প্ৰেম

অজন্তা

মোৰ স্পর্শকাতৰ কম্পিত হাতখনৰ আঙুলিকেইটা জয়ন্তৰ উষ্ণ হাতখনে অকণমানকৈ স্পর্শ কৰিলে ৷ বিদ্যুৎ শক্তিৰ দৰে শিহৰণ এটা মোৰ সমগ্ৰ শৰীৰৰ শিৰাই উপশিৰাই বাগৰি গ’ল ৷ প্ৰেমৰ কোনো পূর্বানুমান মোৰ নাছিল ৷ মোৰ বাবে সেই শিহৰণ হৈ পৰিল প্ৰেমৰ অন্য এক নাম ৷ সেই শিহৰণে মোৰ সমগ্ৰ সত্বা এনেকৈ গ্ৰাস কৰি পেলালে যে মই নিমিষতে জয়ন্তৰ ওচৰত আত্মসমর্পন কৰিছিলো ৷ মোৰ শৰীৰৰ প্ৰতিটো লোমকূপে কৈ উঠিছিল— “মই তোমাৰেই” ৷ মই লাজ, সংকোচ আৰু অপ্ৰত্যাশিত আনন্দত তলমূৰ কৰি ৰৈছিলো ৷ জয়ন্তই দুই হাতেৰে মোৰ মুখখন তুলি ধৰিছিল আৰু আকুলতাৰে সুধিছিল-
: মোক ভালপোৱা অন্তৰা ?
অষ্ফুট স্বৰেৰে মই কৈছিলো-
: অন্তহীন….

আমি দুয়ো এক হৈ পৰিছিলো মুহূর্ত্বতে ৷ মোৰ বাবে সেই নিবিড় আলিঙ্গনৰ অন্য এক নাম প্ৰেম…মাথো প্ৰেম ৷ সেইদিন ধৰি জয়ন্ত আৰু মোৰ অবাধ মিলামিছা ৷ মোৰ বাইদেউ উত্তৰাৰ সহপাঠী বন্ধু ডা: জয়ন্ত আৰু মোৰ মাজত প্ৰেমৰ সম্পর্কই গঢ় লৈ উঠা বৰ বেচিদিন হোৱা নাই ৷ প্ৰেমৰ সম্পর্কৰ লগে লগে আমি বিবাহৰ পৰিকল্পনাও কৰিছিলো ৷ দুয়ো পক্ষৰ কাৰো কোনো ওজৰ আপত্তি উঠাৰ প্ৰশ্নই নাছিল ৷ বৰঞ্চ সকলো খুবেই সুখী হৈছিল ৷ বাধাহীন উর্মিমালাৰ দৰে আমি উফন্দি উঠিছিলো …দিগন্ত বিয়পি পৰিছিলো…বাৰিষাৰ বৰষুণৰ দৰে বৰষিছিলো ৷ চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰাৱস্থাৰ অন্তহীন ব্যস্ততাভৰা দিনবোৰ বৰপেৰাত সামৰি থৈ কিছুদিন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত চাকৰি কৰাৰ পিচত চৰকাৰী চিকিৎসক হিচাবে স্থানীয় চিকিৎসালয় এখনত চাকৰিত যোগদান কৰি জীৱনটো উপভোগ কৰিবলৈ লৈছিল জয়ন্তই ৷ মই ইতিমধ্যে স্নাতক হৈ উঠিছো ৷ জীৱন নামৰ ৰঙ্গমঞ্চ খনলৈ আচম্বিতে আহি পৰা “প্ৰেম” নামৰ দৃশ্যপটত আঁৰ কাপোৰ টানি পুণৰাই বিশ্ববিদ্যালয়ৰ অধ্যয়ণৰ ভাৰখন কান্ধ পাতি লোৱাৰ ইচ্ছা মোৰ মুঠেও হোৱা নাই ৷ বৰঞ্চ মই বিচাৰো জীৱনটো এই খণ্ডতেই ৰৈ যাওক ৷ মই অহর্নিশে প্ৰেমৰ স্বপ্নময় মায়াসনা সমুদ্ৰত সাতুৰি নাদুৰি থকা জলপৰী এজনী হৈ পৰোঁ ৷

জয়ন্ত যিমানেই মোৰ ওচৰ চাপি আহিল সিমানেই গোটেই পৃথিৱীখন মোৰ পৰা বহু দূৰলৈ গুচি যাবলৈ ধৰিলে ৷ প্ৰিয় বন্ধু বান্ধৱীহতঁক মই এৰাই চলিবলৈ ধৰিলো ৷ আমনি পাওঁ সিহঁতৰ ফোন আহিলে; সিহঁতৰ লগত কেনিবা ওলাই যাবলৈ ৷ কাৰণ যি কোনো মুহূর্ত্বত জয়ন্তৰ ফোন আহি যাব পাৰে , বা জয়ন্তই মোক মাতিব পাৰে তাৰ ফ্লেটলৈ বা অন্য কোনো নিৰিবিলি ঠাইত অকলশৰে লগ পাবলৈ ৷ মোৰ মোবাইল ফোনটোৰ ওপৰত জয়ন্তৰ বাদে যেন কাৰো কোনো অধিকাৰেই নাই ৷ স্ক্ৰীনত জয়ন্তৰ নামটো দেখাৰ লগে লগে মই যেতিয়া বান্ধৱী হতঁৰ পৰা দূৰলৈ গৈ বহুসময় কথাপাতি কটাইছিলো আৰু জয়ন্তৰ ওচৰলৈ যাবলৈ উত্ৰাৱল হৈ পৰি সিহঁতক অৱজ্ঞা কৰিছিলো তেতিয়া কিছুদিনলৈ সিহঁতে আমোদ পাইছিল, মোক জোকাইছিল ৷ কিন্তু পিছলৈ সিহঁতে আমনি পোৱা হ’ল আৰু মোক এৰাই চলা হ’ল ৷ মইতো তাকেই বিচাৰিছিলো ৷ মা দেউতাৰ লগত দিনে দিনে মোৰ কথা বতৰা কমি আহিছে ৷ তেওঁলোকক এৰাই নচলিলে মই সকলো সময়তে জয়ন্তৰ লগত ফোনৰ জৰিয়তে সংলগ্ন হৈ থাকিব নোৱাৰো ৷ বাইদেউ ভাইটি ভন্টি হঁতৰ লগত হাই কাজিয়া, চুপতা চুপতিবোৰো ভাল নলগা হৈছে ৷ জিদ কৰি ভন্টি জুপিতৰা আৰু মোৰ কোঠাটোও মই অকলে কাঢ়ি লৈছো ৷ তাইক আলহীৰ বাবে ৰখা কোঠাটোত থাকিবলৈ দিছো ৷ তাই কলেজীয়া ছাত্ৰী ৷ সেয়েহে অজুহাত দেখুৱাইছো যে তাই বহু ৰাতিলৈকে ভুনভুনাই পঢ়ি থাকিলে মোৰ টোপনি নাহে ৷ টোপনি কম হ’লে মোৰ গা বেয়া লাগে আৰু মোৰ “পিগমেন্ট্যেশ্যন”ৰ সমস্যা হয়। কিন্তু আচলতে বহু নিশালৈ জয়ন্ত আৰু মই ফোনত ব্যস্ত থাকো ৷ হোৱাটচ্ এপ, ইন্সট্ৰগ্ৰাম ভিডিঅ কনফাৰেন্স কিমান যে মাধ্যম আমাৰ মাজত ; জয়ন্ত আৰু মোৰ মাজত যিবোৰ কথা বতৰা হয় তাৰ অধিকেই শৰীৰ সর্বস্ব ৷ এখন কায়াহীন পৃথিৱীত সোমাই পৰি আমি স্ত্ৰী পুৰুষৰ শাৰীৰিক মিলনৰ ৰহস্যৰ আঁৰৰ কথাবোৰ পাতিছিলো ৷ আমাৰ দৰে যুৱচামৰ এই “ভার্চুৱেল” পৃথিৱীখন খুবেই জনপ্ৰিয় ৷ সেই পৃথিৱীখন আমি বিচৰা ধৰণেৰেই চলে , বাধ্যবাধকতা, শাসন, অনুশাসন একো নাই ইয়াত ৷ এই পৃথিৱীখনত পদার্পন কৰা প্ৰত্যেকজন ব্যক্তিয়েই ইয়াৰ সম্ৰাট আৰু সাম্ৰাজ্ঞী ৷ এই পৃথিৱী একপ্ৰকাৰ আমাৰ মানসিক বিভ্ৰান্তিলৈ পৰিণত হৈছে ৷ বাস্তৱ জীৱনৰ সমস্ত জটিলতা পৰিহাৰ কৰি কল্পজগতত আপোন বিভোৰ হৈ থকা নিসাসক্ত পৃথিৱী এইখন ৷

যি বিষয়েৰেই কথাৰ আৰম্ভ নহওক কিয় এসময়ত অজানিতে আমি শৰীৰৰ পৃথিৱীত প্ৰৱেশ কৰিছিলো ৷ শৰীৰ তত্বৰ জ্ঞানেৰে ভৰপূৰ চিকিৎসক জয়ন্ত দত্তই মোক বৰ মনোগ্ৰাহীকৈ স্ত্ৰী পুৰুষৰ মিলনৰ নিবিড় মুহূর্ত্বৰ বিজ্ঞানবোৰৰ কথাবোৰ কৈছিল আৰু মই মোহাচন্ন হৈ পৰিছিলো ৷ শেষ ৰাতিলৈ টোপনি আহিছিল আৰু পুৱা সাৰ পাওঁতে পলম হৈছিল ৷

জয়ন্তৰ সুসজ্জিত অকলশৰীয়া ফ্লেটৰ প্ৰতিটো সাক্ষাততে আমাৰ শাৰীৰিক মিলন হৈছিল ৷ আমাৰ বিয়া হ’বই ৷ এদিন আমি আমাৰ সন্তানৰ পিতৃ মাতৃ হ’ম ৷ গতিকে বিবাহ বহির্ভূত মিলনত দোষ কি ? আমাৰ অকাট্য যুক্তি ৷ শাৰীৰিক মিলন জীৱনৰ এক অনাবিল আনন্দৰ উৎস ৷ জীৱনৰ উদ্দেশ্যই হ’ল আনন্দ আহৰণ ৷ তেন্তে যৌৱনৰ ভৰ দুপৰীয়া প্ৰিয়জনৰ সৈতে নিষ্পাপ আনন্দৰ জোৱাৰত উটি ভাহি যোৱাত কি দোষ ? কোনেও বিচৰা নাছিল চাফাই ৷ এনে অনেক যুক্তিৰে আমি নিজক পতিয়ন নিয়াইছিলো ৷ আমি কিয় ইমান সঘনাই লগ হওঁ মোৰ মা দেউতা হঁতেও কেতিয়াও সোধা নাছিল ৷ যেন আমি এযোৰ মুক্ত বিহঙ্গ আৰু পৃথিৱীখন আমাৰ মুক্ত বিচৰণ ভূমি ৷ আকাশত উৰি ফুৰা পক্ষী হালক কোনোবাই জানো কিবা প্ৰশ্নবানেৰে থকা সৰকা কৰে ; তাতে পক্ষী হাল অত্যন্ত সুন্দৰ, সকলো ফালৰ পৰাই পৰিপূর্ণ আৰু সফল ৷ সকলোৱে দূৰৰ পৰা চাই মাথোঁ মুগ্ধ হয় ৷ হয়তোবা মা দেউতাই হঁতে, বিশেষকৈ মায়ে হয়তো আমাৰ মাজত হোৱা শাৰীৰিক সম্পর্কৰ উমান পাইছিল বা সন্দেহো কৰিছিল ৷ কিন্তু, জয়ন্ত এজন চিকিৎসক হোৱাৰ বাবেই হয়তো তেওঁ বেপৰোৱা হৈ আছিল ৷ তাতে আমাৰ শীঘ্ৰেই বিবাহ হোৱাৰ কথা ৷ হয়তো তেওঁৰ ভয়ো আছিল ৷ কিজানিবা সুদর্শন ডাক্তৰ জোৱাঁই কেনেবাকৈ হাতৰ পৰা হেৰাই যায় ৷
ৰোমাণ্টিক চলচিত্ৰ এখনৰ দৰে দিনবোৰ বোৰ পাৰ হৈ গৈছিল ৷ মধুৰ সপোনৰ দৰে হৈ পৰিছিল জীৱনৰ শ্বট্ বোৰ ৷ অদৃশ্য পৰিচালকে কোনো দৃশ্যতেই কৰা নাছিল “কাট্” ৷ সকলো সুন্দৰ বিসংগতি বিহীন ৷ কিন্তু আমি পাহৰি গৈছিলো যে খলনায়ক অবিহনে মাথো নায়ক নায়িকাৰে কেতিয়াও এখন চলচিত্ৰ হ’ব নোৱাৰে ৷ লাগিলে নাটক বাস্তৱ জীৱনৰেই হওক বা ৰূপালী পর্দাতেই হওক ৷ আমাৰ মাজতো হঠাৎ ভুমূকি মাৰিলে খলনায়কে ৷ খলনায়ক আহিল বহু দূৰৰ পৰা ৷ সুদূৰ চীনৰ উহান চহৰৰ পৰা ৷ বিশ্ববাসীয়ে ক’লে চীনৰ উহান চহৰতেই জন্ম এই খলনায়কৰ ৷ খলনায়কৰ নাম ৰখা হ’ল “কভিড নাইনটিন” ওৰফে “নভেল কৰ’না” ৷ নামকেইটি সুন্দৰ ৷ জন্মহৈ চালুকীয়া হ’ল কি নহ’ল খলনায়ক ফুৰিবলৈ ওলাল ৷ কোনেও বান্ধি ৰাখিবলৈ সক্ষম হ’ল ৷ ইটালী, ৰাচিয়া, স্পেইন, ইউনাইটেড ষ্টেটছ্, ইউনাইটেড কিংদম, ব্ৰাজিল, ফ্ৰান্স, জার্মানী, তুর্কী, বেলজিয়াম ….উস্ ফুৰাৰ যে ইমান চখ এই খলনায়কৰ ৷ বিশ্বৰ এশ চয়ষষ্ঠিখনতকৈ অধিক দেশত ঘূৰিফুৰিও তেওঁৰ হেঁপাহ নপলাল ৷ অৱশ্যে তেওঁৰ চখ ফুৰাতে সীমাবদ্ধ থাকিলে কথা নাছিল ৷ খলনায়কে প্ৰথমে তেওঁৰ জন্মস্থানতে নিজৰ প্ৰকোপ দেখুৱালে ৷ এটা বৰ নির্লজ চৰিত্ৰলৈ জন্ম লৈছিল এই খলনায়কে ৷ কোনেও গম নোপোৱাকৈ হঠাৎ কাৰোবাক বৰ আলফুলে সাৱটি ধৰে ৷ তাৰ পিছত সেইজনৰ পৰা আন এজনলৈ…দ্বিতীয় জনৰ পৰা তৃতীয় জনলৈ…. আলফুলে স্পর্শ কৰে হাতত..বা নাকত…বা চকুত ৷ হাতৰ পৰা নাকৰে বা চকুৰে বা মুখেৰে বৰ সন্তপর্নে গতি কৰে ডিঙিলৈ ৷ কেইদিনমান ডিঙিতে মহা উলাহেৰে বাহৰ পাতে ৷ ডিঙিৰ ভিতৰতে লোদোৰ পোদোৰহৈ বাঢ়ি আহে ৷ যাৰ গাত লম্ভে তেওঁৰ আৰম্ভ হয় পানীলগা জ্বৰ ৷ তাৰ পিছত লাহেকৈ চেপি ধৰে শ্বাস-তন্ত্ৰত ৷ আৰম্ভ হয় শুকান কাঁহ ৷ উশাহ নিশাহ লোৱাত কষ্ট হয় ৷ নহ’বই বা কিয় ; যি দুখনহে অদৃশ্য হাতোৰাৰে চেপি ধৰে শ্বাস-তন্ত্ৰ ৷ নিউম’নিয়াৰ লক্ষণে দেখা দিয়ে ৷ বৃক্ক হৈ পৰে বিকল…আৰু ইমানখিনিৰ পিছত তেওঁ প্ৰানটো কাঢ়িলৈ উধাও হয় ৷ ৷ কিন্তু যাওঁতে যাওঁতে খলনায়কে তেওঁৰ অস্তিত্ব বহুজনৰ মাজত এৰি যায় ৷ যিমান কেইজন ব্যক্তি তেওঁ প্ৰান কাঢ়ি নিয়া জনৰ বা তেওঁ গাত লম্ভা জনৰ সম্পর্কলৈ আহিছিল তেওঁলোকৰ মাজত, সমাজত আৰু চিকিৎসা বিভাগত হুলস্থল লাগে ৷ সম্পর্কলৈ অহা সকলোকে বিচাৰি উলিওৱা হয়..তাৰ পিছত কিছুমান শব্দৰ ধৌ উঠে…কোৱাৰেণ্টাইন…কনটেইনমেন্ট …আইচ’লেশ্যন..ৰেপিড টেষ্ট… আই চি এম আৰ ইত্যাদি ইত্যাদি ৷ চৈধ্যদিন কোৱাৰেণ্টাইনত আর্থাৎ অসংক্ৰাম্যক আৱেষ্টনীৰ মাজত অকলশৰে ৰখাৰ সময়চোৱাত কোনোবা পজিটিভ, আকৌ কোনোবা নিগেটিভ হয় ৷ কোনোবা ভাল হয়…কোনোবা জীৱনৰ সিপাৰলৈ গুচি যায়গৈ ৷ অৱশ্যে প্ৰাননাশৰ হাৰ বৰ বেচি নহয় ৷ চেপি খুন্দি এৰিথৈ যোৱাৰ হাৰহে বেচি ৷ বৰ খেয়ালী মনৰ মালিক এই খলনায়কটো ৷ কাৰোবাৰ ভিতৰত সোমাই আকৌ নিৰৱে নিমাতে বহি থাকে ৷ সেইজনক কোৱা হয় “এচিম্পটমেটিক”। কিন্তু মনে মনে তেওঁ মাৰাত্মক বীজাণু ইজনৰ পৰা সিজনলৈ বিলাই থাকে ৷ মন উফৰিলেই কাৰোবাক একো নকৰাকৈ এৰি থৈ গুচিও যায় ৷ এই অহৌ বলীয়া খলনায়কটোক লৈ গোটেই পৃথিৱীতে হুৱাদুৱা লাগিছে ৷

কিছুদিনৰ পৰা জয়ন্তই মোক এৰাই চলিব বিচৰা যেন ভাৱ হৈছে ৷ যেতিয়াৰ পৰা পৃথিৱীত এই কভিড নাইনটিনৰ আবির্ভাব হৈছে তেতিয়াৰে পৰা জয়ন্ত মাথোঁ লেপটপ ইণ্টাৰনেট কিতাপৰ দুনীয়াত মগ্ন হৈ থকা হৈছে ৷ আনকি বৰ কষ্টৰেহে ফোন উঠায় ৷ মই কেইবাদিনো গৈ নিৰাশ হৈ উভতি আহিলো ৷ মোৰ প্ৰতি কোনো গুৰুত্বই নাই জয়ন্তৰ ৷ মোৰ বাবে চাহ কৰিবলৈ চিঞৰি আদেশ দিয়ে কাম কৰা ল’ৰাটোক ৷ দুই এষাৰ কথা লেপটপৰ পৰা মূৰ নোতোলাকৈয়ে কয় ৷ মই আহত হ’লো ৷ কিমানবাৰ লেপটপ কাঢ়ি লৈছো জয়ন্তৰ হাতৰ পৰা ৷ জয়ন্তই লেপ্টপ এৰি মোৰ লগত কিছু সময় কটাবলৈ বহে ৷ কিন্তু অন্যমনস্ক হৈ থাকে ৷ এনে লাগে যেন চটফটাই থাকে ৷ মই অৱহেলিত অনুভৱ কৰো ৷ এনে কি হ’ল ? কোন আহি পৰিল জয়ন্ত আৰু মোৰ মাজত হঠাৎ ? মই দুখ কৰো, অভিমান কৰো ৷ কিন্তু মোৰ অভিমানৰ প্ৰতিও জয়ন্তৰ ভ্ৰূক্ষেপ নোহোৱা হ’ল ৷ মই জয়ন্তক কাষত বিচাৰো ৷ বুকুৰ মাজত বিচাৰো ৷ দুটি শৰীৰ এটি হৈ যোৱাতো বিচাৰো ৷ যৌৱন উপভোগ কৰিব বিচাৰো ৷ কিন্তু জয়ন্তই যে এখন বেলেগ পৃথিৱীত বাস কৰিবলৈ লৈছে ৷ কেইবাবাৰো ৰিং হৈ হৈ কাটি যোৱাৰ পিছত এবাৰ জয়ন্তই ফোন উঠায় ৷ মোৰ আত্মাভিমান জাগি উঠে ৷ মইতো জয়ন্তক ক’ব নোৱাৰো..মোক তোমাক নিচেই কাষত লাগে…মোক তোমাৰ শৰীৰৰ পৰশ লাগে… তোমাৰ আজৰি সময়বোৰ মাথো মোৰ বাবে হ’ব লাগে …৷ মই কান্দি পেলাওঁ ৷ জয়ন্তও নাৰাজ হয় ৷ কাজিয়া হয় আমাৰ ৷ কাজিয়া শাম নকটাকৈয়ে কোনোবা এজনে ফোন কাটি দিওঁ ৷ মাজে মাজে জয়ন্তই মোক বুজাবলৈ যত্ন কৰে ৷ আমাৰ মাজলৈ অন্য কোনো অহা নাই ৷ জয়ন্ত সদায় মোৰেই ৷ মাথোঁ জয়ন্ত এতিয়া ব্যস্ত ৷ কাৰণ, গোটেই পৃথিৱী এতিয়া ৰোগাক্ৰান্ত ৷ জয়ন্তই এতিয়া নিৰৱধি “কৰ’নাৰ” বিষয়ে অধ্যয়ন কৰিছে ……হয়তো কেইদিনমানৰ পিছত জয়ন্ত কৰ’না ৰোগীৰ লগত ব্যস্ত হৈ পৰিব লাগিব ৷ জয়ন্ত এতিয়া কভিড নাইনটিনৰ বংশোদ্ধাৰ কৰাত ব্যস্ত ৷ আজিকালি, নিজাকৈ পাতি লোৱা সৰু গৱেষণাগাৰটোত শেষ নিশালৈকে জয়ন্ত ব্যস্ত হৈ পৰে ৷ কেতিয়াবা নিগনিয়েও সিংহক জালত বন্দী হোৱাৰ পৰা উদ্ধাৰ কৰিব পাৰে ৷ কিজানি, এই দুখীয়া দেশ খনৰ, নিচলা ৰাজ্যখনৰ নতুনকৈ ডাক্তৰ হৈ উঠা নৱ যুৱক এজনে এদিন আৱিস্কাৰ কৰি পেলাই এই মহামাৰীৰ প্ৰতিষেধক। হয়তোবা জয়ন্তই একো কৰিব নোৱাৰিব ৷ বিফল হ’ব এই সময়বোৰ ৷ তথাপি এদিন এই সাধনা জয়ন্তৰ মানসিক শান্তিৰ কাৰক হ’ব ৷ এদিন যে কৰ’নাক জয় কৰাৰ কাৰনে জয়ন্তই দিন ৰাতি একাকাৰ কৰিছিল সেই কথা সুৱঁৰি জয়ন্ত আহ্লাদিত হ’ব ৷ হয়তো কভিড নাইনটিনৰ প্ৰতিষেধক উলিয়াব নোৱাৰিলেও কিছুমান নতুন নতুন কথা শিকা হৈ যাব ৷ এইবোৰ জয়ন্তৰ কথা…বুজনি ..৷ আৰু মোৰ মূৰৰ বিষৰ কাৰণ ৷ মূল্যহীন কথা মোৰ বাবে ৷ জয়ন্তৰ বাবে সবাতোকৈ ডাঙৰ দেশ । মই বুজি উঠিছিলো, সবাতোকৈ সৰু মূল্যহীন… অর্থহীন অন্তৰা নামৰ ছোৱালীজনী ৷ জয়ন্তই নিজক মানসিক ভাবে সাজু কৰিছে কৰ’না আক্ৰান্ত ৰোগীৰ চিকিৎসাৰ বাবে ৷ শাৰীৰিক ভাবেও সাজু কৰিছে ৷ এজন সুস্থ সৱল চিকিৎসকেহে ৰোগীক ভাল চিকিৎসা দিব পাৰে ৷ নিজৰ খোৱাবোৱাৰ যত্ন লয় জয়ন্তই ৷ আমাৰ মাজত যোগাযোগ , কথোপকথন যেনেকৈ কমি আহিল তেনেকৈ কথাবতৰাৰ সুৰ আৰু বিষয়ো সলনি হৈ পৰিল ৷ কথাবতৰা হ’লেই জয়ন্তই কৰ’নাৰ ভাষণ দিয়ে…আজি ক’ত কিমান সংক্ৰমিত হ’ল…ক’ত কিমান ভাল হ’ল…কিমানে মৃত্যুবৰণ কৰিলে ৷ মই বৰ অস্বস্তি অনুভৱ কৰো ৷ কোনোবা চিকিৎসক হ’ব পাৰে কিন্তু তাৰ অৰ্থ এইটো নহয় যে তেওঁ খাওঁতে শোওঁতে উঠোতে বহোঁতে মাথো বেমাৰৰ কথাই পাগুলী থাকিব ৷ আমাৰ ব্যক্তিগত ৰোমান্টিক জীৱনটো দিনে দিনে নোহোৱা হৈ পৰিল ৷ মোৰ বিষাদ ভৰা মুখ দেখি মা দেউতা হঁতৰ চিন্তা হৈছে ৷ অৱশ্যে তেওঁলোকৰ জয়ন্তৰ ওপৰত পূৰামাত্ৰাই বিশ্বাস আছে ৷ বিশ্বাস নাই মোৰ ওপৰত ৷ মায়ে মোক বাৰে বাৰে বুজায়, ডাক্তৰ মানুহ …ইফালে বিশ্বখন মহামাৰীয়ে গ্ৰাস কৰিছে ..৷ তেওঁলোকৰতো চিন্তা বাঢ়িবই ৷ মায়ে মোৰ বাইদেউ উত্তৰাৰ উদাহৰণ দিয়ে ৷ উত্তৰাৰো খাৱন শোৱন নোহোৱা হৈছে ৷ মাথোঁ লেপটপ, ইণ্টাৰনেট, নিউজ, চিকিৎসা বিজ্ঞান সম্পর্কীয় গধুৰ গধুৰ কিতাপ আৰু কথা ক’লেই মাথোঁ …নভেল কৰ’না ভাইৰাছ ৷ এনে লগা হৈছে যেন ভাইৰাছৰ বাদে প্ৰেম প্ৰীতি , মিলন আলিংগন, স্পর্শ চুম্বন এই সকলোবোৰ পৃথিৱীৰ পৰা অন্তর্ধান হৈ গৈছে ৷ মোৰ সলনি আজিকালি জয়ন্তই কথা পাতে উত্তৰাৰ লগত ৷ দুয়োৰে মাজত কথা জমি উঠে ৷ উঠাৰ কথাই ৷ কাৰণ তেওঁলোকৰ কথাৰ মাজত ভাইৰাছে প্ৰান পাই উঠে ৷ মোৰ যেন কোনো অস্তিত্বই নাই জয়ন্তৰ পৃথিৱী খনত ৷

ইতিমধ্যে কৰ’নাই ভাৰতত প্ৰৱেশ কৰিছে ৷ ভাৰতৰ বিভিন্ন ৰাজ্যত নিজৰ অস্তিত্ব জাহিৰ কৰি লাহে ধীৰে এদিন অসম পালেহি ৷ ৰাজ্যখনত হুৱা দুৱা লাগিল ৷ জয়ন্তই মোক হোৱাটচ এপত এটা মেচেজ দিলে, “ অসমৰ প্ৰথমজন কভিড নাইনটিন পজিটিভ ….সাৱধানে থাকিবা অন্তৰা, বাৰে বাৰে চাবোনেৰে হাত ধুবা…চেনিটাইজাৰ ব্যৱহাৰ কৰিবা..মাস্ক পিন্ধিবা……” মই কোনো উত্তৰ নিদি মোবাইলটো চুইটচ্ অফ কৰি থ’লো ৷ মাৰ মোবাইলত আহিল উত্তৰাৰ মেচেজ…মা অসমত ধৰা পৰিল কভিড নাইনটিন…..৷ মা উধাতু খাই মোৰ ওচৰ পালেহি৷ উস্ কভিড নাইনটিন…নভেল কৰ’না ভাইৰাছ…নাই..নাই…মোৰ বাবে এই ভাইৰাছৰ নাম এটাই ৷ “খলনায়ক” ৷ আমাৰ প্ৰেমৰ চলচিত্ৰখনৰ “খলনায়ক “৷ জয়ন্ত আৰু মোৰ প্ৰেমৰ মাজত বাধাৰ প্ৰাচীৰ ৰূপে থিয় দিয়া কিম্ভূত কিম্বাকাৰ “খলনায়ক” ৷

অসমত কভিড নাইনটিন পজিটিভৰৰ সংখ্যা দিনে দিনে বাঢ়ি আহিবলৈ ধৰিলে আৰু মোৰ পৰা দিনে দিনে দেখা নোপোৱা দূৰলৈ গুচি গ’ল জয়ন্ত ৷ জয়ন্ত আৰু উত্তৰা হঁতৰ হস্পিটেলখন “কৰ’না” হস্পিটেল ঘোষণা কৰা হ’ল ৷ তাতে এটা কোৱাৰেন্টাইন শিবিৰ হ’ল ৷ জয়ন্ত উত্তৰা হঁত এইবাৰ হাতেকামে কৰ’নাৰ লগত ব্যস্ত হৈ পৰিল ৷ ঘোষণা হ’ল ২১ দিনীয়া প্ৰথম পর্যায়ৰ লক-ডাউন ৷ সামাজিক দূৰত্ব ৰক্ষা কৰিবলৈ দেশ বন্ধ, ৰাজ্য বন্ধ, প্ৰায় গোটেই বিশ্ব বন্ধ ৷ বিশ্বৰ ইতিহাসত আটাইতকৈ দীঘল টলা-বন্ধ ৷ মোৰ হাতত মোবাইল আছে…কিন্তু মোৰ মোবাইল ফোনটোৰ ওপৰত আধিপত্য বিস্তাৰ কৰিবলৈ জয়ন্ত নাই। কিমান আৰু টি ভি চাম…নিউজ চাম ৷ শুমেই বা কিমান ৷ টোপনি আহিলেই দুচকুলৈ সপোন নামি আহে ৷ সপোনত জয়ন্ত মোৰ কাষলৈ আহে ৷ বৰ অসহ্যকৰ এই যন্ত্ৰণা ৷ নিচেই কাষলৈ ৷ আমি হেৰাই যাওঁ প্ৰেম আৰু মিলনৰ পৃথিৱীত ৷ সাৰ পাই মই জয়ন্তক বিচাৰি ফুৰো…টোপনিয়েই বা কিমান আহিব ? কেতিয়াবা নিদ্ৰাহীনতাত কাটি যায় একো একোটা বিয়াগোম ৰাতি ৷ তেতিয়া মোক অন্য কিছুমান আতংকই খুলি খুলি খায় ৷ আমাৰ প্ৰেমৰ ছবি খনত নায়কৰ হাতত খলনায়কৰ কেতিয়ালৈ মৃত্যু হ’ব ? আমাৰ ক্ষেত্ৰত খলনায়কৰ আধিপত্য কল্পনাতীত হৈছে কিয় ? খলনায়ক নোহোৱা হোৱাৰ পিছত জয়ন্ত আকৌ জানো আগৰ দৰে উভতি আহিব মোৰ ওচৰলৈ ? ইতিমধ্যে আমাৰ সম্পর্কৰ মধুৰতাবোৰত ঘূনে ধৰিছে ৷
নতুনকৈ ডাক্তৰ হৈ উঠাৰ আমেজটো উপভোগ কৰিবলৈ আৰম্ভ কৰোতেই জয়ন্ত উত্তৰা হঁতৰ ওপৰত আহি পৰিল গুৰু দায়িত্ব ৷ আহি পৰিল কৰ’নাৰ সৈতে এটা সুমীমাংসা বা চুক্তি কৰাৰ দায়িত্বভাৰ ৷ কৰ’না আৰু কৰ’না আক্ৰান্ত দুয়ো পক্ষৰে যুজবাগৰ, বাক বিতণ্ডা, মৰম চেনেহ, বুজাবুজিৰে সৈমান কৰাৰ দায়িত্ব আহি পৰিল মূলত: জয়ন্ত উত্তৰা হঁতৰ দৰে যুৱ চিকিৎসক চামৰ ওপৰত ৷ ফলস্বৰূপে মোৰ দৰে সুন্দৰী প্ৰেমিকাক এৰি জয়ন্ত কৰ’নাৰ সৈতে ব্যস্ত হৈ পৰিল ৷ আৰু মোৰ দিনবোৰ হৈ পৰিল হতাশা নি:সংগতা উদাসীনতাৰে ভৰা ৷ কৰ’নাক বিদায় দিবলৈ আৰম্ভ হ’ল দেশজোৰা টলাবন্ধ বা জনপ্ৰিয় শব্দ হ’ল লক-ডাউন ৷ জৰুৰীকালীন সেৱাৰ বাদে বিদ্যালয়, কার্যালয়, কাৰখানা সকলো বন্ধ ৷ সময়বোৰ ভাবিব নোৱাৰা ধৰণে স্থবিৰ হৈ পৰিল ৷ যেন এটা অনন্ত ট্ৰেফিক জামতহে আৱদ্ধ হৈ পৰিলো ৷ আগৰ পিছৰ এখনো গাড়ী এক বিন্দু আগবঢ়া নাই ৷ আগবঢ়াতো বাদেই , নতুন নতুন মটৰ গাড়ীৰে যাঁনজটটো আৰু বাঢ়ি গৈ আছে ৷ এই ভয়ানক যাঁনজটটো কেতিয়ালৈ শেষ হ’ব কোনেও নাজানে ৷ কেতিয়াবা এনে লাগে, যেন এই ভয়ানক যাঁনজটৰ শাৰীটোৰ শেষত মোৰ বাবে অধীৰ অপেক্ষা কৰি আছে জয়ন্তই ৷ নাজানো সেই শুভ সন্ধিক্ষণ কেতিয়ালৈ সমাগত হ’ব আৰু আমি দুয়ো পুণৰ এক হৈ পৰিম ৷ কেতিয়াবা আকৌ এনে লাগে শাৰীটোৰ এমূৰত জয়ন্তই মোৰ বাবে অপেক্ষা কৰি থকাটো মোৰ এটা ভ্ৰান্ত ধাৰণা ৷ আমাৰ মিলনৰ শুভক্ষণ আৰু কোনোদিনেই সমাগত নহ’ব ৷

জয়ন্ত বিহীন লক-ডাউনৰ বিৰক্তিকৰ সময়বোৰৰ পৰা নিস্তাৰ পাবলৈ মায়ে মোক ঘৰুৱা কাম কিছুমানত ব্যস্ত ৰখাৰ যত্ন কৰিছে ৷ মাৰ লগত কাম কৰি থাকোতে মায়ে মোক মহামাৰীৰ ইতিহাসৰ কথা ৰহণ লগাই কয় ৷ কলেৰা…বসন্ত…পলিঅ’….প্লেগ..৷ প্ৰথমে মাৰ কথাবোৰ মোৰ কাণত সোমোৱাই নাছিল ৷ কিন্তু পিছলৈ কথাবোৰ শুনিবলৈ মোৰ আগ্ৰহ জন্মিছে ৷ সাধুকথাৰ দৰে লগা হৈছে কথাবোৰ ৷ তাতকৈয়ো ডাঙৰ কথা হ’ল, মাৰ মুখত কথাবোৰ শুনি মোৰ মনলৈ সাহস আহিবলৈ লৈছে ৷ সেই মহামাৰীৰ দিনবোৰ এদিন নোহোৱা হ’ল ৷ তাৰমানে এই মহামাৰীও এদিন নোহোৱা হ’ব ৷ দিনবোৰ আকৌ সহজ হৈ পৰিব। মাৰ পৰা মই নতুন নতুন খোৱা বস্তু বনাবলৈ শিকিছো ৷ ভাল লগা হৈছে ৷ সকলোৱে মোৰ হাতেৰে তৈয়াৰী খাদ্য সম্ভাৰৰ প্ৰশংসা কৰিছে ৷ দেউতাৰ কথা যে ক’বই নালাগে ৷ আজৰি সময় পালে উত্তৰাই মাৰ পৰা মোৰ খবৰ লয় ৷ মই সুস্বাদু মিঠাই বনোৱাৰ কথা শুনি তাই উৎফুল্লিত হৈ পৰে ৷ এদিন মই আমাৰ ফুলনি খনত সোমালো ৷ এসময়ত আমাৰ ফুলনিখন বৰ সুন্দৰ আছিল ৷ বাটৰুৱায়ো দৃষ্টি নেপেলোৱাকৈ যাব পৰা নাছিল ৷ তেতিয়া ফুলবোৰৰ আপদাল কৰিব পৰাকৈ মাৰ শৰীৰত শক্তি আছিল ৷ এতিয়া মাৰ বয়সে ষাঠিৰ ঘৰ চুইছে ৷ ফুলনিখন নামতহে ফুলনি হৈ আছে ৷ মাৰ হাতৰ পৰশত ৰং বিৰঙী ফুলে জকমকাই থকা ফুলনি খনলৈ মোৰ মনত পৰিল ৷ মোৰ লগে লগে ভাইটি ৰাজ আৰু ভন্টিও জুপিতৰাও ফুলনিত সোমাল ৷ মাৰ মুখখন পূর্ণচন্দ্ৰৰ দৰে উদ্ভাষিত হৈ উঠিল ৷ আমি শুকাই যাবলৈ ধৰা..হাউলী পৰা ফুলগছ বোৰ পোনাই পাজৰাই দিলো ৷ কাষৰে বৰমা খুৰীদেউ হঁতৰ পৰাও আনিলো কিছু ফুলৰ পুলি ৷ ৰুলো। আৰু ফুলগছ বোৰত পানী দিবলৈ লৈ আমাৰ তিনিওটাৰে মাজত জিঞ্জিৰিটো লৈ টনা আজোৰা লাগিল ৷ টনা আজোৰাত মই বাগৰি পৰি মাটিয়ে পানীয়ে লুতুৰী পুতুৰী হ’লো ৷ খেদা মাৰি গ’লো ভাইটিক ৷ পানীৰ জিঞ্জিৰিটো জুপিতৰাৰ গালৈ দলিয়াই পেলাই ভাইটিয়ে দিলে দৌৰ ৷ দৌৰি দৌৰি আমি তিনিওটা মাৰ ওচৰ পালোগৈ ৷ মাক মাজত লৈ তিনি ভাই ভনীৰ খেদা খেদি ৷ বহুদিনৰ মূৰত ল’ৰা ছোৱালী কেইটা শৈশৱলৈ উভতি যোৱা দেখি মাৰ আনন্দই পাৰ ভাঙি গ’ল।

মই আদেশ জাৰি কৰিলো, লক-ডাউন বুলি কোনো বেলি এপৰলৈকে শুই থাকিব নোৱাৰিব ৷ সোনকালে উঠি ফুলৰ বাগিছাত কাম কৰিব লাগিব ৷ দেউতাই ঘোষণা কৰিলে প্ৰথমে উঠাজনে লক ডাউন খুলিলেই দুযোৰকৈ কাপোৰ পাব ৷ আমাক আৰু কোনে পায়..মই বেলি এপৰলৈকে শুই থকা গাধী ছোৱালীজনী পুৱতি নিশাতে উঠো…..
পুৱতিৰ প্ৰকৃতিয়ে মোৰ মন প্ৰান কাঢ়ি নিয়ে ৷ আস্ কি ৰিবৰিব মলয়া ৷ চৰাইৰ সুমধুৰ সংগীত ৷ চৰাই হঁত বৰ সোনকালে শুই উঠে ৷ মই সিহঁতৰ লগত জিদ্ ধৰো ৷ কওঁ, “ৰ’বা, তোমালোকক হৰুৱাম ৷ কাইলৈ মই তোমালোকতকৈয়ো আগত উঠি মিঠা মিঠা গীত গাম “ ৷ ফুলবোৰৰ লগতো ফেপেৰী পাতো ৷ কওঁ, “তোমালোকে ভাবিছা, তোমালোক বৰ একোজনী ৷ ৰ’বা, তোমালোকতকৈয়ো ৰঙীন হৈ মই ৰাতি নৌপুৱাওঁতেই ফুলিম “ ৷ মই প্ৰাত:ভ্ৰমণত ওলাওঁতে ফুলবোৰে হালি জালি নাছি থাকে, আমালৈ সুঘ্ৰান চটিয়ায় ৷ মই ভাবো, তাৰমানে প্ৰকৃতি পুৱতি নিশাতে উঠে ৷ ভাবো, ইমানদিনে জীৱনৰ কিমানবোৰ সুন্দৰ পুৱা যে মই অপচয় কৰা নাই ৷

জনশূণ্য পথটোত জুপিতৰা, ৰাজ আৰু আৰু মই খোজকাঢ়ো..দৌৰো ৷ পাহৰি যাওঁ খলনায়কৰ কথা ৷ পাহৰি যাওঁ জয়ন্তৰ প্ৰতি পুহি ৰখা খং অভিমান আক্ষেপবোৰ …৷ সতেজ অনুভৱ কৰো আৰু গোটাই দিনটো ইটো সিটো কাম কৰো ৷ বেচিদিন নালাগিল ৷ আমাৰ মৰমৰ পৰশত ফুলপুলিবোৰে ক’লি পেলালে ৷ আমাৰ আনন্দ চায় কোনে ; ভাইটিয়ে এদিন ক’লে, – এইবাৰ দেউতাৰ শাকনি বাৰীখনত আমি কাম কৰিলে কেনে হয় ? আমি লগেলগে সমর্থন কৰিলো ৷ কথা মতেই কাম ৷ আমি শাকনি বাৰীত লাগি গ’লো ৷ দেউতাই মাথোঁ তদাৰক কৰে আৰু আমাক দিহা দিয়ে ৷ কেইদিনমানতে কণকণ শাকে চকু মেলিলে ৷ আমাৰ আনন্দই নধৰা হিয়া ৷ আমাক সৃ্‌ষ্টিৰ মাদকতাই বাৰুকৈয়ে চুই গৈছে ৷

এদিন আমি শাকনিবাৰীত কাম কৰি থাকোতে মায়ে চিয়ঁৰিলে, “ অন্তৰা..অন্তৰা…পূর্নিমাই ফোন কৰিছে” ৷ মই হাতৰ খন্তি দলিয়াই দৌৰ মাৰিলো ৷ কিমান দিনৰ মূৰত যে পূর্ণিমাৰ মাত ; মাথো পূর্ণিমাই নহয়, তাইৰ লগত আছিল গীতা, শলিতা , ডিম্পল , ৰাধিকা আৰু সসীম আকাশ দ্বীপক হঁতো ৷ মোৰ আটাইকেইটা মহা দগাবাজ বন্ধু বান্ধৱী ৷ বহুদিনৰ মূৰত সিহঁতৰ মাতবোৰ শুনি মোৰ দুচকু ভৰি আহিল ৷ সিহঁতে কিছুমান আঁচনি হাতত লৈছে ৷ সিহঁতে নিজা উপার্জনেৰে লক-ডাউনৰ সময়ত আর্ত সকলক সহায়ৰ হাত আগবঢ়াবলৈ লৈছে ৷ বিনামূল্যে মাস্ক বিতৰণ কৰিছে ৷ ময়ো হয়ভৰ দিলো ৷ ময়ো যাম সিহঁতৰ লগত ৷ মোৰ নিজা উপার্জন নাই ৷ মায়ে মোক চিলাই মেচিনটো উলিয়াই মচি কাচি দিলে ৷ ইউ-টিওৱৰ যোগৱদি বহুলোকে মাস্ক বনোৱা বিভিন্ন কৌশল শিকাইছে ৷ মাৰ সহায়ত সহজেই মই এশটা মাস্ক তৈয়াৰ কৰি মোৰ ফালৰ পৰা বিনামূল্যে বিতৰণ কৰিবলৈ সাজু হ’লো ৷

বন্ধু বান্ধৱী হঁতৰ লগত মই এখন নতুন পৃথিৱীত প্ৰৱেশ কৰিলো ৷ সহায়ৰ হাত আগবঢ়োৱা এয়া মোৰ প্ৰথম প্ৰয়াস…প্ৰথম অভিজ্ঞতা ৷ এসাজ খাই এসাজলৈ চিন্তা কৰা লোকসকলৰ মাজলৈ সোমাই গ’লো ৷ আবেগত অভীভূত হৈ পৰিল মন ৷ ঘৰত আহি কথাবোৰ মাক ক’লোহি ৷ মায়ে পুৰনি কবিতাৰ ক’লি আওঁৰালে… ”আনৰ কাৰণে কান্দিব জানিলে কন্দোনতো সুখ পায়” ৷ সঁচাকৈ প্ৰথম বাৰৰ বাবে মানুহৰ দুখ দেখি মই কান্দিছিলো ৷

ৰাতি বিচনাত পৰি মই ভাবিছিলো, কেনেকৈ মাথো জয়ন্তৰ প্ৰেমৰ আৱেষ্টনীত সোমাই পৰি মই সকলো সম্পর্কৰ বান্ধোন ত্যাগ কৰিছিলো ৷ কিমান স্বার্থপৰ হৈ পৰিছিলো মই ৷ ভাইটি ভন্টি..মা দেউতা..মোৰ বন্ধু বান্ধৱী সকলোকে ইমান দূৰলৈ ঠেলি দিছিলো মই ৷ নাই, জয়ন্তই মোক কোনোদিন কোনো সম্পর্ক ত্যাগ কৰিবলৈ কোৱা নাছিল ৷ নকৰিবলৈয়ো কোৱা নাছিল ৷ কিন্তু মই কৰিছিলো ৷ সেইসকল আত্মীয়ক মই এৰাই চলিছিলো যি সকলে আজি মোক নি:সংগ হ’বলৈ, হতাশ হ’বলৈ এৰি দিয়া নাই ৷ মৰমৰ উমেৰে যি সকলে মোক সদায় আৱৰি আছে ৷ মই অনুশোচনাত ভুগো ৷

প্ৰথম পর্যায়ৰ লক-ডাউনত উত্তৰা আৰু জয়ন্তৰ ডিওটি হস্পিটেলৰ প্ৰৱেশ দ্বাৰতে ৷ তেওঁলোকে ৰোগী সকলৰ আৰু ৰোগীৰ লগত অহা সকলোৰ অত্যাধুনিক থার্মোমিটাৰেৰে উত্তাপ জোখে ৷ তাৰ পিছত প্ৰয়োজন হ’লে কোনো ৰোগীক স্ক্ৰীনিং কক্ষলৈ পঠিয়ায় ৷ কর্তব্যৰ শেষত চুটি কৰি ঘূৰি আহি উত্তৰাই আমাক কথাবোৰ কয়হি ৷ জয়ন্তৰ খবৰো দিয়ে ৷ মই অভিমান কৰি জয়ন্তৰ খবৰ একো নোসোধো ৷

এদিন জয়ন্তৰ মেচেজ আহিল ৷ সি মাথো লিখিছে, “ অন্তৰা, তোমাক এবাৰ চাবলৈ মন গৈছে “ ৷ উত্তৰ দিবলৈ মন গৈছিল ৷ বহুত কথা লিখি পেলাবলৈ মন গৈছিল … “মাথো চাবলৈ…? হয়তো তুমি এতিয়া কাম কৰি কৰি ভাগৰি পৰিছা ৷ হয়তো, কভিড নাইনটিনৰ বিষয়ে তোমাৰ জিজ্ঞাসা এতিয়া নিতাল মাৰিছে ৷ হয়তো, তোমাৰ ব্যক্তিগত গৱেষনাগাৰ…তোমাৰ হস্পিটেল…তোমাৰ ৰোগীয়ে তোমাক আমুৱাইছে ৷ এক ঘেয়ামী জীৱনৰ পৰা তোমাক কিছু বিৰতি লাগে ৷ তোমাক এতিয়া প্ৰয়োজন হৈছে অকণমান বিনোদনৰ , আৰু সেই বিনোদন হ’লো “মই” ৷ সেয়েহে আজি তোমাৰ মোক লগ পাবলৈ মন গৈছে ৷ তোমাক কাষত পাবলৈ কিমানটা নিশা মই উন্মাদৰ দৰে উজাগৰে কটাইছো তাৰ হিচাব জানো তুমি ৰাখিছিলা জয়ন্ত ? ” মই কিন্তু কোনো উত্তৰ দিয়া নাছিলো ৷ মোৰ কিমান মেচেজৰ যে মই জয়ন্তৰ পৰা উত্তৰ পোৱা নাছিলো ৷ উত্তৰ হিচাবে পাইছিলো মাথো এষাৰি বাক্য “চৰী..আই এম বি জি”৷ জয়ন্তক মোৰো লগ পাবৰ মন যায় ৷ কিন্তু মোৰ অভিমান ভাগিব নোখোজে ৷ অভিমান ভাগিলেই যে মই সৰু হৈ যাম ৷

ব্যস্ততা আহি পৰাৰ পিচৰে পৰা মই যে সলনি হ’বলৈ ধৰিছো সেই কথা মই নিজেই অনুভৱ কৰিছো ৷ আজিকালি, গলিৰ মলি আবর্জনাৰ মাজত ডাঙৰ হোৱা অর্ধনগ্ন ল’ৰা ছোৱালীবোৰে মোৰ মন প্ৰান কাঢ়ি নিয়ে ৷ ভোকত চেৰেলা লগা ৰাষ্টাৰ কুকুৰবোৰলৈ মোৰ মৰম ওপজে ৷ মই আজিকালি ফুলবোৰৰ বাবে, গছ বোৰৰ বাবে, সুন্দৰ সতেজ পুৱাবোৰৰ বাবে জীয়াই থাকিব খোজো ৷ মাৰ লগত বহি দূৰদর্শনত বাতৰি চাওঁতে কৰ’না আক্ৰান্ত ৰোগী সকলৰ যন্ত্ৰণা দেখি মোৰ দুচকু ভৰি উঠে ৷ হাজাৰ হাজাৰ মাইল পদব্ৰজে বাটবুলি নিজ ঘৰলৈ যাত্ৰা আৰম্ভ কৰা শ্ৰমিক সকলক দেখি কি কৰিম..কি নকৰিম একো ভাবিব নোৱাৰা হওঁ ৷ মই মোৰ সুকোমল সযত্নপালিত ভৰি দুখন চাওঁ ৷ পাৰিমনে মই ইমান…ইমান…ইমান দূৰ বাটকুৰি বাব..? কৰ’না ৰোগীৰ চিকিৎসা কৰি কৰি আক্ৰান্ত হোৱা চিকিৎসক সকলক দেখি বুকুখন ভাগি পৰিব খোজে ৷ লগে লগে মোবাইলটো লৈ উত্তৰালৈ মেচেজ কৰো, “ তোমালোক ভালে আছা নহয় ? সময়মতে খাই ল’বা দেই “ ৷ কেতিয়াবা লগে লগে উত্তৰাৰ উত্তৰ আহে, “ ডন্ট ৱৰি , উই আৰ অলৰাইট “ ৷ কেতিয়াবা বহু দেৰিলৈকে উত্তৰাৰ পৰা মেচেজ নাহে ৷ বুকুখন দুৰু দুৰুকৈ কঁপি থাকে ৷

প্ৰথম পর্যায়ৰ একৈশ দিনীয়া লক-ডাউন শেষ হৈছে ৷ দ্বিতীয় পর্যায়ৰ দুসপ্তাহজোৰা লকডাউন আৰম্ভ হৈছে ৷ এইবাৰো উত্তৰা আৰু জয়ন্তৰ ডিওটি একেলগে ৷ বর্তমান সিহঁৰে স্ক্ৰীনিং শাখাত কাম কৰি আছে ৷ পি পি কীট পৰিধান কৰে ৷ এইবাৰ সিহঁতে কৰ’না আক্ৰান্ত ৰোগীৰ চিকিৎসা কৰিব ৷ উত্তৰা মানসিক ভাবে সাজু ৷ অৱশ্যে এতিয়াও আমাৰ জিলাখন গ্ৰীন জ’নত আছে ৷ কৰ’না আক্ৰান্ত ৰোগীৰ সংখ্যা অনুযায়ী দেশখনৰ সকলো জিলা তিনিটা জ’নত ভাগ কৰিছে ৷ ৰেড্ অৰেঞ্জ আৰু গ্ৰীন ৷ য’ত এটাও কৰ’না কেচ নাই সেই ঠাই গ্ৰীন জ’ন ৷ কিন্তু কোনোবা “গ্ৰীন জ’ন” নিশাটোৰ ভিতৰতে “অৰেঞ্জ বা ৰেড জ’ন”লৈ পৰিণত হৈছে ৷ অর্থাৎ খলনায়ক আমাৰ মাজতে “ইনভিজিবল মেন্” হৈ টিঘিলঘিলাই ঘূৰি ফুৰিছে ৷ ৰেড জ’ন বুলিলেই দুটা ট ট কৈ ৰঙা চকুৱে আমালৈ চাই থকা যেন লাগে ৷ ভগৱানৰ পৰা এতিয়া আমাক সেউজীয়াৰ বাদে আন একো নালাগে ৷
শেষ হ’ল দ্বিতীয় পর্যায় দুসপ্তাহৰ লক ডাউন ৷ পুণৰ তৃতীয় পর্যায় ৷ তৃতীয় পর্যায়ত আমাৰ বাবে বিপদ ঘন্টা বাজিল ৷ এজন ব্যক্তিৰ দেহত “কভিড নাইনটিন” ধৰা পৰিল ৷ আমি যেতিয়া টিভিৰ পর্দাত সেই বুকুকপি যোৱা বাতৰিটো দেখিছিলো তেতিয়া উত্তৰা হস্পিটেলত আছিল ৷

উত্তৰা ঘৰলৈ আহিব পৰা নাই ৷ হস্পিটেল কতৃপক্ষই থকা খোৱা সকলো ব্যৱস্থা কৰিছে ৷ এজন এজনকৈ কৰ’না ৰোগীৰ সংখ্যা বাঢ়ি আহিবলৈ ধৰিছে ৷ উত্তৰা হঁতে সাতদিন ডিওটি কৰি চৈধ্য দিন কোৱাৰেন্টাইনত থাকিব লাগে ৷ ফোনত কথা হয় আমাৰা ৷ ভিডিঅ’ কলো হয় ৷ তথাপি হেঁপাহ নপলায় ৷ কাষত পাবলৈ মন যায়…চুবলৈ মন যায় ৷ মাৰ মনে নামানে ৷ উত্তৰা এনেয়েও মাৰ আলাসৰ লাৰু ৷ আমি তিনিটাতকৈ বৰ জীয়েকৰ প্ৰতি মাৰ টান বেচি ৷ মায়ে উত্তৰাক এবাৰ চাব খোজে ৷ মোবাইলৰ যোগেদি নহয় ৷ কাষৰ পৰা স্বচক্ষে চাব খোজে ৷ বয়সৰ প্ৰতি লক্ষ ৰাখি আমি মাক যাবলৈ দিব নোৱাৰো ৷ স্বাস্থ্য মন্ত্ৰণালয়ে বয়সস্থ সকলৰ প্ৰতি বিশেষ গুৰুত্ব দিবলৈ সকীয়াই আাছে ৷ তাতে মা উচ্চৰক্ত চাপত আক্ৰান্ত ৷ মাক বুজালো ৷ মাৰ হৈ মই স্বচক্ষে উত্তৰাক চাই আাহিমগৈ ৷ এদিন মই উত্তৰাক দূৰৰ পৰা চাবলৈ গ’লো ৷ ওচৰলৈ যাব নোৱাৰি ৷ দূৰৰ পৰা চাব লাগিব ৷ মই হস্পিটেল কমপাউণ্ডৰ বাহিৰত ৷ যি ঠাইলৈকে ভিজিটৰ সকলৰ অহাৰ অনুমতি আছে মই তাতেই ৰ’লো ৷ উত্তৰা ওলাই আহিল ৷ পি পি ই কীট পিন্ধা উত্তৰাই মোলৈ চাই হাত জোকাৰিলে ৷ ময়ো ৷ ওচৰলৈ আহিবলৈ নিদিয়াৰ বাবে ভালেই পালো ৷ নহ’লে বাগৰি অহা মোৰ চকুৰ পানী দেখি তাইও কান্দি পেলালে হেতেন ৷ এই সময়ত মই তাইক দুর্বল হ’বলৈ দিব নোৱাৰো ৷ তাই মোক সোঁহাতৰে “ভি” আখৰটো দেখুৱালে ৷ ময়ো প্ৰত্যুত্তৰ দিলো ৷ তাই ইংগিতেৰে বুজাই দিলে যে তাই সম্পূর্ণ ঠিকেই আছে ৷ ময়ো বুজালো, আমি সকলো ঠিকেই আছো ৷ মই দেখিলো আৰু এজন পি পি ই কীট পিন্ধা মানুহ উত্তৰাৰ ওচৰলৈ আহিছে ৷ উত্তৰাই মোলৈ আঙুলিয়া দিলে ৷ হাত জোকাৰি মোৰ পৰা বিদায় লৈ তাই হস্পিটেলৰ ভিতৰলৈ সোমাই গ’ল ৷ পি পি ই কীট পিন্ধা মানুহজনে মোলৈ চাই ৰ’ল ৷ ময়ো তেওঁলৈ চাই ৰ’লো ৷ জয়ন্ত ৷

জয়ন্তই মোলৈ হাত এখন প্ৰসাৰিত কৰি দিলে ৷ ময়ো ৷ ইমান দূৰে দূৰে থাকিও আজি আমি দুয়োকো চুলো ৷ নিচেই কাষত মই শুনা পালো জয়ন্তৰ মাত ৷ জয়ন্তই সুধিছে-
: অন্তৰা…কেনে আছা ?
: ভালে আছো ৷ তুমি কেনে আছে জয়ন্ত ?
: ময়ো ভালে আছো ৷ ৰোগী সকলক সুস্থকৰি তুলিবলৈ প্ৰানেপনে যত্ন কৰিছো ৷
: মোৰ শুভেচ্ছা তোমালোকৰ লগত আছে জয়ন্ত ৷ তোমালোক এদিন সফল হ’বা ৷
: কি ? এই কথা তুমি কৈছা অন্তৰা..?
: বিশ্বাস হোৱা নাই ? কেনেকৈ বিশ্বাস হ’ব মই বৰ নির্দয় নহয় জয়ন্ত ?
: কেতিয়াও নহয়, মই তোমাক নিজতকৈয়ো বেচি বিশ্বাস কৰো অন্তৰা ৷ তোমাৰ অন্তৰখন কমোৱা তুলাৰ দৰে কোমল….আৰু উৰণীয়াও ৷
আমি দুয়ো হাঁহিলো ৷ জয়ন্তই সুধিলে—
: কেনেকৈ সময় পাৰ কৰিছা অন্তৰা ?
: সময়…ব্যস্ততাৰে জয়ন্ত ৷ মাৰ পৰা সুস্বাদু আহাৰ বনাবলৈ শিকিছো…ফুলনি পাতিছো জানা ৷ ফুলবোৰে ক’লি পেলাইছে ৷ দেউতাৰ শাকনিবাৰী এতিয়া আমি চম্ভালো ৷ পূর্ণিমা, গীতা, শলিতা , ডিম্পল , ৰাধিকা আৰু সসীম আকাশ দ্বীপক হঁতৰ লগত দৰিদ্ৰ সকলৰ মাজত খাদ্য আৰু প্ৰয়োজনীয় সামগ্ৰী বিতৰণ কৰিছো ৷ গলিৰ চেৰেলা পৰা কুকুৰ কেইটাকো আমি খাদ্য খুৱাওঁ…মাস্ক চিলাই কৰো, বিনামূল্যে বিতৰণ কৰো…আৰু ঈশ্বৰক প্ৰার্থনা কৰো বিশ্বৰ বুকুৰ পৰা এই সন্ত্ৰাস দূৰ হওক…
: বা: অন্তৰা…খুওব ভাল ৷ তেন্তে তুমি এতিয়া কৰ’নাক খলনায়ক নুবুলি নায়ক বুলিব পাৰা ৷ প্ৰতিটো ঘটনাই কিবা নহয় কিবা কাৰণত ঘটে ৷ কোনে জানে, কৰ’নাৰো কিজানি কিবা এটা সুন্দৰ পৰিকল্পনা আছে ..চোৱা, তোমাৰ পৰা দূৰলৈ গুচি যোৱা কিমানবোৰ সম্পর্ক তোমাৰ কাষ চপাই আনিলে এই খলনায়কে ৷ মোৰ ওপৰত তোমাৰ এতিয়াও খং আছে অন্তৰা ?
: নাই …জয়ন্ত..
: আজি আমি ইমান দূৰে দূৰে আছো…পিপিই কীটৰ মাজত তুমিতো মোক দেখাও নাই ৷ কি অনুভৱ কৰিছা অন্তৰা ? মই কিন্তু তোমাক আজি প্ৰথম বাৰৰ বাবে ইমান ভাল পাই পেলাইছো অন্তৰা…মই তোমাৰ প্ৰেমত পৰিছো অন্তৰা..দূৰে দূৰে থাকিও আজি তুমি মোৰ ইমান কাষ চাপি আহিছা..
: কোনে কয় মই তোমাক দেখা নাই ৷ আজিহে মই তোমাক ভালকৈ দেখা পাইছো ৷ আজি প্ৰথমবাৰ মই তোমাক হৃদয়ত ধাৰণ কৰিছো ৷
: তেন্তে ইমানদিন আমাৰ মাজত যি আছিল সেয়া কি আছিল ?
: ইমানদিন আমাৰ মাজত মাথো শাৰীৰিক আকর্ষণ আছিল ৷ নাছিল কোনো আত্মিক টান ৷ আমি কোনো দিনেই ইজনে সিজনৰ আত্মা স্পর্শ কৰি চোৱা নাছিলো ৷ প্ৰেমৰ স্বর্গীয় অনুভূতি শৰীৰত নাথাকে, থাকে হৃদয়ত ৷ প্ৰেমৰ বাবে দুটা শৰীৰৰ প্ৰয়োজন নাই …প্ৰয়োজন দুটি আত্মাৰ…দুখন হৃদয়ৰ ৷ আজি যদি আমি দুয়ো দুয়োৰে পৰা হাজাৰ হাজাৰ মাইল দূৰলৈও গুচি যাওঁ তথাপি আমাৰ প্ৰেম কেতিয়াও শেষ নহয় জয়ন্ত ৷ কাৰণ, আজি মই তোমাক মোৰ হৃদয়ত ধাৰণ কৰিছো জয়ন্ত…৷

পি পি ই কীটৰ মাজত ডা:জয়ন্তক আমাৰ কল্পনাৰ পৃথিৱীত বাস কৰা এলিয়েন এটাৰ দৰে দেখা গৈছে ৷ তেওঁৰ শৰীৰৰ বিন্দু এটাও প্ৰকট হোৱা নাই৷ কিন্তু অতি আচৰিতজনক ভাবে মই জয়ন্তক মাথোঁ দেখা পোৱাই নহয় অনুভৱ কৰিছো জয়ন্তৰ শৰীৰৰ সুঘ্ৰান…দেখিছো, হঠাৎ উজ্জল হৈ উঠা দুচকুৰ তিৰবিৰণি … আনন্দত আতুৰ হৈ পৰা মুখৰ অভিব্যক্তি…আৰু…আৰু প্ৰার্থনা কক্ষ পোহৰাই ৰখা বন্তি গছিৰ দৰে ডাক্তৰ জয়ন্তৰ হৃদয় কক্ষ অহৰহ পোহৰাই ৰখা দীপ্ত সূর্য এটি ৷ অনুভূতিৰ সহশ্ৰ আঙুলিৰে মই আজি জয়ন্তক চুই চাইছো ৷ মই লাহে লাহে অন্য এখন পৃথিৱীত প্ৰৱেশ কৰিলো ৷ সেইখন, শৰীৰৰ মায়া বিহীন এখন অনুভৱৰ পৃথিৱী ৷ এখন নিষ্কাম প্ৰেমৰ পৃথিৱী…য’ত কোনো স্বার্থ নাই….কোনো .প্ৰতিশ্ৰুতি নাই…কোনো দাবী নাই…কোনো অপ্ৰাপ্তি নাই…কোনো ভুল নাই…কোনো পণ নাই..নাই হেৰোওৱাৰ বেদনা..নাই পোৱাৰ আনন্দ…দূৰ দিগন্ত বিয়পি আছে মাথো প্ৰেম প্ৰেম মাথো প্ৰেম ৷ এইখন সনাতন সত্যৰ পৃথিৱী ৷ এয়াযে অনুভৱৰ অন্য এক নাম ৷ এই পৃথিৱী খনৰ নাম “প্ৰেম” ৷

2 COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here