প্ৰতিৱেশী

যুগললোচন দাস

: হেৰা, নতুন প্ৰতিৱেশী ঘৰ কেনে হ’ব হে?
: গম নাপাওঁ।
: কিয়, তুমি খা-খবৰ লোৱা নাই নেকি?
: নিজৰ ঘৰখনৰেই ভালদৰে আল মাৰিব পৰা নাই, লোকৰ খবৰ লবলৈ মোৰ জানো আহৰি আছে !
: নহয়হে, ওচৰলৈ এঘৰ নতুন প্ৰতিৱেশী আহিব, চা-চিনাকি নাথাকিলেও তেওঁলোকৰ বিষয়ে দুই এটা কথা জনাতনো অসুবিধা কি? সোঁফালৰ সীমাৰ সিপাৰে নতুনকৈ সাজি থকা পকাৰ বিল্ডিংটোলৈ চাই ক’লে অভয় বৰুৱাই।
: আপুনি যেতিয়া ইমান উৎসুক, খা-খবৰ আপুনিয়েই লওঁক।আপোনাৰ হাতত প্ৰচুৰ সময় আছে। ঘৈণীয়েক কদমিৰ ভেকাহিত তেওঁ আৰু কোনো প্ৰশ্ন নকৰিলে।
নিশাটোৰ ভিতৰতে মাটি ফুটি অট্টালিকাটো ওলোৱা যেন লাগিল বৰুৱাৰ। সৌ সিদিনা ইটা-বালি- শিল পেলাইছিলহে। পইচাৰ বল। সেয়ে কম সময়ৰ ভিতৰতে থিয় কৰাব পৰিছে তিনিমহলীয়া ঘৰটো। ৰজত শইকীয়ালৈ খং উঠি গ’ল বৰুৱাৰ। মাটিখিনি শইকীয়াৰ আছিল। বৰুৱাৰ একে বয়সৰ অৱসৰ লোৱা মানুহ। চুবুৰীটোত লগ সংগ বুলিবলৈ একমাত্ৰ শইকীয়াই আছিল। শইকীয়া আৰু তেওঁৰ পত্নী অকলে আছিল আছাম টাইপৰ সৰু ঘৰটোত। একমাত্ৰ পুত্ৰ চাকৰিসূত্ৰে থাকে ডিব্ৰুগড়ত। কলেজৰ অধ্যাপক । নাতি- বোৱাৰীও পুত্ৰৰ লগতে থাকে। প্ৰতিৱেশী হিচাপে শইকীয়াৰ পৰিয়ালটো বৰ ভাল আছিল। বিপদে-আপদে বাদেই এনেই দিনটোৰ ভিতৰত কেবাবাৰো মাত-বোল চলি থাকে। বৰুৱা অৱশ্যে তেওঁলোকৰ দৰে অকলশৰীয়া নহয়। লগত আছে দুই পুত্ৰ বোৱাৰী আৰু দুটাকৈ নাতি ল’ৰা। ঘৰখন ভৰপূৰ। তথাপি অৱসৰৰ পিছৰ সময়খিনিত এজন সমবয়সীয়াৰ প্ৰয়োজন হয়। বৰুৱাই শইকীয়াক পাইছিল। দুয়ো ৰোমন্থন কৰিছিল সময় বালিত এৰি থৈ অহা জীৱনৰ খোজবোৰ। জীৱনত কি পালে- নাপালে, সন্তুষ্টি-অসন্তুষ্টি, সুখ-দুখৰ হিচাপবোৰ কৰিছিল দুয়ো অতি একাত্মভাৱে। যোৱা বছৰ প্ৰেছাৰ স্ট্রোকত শইকীয়ানী ঢুকোৱাৰ পিছত শইকীয়া অকলশৰীয়া হৈ পৰাত পুত্ৰ বোৱাৰীয়ে তেওঁক লগত ৰাখিব বিচাৰিছিল, কিন্তু তেওঁ কিছুদিন নিজৰ ঘৰটোত থকাৰ সিদ্ধান্ত লৈছিল। বৰুৱাৰ সংগ এৰিব বিচৰা নাছিল মানুহজনে। দিনটোৰ সৰহখিনি সময় বৰুৱাৰ ঘৰতেই কটাই দিয়ে। উদাস দৃষ্টিৰে শইকীয়াই কৈছিল – বৰুৱা, মানুহৰ জীৱনটোত একো নাই। সকলো দেখোন অসাৰ। অথচ এই জীৱনটো উপভোগ কৰিবলৈ আমাৰ হেঁপাহৰ অন্ত নাই । জীৱনৰ প্ৰতিটো মুহূৰ্ত উদযাপন কৰিবলৈ তৎপৰ হৈ পৰোঁ। শেষত কিন্তু সকলো অসাৰ।
: হয়। বয়সতহে আমাৰ মনলৈ আহে এই অনুভৱ। বৰুৱাই সমৰ্থন কৰি কৈছিল।
: তেওঁ মোক এৰি থৈ যোৱাৰ পিছৰ পৰাই জীৱনটো মূল্যায়ন কৰিছো বৰুৱা। ভাল কাম কিমান কৰিলোঁ নিজকে প্ৰশ্ন কৰিছোঁ। নিজক লৈ ব্যস্ত থাকোঁতেই দেখোন সময়বোৰ অতীত হৈ গ’ল। ঘৰ সংসাৰ, ল’ৰা – ছোৱালীক পঢ়াই শুনাই মানুহ কৰা এইবোৰতেই চোন সময়বোৰ শেষ হৈ গ’ল। কিবা এটা ভাল কাম কৰাৰ হেঁপাহ থাকি গ’ল বৰুৱা।
: হয়। এটা ভাল কামেৰে সমাজত স্বীকৃত হৈ গ’লে জীৱনটো সাৰ্থক হোৱা যেন লাগে।
: কিন্তু এই বয়সত কি ভাল কাম কৰিম?
: শইকীয়া, আপুনি কেতিয়াবা বেয়া কাম কৰিছে বুলি কোনেও কোৱা নাই। উপকাৰ কৰিব নোৱাৰিলেও কাৰো অপকাৰো কৰা নাই। চাকৰি জীৱনৰ আপোনাৰ সততাক সকলোৱে এতিয়াও শলাগে। সেইটোৱেই আপোনাৰ বাবে ডাঙৰ স্বীকৃতি।
: বিত্ত বিভাগত কৰা চাকৰিৰ সময়ত মই ইচ্ছা কৰা হ’লে আওপকীয়াভাবে বহু ধন-সম্পত্তি ঘটিব পাৰিলোহেঁতেন। কিন্তু মই কোনো সময়তে দুৰ্বল হৈ পৰা নাছিলোঁ আৰু নিজৰ আদৰ্শত অটল হৈ থাকিলোঁ। এতিয়াও আছোঁ। মোৰ এই সৰু আছাম টাইপৰ ঘৰটো দেখি বহুতে উপহাসো কৰিছিল। এই ঘৰটোৱে মোক কিমান শান্তি-সুখ আৰু আনন্দ দিছে, তেওঁলোকেতো বুজি নাপায়। তেওঁ নাথাকিলেও ঘৰটোত মই সকলো সময়তে তেওঁৰ অস্তিত্ব অনুভৱ কৰোঁ। শুনা পাওঁ মই তেওঁৰ শ্বাস-প্ৰশ্বাসৰ শব্দ। সেয়ে ইয়াৰ পৰা যাবলৈ বিচৰা নাই। যদি মই বিচাৰোঁ পুত্ৰই কাইলৈ আহি লৈ যাবহি।
: কিন্তু আপুনি এদিন যাবই লাগিব। বৰুৱাই জোৰ দি ক’লে।
: সেই কথা মনলৈ অনাই নাই। শইকীয়াৰো দৃঢ় উত্তৰ।
: অসুখ-বিসুখ হ’লে পুত্ৰই আপোনাক অকলে থাকিব নিদিব।
: কিবা হ’ব লগা থাকিলে ইয়াতেই হ’ব দিয়ক। আপোনালোক আছেই দেখোন।
: এহ, তেনে কথা নক’ব শইকীয়া।
: মই এটা চিন্তা কৰিছোঁ। মই মৰাৰ পিছত ঘৰ-মাটি কোনো অনাথ আশ্ৰমক দান দিবলৈ পুত্ৰক কৈ যাম। সিহঁত যে এইটো ঘৰলৈ ঘূৰি নাহে, মই নিশ্চিত। মোৰ বাবে সেয়াই ভাল কাম হ’ব।
: আপোনাৰ চিন্তাটো বৰ ভাল।
: হয়, মই বহুত শান্তি পাম। আপোনালোকে অলপ চোৱা-চিতা মানে তদাৰক কৰিব।
: সেইবোৰ চিন্তা পিছত কৰিম দিয়ক শইকীয়া। আপুনি ভালে-কুশলে জীয়াই থাকক।
দুমাহমানৰ পিছত শইকীয়াৰ হঠাতে স্ট্রোক হৈ মৃত্যু ঘটিল। নিশা শুই থকা অৱস্থাতে নিথৰ হৈ পৰিছিল তেওঁৰ দেহাটো। দুৱাৰ ভাঙিহে উদ্ধাৰ কৰা হৈছিল শইকীয়াৰ নিষ্প্ৰাণ দেহটো নিজৰ কোঠাটোৰ পৰা।
প্ৰতিৱেশী বন্ধুৰ মৃত্যুৰ পিছত অকলশৰীয়া হৈ পৰিল বৰুৱা। মনৰ সুখ -দুখৰ কথা মুকলিভাৱে পতা এজন সুহৃদৰ অভাৱ বাৰুকৈয়ে অনুভৱ কৰিলে। অন্ধকাৰত নিমজ্জিত আৰু হাবি জংঘলেৰে ঘেৰি পেলোৱা ঘৰটো দেখিলেই বৰুৱাৰ বুকুখন বিষাই যায়।

কিছুদিনৰ পিছত হাতুৰীৰ শব্দত উচপ খাই উঠিল বৰুৱা। মুহুৰ্তৰ ভিতৰতে ৰজত শইকীয়াৰ ঘৰটো ভাঙি চিন মোকাম নোহোৱা কৰি পেলোৱা হ’ল । দুদিনমানৰ পিছত পৰিল ইটা-বালি-শিল। ট্ৰাকবোৰৰ অহা যোৱাৰ সঘন শব্দত অস্থিৰ হৈ পৰিল বৰুৱা। খবৰ পালে যে শইকীয়াৰ অধ্যাপক পুত্ৰই ঘৰ-মাটি কোনো লোকক বিক্ৰী কৰি দিছে। কোনে ক্ৰয় কৰি ৰাতিটোৰ ভিতৰতে বিশাল অট্টালিকাটো সজালে, তাৰ কোনো নাম-ঠিকনা, পৰিচয় উলিয়াব নোৱাৰিলে তেওঁ। ঘৈণীয়েক কদমিক সুধিও নাপালে কোনো সদুত্তৰ। আগ্ৰহেৰে সুধিবলৈ গৈ কদমিৰ পৰা পালে এটা ভেকাহি। নতুন প্ৰতিৱেশীক লৈ হোৱা কৌতুহল-উৎকণ্ঠা মনতেই তাপ মাৰিলে বৰুৱাই।
পুৱা জৰ জৰ কৈ পানী পৰি থকাৰ শব্দত টোপনি ভাগি গ’ল বৰুৱাৰ। বৰষুণ বুলি ভাবিলে। কোনো টেংকি ভৰ্তি হৈ নিৰ্গমন নলীৰে নিগৰি পৰা পানীৰহে শব্দ। বৰুৱাই জাঁপ মাৰি উঠি ছাদলৈ গৈ নিজৰ টেংকি দুটা পৰীক্ষা কৰিলে। তাত পানী ভৰ্তি হৈ পৰাৰ কোনো চিনেই নাই। ঢাকনি তুলি চালে। দুয়োটা টেংকিৰ তলি স্পর্শ কৰিছে পানীয়ে। পাম্পিং মেচিনো বন্ধ। কোনেও চলোৱা নাই। বৰুৱা হতবাক !! পানী পৰাৰ শব্দটো আহিছে ক’ৰ পৰা ?? হঠাৎ প্ৰতিৱেশীৰ নিৰ্মিত ভৱনলৈ চকু যোৱাত থৰ লাগিল বৰুৱা। কোনো নথকা ঘৰটোৰ ছাদত থকা টেংকিৰ পৰা পানী পৰি আছে। হয়তো নিশাই চাপ্লাইৰ পানী পাইপৰ চুইছ খুলি থৈ গৈছিল। এতিয়া টেংকি ভৰ্তি হৈ পৰিব ধৰিছে। চাপ্লাই পানীৰ এনে অপচয় হোৱা দেখি বৰুৱাৰ মূৰটো গৰম হৈ গ’ল। কেনে প্ৰতিৱেশী, অকনো কাণ্ডজ্ঞান নাই ! কেতিয়াবা এটুপি খোৱা পানীৰ কাৰণে কিমান হাহাকাৰ হয়, সেই কথাৰ উমান নাপায় নেকি?
বহু সময়ৰ মূৰত কোনোবা আহি চুইছ বন্ধ কৰাত টেংকিৰ পানী পৰা শব্দটো কাণৰ পৰা আতঁৰিছিল বৰুৱাৰ। জৰ জৰ শব্দটোৱে তেওঁক অস্থিৰ কৰি তুলিছিল। এই ঘটনাৰ আৰু পুনৰাবৃত্তি নঘটে বুলিয়েই ভাবি লৈছিল বৰুৱাই। কিন্তু এদিন দুদিনকৈ সদায় টেংকিৰ পৰা বহু সময়লৈ পানী পৰি থকা ঘটনাটোৱে বৰুৱাক প্ৰায় উন্মাদ কৰি পেলালে।
চকুৰ আগত পানীৰ এনে অপচয় হোৱাটো চাই থাকিব নোৱাৰে। গৃহস্থই কেতিয়াও পানীৰ চুইছ বন্ধ কৰিবলৈ অহা দেখা নাই । কাম কৰা মিস্ত্রী অহাৰ পিছতহে বন্ধ হয়। দিনৰ দিনটো ঘৰ নিৰ্মাণৰ কামত পানী ব্যৱহাৰ কৰি সিহঁতেই চুইছ অন কৰি গুচি যায়। গৃহস্থক দেখিলে কথাটো ক’ব বুলি বৰুৱা পদুলি মুখত ৰৈ থাকিল।
বিলাসী গাড়ীখনৰ পৰা সুন্দৰী পত্নীৰ লগতে নামি আহিল ডেকা মানুহজন। দেখাত সুন্দৰ-সুঠাম চেহেৰা।
: ঘৰটো আপোনালোকে সজাইছে। বৰুৱাই ডেকাজনক সুধিলে।
: হয়। আপুনি?
: মই আপোনাৰ প্ৰতিৱেশী অভয় বৰুৱা। নিজৰ এমহলীয়া ঘৰটোলৈ দেখুৱাই ক’লে।
: এতিয়া কওঁকচোন।
: কথা এটা কওঁ। আপোনালোকৰ টেংকি ভৰ্তি হয় সদায় বহুত পানী অপচয় হৈ আছে। ভৰ্তি হোৱাৰ পিছতেই যদি বন্ধ কৰি দিয়া হয়, এনে অপচয় নহ’ব।
: টেংকি আপোনাৰ নে মোৰ??
: আপোনাৰ।
: মোৰ টেংকিৰ পানী আপোনাৰ ঘৰত সোমাইছে নেকি??
: নাই।
: চৌহদত সোমাই বানপানীৰ সৃষ্টি কৰিছে নেকি?
: নাই ।
: তেন্তে , এইবোৰ কথা মোক শুনাবলৈ আহিছে কিয়?? মোৰ টেংকীত পানী ভৰ্তি হৈ অপচয় হৈছে-নহৈছে তাত আপুনি মোৰ ঘমাইছে কিয়? আপোনাৰ কথা মতে মই পুৱাই বিচনা এৰি টেংকিৰ চুইছ বন্ধ কৰিবলৈ আহিব লাগিব নেকি??
কথাখিনি শুনাই থৈ ডেকাজন ঘৰটোৰ ভিতৰলৈ সোমাই গ’ল। তাচ্ছিল্যৰ হাঁহিটো বৰুৱাক উপহাৰ দি ঘৈণীয়েকে খোজ ল’লে গিৰিয়েকৰ পিছে পিছে।
বৰুৱাৰ ভৰিৰ তলৰ মাটিখিনি প্ৰচণ্ডভাৱে কঁপিল। ৮-৯ ৰিখটাৰ স্কেলৰ প্ৰৱল ভূঁইকপৰ জোকাৰণি। থিয় হৈ থাকিব পৰা নাই তেওঁ। মাটি ফাটি যেন তলৰ পৰা পানী ওলাই আহিব। তাৰ প্ৰচণ্ড সোঁতত উটি যাব বৰুৱা……..।

1 COMMENT

LEAVE A REPLY

Please enter your comment!
Please enter your name here