ৰামানুজন আৰু তেওঁৰ পৰিবাৰ জানকী

ড° নয়নদীপ ডেকা বৰুৱা

শ্ৰীনিৱাস ৰামানুজনক সৰ্বকালৰ এজন মহান গণিতজ্ঞ বুলি গণ্য কৰা হয়। আনুষ্ঠানিক উচ্চ শিক্ষা অবিহনেও গণিতৰ বিভিন্ন ক্ষেত্ৰলৈ অভিনৱ অৱদান আগবঢ়াইছিল স্বপ্ৰশিক্ষিত গণিতজ্ঞজনে। মাথোঁ বত্ৰিছ বছৰ জীয়াই থকা ৰামানুজনে তেওঁৰ গৱেষণাপত্ৰ, চিঠি, টোকাবহী, আদিত লিপিৱদ্ধ কৰি যোৱা প্ৰমাণিত-অপ্ৰমাণিত তিনি সহস্ৰাধিক গাণিতিক ফলাফলক লৈ আজিও গৱেষণা চলি আছে। মৃত্যুৰ এশ বছৰৰ পিছতো গণিতৰ বিভিন্ন ক্ষেত্ৰ তেওঁৰ গণিতৰদ্বাৰা প্ৰভাৱিত। ৰামানুজনৰ জীৱন কাহিনী প্ৰায় সকলোৱে কম-বেছি পৰিমাণে জানে বা শুনিছে।

তামিলনাডুৰ কুম্ভকোনমৰ আৰ্থিকভাৱে যথেষ্ট দুৰ্বল এটি পৰিয়ালত ৰামানুজনৰ জন্ম হৈছিল ১৮৮৭ চনৰ ২২ ডিচেম্বৰত। ৰামানুজন সৰুৰেপৰাই তীক্ষ্ণধী আছিল, বিশেষকৈ গণিতত। স্থানীয় কুম্ভকোনম হাইস্কুলৰ তলৰ শ্ৰেণীত পঢ়ি থাকোঁতে এচ এল লনিৰ “প্লেইন ত্ৰিকোণমিতি” নামৰ বহুল প্ৰচলিত কিতাপখনৰ দ্বিতীয় খণ্ড ধাৰলৈ আনি তাত থকা সকলোবোৰ প্ৰশ্নৰ সমাধান কাৰো সহায় নোলোৱাকৈ কৰিলে। পোন্ধৰ বছৰ বয়সত ৰামানুজনৰ হাতত পৰিল জৰ্জ শ্বুব্ৰিজ কাৰৰ A Synopsis of Elementary Results in Pure and Applied Mathematics নামৰ কিতাপখন। সেই কিতাপখনত ইটোৰ পিছত সিটো কেৱল গণিতৰ সূত্ৰহে আছিল। সূত্ৰবোৰৰ কোনো প্ৰমাণ তাত দিয়া হোৱা নাছিল। ৰামানুজনে সেই উত্তৰবিহীন প্ৰশ্নবোৰ এফালৰপৰা নিজৰমতে সমাধান কৰোঁতে কৰোঁতে নিজেও ন-পুৰণি বহু সূত্ৰৰ আৱিষ্কাৰ-পুনৰাৱিষ্কাৰ কৰিবলৈ ধৰিলে। মেত্ৰিক পৰীক্ষাত প্ৰথম শ্ৰেণীত উত্তীৰ্ণ হৈ জলপানিসহ ১৯০৪ চনত তেওঁ কুম্ভকোনম চৰকাৰী কলেজত নামভৰ্তি কৰিলে। কিন্তু তেতিয়ালৈ তেওঁ কেৱল অংক কৰাতেই নিমগ্ন হোৱাৰ ফলস্বৰূপে কলেজৰ প্ৰথম বাৰ্ষিক পৰীক্ষাত অনুত্তীৰ্ণ হ’ল। দুবছৰৰ পিছত মাদ্ৰাজৰ পাচ্ছায়াপ্পা কলেজত নামভৰ্তি কৰিলেগৈ যদিও কেৱল অংক কৰাতেই মগ্ন হোৱাৰ ফলত সেইখন কলেজতো প্ৰথম বাৰ্ষিক পৰীক্ষাত ৰামানুজন অনুত্তীৰ্ণ হ’ল। ৰামানুজনৰ আনুস্থানিক শিক্ষাও সিমানতেই অন্ত পৰিল।

কলেজত অনুত্তীৰ্ণ হোৱা, পৰিয়ালৰ আৰ্থিক দূৰ্বলতা আদিয়ে ৰামানুজনক হতাশ কৰিলে যদিও অংকৰ প্ৰতি থকা মোহৰপৰা আঁতৰ কৰিব নোৱাৰিলে। তেওঁ অংক কৰিয়েই গ’ল, নতুন নতুন সূত্ৰৰে টোকাবহী ভৰাই গ’ল। তেওঁ অংকবোৰ প্ৰথমে চিলথত কৰি চূড়ান্ত সিদ্ধান্তসমূহ শ্বুব্ৰিজ কাৰৰ কিতাপৰদৰে টোকাবহীত লিখি গৈছিল। পৰিয়ালে ১৯০৯ চনত ৰামানুজনৰ বিয়া পাতি দিলে দহবছৰীয়া জানকী অম্মলৰ সৈতে। উপাৰ্জনৰ কোনো উপায় নেদেখি টোকাবহীৰ অংকবোৰকে দেখুৱাই কেৰাণীৰ চাকৰি বিচাৰি ৰামানুজনে বিভিন্নজনৰ কাষ চাপিল। কিছুমান সদাশয় ব্যক্তিৰ আগ্ৰহ আৰু সহায়ৰ ফলত ১৯১২ চনত ৰামানুজন মাদ্ৰাজ বন্দৰ ন্যাসত কেৰাণী হিচাবে নিযুক্ত হ’ল। ৰামানুজনৰ প্ৰতিভাক চিনি পোৱা ব্যক্তি বিশেষৰ উপদেশমতে তেওঁ ১৯১৩ চনৰ ১৬ জানুৱাৰীত কেম্ব্ৰীজৰ ট্ৰিনিটি কলেজত কৰ্মৰত প্ৰখ্যাত গণিতজ্ঞ গডফ্ৰী হেৰল্ড হাৰ্ডিলৈ এখন চিঠি লিখিলে, লগত গাঁথি দিলে প্ৰমাণবিহীন তেওঁৰ গাণিতিক সূত্ৰ কিছুমান। তাৰে কিছুমান সূত্ৰ চাই হাৰ্ডিয়ে ৰামানুজন যে এজন যথেষ্ট প্ৰতিভাধৰ ব্যক্তি তাৰ উমান পালে। ৰামানুজনৰ লগত আৰু কেইখনমান চিঠিৰ আদান প্ৰদান কৰি হাৰ্ডি নিশ্চিত হ’ল যে ৰামানুজন প্ৰকৃততেই এজন স্বপ্ৰশিক্ষিত জিনিয়াছ। হাৰ্ডিয়ে ৰামানুজনক কেম্ব্ৰীজলৈ মাতিলে যাতে তেওঁৰ প্ৰতিভা পূৰ্ণ ৰূপত বিকশিত হয়। ৰীতি-নীতিৰ বৈসাদৃশ্যতা, পৰিয়ালৰ হকা-বাধা, সাগৰ পাৰ হৈ জাতি হেৰোৱাৰ ভয়, আদি বহু বাধা নেওচি, কিছুমান সদাশয় ব্যক্তিৰ নিৰ্ভয়বাণীত ১৯১৪ চনৰ এপ্ৰিল মাহত ইংলেণ্ডত ভৰি দিলে। তাত ৰামানুজনে কিছুমান প্ৰভাৱশালী গৱেষণা পত্ৰ প্ৰকাশ কৰিলে, তাৰে কেইখনমান হাৰ্ডিৰ সৈতে যৌথভাৱে। গৱেষণাৰদ্বাৰা তেওঁ প্ৰসিদ্ধি লাভ কৰিলে। তেওঁক ফেল’ অৱ ৰয়েল চোচাইটি আৰু ফেল’ অৱ ট্ৰিনিটী কলেজেৰে সন্মানিত কৰা হ’ল। পিছে ইংলণ্ডৰ প্ৰতিকূল পৰিৱেশ আৰু জলবায়ু, মনোমত নিৰামিখ খাদ্যৰ অভাৱ, নিজৰ দুৰ্বল স্বাস্থ্য, গণিতত একান্তমনে ব্যস্ততা,স্ব গৃহকাতৰতা, ইত্যাদি বিভিন্ন কাৰণ আৰু কাৰকৰবাবে ১৯১৭ চনৰ মে’ মাহমানৰপৰা ৰামানুজন অসুখত পৰিবলৈ ধৰিলে। ভাৰতীয় পৰিৱেশত ভগ্ন স্বাস্থ্য উদ্ধাৰ হ’ব বুলি ভাবি ৰামানুজন ১৯১৯ চনত ভাৰতলৈ ঘূৰি আহিল। নিয়তিৰ ওচৰত হাৰ মানি মাত্ৰ ৩২ বছৰ বয়সত ৰামানুজনে ইহলীলা সম্বৰণ কৰিলে।

ৰামানুজনৰ বত্ৰিছ বছৰতে হোৱা অকাল জীৱনাৱসান যেনে কৰুণ, তেওঁৰ পৰিবাৰ জানকী অম্মলৰ পঁচানৱৈ বছৰীয়া জীৱন যাপনো যেন সমান কাৰুণ্যৰে ভৰা। এই প্ৰৱন্ধত জানকীৰ ঘাত -প্ৰতিঘাতেৰে ভৰা জীৱন সম্পৰ্কে কিছু কথা আলোচনা কৰা হৈছে।

জানকীৰ জন্ম হৈছিল ১৮৯৯ চনৰ ২১ মাৰ্চত তামিলনাডুৰ টিৰুচিৰাপল্লী (ট্ৰিচী) জিলাৰ ৰাজেন্দ্ৰম গাঁৱত। দেউতাক ৰংগস্বামী আয়েংগাৰ ভালেমান মাটি-বাৰীৰ গৰাকী আছিল। খেতি-বাতিৰ তদাৰক কৰাৰ সমান্তৰালকৈ সোণৰ গহণাত হীৰা খচিবলৈ ব্যৱহাৰ কৰা ৰাসায়নিক পদাৰ্থৰ বিক্ৰেতা হিচাপেও প্ৰতিষ্ঠিত আছিল। কিন্তু জানকীৰ জন্মৰ পিছতেই পৰিয়ালটোৱে সকলো হেৰুৱাই নিছলাত পৰিণত হ’ল। এবাৰ ৰামানুজনৰ মাক কোমলতাম্মলে ৰাজেন্দ্ৰমত সম্বন্ধীয় মানুহৰ ঘৰত বিয়া খাবলৈ আহি জানকীক দেখি, তাইৰ কোষ্ঠীখন ভাল দেখি ৰামানুজনৰ সৈতে বিয়াৰ বন্দৱস্ত কৰিলে। বিয়াখন পাঁচদিনীয়াকৈ হৈছিল ১৯০৯ চনৰ জুলাই মাহত। বিয়ালৈ ৰামানুজনৰ দেউতাক যোৱা নাছিল। মাক আৰু দৰাৰ পলম হোৱাৰ বাবে জানকীৰ দেউতাকে বিয়াৰ লগ্ন উকলি যাব বুলি ভয় খাই বেলেগ দৰা বিচাৰিবলৈয়ে আৰম্ভ কৰিছিল হেনো! বিয়াৰ পিছত জানকী মাক-দেউতাকৰ ঘৰতেই থাকিল। ৰামানুজনে ১৯১২ চনত মাদ্ৰাজ বন্দৰ ন্যাসত চাকৰিত সোমোৱাত জানকী ঘৰ ধৰিবলৈ বুলি মাদ্ৰাজলৈ আহিল। সংসাৰ কি ভালদৰে বুজন নোহোৱা তেৰ বছৰীয়া জানকীৰ বাবে ঘৰ মানে আছিল এগৰাকী যথেষ্ট কাঢ়া শাহুৱেক আৰু খাৱন-শোৱন পাহৰি অনবৰতে অংকত মগ্ন হৈ থকা পঁচিছ বছৰীয়া পতি। জানকীয়ে পিছত কৈছিল যে সেই সময়ত ৰামানুজনে সন্ধ্যা বন্দৰ ন্যাসৰ অফিছৰপৰা আহি ৰাতিপুৱালৈকে অংকই কৰিছিল। কেতিয়াবা সহকৰ্মী তথা শুভাকাংক্ষী নাৰায়ণ আয়াৰৰ সৈতে। পুৱা দুই-তিনি ঘণ্টা শুই পুনৰ অফিছলৈ গৈছিল। খোৱা-বোৱাৰ প্ৰতি ৰামানুজনৰ অকণো আগ্ৰহ নাছিল। খোৱাৰ সময়ত জানকী অথবা মাকে এটা এটাকৈ খোৱা বস্তুবোৰ বাওঁহাতত দি থাকে আৰু ৰামানুজনে তললৈ মূৰ কৰি সোঁহাতেৰে অংক কৰি নিজৰ জগতত নিমগ্ন হৈ থাকে। শেষৰ দৈ আৰু ভাত খাওঁতেহে লিখা বন্ধ কৰে আৰু মূৰ তুলি খাদ্যৰ সোৱাদ লয়!

ৰামানুজনে পিছে জানকীক বৰ ভাল পাইছিল। কৌতুকপূৰ্ণ কথা কৈ তাইৰ লগত ধেমালি কৰিছিল। জানকীয়ে তাইকো ইংলেণ্ডলৈ লগত লৈ যাবলৈ কান্দি কান্দি ৰামানুজনক জেদ ধৰিছিল। ৰামানুজনে ৰগৰ কৰি কৈছিল “তাত কোনোবাই তোমাক পলুৱাই লৈ গ’লে কি হ’ব কোৱা? তুমিযে ইমান ধুনীয়া!” ৰামানুজনৰ কথাত পোন্ধৰ বছৰীয়া জানকীয়ে লাজতে কান্দিবলৈ এৰিছিল! ৰামানুজনে এবছৰৰ পিছত ঘুৰিম বুলি তাইক সান্তনা দিছিল। অৱশ্যে প্ৰথমে ৰামানুজন দুবছৰৰ বাবেহে ইংলেণ্ডলৈ যোৱাৰ সিদ্ধান্ত হৈছিল।

ৰামানুজনে ১৯১৪ চনৰ ১৭ মাৰ্চত ইংলেণ্ডলৈ যাত্ৰা কৰাৰ এসপ্তাহ আগত মাক আৰু জানকীক কুম্ভকোনমৰ নিগাজী ঘৰলৈ পঠাই দিলে। কাৰণ সেই সপ্তাহটোত তেওঁ নিজকে “পছিমীয়াকৰণ” কৰিবলগীয়া হৈছিল, কোট-টাই, লংপেণ্ট আদি পিন্ধি অভ্যস্ত হ’বলৈ কৰা অনুশীলনীৰ দ্বাৰা। তদুপৰি ৰামানুজনে নিজৰ টিকনিডাল কাটিবলগীয়া হৈছিল। টিকনিবিহীন ৰামানুজনক মাক আৰু জানকীয়ে দেখি মনত দুখ পাব বুলি হেনো তেওঁলোকক ঘৰলৈ পঠিয়াই দিছিল! মাক আৰু জানকীয়ে ৰামানুজনে যে টিকনি কাটি পেলাইছিল সেয়া পাঁচ বছৰৰ মূৰত ইংলেণ্ডৰপৰা উভতি অহাৰ পিছত দেখিহে জানিব পাৰিছিল!

ইংলেণ্ডৰপৰা ৰামানুজনে প্ৰথম আঢ়ৈ বছৰমান প্ৰায় প্ৰতি পষেকত একোখনকৈ চিঠি লিখিছিল। সেই সময়ৰ নিয়ম অনুসৰি চিঠিবোৰ ঘৰৰ আটাইতকৈ বয়সিয়াল নাইবা মুৰব্বীলৈ সম্বোধি লিখিছিল আৰু সাধাৰণতে সেই মানুহগৰাকীয়ে চিঠিবোৰ ভাগে ভাগে পঢ়ি শুনাইছিল। ৰামানুজনৰ ঘৰত সেই কামটো কৰিছিল মাকে। আঢ়ৈ বছৰৰ পিছত ৰামানুজনে প্ৰতিমাহে এখনকৈ চিঠি দিছিল আৰু ১৯১৭ চনৰ মে মাহত অসুখত পৰিবলৈ আৰম্ভ কৰাৰ পিছত চিঠি দিয়াটো যথেষ্ট অনিয়মীয়া হৈছিল। ইফালে কোমলতা আৰু জানকীৰ মাজত মতৰ ব্যৱধান বাঢ়ি আহিছিল। ডাঙৰ হৈ অহা জানকীৰ লগত ঘৰৰ মুৰব্বী কোমলতাম্মলৰ প্ৰায়ে কাজিয়া হৈছিল। জানকীয়ে ১৯১৭ চনত কৰাচীত থকা ককায়েক আৰু ভনীয়েকৰ বিয়া খাই উভতি কুম্ভকোনমলৈ নাহি তিৰুচিৰাপল্লীৰ দেউতাকৰ ঘৰলৈ গুচি গ’ল। জানকী যে ঘৰ এৰি গুচি গৈছে সেয়া ৰামানুজনে গম পোৱা নাছিল। ৰামানুজনে অসুখৰবাবে ১৯১৮ চনত নিজা খৰছত ঘৰলৈ ঘূৰি আহিবলৈ মাকৰ অনুমতি বিচাৰিলে। গৱেষণা সামৰি গুচি আহিবলৈ মাকে অনুমতি নিদিলে। অসুখ, জানকীৰ একো খবৰ বাতৰি নোপোৱা, গৃহকাতৰতা, আদিত হতাশ হৈ ৰামানুজন লণ্ডন টিউব ট্ৰেইনৰ ট্ৰেকত থিয় দিলেগৈ। দৈৱক্ৰমে গাৰ্ড এজনে দেখা পোৱাত ট্ৰেইনখন সামান্য আগত কোনোমতে ৰখাবলৈ সক্ষম হোৱাত অঘটনৰপৰা বাচিল। পুলিছ কেছ হ’ল। হাৰ্ডিৰ তৎপৰতা আৰু লণ্ডন পুলিছে ৰামানুজন ডাঙৰ গণিতজ্ঞ বুলি জানিব পাৰি এৰি দিলে। হাৰ্ডিৰ বিশেষ উদ্যোগৰবাবে পিছৰ সময়খিনিত মানসিক পীড়াৰপৰা ৰামানুজনে উদ্ধাৰ পালে।

যেতিয়া ১৯১৯ চনত ৰামানুজন ভাৰতলৈ ঘুৰি অহাটো নিশ্চিত হ’ল, তেতিয়া তেওঁ মাকলৈ দিয়া চিঠিৰে জানকীক বোম্বাই ৰেল ষ্টেচনত তেওঁক লগ ধৰিবলৈ লিখিলে। তেওঁ জাহাজেৰে লণ্ডনৰপৰা বোম্বাইত উপস্থিত হৈ তাৰপৰা ৰেলেৰে মাদ্ৰাজলৈকে যোৱাৰ সিদ্ধান্ত হৈছিল। কিন্তু মাকে সেই চিঠি জানকীলৈ নপঠালে। পিছত বাতৰি কাকতৰ যোগেদিহে ৰামানুজন যে ভাৰতলৈ উভতি আহিছে সেয়া জানকীয়ে জানিব পাৰিলে। ৰামানুজনক আদৰিবলৈ মাক আৰু ৰামানুজনৰ সৰু ভায়েক বোম্বাইলৈ আহিল। ৰামানুজনে তেওঁলোকক লগ পায়েই সুধিলে “তাই ক’ত?” ৰামানুজনৰ জেদত জানকীলৈ খবৰ পঠোৱা হ’ল যে তাই যাতে শীঘ্ৰে মাদ্ৰাজলৈ আহে।

সুদীৰ্ঘ পাঁচ বছৰৰ মূৰত বিদেশৰপৰা ঘুৰি অহা অসুখে বিধ্বস্ত কৰা শীৰ্ণ শৰীৰৰ ৰামানুজনক দেখি জানকীৰ কি অৱস্থা হৈছিল সহজেই অনুমেয়। পিছৰ এবছৰ জানকীয়ে ৰামানুজনৰ খুব ভালকৈ যত্ন লৈছিল। ৰামানুজনৰ শৰীৰৰ বিষ পাতলাবলৈ গৰম সেক দিছিল। তাৰ বাবে পানী তপতাবলৈ ব্যৱহাৰ কৰা পিতলৰ পাত্ৰটো জানকীয়ে আজীৱন নিজৰ লগত সাঁচি ৰাখিছিল। জানকীৰ মৰম আৰু শুশ্ৰূষা পাই ৰামানুজনে তাইক কৈছিল, “তোমাক ইংলেণ্ডলৈ লৈ যোৱা হ’লে মই অসুখত নপৰিলোহেঁতেন।” সেই সময়ৰ পৰিৱেশ আৰু পৰিস্থিতিয়ে চাগৈ ইংলণ্ডলৈ পঠিওৱা আৰু মাতি নিয়া ৰামানুজনৰ শুভাকাংক্ষীবোৰক এই দিশটো অনুধাৱন কৰাৰ অৱকাশেই দিয়া নাছিল।

মৃত্যুৰ চাৰিদিন আগলৈকে ৰামানুজনে অংক কৰি আছিল। শেষৰ চাৰিদিনত ৰোগপীড়া অসহনীয় হোৱাতহে অংক কৰিবলৈ এৰিছিল। চিকিৎসকৰ অশেষ চেষ্টা আৰু জানকীৰ বিশেষ পৰিচৰ্যাইও ৰামানুজনক সুস্থ কৰি তুলিব নোৱাৰিলে। অসুখৰ ওচৰত হাৰ মানি ১৯২০ চনৰ ২৬ এপ্ৰিলত ৰামানুজনে মাথোঁ বত্ৰিছ বছৰ বয়সত ইহলীলা সম্বৰণ কৰিলে।

ইহসংসাৰ ত্যাগ কৰাৰ পূৰ্বে ৰামানুজনে জানকীক অভয় দি কৈছিল যে তেওঁৰ মৃত্যুৰ পিছত তাই টকা-পইচাৰ বাবে চিন্তাই কৰিব নেলাগে। কিন্তু প্ৰকৃততে তেনেকুৱা নহ’ল। ৰামানুজনৰ অসুখ আৰু অকাল মৃত্যুৰ বাবে শাহুৱেকে জানকীক দোষাৰোপ কৰিছিল। শাহুৱেকৰ মতে জানকীৰ ওপৰত শনিৰ কোপদৃষ্টি আছে আৰু সেয়েহে ৰামানুজনৰ সেই অৱস্থা! স্পষ্টবাদী আৰু নিৰ্ভীক জানকীয়ে শাহুৱেকৰ প্ৰচণ্ড বাধাকো নামানি বোম্বাইত থকা ককায়েকৰ ঘৰলৈ গুচি গৈছিল। আমোদজনক কথাটো হ’ল তাত গৈ জানকীয়ে প্ৰাইভেটকৈ ইংৰাজী শিকিছিল। বুজিব আৰু পঢ়িব পৰা হৈছিল, অলপ-চলপ ক’বও পাৰিছিল। সেই যে ৰামানুজনে তাইক বোম্বাই ৰেল ষ্টেচনত বিদেশৰপৰা ঘূৰি আহোঁতে আদৰিবলৈ ৰৈ থাকিবলৈ কৈছিল! জানকীয়ে বৃদ্ধাৱস্থাত দিয়া সাক্ষাৎকাৰৰদ্বাৰা বুজিব পাৰি যে ৰামানুজনক আদৰিবলৈ নোপোৱাৰ দুখটো তাই কঢ়িয়াই লৈ ফুৰিছিল! ৰামানুজন সম্পৰ্কীয় বা-বাতৰিবোৰ পঢ়িবলৈও চাগৈ তাইক ইংৰাজী জনাটো প্ৰয়োজনীয় হৈ পৰিছিল। বোম্বাইত জানকীয়ে ছয়-সাত বছৰমান থাকি চিলাই শিকি উঠি ওচৰ চুবুৰীয়া মহিলা আৰু ছোৱালীবোৰৰ শাৰী, ফ্ৰক, আদি অতি কম মূল্যত চিলাই কৰি দিয়াৰ ওপৰিও তেনে কামৰ প্ৰশিক্ষণ দি উপাৰ্জনৰ পথ উলিয়াইছিল। পিছলৈ তেওঁ মাদ্ৰাজৰ ট্ৰিপ্লিকেনত থাকিবলৈ লয়। জানকী বৰ দয়ালু আৰু উদাৰ আছিল। নিজৰ উপাৰ্জনৰ এক চতুৰ্থাংশ মন্দিৰলৈ আৰু আন এক চতুৰ্থাংশ দুখীয়াক দান দিছিল। ওচৰ চুবুৰীয়াক সততে সহায় কৰিছিল। এগৰাকী বান্ধৱীৰ জীয়েকৰ নিউমুনীয়াত মৃত্যু হোৱাত তাইৰ সাত-আঠ বছৰীয়া ল’ৰা ৱাল্লিনুৰু নাৰায়ণনক ১৯৫১ চনমানৰপৰা তুলি-তালি শিক্ষিত কৰিছিল। নাৰায়ণন আৰু তেওঁৰ পৰিবাৰ বৈদেহী দুয়ো ভাৰতীয় ষ্টেট বেংকত চাকৰি কৰিছিল আৰু জানকীক নিজৰ মাতৃ জ্ঞান কৰিছিল। নাৰায়ণনে জানকীৰ আলপৈচান ধৰিবলৈকে ১৯৮৮ চনত চাকৰিৰপৰা স্বেচ্ছামূলক অৱসৰ লৈছিল। জানকী কিন্তু স্বাধীন মনৰ আছিল, নবৈ বছৰ বয়সলৈকে নিজে সজা ঘৰত অকলশৰীয়াকৈ আছিল। জানকীৰ জীৱনৰ অন্তিম চাৰিবছৰহে নাৰায়ণনে নিজৰ ঘৰত ৰাখি আলপৈচান ধৰিবলৈ সুযোগ পাইছিল।

ৰামানুজনৰ মৃত্যুৰ পিছত মাদ্ৰাজ বিশ্ববিদ্যালয়ৰ তৰফৰপৰা মাহে ২০ টকাকৈ জানকীক পেঞ্চন দিয়া হৈছিল। এই পৰিমাণ ১৯৬২ চনত ৰামানুজনৰ পয়সত্তৰ বছৰীয়া জন্মজয়ন্তীৰ পিছৰপৰাহে মাহে ৬০ টকালৈ বৃদ্ধি কৰা হৈছিল। উল্লেখযোগ্য যে সেই বছৰ ৰামানুজনৰ সন্মানাৰ্থে চৰকাৰে এটি ডাক টিকট মুকলি কৰিছিল, আৰু তেনে এটি অনুষ্ঠানতে সুদীৰ্ঘ বিয়াল্লিছ বছৰ ব্লাউজবিহীন বিধৱা সাজ পিন্ধাৰ অন্তত জানকীয়ে ব্লাউজ পিন্ধিছিল আৰু পিছলৈও তেনে সাজেই পিন্ধিছিল। মাদ্ৰাজ বিশ্ববিদ্যালয়ৰ তৰফৰপৰা দিয়া পেঞ্চনৰ পৰিমাণ তাৰ ছবছৰ আৰু দহ বছৰৰ অন্তৰালত মাহে যথাক্ৰমে ১২০ টকা আৰু ২০০ টকালৈ আৰু পৰিশেষত মাহে ৩০০ টকালৈ বৃদ্ধি কৰা হৈছিল। ঠিক তেনেকৈ ১৯২০ চনত ৰামানুজনৰ মৃত্যুৰ ভালেমান সময়ৰ পিছৰ পৰাহে তামিলনাডুৰ চৰকাৰে জানকীলৈ মাহে ৫৬ টকাকৈ পেঞ্চন আগবঢ়াইছিল। এই পৰিমাণ ১৯৮৫ চনতহে ৫০০ টকালৈ বঢ়োৱা হৈছিল। মাদ্ৰাজ বন্দৰ ন্যাসৰ তৰফৰপৰা ১৯৮১ চনৰ ডিচেম্বৰ মাহৰপৰা তেওঁলোকৰ আটাইতকৈ প্ৰখ্যাত কেৰাণীজনৰ বিধৱা পত্নী জানকীলৈ মাহে ৩০০ টকাকৈ পেঞ্চন আগবঢ়োৱা হৈছিল।

ভাৰতলৈ ঘূৰি অহাৰ পিছত ৰামানুজনে এখনহে চিঠি হাৰ্ডিলৈ লিখিছিল, ১৯২০ চনৰ ১২ জানুৱাৰীত, অৰ্থাৎ মৃত্যুৰ চাৰে তিনিমাহ আগত। কালক্ৰমত প্ৰসিদ্ধ হৈ পৰা এই চিঠিখনত ৰামানুজনে হাৰ্ডিক জনাইছিল যে শেহতীয়াকৈ তেওঁ এবিধ অতি চিত্তাকৰ্ষক নতুন ফলনৰ আৱিষ্কাৰ কৰিছে যিবোৰক তেওঁ মক থেটা ফলন (Mock Theta Functions) হিচাবে নামকৰণ কৰিছে। চিঠিৰ লগত তেওঁ ন-আৱিষ্কৃত সোতৰটা মক থেটা ফলন আৰু সেইবোৰৰ মাজৰ সম্পৰ্ক কিছুমানো পঠালে। ৰামানুজনৰ সেই নতুন ফলনবোৰৰ ওপৰত তেওঁৰ মৃত্যুৰ পিছত যথেষ্ট গৱেষণা চলিল, বিভিন্নজনে ৰামানুজনে চিঠিত প্ৰমানবিহীনভাৱে দিয়া ফলাফল কিছুমানৰ ব্যাখ্যা দিবলৈ সক্ষম হ’ল। ৰামানুজনৰ টোকাবহী সম্পাদনা কৰা আমেৰিকাৰ ব্ৰুচ বাৰ্ণ্টক দিয়া এটা সাক্ষাৎকাৰত জানকীয়ে কৈছিল যে ৰামানুজনৰ অন্ত্যোষ্টিক্ৰিয়া আৰু শ্ৰাদ্ধৰ সময়ত বিভিন্নজনে ৰামানুজনৰ ইটো সিটো বস্তু সৰকাইছিল। জানকীৰ ককায়েকে পুলিছ মাতিহে পৰিস্থিতি চম্ভালিব পাৰিছিল। আনকি দুজন ব্যক্তিয়ে ৰামানুজনে কৰা অংকৰ কাগজ কিছুমানো লৈ গৈছিল। অধ্যাপক বাৰ্ণ্টক সেই দুজন ব্যক্তিৰ নামো জানকীয়ে কৈছিল। [ব্যক্তিগত: কাকো নক’বলৈ কৈ নাম দুটা অধ্যাপক বাৰ্ণ্টে মোক কৈছিল। নাম দুটা মোৰ মনত আছে যদিও গোপনীয়তা ভংগ নকৰোঁ বুলি দৃঢ় মনেৰে ভাবি লৈছোঁ।] বাকী থকা কাগজ-পত্ৰবোৰ জানকীয়ে সংৰক্ষণৰ বাবে মাদ্ৰাজ বিশ্ববিদ্যালয়ক দান দিছিল। সেইবোৰ ১৯২৩ চনত মাদ্ৰাজ বিশ্ববিদ্যালয়ৰ তৰফৰপৰা হাৰ্ডিলৈ পঠোৱা হৈছিল, সম্পাদনা কৰি প্ৰকাশ কৰিবৰ বাবে। হাৰ্ডিয়ে ৰামানুজনৰ টোকাবহীবোৰৰ সম্পাদনাৰ কাম হাতত লোৱা জৰ্জ ৱাটচনক সেইবোৰ গতাই দিছিল। উল্লেখনীয় যে ১৯৬৫ চনত ৱাটচনৰ মৃত্যুৰ পিছত তেওঁৰ অফিচত থকা সকলো কাগজ-পত্ৰ কেম্বিজৰ ট্ৰিনিটী কলেজ লাইব্ৰেৰীলৈ হস্তান্তৰ কৰা হৈছিল। ৰামানুজনৰ মক থেটা ফলন সম্পৰ্কীয় গৱেষণা চলোৱা আমেৰিকাৰ পেনচিলভেনিয়া ষ্টেট বিশ্ববিদ্যালয়ৰ অধ্যাপক জৰ্জ এন্দ্ৰুজে ১৯৭৬ চনত ৱাটচনৰ কাগজবোৰৰ মাজত অতি কাকতালীয়ভাৱে ৰামানুজনৰ হস্তলিখিত ১৩৮ পৃষ্ঠাৰ ৮৭ খিলা খোলা কাগজ বিচাৰি পালে য’ত মক থেটা ফলনকে আদি কৰি বহুতো নতুন সূত্ৰ লিপিৱদ্ধ আছিল। এন্দ্ৰুজে এইখিনিৰ নাম দিলে “ৰামানুজনৰ হেৰোৱা টোকাবহী”। ৰামানুজনে হাৰ্ডিলৈ দিয়া অন্তিম চিঠিখনত থকা মক থেটা ফলনকইটাৰ বাহিৰেও আৰু বহুতো মক থেটা ফলন সম্পৰ্কীয় সূত্ৰ ইয়াত সন্নিৱিষ্ট আছিল। উল্লেখনীয় যে ৰামানুজনৰ ছশৰো অধিক সূত্ৰ সেই কাগজবোৰত আছিল আৰু প্ৰায়বোৰ সূত্ৰই ৰামানুজনে চিৰবিদায়ৰ মাত্ৰ কেইমাহমান আগতেহে আৱিষ্কাৰ কৰিছিল, তীব্ৰ নৰীয়াৰ মাজতে। এন্দ্ৰুজৰদ্বাৰা “ৰামানুজনৰ হেৰোৱা টোকাবহী” উদ্ধাৰৰ খবৰে গাণিতিক জগতত হৈ চৈৰ সৃষ্টি কৰিলে। এন্দ্ৰুজৰ সাক্ষাৎকাৰ দেশ-বিদেশৰ বাতৰি কাকতত প্ৰকাশিত হ’ল। সকলোৱে বুজিলে যে জানকীয়ে সেই “ৰামানুজনৰ হেৰোৱা টোকাবহী”ৰ পৃষ্ঠাকেইটা সযতনে ৰাখি মাদ্ৰাজ বিশ্ববিদ্যালয়ক দান দিয়াৰবাবেহে ৰামানুজনৰ অভিনৱ আৱিষ্কাৰ নেহেৰোৱাকৈ ৰ’ল।



ৰামানুজনৰ পয়সত্তৰ বছৰীয়া জন্মজয়ন্তীতে তেওঁৰ এটা আবক্ষ মূৰ্তি চৰকাৰে স্থাপন কৰিব বুলি প্ৰতিশ্ৰুতি দিছিল। এন্দ্ৰুজৰদ্বাৰা “ৰামানুজনৰ হেৰোৱা টোকাবহী”ৰ আৱিষ্কাৰ হোৱাৰ পিছত ভাৰতৰ বহুল প্ৰচলিত “দ্য হিন্দু” কাকতত জানকীৰ এটি সাক্ষাৎকাৰ ছপা হৈছিল, য’ত জানকীয়ে আক্ষেপ কৰিছিল যে ৰামানুজনৰ আবক্ষ মূৰ্তিটো প্ৰতিশ্ৰুতি দিয়াৰ কুৰি বছৰৰ পিছতো গঢ়ি নুঠিল। সাক্ষাৎকাৰটোৰদ্বাৰা জানকীৰ মনৰ বেথা বুজিব পাৰি ৰামানুজনৰ গণিতৰ এটি বিশেষ শাখাত গৱেষণা কৰা আমেৰিকাৰ গণিতজ্ঞ ৰিচাৰ্ড আস্কিয়ে বিশেষ উদ্যোগ লৈ আমেৰিকাৰ প্ৰসিদ্ধ ভাষ্কৰ্য্য শিল্পী পল গ্ৰেণলুন্দৰ হতুৱাই ৰামানুজনে ইংলেণ্ডৰপৰা ভাৰতলৈ আহোঁতে প্ৰস্তুত কৰা পাচপোৰ্টৰ ফটোখনৰ আধাৰত ব্ৰঞ্জৰ আবক্ষ মূৰ্তি গঢ়োৱাৰ সিদ্ধান্ত ল’লে। তাৰবাবে চৰকাৰলৈ অপেক্ষা নকৰি বিশ্বৰ বিভিন্ন প্ৰান্তৰ গণিতজ্ঞ আৰু বিজ্ঞানী কিছুমানক বৰঙণিৰ বাবে আস্কিয়ে আহ্বান জনালে। অভূতপূৰ্ব সঁহাৰিৰে লাভ কৰা বৰঙণিৰ সহায়ত ৰামানুজনৰ আবক্ষ মূৰ্তিয়ে প্ৰাণ পালে। দহটা প্ৰতিলিপিও গঢ়া হ’ল। মূল আবক্ষ মূৰ্তিটো ১৯৮৫ চনত জানকীক অৰ্পণ কৰা হ’ল। জানকীয়ে অৰ্থদান কৰা প্ৰতিজন ব্যক্তিলৈ একোখন চিঠিৰে কৃতজ্ঞতা জনালে। জানকীৰ মতে ব্ৰঞ্জৰ আবক্ষ মূৰ্তিটোৱে ৰামানুজনৰ আচল ৰূপটো ধৰি ৰাখিছিল। সেইটো তাই অনবৰতে লগত ৰাখিছিল। পুৱা-গধূলি সমূখত আঠু কাঢ়ি সেৱা কৰিছিল।

জানকীয়ে মাত্ৰ তিনিবছৰহে ৰামানুজনৰ সৈতে একেলগে পৰিয়াল পৰিজনেৰে সৈতে ভৰা ঘৰ এখনত কটাবলৈ সুযোগ পাইছিল। মাথো বিশ বছৰতে বৈধৱ্যক সাৱটি লোৱা জানকীয়ে পিছৰ পঁচসত্তৰ বছৰ স্বামীৰ স্মৃতি আজীৱন হৃদয়ত সঁচা অৰ্থত কঢ়িয়াই লৈ ফুৰিছিল। এটি টিনৰ বাকচত জানকীয়ে ৰামানুজনৰ ইংলণ্ডত তৈয়াৰী পাচপোৰ্টখন, বন্ধুবোৰে ৰামানুজনলৈ দিয়া চিঠি কিছুমান, ফটা-চিটা কাগজৰ টুকুৰা কিছুমান, পুৰণি মালা কেইধাৰিমান, ৰামানুজনৰ বাতৰি প্ৰকাশ পোৱা খবৰ কাগজৰ টুকুৰা, ৰামানুজনৰ সন্মানাৰ্থে প্ৰকাশ কৰা স্মৰণিকাৰ কপি, আদি সযতনে আমৃত্যু সাঁচি ৰাখিছিল। জানকীৰবাবে ৰামানুজন সম্পৰ্কীয় আটাইতকৈ বেছি স্মৰণীয় তিনিটা কথা আছিল ৰামানুজনৰ কৌতুকপূৰ্ণ কথা-বতৰা, পৰিয়ালৰ প্ৰতি থকা দায়বদ্ধতা, আৰু গণিতত সমৰ্পিত মন। জানকীয়ে এটি সাক্ষাৎকাৰত কৈছিল যে তেওঁৰ অংকবোৰ তাই নুবুজিব পাৰে কিন্তু সেইবোৰৰ মহত্ব আৰু মূল্য ভালকৈ বুজি পায়। কাৰণ জানকীৰ ভাষাত, “তেওঁ অনবৰতে অংকতেই মগ্ন আছিল।” পুত্ৰসম নাৰায়ণনৰ ঘৰত ১৯৯৪ চনৰ ১৩ এপ্ৰিলত পঁচানৱৈ বছৰ বয়সত জানকীয়ে শেষ নিশ্বাস ত্যাগ কৰিলে। স্মৃতিকাতৰ জীৱন এটিয়ে যেন ভাগৰুৱা হৈ চিৰশান্তিৰ কোলাত শুই পৰিল।

1 COMMENT

  1. পঢ়ি খুব ভাল লাগিল। প্ৰাংগণৰ লেব’ৰেটৰীৰ সকলো লিখনি অতি উন্নতমানৰ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here