প্ৰতিক্ৰিয়া

হেমাংগ গগৈ

এইযে মাজে মাজে মই নাথাকো
তোৰ বাৰু বেজাৰ লাগেনে !
বেজাৰত আজাৰ ফুলেনে !

বেজাৰত আচাৰ খাবলৈ ভাল
শুকুৱাবলৈহে দিগদাৰ

দিনে প্ৰতিদিনে বেলিৰ সৈতে মিতিৰালি
তাপ উত্তাপৰ সৰ্বজনবিদিত কাহিনীৰ বিপৰীতেও
বেলিটো সুমথিৰাটোৰ দৰেই ধুনীয়া

লোভৰ পানী পৰি ভোকত থকা হনুমানে
দহৰ কথা নাভাৱি পেটৰ কথাহে ভাবিলে
বেলিটো গিলি থ’লে

তাহানিতেই গিলা বেলিটো আজিও নোলাল
নুশুকুওৱা তিয়নী শুকুৱাবলৈ বেলিলৈ ৰৈ ৰৈ
মানুহবোৰ টোপনি গ’ল
আন্ধাৰত চকু পোত গ’ল

ভৰপক দুপৰীয়াৰ সলনি ডাৱৰীয়া দিনবোৰতো
টেঙা দেখি জিভাৰ পানী পৰে
ঘ্ৰাণ নে সোৱাদৰ লোভ পাচৰ কথা,
ভোকৰ বাবেহে ভাতলৈ ইমান অপেক্ষা ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here