এজন ছাত্ৰৰ দৃষ্টিৰে: অসমৰ চৰকাৰী খণ্ডৰ বিদ্যালয়সমূহ- প্ৰত্যাহ্বান আৰু ভৱিষ্যত

বিতুপ্ৰতিভ বৰুৱা

‘Reinventing Government’ গ্ৰন্থখনত লেখকদ্বয় ডেভিদ অ’চবৰ্ণ আৰু টে’ড গেব্লাৰে বিখ্যাত ‘Time’ আলোচনীৰ উদ্ধৃতিৰে প্ৰ্থম বাক্যটিতে এটা প্ৰশ্নৰ অৱতাৰণা কৰিছে- “Is government dead?” ইয়াৰ অন্তৰালত থকা প্ৰসংগটো হ’ল আমেৰিকাৰ ৰাজহুৱা শিক্ষা, স্বাস্থ্য, ন্যায় ব্যৱস্থা আদিলৈ আহি পৰা স্থবিৰতা আৰু জনসাধাৰণৰ আওকণীয়া মনোভাৱ। ১৯৮০ৰ দশকত আমেৰিকাত উত্থাপিত এই প্ৰশ্নটো আজি ভাৰততো প্ৰাসংগিক হৈ পৰিছে। হাইস্কুল শিক্ষান্ত পৰীক্ষা ২০২০ৰ ফলাফল ঘোষিত হ’ল। প্ৰতিবছৰৰ দৰে এইবাৰো আলোচিত অন্যতম বিষয় হৈছে চৰকাৰী খণ্ডৰ (চৰকাৰী আৰু প্ৰাদেশীকৃত) বিদ্যালয়সমূহৰ ফলাফল আৰু পাৰদৰ্শিতা। এইবৰ্ষৰ প্ৰথম দহটা স্থানপ্ৰাপক ৪২ জন শিক্ষাৰ্থীৰ ভিতৰত চৰকাৰী বিদ্যালয়ৰ শিক্ষাৰ্থী মাথো তিনিজন। স্থানপ্ৰাপ্তিয়ে শেষ কথা নহয়, কিন্তু ইয়াক পৰিমাপকৰূপে ব্যৱহাৰ নকৰাটোও মূৰ্খামি হ’ব। দ্বিতীয়তে, এজনো পৰীক্ষাৰ্থী উত্তীৰ্ণ নোহোৱা ১৭ খন (নে ২৪ খন?) বিদ্যালয় তাৎক্ষণিকভাৱে বন্ধ কৰি শিক্ষাৰ্থী আৰু শিক্ষকসকলক অন্য বিদ্যালয়লৈ স্থানান্তৰ কৰিবলৈ শিক্ষামন্ত্ৰীয়ে নিৰ্দেশ দিছে। অৱশ্যে ডিমা-হাচাওৰ বিদ্যালয়কেইখনক ৰেহাই দিয়া হৈছে। তাৎক্ষণিক পদক্ষেপ হিচাপে ই সময়োপযোগী আৰু অৱশ্যম্ভাৱী, কাৰণ ৰাইজৰ ধনেৰে ফলাফলশূণ্য এটি অনুষ্ঠান পৰিচালনা কৰি থকাৰ কোনো যুক্তি নাই। তাৰ পৰিৱৰ্তে পৰ্যাপ্ত শিক্ষক নথকা অন্য বিদ্যালয় এখনলৈ এইসকল শিক্ষকক বদলি কৰিলে ভাল ফল লাভৰ আশা বেছি। কিন্তু ইয়াতেই সমস্যাৰ ওৰ পৰা নাই, বৰঞ্চ ইয়াৰ শিপাডাল বহু দলৈকে বিস্তৃত।

তথ্যসমূহ বিশ্লেষণ কৰিলে দেখা যায় যে ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহৰ ফলাফল ৰাজহুৱা খণ্ডতকৈ তুলনামূলকভাৱে যথেষ্ট উন্নত। এইসমূহ বিদ্যালয়ৰ উত্তীৰ্ণৰ পৰিমাণৰ লগতে প্ৰথম বিভাগত উত্তীৰ্ণৰ পৰিমাণো চকুতলগা। বৰ্তমান চৰকাৰী খণ্ডৰ অন্তৰ্গত অসমৰ সৰহভাগ বিদ্যালয় গঢ়ি উঠিছিল ৰাইজৰ প্ৰচেষ্টাত। থলুৱা শিক্ষানুৰাগী ব্যক্তিয়ে হাড়ভগা পৰিশ্ৰম আৰু ন্যূনতম বা বিনাবেতনেৰে শিক্ষকতা কৰি গঢ়ি তোলা এইসমূহ বিদ্যালয় পৰৱৰ্তী সময়তহে প্ৰাদেশীকৃত হৈছিল। গতিকে এইসমূহ ৰাইজৰ ত্যাগ আৰু কষ্টৰ বলত গঢ়ি উঠা ‘ৰাইজৰ অনুষ্ঠান’। দৰিদ্ৰ শ্ৰেণীৰ, যাৰ দুবেলা দুমুঠি খাবলৈ নাটে, ল’ৰা-ছোৱালীৰ বাবে এযোৰ ইউনিফ’ৰ্ম যোগাৰ কৰাটোও যাৰ বাবে ডাঙৰ কথা, তেওঁলোকৰ বাবে চৰকাৰী বিদ্যালয়ৰ বাহিৰে গত্যন্তৰ নাই। সংবিধানে ২১(ক) [21(A)] নং অনুচ্ছেদত ৬ৰ পৰা ১৪ বছৰৰ প্ৰতিটো শিশুৰ বাবে বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ কথা ঘোষণা কৰিছে। ইয়াৰ ৰূপায়ণৰ দায়িত্ব ন্যস্ত আছে এইসমূহ বিদ্যালয়ৰ ওপৰতেই। এইসমূহ বিদ্যালয়েই হৈছে মাতৃভাষা বা আঞ্চলিক ভাষাৰ মাধ্যমেৰে শিক্ষাপ্ৰদান ব্যৱস্থাৰ ঘাই ভেটি। তদুপৰি, ভাৰতীয় ধৰ্মনিৰপেক্ষতাৰ ওপৰত সততে প্ৰশ্ন উত্থাপিত হোৱা সময়ছোৱাত বহু ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে কোনো এক ধৰ্মীয় বিশ্বাসৰ প্ৰতি মৃদু অনুৰাগ প্ৰদৰ্শন কৰাৰ বিপৰীতে এইসমূহ বিদ্যালয়ে ধৰ্মনিৰপেক্ষ শিক্ষাৰ ধ্বজা বহন কৰি আছে। এনে ক্ষেত্ৰত চৰকাৰী বিদ্যালয়ৰ বিপদঘণ্টা বজা বা শিক্ষাৰ মান নিম্নগামী হোৱাটো কল্যাণকামী ৰাষ্ট্ৰ ভাৰতবৰ্ষৰ বাবে পৰিতাপৰ বিষয়।
চৰকাৰী বিদ্যালয়ৰ এই পশ্চাদ্‌গামিতাৰ কাৰণ কি? কাৰণ বহুতো। তথাপি চৰকাৰী বিদ্যালয়ত পঢ়া এজন ছাত্ৰ হিচাপে মোক যদি এই প্ৰশ্নটো সোধা হয় তেন্তে মোৰ প্ৰথম উত্তৰটো হ’ব দুৰ্বল ইংৰাজী শিক্ষা। সাম্প্ৰতিক গোলকীয় বিশ্বত ইংৰাজী নজনাটোক একপ্ৰকাৰ ‘সাক্ষৰ হৈও নিৰক্ষৰ’ বুলি অভিহিত কৰিব পাৰি। ইংৰাজীৰ সাংবিধানিক, প্ৰশাসনিক, শৈক্ষিক, বৈজ্ঞানিক তথা প্ৰযুক্তিগত গুৰুত্বক নস্যাৎ কৰাটো সম্প্ৰতি পূৰ্ণমাত্ৰাই অসম্ভৱ। কিন্তু পৰিতাপৰ বিষয় এইয়ে যে অসমৰ গৰিষ্ঠসংখ্যক চৰকাৰী বিদ্যালয়তে প্ৰণালীবদ্ধ ইংৰাজী শিক্ষণৰ সুব্যৱস্থা নাই। নিম্ন আৰু উচ্চ প্ৰাথমিক বিদ্যালয়সমূহত ই অধিক ভয়াৱহ। ৰাজ্যখনত এতিয়াও এনে বহু বিদ্যালয় আছে যিসমূহ এজনীয়া শিক্ষকেৰে পৰিচালিত হয়। প্ৰাক প্ৰাথমিক বা ক মানৰ পৰা পঞ্চম মানলৈ এজন শিক্ষকে পঢ়ুৱাটো অসমৰ এক ‘অসম্ভৱ সত্য’ ব্যৱস্থা। সম্প্ৰতি এনে বিদ্যালয়ৰ সংখ্যা ৩১০০(উৎস- প্ৰতিদিন টাইম, ১৫ জুন,২০২০2)। কেৱল নিম্ন-প্ৰাথমিকেই নহয়, ২৩ খন উচ্চ প্ৰাথমিক বিদ্যালয় য’ত প্ৰতিটো বিষয়ৰ বাবে পৃথক পৃথক শিক্ষকৰ প্ৰয়োজন, তাত যেতিয়া এজন বা দুজন শিক্ষকে পঢ়াবলগীয়া হয় তেতিয়া শিক্ষাৰ মানদণ্ড কি হ’ব সেইয়া সহজেই অনুমেয়। ইংৰাজীৰ সমান্তৰালভাৱে গণিত আৰু বিজ্ঞানক আকৰ্ষণীয় বিষয়লৈ ৰূপান্তৰিত কৰি শিক্ষাৰ্থীৰ মনোজগতত থকা ভয় নিৰ্মূল কৰিব পৰা শিক্ষকৰ অভাৱ চৰকাৰী বিদ্যালয়ৰ পশ্চাদ্‌গামিতাৰ অন্যতম কাৰণ।

বিদ্যালয়ৰ শিক্ষাব্যৱস্থাৰ কেৰোণ নিহিত হৈ থকা আন এটি বিষয় হৈছে পুথিভঁৰাল, বিজ্ঞান পৰীক্ষাগাৰ আৰু কম্পিউটাৰ শিক্ষাৰ দুৰৱস্থা। স্কুল পৰ্যায়ত যেতিয়াই পুথিভঁৰালৰ প্ৰসংগ আহে তেতিয়াই মনত পৰে সুসাহিত্যিক হোমেন বৰগোহাঞিদেৱে তেখেতৰ ৰচনাত বহুবাৰ উল্লেখ কৰা ঢকুৱাখনা চৰকাৰী মজলীয়া বিদ্যালয়ৰ পুথিভঁৰালটোলৈ য’ত সেই সময়ৰ ‘অসমীয়া ভাষাৰ আটাইখিনি শ্ৰেষ্ঠ কিতাপ’ উপলব্ধ আছিল (মনত ৰখা ভাল সেই সময়ত ঢকুৱাখনাৰ পৰিচিতি আছিল ‘কলিয়াপানী’ হিচাপে)। কিন্তু সম্প্ৰতি অসমৰ কেইখন বিদ্যালয়ৰ পুথিভঁৰালে ছাত্ৰ-ছাত্ৰীক উপকৃত কৰিছে? চৰকাৰী তথ্যমতে অসমৰ ৮৮.৫ শতাংশ চৰকাৰী বিদ্যালয়ত পুথিভঁৰালৰ ব্যৱস্থা আছে (উৎস-অসম সৰ্বশিক্ষা অভিযান3)। যদিহে সেইয়াই হয় তেতিয়াহ’লে আচলতে অভাৱ কি? আন্তঃগাঁথনি নে সদিচ্ছা? বিজ্ঞানৰ সাধাৰণ পৰীক্ষাবোৰ কেইজন শিক্ষকে হাতে-কামে ছাত্ৰ-ছাত্ৰীক বুজাই দিয়ে? ব্যক্তিগতভাৱে হাইস্কুলত আমি লিটমাছ পেপাৰৰ এটি পৰীক্ষাৰ বিষয়ে পঢ়িছিলোঁ, কিন্তু কোনোদিন পৰীক্ষাগাৰত পৰীক্ষণৰ সুযোগ নাপালোঁ। এনে বাতাৱৰণত শিক্ষাৰ্থীৰ মনত বৈজ্ঞানিক মানসিকতা কিভাৱে গঢ় লৈ উঠিব?
সুস্থ আৰু সফল শৈক্ষিক বাতাৱৰণ নিৰ্মাণত শিক্ষকৰ সমানে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে অভিভাৱকসকলে। এইক্ষেত্ৰত মোৰ ব্যক্তিগত অভিজ্ঞতাৰ জোলোঙাৰ পৰা এটা ঘটনা প্ৰকাশ কৰিব বিচাৰিম। মই পঢ়া ঘিলামৰা নগৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ তদানীন্তন প্ৰধান শিক্ষক শ্ৰীযুত ডিম্বেশ্বৰ চেতিয়া ছাৰে বছৰি অভিভাৱকৰ সভা আহ্বান কৰে, প্ৰতিখন সভাতে উপস্থিতি প্ৰায় সেৰেঙা, ছাত্ৰ-ছাত্ৰীৰ অনুপাতলৈ চালে একেবাৰে নোহোৱাৰ ঘৰত। এবাৰ তেনে এখন সভাত অভিভাৱকৰ উপস্থিতিৰ মাত্ৰা দেখি ক্ৰোধান্বিত হৈ পিছদিনাৰ প্ৰাতঃসভাত ছাৰে আক্ষেপেৰে কৈছিল, “স্কুলত নাম লগাই আমাক তঁহতৰ দায়িত্ব দিলে বুলিয়েই মাৰ-দেউতাৰৰ দায়িত্ব শেষ হৈ গ’ল নেকি? বছৰেকত এদিন আহি আমাক দিহা-পৰামৰ্শ বা ভুলবোৰ আঙুলিয়াই দিলে কি ক্ষতি হয়? প্ৰাইভেটত নাম লগালে দেখোন দিনৌ অহা-যোৱা, আমাৰবোৰলৈ আহিব নালাগে নেকি?” তেতিয়া কথাবোৰ শিক্ষকৰ আতিশয্য যেন লাগিছিল, কিন্তু আজি তাৰ প্ৰাসংগিকতা পদে পদে অনুভৱ কৰোঁ।
এইবছৰ যিকেইখন বিদ্যালয়ৰ ফলাফল শূণ্যৰ ঘৰত বা দহ শতাংশৰ তলত সেই অৱনতি জানো তাৎক্ষণিক? বহুবছৰৰ পৰা এই বিদ্যালয়সমূহ আন্তঃগাঁথনিগত, পৰ্যাপ্ত শিক্ষকৰ অভাৱ, শিক্ষাৰ্থীৰ অভাৱ ইত্যাদি এশ-এবুৰি সমস্যাৰে জৰ্জৰিত হৈ আছিল। এই বিদ্যালয়সমূহ পৰিদৰ্শকে কেইবাৰ ভ্ৰমণ কৰি তাৰ প্ৰতিবেদন প্ৰস্তুত কৰিছিল? (স্কুল পৰিদৰ্শন ব্যৱস্থাটো দৰাচলতে প্ৰচলিত নে ‘অধুনালুপ্ত’?) শিক্ষা বিভাগৰ পৰা ইয়াৰ প্ৰতিৰোধৰ যথোচিত ব্যৱস্থা লোৱা হৈছিল জানো? এই প্ৰশ্নকে ফে’চবুকযোগে উত্থাপন কৰিছে এইবাৰ শিক্ষা বিভাগে বন্ধ কৰি দিয়া যোৰহাট বেজবৰুৱা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকে। তেওঁৰ অভিযোগ বিগত বিশ-ত্ৰিশটা বছৰত কোনো চৰকাৰী বিষয়া বা বিভাগীয় মন্ত্ৰীয়ে বিদ্যালয়খন পৰিদৰ্শন কৰা নাই। তেনেহ’লে, ভুল কেৱল বিদ্যালয় কৰ্তৃপক্ষ আৰু শিক্ষকসকলৰেই নে?

প্ৰত্যাহ্বান থাকিবই, কিন্তু প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰি ভৱিষ্যতৰ পথ সুগম কৰিব লাগিব। চৰকাৰী খণ্ডৰ বিদ্যালয়সমূহৰ মান কেনেদৰে উন্নত কৰিব পৰা যাব; এই দায়িত্ব অসমৰ শিক্ষা বিভাগ, অসম মাধ্যমিক শিক্ষা পৰিষদ, সন্মানীয় শিক্ষাবিদসকল আদিৰ ওপৰত ন্যস্ত। তথাপি চৰকাৰী খণ্ডত অধ্যয়ন কৰা এজন ছাত্ৰ হিচাপে নিম্নোক্ত কথাকেইটা দৰকাৰী যেন অনুভৱ হয়-
(১) নিৰ্দিষ্ট অঞ্চল সামৰি লোৱাকৈ কিছুমান বচা বচা বিদ্যালয়ক পৰিকল্পিতভাৱে পৰ্যাপ্ত আন্তঃগাঁথনি, পুথিভঁৰাল, বিজ্ঞান পৰীক্ষাগাৰ, কম্পিউটাৰ শিক্ষা, যথাযোগ্য শিক্ষক আদিৰে সৈতে আদৰ্শ তথা পূৰ্ণাংগ বিদ্যালয় হিচাপে গঢ়ি তুলি পৰিদৰ্শকৰ প্ৰত্যক্ষ নজৰত ৰাখিব লাগে। পদ্ধতিগতভাৱে এনে বিদ্যালয়ৰ সংখ্যা বৃদ্ধি কৰা উচিত।
(২) জ্যেষ্ঠতাৰ ভিত্তিত নিযুক্তিৰ পৰিৱৰ্তে হাইস্কুলসমূহত বিশেষ যোগ্যতা আৰু প্ৰশিক্ষণ সম্পন্ন প্ৰধান শিক্ষক নিযুক্ত কৰিব লাগে। প্ৰধান শিক্ষকৰ বিদ্যালয় সাল-সলনিৰ ব্যৱস্থাও থাকিব লাগে। প্ৰধান শিক্ষকজন শিক্ষকৰ লগতে এজন দক্ষ প্ৰশাসক হোৱা দৰকাৰ।
(৩) ইংৰাজীৰ ব্যৱহাৰিক আৰু মানসম্পন্ন শিক্ষাক বিশেষ গুৰুত্ব প্ৰদান কৰিব লাগে। ছাত্ৰ-ছাত্ৰীৰ ইংৰাজীৰ প্ৰতি থকা ভয় যাতে স্কুল পৰ্যায়তে নিৰ্মূল কৰিব পাৰি তাৰ বাবে ইংৰাজী কথন, লিখন আৰু ব্যাকৰণত বিশেষ গুৰুত্ব প্ৰদান কৰিব লাগে।
(৪) স্কুল পৰ্যায়তে ছাত্ৰ-ছাত্ৰীৰ গ্ৰন্থাগ্ৰহ গঢ়ি তুলিব লাগে। পুথিভঁৰালৰ পৰা কিতাপ লৈ পঢ়াটো অভ্যাসত পৰিণত হোৱাটো অতিকৈ বাঞ্ছনীয়। এই পৰিৱেশৰ অভাৱৰ বাবেই অসমৰ বিশ্ববিদ্যালয়ৰ পুথিভঁৰালতো ছাত্ৰ-ছাত্ৰীৰ উপস্থিতি চকুত লগাকৈ সেৰেঙা হোৱা দেখা যায়।
(৫) হাইস্কুল শিক্ষান্ত পৰীক্ষাত চৰকাৰী খণ্ডৰ বিদ্যালয় এখনৰ পৰা ব্যক্তিগত খণ্ডৰ বিদ্যাৰ্থীয়ে যাতে পৰীক্ষাত অৱতীৰ্ণ হ’ব নোৱাৰে তাৰ প্ৰতি দৃষ্টি ৰাখিব লাগে। অন্যথা চৰকাৰী বিদ্যালয়ৰ প্ৰকৃত অগ্ৰগতিৰ খতিয়ান প্ৰকাশ নাপায়।
আমি এনে এক চৰকাৰী শিক্ষা ব্যৱস্থা বিচাৰোঁ য’ত নিজ সন্তানক চৰকাৰী বিদ্যালয়তে পঢ়াব পৰাকৈ শিক্ষকসকল আত্মবিশ্বাসী হৈ উঠিব, যাৰ প্ৰতি ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকল দায়বদ্ধ হ’ব আৰু যি ব্যৱস্থাই দেশৰ প্ৰতিজন শিশুৰ গুণগত আৰু ব্যৱহাৰিক জ্ঞান নিশ্চিত কৰিব। বিশিষ্ট সাহিত্যিক ড° হীৰেন গোহাঁইদেৱে ‘বতাহত ক’ৰ গধূলি গোপাল’ গ্ৰন্থখনিত চীফ জাষ্টিচৰ কন্যাইও তাৰিণী চৌধুৰী হাইস্কুলত অধ্যয়ন কৰাৰ কথা উল্লেখ কৰিছে। ভৱিষ্যতে ইয়াৰ পুনৰাবৃত্তি সম্ভৱ নে?

তথ্যউৎস-
(1)https://sebaonline.org/?link=cmVzdWx0cw%3D%3D
(2)https://youtu.be/FJLBSY-l3zg
(3)https://ssa.assam.gov.in/sites/default/files/swf_utility_folder/departments/ssam_medhassu_in_oid_5/portlet/level_1/files/basic_indicators_udise_2018-19_2.pdf

1 COMMENT

  1. পঢ়িলো।সচাকৈয়ে চৰকাৰী স্কুলৰ অৱস্থাটো চিন্তনীয়।

LEAVE A REPLY

Please enter your comment!
Please enter your name here