ৰাতিৰ পদ্য

কংকনা ঠাকুৰীয়া

নৰাণিত শুই থাকে ৰাতিটো

যি টোপনি যোৱাৰ
অথবা পৰুৱাই খোৱাৰ
নে নিদ্ৰাহীনতাৰ শেষৰ বিলাপ

ৰাতিবোৰ দিনতকৈ পৃথক এইবাবেই যে
ৰাতিয়ে সঁচাক ঢাকি ৰাখিব নাজানে
যিদৰে পোহৰৰ দিনবোৰ ভালে থাকক বুলিয়ে
জাউৰিয়ে জাউৰিয়ে যচা অজস্ৰ শুভকামনাৰ পাছতো
বুকুত চুৰিকাঘাট কৰি
তেজ গুলি বনোৱা ফাকুৰে
দিনবোৰে খেল এখন খেলি থাকে
আৱেগ অনুভুতি আৰু বিশ্বাসৰ স’তে

ৰাতিবোৰে দিব পাৰে জটোৱা জীৱনৰ পৰা মুক্তিৰ মন্ত্ৰণা
চকু মুদিয়েই চাব পোৱাকৈ এখন পানী-আইনা
অথচ ৰাতিবোৰ কঁপি কঁপি ডুবি থাকে অনন্তকালৰ নিৰ্জনতাত

ৰাতিৰ বাবে সাৰে নাথাকে কোনো ফুচফুচনি
নতুবা কোনো সহাঁৰি

বুকুৰ সমস্ত শোক,
এধাৰি দুধাৰি অজস্ৰ অশ্ৰুমালা
লুকুৱাই থ’ব জানে ৰাতিবোৰে

আকাশৰ অলক্ষিতে
গোলকীয় শূন্যতাত বুৰ গৈ থকা ৰাতিবোৰ কেৱল আন্ধাৰে দেখে

নিজৰ বুলিবলে’ যাৰ
একোৱেই নাথাকে

LEAVE A REPLY

Please enter your comment!
Please enter your name here