাৰ বিষয়ে জানিবলৈ পাঠক সমাজ নিশ্চয় যথেষ্ট উৎসুক।

উ: মই কিছুমান কাম হাতত লৈছোঁ। NBT ৰ সঞ্চালক পদত অধিস্থ হৈ থকাৰ সময়ত মই ব্যস্ততাৰ বাবে বিশেষ একো লিখিবলৈ সময় পোৱা নাছিলোঁ। কিন্তু এতিয়া মই আকৌ লিখি আছোঁ। আগন্তুক দিনত নিশ্চয় গ্ৰন্থ প্ৰকাশ পাব।
তোমালোকৰ এই প্ৰচেষ্টাত মই যথেষ্ট আনন্দিত। নতুন লেখকক আৰু ভাল কাম কৰিবলৈ তোমালোকে অনুপ্ৰাণিত কৰিবা বুলি মই আশা কৰিছোঁ। আমাৰ আশীৰ্বাদ তোমালোকৰ লগত সদায় আছে। এইখিনি সুবিধা দিয়াৰ বাবে তোমালোকক কৃতজ্ঞতা যাচিছোঁ।

নিজৰ অত্যন্ত ব্যস্তসূচীৰ পৰা আমাক এইখিনি সময় দি নিজৰ বহুমূলীয়া কথাৰে আমাক ধন্য কৰাৰ বাবে ৰীতা চৌধুৰী বাইদেউলৈ আমাৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। কেৱল প্ৰিয় সাহিত্যিক হিচাপেই নহয়, বাইদেউৰ জীৱনৰ নানা অনুভৱ -অভিজ্ঞতা আমাৰ প্ৰজন্মৰ বাবে অনুপ্ৰেৰণাৰ উৎস।

কাৰ্ণট ইঞ্জিনৰ কথাৰে
কাৰ্ণট ইঞ্জিন

6 COMMENTS

  1. ৰীতা চৌধুৰী বাইদেউৰ সাক্ষাৎকাৰটি পঢ়ি যথেষ্ট উপকৃত হ’লোঁ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here