প্ৰস্তুতি

কল্পজ্যোতি ৰায়

হে চিৰনমস্য নাগৰিকসকল
মোৰ জনতা জনাৰ্দন
সকলোৰে ভাল হওক বুলি
কিবা এটা বুদ্ধি পাঙিবলৈ সভা এখন কৰিছোঁ আয়োজন
তালৈ আপোনাসৱক জনালোঁ সাদৰ ‘নিমন্ত্ৰণ’

সিদিনা কাৰোৱেই হাতঘড়ীবোৰ মৰি নাথাকিব
সিদিনা খোজবোৰ চলিব খৰকৈ
সিদিনা ঘৰুৱা কামবোৰ থাকিব আওহাতে
সিদিনা কৌষ্ঠকাঠিন্য অথবা বিউটি পাৰ্লাৰক নুদূষিব কোনেও
সভালৈ সকলোৱে আহিব মাতবোৰ গলগলীয়া কৰি

সভাৰ সমান্তৰালভাৱে
সুদৃশ্য ভোজনালয়ত চলিব ভোজৰ মহা আয়োজন
সিদিনা অসূয়াৰ জুইৰ ওপৰত বহিব চৰু
সিদিনা সকলো পুৰণি বাচন-বর্তন দলিয়াই দি
আহাৰ পৰিবেশন কৰা হ’ব নতুন বাচনত
সিদিনা ভিন্নৰঙী বিলাসী পানীয়ৰ ব্যৱস্থা থাকিব
সিদিনা থাকিব বিধে বিধে মাংসৰ ব্যঞ্জন
সিদিনা মিছামাছ গৰম তেলত দি ৰন্ধা হ’ব আটাইতকৈ সুস্বাদু ব্যঞ্জনখন

উপস্থিতিৰ সংখ্যা সৰহ হ’লে সভা অৱশ্যেই দীঘলীয়া হ’ব
মুকলি বিতৰ্ক হ’ব ,বাক-বিতণ্ডা হ’ব
এদিনতে কোনো সময়োপযোগী সিদ্ধান্ত গ্ৰহণ কৰিব পৰা নগ’লে
আকৌ থিৰাং কৰা হ’ব নতুন দিন
সিদিনাও সিদ্ধান্ত নহ’লে আকৌ এদিন
সিদিনাও যদি নহয় আকৌ এদিন…

LEAVE A REPLY

Please enter your comment!
Please enter your name here