প্ৰশান্ত ৰাজগুৰুৰ সৈতে বাৰ্তালাপ

“প্ৰাঙ্গণ”ৰ বিশেষ শিতান “বাৰ্তালাপ”ত এইবাৰৰ বিশিষ্ট অতিথি অসমৰ বৈদ্যুতিক সংবাদ মাধ্যমত এক নতুন মাত্ৰা প্ৰদান কৰাৰ লগতে পূৰ্বতে কেইবাখনো বাতৰিকাকতত বলিষ্ঠ সাংবাদিকতাৰ চানেকি দিয়া প্ৰসিদ্ধ সাংবাদিক প্ৰশান্ত ৰাজগুৰু ছাৰ। আহক, তেখেতৰ সাংবাদিকতাৰ বৰ্ণিল যাত্ৰা, ব্যক্তিগত জীৱন আৰু অসমৰ সামাজিক আৰু ৰাজনৈতিক পটভূমি সম্পৰ্কে তেখেতৰ মতামত জানিবলৈ প্ৰয়াস কৰোঁ।

১। অসমৰ আগশাৰীৰ আৰু আপোচবিহীন সাংবাদিকৰসকলৰ ভিতৰত আপুনি অন্যতম। শৈশৱৰ পৰা আৰম্ভ কৰি, সাংবাদিকতাৰ এই জগতত আপুনি কিয় আৰু কেনেদৰে খোজ পেলালে ?
উ: সাংবাদিকতাত মোৰ আগৰ পৰাই ৰাপ আছিল। মই যেতিয়া ক্লাছ ৬ ত আছিলোঁ, তেতিয়া হঠাৎ দেশত জৰুৰীকালীন অৱস্থা ঘোষণা কৰিলে। তাৰ ফলত আমাৰ মনত “কিউৰিওচিটী” (curiosity) বাঢ়িল। তেতিয়া আমি বাতৰি ৰেডিঅ’ত হে শুনো। আমাৰ দেউতাহঁতেও ভালকৈ ক’ব পৰা নাছিল “emergency” টো কি। আমাৰ ঘৰৰ ওচৰতে এজন খুব ডাঙৰ নেতা আছিল, তেওঁৰ নাম আছিল দেৱেশ্বৰ শৰ্মা ।তেওঁ মন্ত্ৰীও আছিলে। তেওঁক হঠাৎ এদিন ইন্দিৰা গান্ধীক বিৰোধিতা কৰা কাৰণে গ্ৰেপ্তাৰ কৰি লৈ গ’ল। তাৰ পাছত হে যোৰহাটৰ মানুহে গম পালে “emergency” এক ভয়ংকৰ বস্তু । ১৯৭৭ত তেতিয়া “emergency” উঠি গ’ল, তেতিয়া আমি সপ্তম শ্ৰেণীত। তেতিয়া গোটেই ভাৰতত এক ঢৌ উঠিল যে আটাইবোৰ দল-সংগঠন, যেনে ভাৰতীয় জন সংঘ, যিটো আজিৰ ভাৰতীয় জনতা পাৰ্টি , সমাজবাদী পাৰ্টি, অসমৰ PDP ইত্যাদি সকলো লগ লাগি এটা পাৰ্টি হ’ল, এটা পাৰ্টি হৈ পেলাই তেওঁলোকে সাংঘাতিক প্ৰতিদ্বন্দিতা কৰিলে। তেতিয়া আমি প্ৰথমবাৰৰ বাবে নিৰ্বাচনী প্ৰচাৰ দেখিছিলোঁ। সেই সময়ত দেউতাৰ চাকৰি আছিল অবিভক্ত শিৱসাগৰ জিলাৰ আদালতত। গোলাঘাট আৰু শিৱসাগৰ , এই দুই ঠাইত আগতে ফৌজদাৰী আদালত বহে, দেউতা যাব লাগে। তেতিয়া কিতাপৰ দোকানত কুলদ্বীপ নায়াৰৰ “Judgement” বুলি কিতাপ এখন ওলাইছিল; ইন্দিৰা গান্ধীৰ ৰায়দানৰ ওপৰত। তাৰ পাছতো “In jail” বুলি এখন ওলাইছিল। কিন্তু সেইখন ইমান জনপ্ৰিয় হোৱা নাছিল, ” Judgement” খন খুব জনপ্ৰিয় হৈছিল। দেউতাই মোক এই ” Judgement” কিতাপখন কিনি দিছিল। তেতিয়া ইংৰাজী ইমান ভালকৈ পঢ়িব নাজানো, তথাপি অলপ পঢ়িবলৈ চেষ্টা কৰি চালোঁ। নৱম মানত কিতাপখন মই ভালকৈ বুজি পোৱা হ’লো। তেতিয়া মই আবিষ্কাৰ কৰিলোঁ যে কুলদ্বীপ নায়াৰৰ দৰে এজন সাংবাদিক হ’ব পাৰিলে ভাল। তেতিয়া ভাবিছিলোঁ হে মাত্ৰ, পৰিস্থিতিয়ে মোক লৈ আহিল এই দিশত সেইটো বেলেগ কথা, সেইটো মই ক’ম, কিন্তু নায়াৰৰ “Judgement” কিতাপখন যে মোৰ প্ৰথম ” turning point” সেই কথাটোও সঁচা। সেইখন পঢ়ি মই মানসিকভাবে অলপ প্ৰস্তুত হৈছিলোঁ। কিন্তু সাংবাদিকতা যে ইমান প্ৰত্যাহ্বানমূলক, তেতিয়া উপলব্ধি কৰিব পৰা নাছিলোঁ। তেতিয়া ডিব্ৰুগড় আকাশবাণীত ত মোৰ গল্প পাঠ কৰা হয়, দুই একে মোক চিনি পায়। ১৯৮৪ত যেতিয়া মোৰ প্ৰথম গল্প প্ৰকাশিত হৈছিল, তেতিয়া মই স্নাতক প্ৰথম বৰ্ষৰ ছাত্ৰ। মই কিবা কাৰণত গল্পটো প্ৰান্তিকত পঠাইছিলোঁ। তেতিয়া অসম আন্দোলন চলি আছিল, আমাৰ ক্লাছ পাতিবোৰ অনিয়মিত হৈ আছিল, সেই সময়ত মই বাহিৰা কিতাপ পঢ়োঁ আৰু কেতিয়াবা কেতিয়াবা লিখোঁ। তেনে এদিনেই মই গল্পটো প্ৰান্তিকলৈ পঠাই দিছিলোঁ আৰু হঠাতে গল্পটো প্ৰকাশ হৈ গ’ল। ওলোৱাৰ লগে লগে সেই গল্পটো চাৰিওফালে খুব প্ৰচাৰ হ’ল। সকলোৱে তৎক্ষণাৎ সেই গল্পটো গ্ৰহণ কৰিলে। গল্পটোৰ নাম আছিল “কৰ্ণেল এণ্টনীৰ এপিটাফ”।
সেই সময়ত মই গুৱাহাটীত থাকোঁতে, এবাৰ মোক যোৰহাটৰ পৰা প্ৰকাশিত বাতৰিকাকত “জনমভূমি”ত স্বত্বাধিকাৰী কনক শৰ্মাই (দেৱেশ্বৰ শৰ্মাৰ ভাতৃ) মোক মাতি পঠালে যে , ” I want to see you” । প্ৰান্তিকত মোৰ ইটোৰ পিছত সিটো গল্প ওলাই থাকে। ভবেন্দ্ৰনাথ শইকীয়া চাৰে মোক দেখা নাছিল যদিও মোৰ খুব শলাগ লৈছিল। এবাৰ অৰুণ শৰ্মাৰ (অৰুণ শৰ্মা আমাৰ সম্পৰ্কীয় হয়) ছোৱালীৰ বিয়াত লগ পাই, দেউতাৰ সৈতে তেওঁ চিনাকি হৈ কৈছিল যে আপোনাৰ ল’ৰাই যে ইমান “matured” গল্প লিখিব পাৰে মই ভবাই নাছিলোঁ “He must be very young”। তেতিয়া মোৰ বয়স বহুত কম। মোৰ প্ৰথম গল্প প্ৰকাশ পাওঁতে মোৰ বয়স কোনোমতে ১৯ বছৰ আছিল। গতিকে যেতিয়া মই “জনমভূমি”ৰ কাৰ্যালয়লৈ গ’লো, মোক তেখেতে ক’লে যে গুৱাহাটীৰ কাৰ্যালয়ত তেওঁলোকক এজন মানুহৰ প্ৰয়োজন হৈছে। লেখা-মেলাৰ বাদেও মই যদি সাংবাদিকতা কৰিব খোজা, তেওঁলোকে মোক এটা সুযোগ দিব পাৰিব। মই তেতিয়াই যোগদান কৰিলোঁ। তাৰ আগলৈকে অৱশ্যে মই এনেই থকা নাছিলোঁ, দুই এখন আলোচনীত কাম কৰি আছিলোঁ। নৱকান্ত বৰুৱা ছাৰে “শিৰলু” নামৰ এখন আলোচনী উলিয়াইছিল। আলোচনীখন খুব উন্নত মানৰ আছিল, তাত মই সহকাৰী সম্পাদক হিচাপে তেওঁক সহায় কৰিছিলোঁ, অলপমান পইচা পাইছিলোঁ। সেইখন বেছি দিন নচলিল, বন্ধ হৈ থাকিল। তাৰ পিছত “নৱদূত” বুলি এখন আলোচনী প্ৰশান্ত শৰ্মাই উলিয়াইছিল। সম্পাদক আছিল উমাকান্ত শৰ্মা (সাহিত্য অকাডেমি বঁটা প্ৰাপ্ত) । তেওঁৰ লগত মই সহযোগী সম্পাদক আছিলোঁ। তাত মই প্ৰথমবাৰৰ বাবে অনুসন্ধানমূলক সাংবাদিকতা কৰিছোঁ। তেতিয়াই মোক কিছু পৰিমাণে সাংবাদিক হিচাপে জনা হৈছিল। কিন্তু যেতিয়া মোক জনমভূমিয়ে মাতি দিলে, তেতিয়া মই একদম পেচাগতভাবে কাম কৰিব পৰা হ’লো। সেই সময়তেই বড়ো আন্দোলন ইত্যাদি বহুত ঘটনা ঘটিল। সেইখিনি সময় মোৰ “learning stage”। I was hardly 22, 23। সেই সময়ত মই বহুত মানুহৰ সান্নিধ্যলৈ আহিলোঁ। তেতিয়া বাতৰি কাকতৰ সংখ্যা বহুত কম আছিল। গতিকে আমি সুযোগ বহুত পাইছিলোঁ, একেজন মানুহেই বহুত খিনি কৰিব লগীয়া হৈছিল। সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চল আমি “cover” কৰিব লগীয়া হয়। সময়ে সময়ে নাগালেণ্ড যাওঁ, সদনো “cover” কৰিছিলোঁ। “Bofors” কেলেংকাৰীৰ সময়ত, মই গুৱাহাটীৰ পৰা গৈ মই মাহৰ পিছত মাহ তাত থাকি লোকসভা আৰু ৰাজ্যসভা, দুইখনেই “cover” কৰিছিলোঁ। অতি কম সংখ্যক মানুহৰ ভিতৰত আছিল সমুদ্ৰগুপ্ত কাশ্যপ, মই , Assam Tribune ৰ বেদব্ৰত লহকৰ, কাৰ্তিক বৰুৱা, UNI ৰ সতিশ শৰ্মা ইত্যাদি।

২। “জনমভূমি”ত পেচাগত সাংবাদিকতাৰ পাতনি মেলা সম্পৰ্কে আপুনি আমাক ক’লে। তাৰ পৰৱৰ্তী সময় আৰু বৰ্তমান “প্ৰাগ নিউজৰ” মুখ্য সম্পাদক হিছাপে আপুনি দ্বায়িত্ব ভাৰ গ্ৰহণ কৰালৈ, এই সময়ছোৱাৰ বিষয়ে জানিব বিচাৰিছোঁ।
উ: ” জনমভূমি”ত মই কাম কৰি থাকোঁতে হঠাৎ সাংবাদিকতাৰ প্ৰতি অলপ বীতশ্ৰদ্ধ হৈ, ব্যৱসায় কৰিবলৈ ওলালোঁ। তেতিয়া মোৰ মানে এজন সম্পৰ্কীয় দাদা, ” MK Bhattacharyee and Company”ৰ মালিক, তেওঁৰ এখন ৰপ্তানি লাইচেন্স (export license) আছিল। সেইখন লৈ তেওঁৰ ল’ৰা আৰু মই ৰপ্তানি কৰিম বুলি বাংলাদেশ সীমান্তৰ শিবিৰত এমাহ কটাইছিলো। এমাহ মান কাম বন কৰি থকাৰ পিছত গুৱাহাটীত গ্ৰন্থমেলা হ’ল , মোৰ আহিবলৈ মন গ’ল। তেতিয়া মই অট্ৰীক (ভট্টাচাৰ্যৰ ল’ৰা) ক’লো, যে মই গ্ৰন্থমেলাৰ পৰা আহোঁ, তুমি এইকেইদিন কাম চলোৱা। গ্ৰন্থমেলাত মই কিতাপ চাই থাকোঁতে, হঠাতে এটা গ্ৰুপত পৰাগ দাস, ধ্ৰুৱজ্যোতি বৰা, ডঃ ৰনোজ পেগু সমন্বিতে পাঁচ জন মান ব্যক্তি আছিল। তেওঁলোকে মোক ক’লে যে কৰিমগঞ্জত এই ব্যৱসায় বাদ দিয়া । আমি এখন কাকত উলিয়াম, তুমি তাত কাম কৰিবা। মই ক’লো যে মই মাত লগাই থৈ আহিব লাগিব, কিন্তু তেওঁলোকে মোক যাবলৈ নিদিলে। ৰনোজ পেগু মোৰ ভাল বন্ধু। এতিয়া তেওঁ বি.জে.পিৰ বিধায়ক। আমি সৰুৰে পৰা একেলগে ডাঙৰ হোৱা, তেওঁ মোতকৈ এবছৰ ছিনিয়ৰ। সি ক’লে যে তই কোনো কাৰণতে যাব নোৱাৰ। তোৰ সাংবাদিকতাত ভাল হ’ব। “You’re doing very well and you’ll be doing very well”। ফলত মই থাকি গ’লো, অট্ৰীক কলো, যে ব্যৱসায় ইমানতে সামৰা। তাৰ কেইদিন মান পিছতেই “প্ৰতিদিন” কাকতে মুক্তিলাভ কৰিলে। পৰাগ দাস আছিল কাৰ্যবাহী সম্পাদক,অজিত ভূঞা মুখ্য সম্পাদক আৰু মই মুখ্য সাংবাদিক। এনেকৈ “প্ৰতিদিন” আৰম্ভ হ’ল আৰু “প্ৰতিদিনে” প্ৰচুৰ জনপ্ৰিয়তা অৰ্জন কৰিলে। ১৯৯৫-৯৬ত এনেকুৱা এটা সময় আহিল যে “প্ৰতিদিন” ফটোষ্টেট কপি বিক্ৰী হৈ যায়। তাৰ পিছত ১৯৯৬ চনৰ ১৭ মে’ত পৰাগ দাসক গুলীয়াই হত্যা কৰিলে। মই সিদিনা কোকৰাঝাৰ গৈছিলোঁ, তেতিয়া তাত সংঘাত আৰম্ভ হৈছিল। ১৫ মে’ত নতুন চৰকাৰ আহিছে, সিদিনা ৰাতিয়েই সংঘাত আৰম্ভ হৈছিল। ১৬ মে’ৰ ৰাতিপুৱা মোক পৰাগ দাসে মোক কোকৰাঝাৰলৈ পঠিয়াইছে। মোৰ লগত নিৰাপত্তা বাহিনী দিছে। কিন্তু পৰাগ দাসৰ কোনো নিৰাপত্তা নাছিল । সেয়েহে তেওঁক সহজে গুলীয়াই দিলে। তেওঁৰ মৃত্যুত মই ভাগি পৰিলোঁ। I was practically broke. মই সহ্য কৰিব নোৱাৰা হ’লো। পৰাগ মোৰ অতি অন্তৰংগ বন্ধু আছিল। তেওঁ মোতকৈ অগ্ৰজ আছিল যদিও আমি বন্ধুৰ দৰে আছিলোঁ। তেওঁৰ সাংবাদিকতাৰ গতিশীলতা আৰু অসমৰ প্ৰতি থকা দ্বায়বদ্ধতা অদ্ভুত আছিল। সাংবাদিকতাক তেওঁ এক নতুন মাত্ৰা প্ৰদান কৰিছিল।
পৰাগ দাস ঢুকোৱাৰ পাছত মোৰ সাংবাদিকতাৰ প্ৰতি অলপ মন নোহোৱা হ’ল। এনেও মোৰ অলপ মোহভংগ হৈছিলেই। এদিন হঠাৎ মোক “দৈনিক অসম”ৰ পৰা Assam Tribune ৰ সঞ্চালক পি. জি বৰুৱাই মাতি পঠিয়ালে। মই গৈ কথা পাতিলোঁ। মই দেখিলোঁ যে Assam Tribune ৰ দৰমহা পাতি “প্ৰতিদিন”তকৈ তিনিগুন মান বেছি। ইফালে বিয়াও পাতিব হৈছে, মোক পইচাৰ প্ৰয়োজন হৈছিল। সেইকাৰণে মই তাত যোগদান কৰিলোঁ। পিয়ন এজনে গধূলি মনে মনে নিযুক্তি পত্ৰখন দি গ’ল। মই মনে মনে মেজত ভৰাই থৈ দিলোঁ। ইফালে “প্ৰতিদিন” মই এৰিব নোৱাৰো, কিয়নো পৰাগ দাস ইতিমধ্যে ঢুকোৱাত এক ডাঙৰ ক্ষতি হৈছে। দ্বিতীয়তে অজিত দাক মই ক’ব নোৱাৰো যে মই ইস্তাফা দিম । সেয়া এক ডাঙৰ আৱেগিক অন্তৰ্দ্বন্দ আছিল। সেয়েহে মই “জনমভূমি”ৰ সেই অফিচটোত গৈ তাতে এখন চিঠি লিখি তাৰেই পিয়নৰ হাতত দি পঠাই দিলোঁ যে মই আৰু অজিত দাক দেখা নকৰোঁ।
এনেকৈ মই Tribuneত যোগদান কৰিলোঁ। তাত মই ৯ বছৰ কাম কৰিলোঁ। তাত মোৰ কাম কৰা অভিজ্ঞতা যথেষ্ট ভাল। কিন্তু Tribuneত মই কাম কৰাৰ সুযোগ কম পালোঁ। মানে কথাটো হ’ল, মোৰ দৰে মানুহ এজনে তাত যিটো পৰিসৰত কাম কৰিব পাৰিলোহেঁতেন, সেই সুযোগটো অলপ সীমাবদ্ধ হৈ গ’ল। “প্ৰতিদিন”ত কাম কৰাত সুযোগ যথেষ্ট আছিল, বাতৰিৰ উৎসবোৰ বিস্তৃত আছিল।
৯ বছৰ তাত কাম কৰাৰ পিছত হঠাৎ মোক “আমাৰ অসম”ত বিচাৰিলে। তাত গৈ দেখিলো যে দৰমহা পাতি Tribuneত কৈ তিনিগুন, মই ভাবিলোঁ কিনো বেয়াটো হ’ব গুচি যাও। প্ৰথম ভাবিছিলোঁ Tribune ৰ সুৰক্ষিত চাকৰিটো এৰি নাযাওঁ নেকি। তেতিয়া এজন LIC এজেণ্ট আহিছিল । তেওঁ ক’লে যে ছাৰ, আপুনি নাযাওঁ বুলি কৈছে ঠিকেই কিন্তু tribune ত ৩ বছৰ থাকি আপুনি যিমান খিনি ঘটিব, “আমাৰ অসম”ত এবছৰতে সিমানখিনি পাব। গতিকে আপুনি নাযায় কিয়? বৰুৱাৰ মোক যাব দিব মন নাছিল। তেওঁ ক’লে ,” তুমি এইটো ভাল কৰিব ওলাইছা জানো ? কি বেয়া পালা ইয়াত?” মই ক’লো, “বেয়া মই পোৱা নাই, খালি “আমাৰ অসম”ত মোক কাৰ্যবাহী সম্পাদকৰ পোষ্টটো দিছে। ” তেতিয়া তেওঁ মোক যাব দিলে। কাৰণ মই তেতিয়া ডেকা আৰু ট্ৰিবিউনত মই কাৰ্যবাহী সম্পাদক হোৱালৈ মোৰ ডাঢ়ি-চুলি পকিব। ৯ বছৰ মই Tribune ত কাম কৰিছোঁ, ৭ বছৰ মই জনমভূমিত আৰু আঢ়ৈ বছৰ মই “প্ৰতিদিন”ত কাম কৰিছোঁ।
তাৰ পিছত মই “আমাৰ অসম”ত আহিলোঁ। তাত মোৰ অভিজ্ঞতা খুব ভাল। তাত মই হোমেন বৰগোঁহাইৰ দৰে মানুহ পালোঁ। ড° নগেন শইকীয়াক মই যোগদান কৰিয়েই পালোঁ। তেওঁৰ লগত মই ডেৰ বছৰ কাম কৰিলোঁ। তেওঁৰ সৈতে আমাৰ ঘৰুৱা সম্পৰ্ক আছে, গতিকে তেওঁৰ লগত মই খুব নিশ্চিন্ত হৈ কাম কৰিব পাৰিলোঁ। তেওঁ খুব ভাল মানুহ আছিল। কিন্তু তেখেতে সম্পাদকৰ পদ এৰি দিলে। তাৰ পিছৰ ৬ মাহ মান কাল সম্পাদক নাই, মইয়েই চলাই আছিলোঁ। তাৰ পিছত হোমেন বৰগোঁহাই ছাৰ যোগদান কৰিলে। তেখেতৰ সৈতে কটোৱা ১০ বছৰ মোৰ সদায় মনত থাকিব। বৰগোঁহাই ছাৰৰ নেতৃত্ব, কৰ্মদক্ষতা, নিয়মানুৱৰ্তিতা আৰু সময়ৰ উচিত ব্যৱহাৰ অনন্য।। তেওঁৰ পৰা বহুত শিকিবলগীয়া আছে। মোৰ ওপৰত তেওঁৰ সাংঘাতিক বিশ্বাস আছিল। তেওঁ যেতিয়া দ্বিতীয় বাৰৰ কাৰণে ” আমাৰ অসম”লৈ আহিছিল, তেতিয়া তেওঁ মিটিঙত গোটেই কৰ্মীৰ আগত কৈছিল যে “মই ৯৯% প্ৰশান্তৰ ওপৰত নিৰ্ভৰ কৰি আহিছোঁ। কাগজ প্ৰশান্তই চলাব, মই কেৱল ইয়াত থাকিম হে।” ১০ বছৰ মই তেওঁৰ লগত একেলগে কাম কৰিলোঁ, মই গৌৰৱেৰে ক’ব পাৰো যে এক দিনো মোৰ বৰগোহাঁই ছাৰৰ লগত কোনো সংঘাত নহ’ল। সদায় আমি দুয়োজনে বুজাবুজিৰ মাজেৰে কাম কৰিছোঁ।
তাৰ পিছত বৰগোঁহাই ছাৰ যেতিয়া নিয়মীয়া বাৰ্তালৈ গুচি গ’ল। ইতিমধ্যে মই কাৰ্যবাহী সম্পাদক হৈ থাকোঁতে এটা জলপানী লৈ পেলাই বিদেশলৈ যাব লগীয়া হ’ল। মই ঘূৰি অহাৰ পাছত বেছিদিন বৰগোঁহাই ছাৰ নাথাকিলেই। যেন তেওঁ মই ঘূৰি অহালৈহে ৰৈ আছিলে। মই ঘূৰি অহাৰ পিছতেই তেখেতে পদত্যাগ কৰিলে। মোক সম্পাদক পাতিলে। ৫ বছৰ মই তাত কাম কৰিলোঁ।
ইলেকট্ৰনিক মিডিয়াত মই কোনোদিন পেচাগতভাবে কাম কৰা নাছিলোঁ, কিন্তু মোক বহুদিন বিচাৰি আছিল। এটা চেনেলৰ বাহিৰে , বাকী সকলোবোৰ চেনেলে সম্পাদকৰ প্ৰাৰ্থীত মোৰ নামটো প্ৰথমতে ৰাখে। কিন্তু বিভিন্ন কাৰণত মোৰ অহাটো নহয়গে। প্ৰিন্ট মিডিয়া এৰাৰ মোৰ কোনো মতলব নাছিল। কিন্তু এই কেইমাহমানৰ আগত, এপ্ৰিলত প্ৰাগ নিউজৰ প্ৰধান সঞ্চালকে মোৰ লগত যোগাযোগ কৰিলে। তেওঁলোকে আগতেও মোক বিচাৰিছিল। মই আহিম বুলি তেওঁলোকে এটা পোষ্ট খালিয়েই ৰাখিছিল। পিছত আন এজন মানুহ আহিলে, তেওঁ যোগদান কৰাৰ আগতেও মোক সুধিছে যে এজন মানুহে মোৰ পদটোত যোগদান কৰিব খুজিছে। মই কৈছোঁ যে তেওঁ আহিব খুজিছে যেতিয়া মই অহাৰ কোনো প্ৰশ্নই নাই। পৰৱৰ্তী সময়ত অৰ্থাৎ এপ্ৰিলত যেতিয়া মোক আকৌ ক’লে, মই দেখিলো যে অজিত দাও ইতিমধ্যে ৰাজ্য সভাৰ সাংসদ হৈ গুচি গ’ল, গতিকে এবাৰ মই ভাগ্য পৰীক্ষা কৰোঁ। আহি দেখিলোঁ যে ইয়াত সকলো সুবিধা থকা অতি উন্নত মানৰ কাৰ্যালয়, সন্তুলিত কৰ্মচাৰী, আটাইখিনি খুব ভাল। গতিকে মই কাম কৰি খুব আনন্দ পাই আছোঁ। মই আশাবাদী যে চেনেলটো লাহে লাহে অলপ অলপ ভাল হৈ আহিছে। যোৱা কিছু সপ্তাহ আমি ধাৰাবাহিকভাৱে দ্বিতীয় স্থানত আছোঁ। বাকী ৪-৫ টা চেনেল মিলাই যিমান, আমাৰ অকলেই সিমান। মই ভাবো সকলোৱে নিষ্ঠাৰে কাম কৰাৰ ফলত এয়া সম্ভৱ হৈছে। It is a very good team, smart team. এতিয়া কিমান দূৰ আগবাঢ়িব পাৰোঁ, সেয়া সময়ে ক’ব।

৩। “জনমভূমি”ৰ পৰা প্ৰাগ নিউজলৈ আপোনাৰ এই বৰ্ণিল যাত্ৰাৰ বিষয়ে আপুনি আমাক ক’লে। ইয়াৰ ভিতৰত আপুনি নিশ্চয় সাংবাদিকতাৰ জগতৰ পুৰোধা ব্যক্তিসকলৰ সৈতে একেলগে কাম কৰিছিল। তেনে অভিজ্ঞতাৰ কথা অলপ ক’ব নেকি?

উ: কিছুমান মানুহক আমি miss কৰিলোঁ। হাম্ডি বে এজন বিখ্যাত সাংবাদিক আছিল। তেখেতৰ আত্মজীৱনীখন পাৰিলে পঢ়িবা । কিতাপখনৰ নাম “Bay of Bengal” । তেওঁৰ নিচিনা পণ্ডিত সাংবাদিক খুব কমেই আছিল। তেওঁ নজনা কথা নাছিল, সকলো বিষয় সম্পৰ্কে তেওঁ লিখি দিব পাৰিছিল।
কিন্তু মই এছ. গুৰুদেৱৰ লগত কাম কৰিছোঁ। তেখেত The Statesman কাকতৰ খুব ডাঙৰ সাংবাদিক আছিল। তাৰ পিছত মই শেখৰ গুপ্তাৰ লগত কাম কৰিছোঁ। তেতিয়া গুপ্তাৰ পোষ্টিং আছিল গুৱাহাটীত। তেখেতৰ লগত আমি ঘূৰি ফুৰোঁ। বিভিন্ন সময়ত যেনে বড়ো আন্দোলন, NSCNৰ আক্ৰমণ, এইবোৰত আমি একেলগে ঘূৰি ফুৰোঁ।
শেখৰ গুপ্তা যোৱাৰ পিছত হেমেন্দ্ৰ নাৰায়ণ আহিল। তাৰ পিছত বিপিন পাভি বুলি এজন আহিলে, তেওঁ এতিয়া Indian Expressৰ চণ্ডীগড় সংখ্যাৰ সম্পাদক। তাৰ পিছত প্ৰসূন সনোৱালকাৰ আহিল, তেওঁ খুব ডাঙৰ সাংবাদিক। তেওঁ এতিয়া লণ্ডনৰ এখন বাতৰিকাকতত কাম কৰি আছে।
ববী মুন্সী , খুব বিখ্যাত, এতিয়া হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ অধ্যাপক। তেতিয়া তেওঁৰো আৰম্ভণি সময়, আমাৰ লগতে ঘূৰি ফুৰিছিল। পিছত তেওঁ হাৰ্ভাৰ্ডলৈ গুচি গ’ল। Times of Indiaৰ দেৱাশীষ মুন্সীও আছিল।
তাৰ পিছত আছে নিতিন গোখালে। তেওঁ মোৰ শিক্ষক আছিল, মোক তেওঁ বহুখিনি কথা শিকাইছিল। তেওঁ এতিয়া NDTVৰ ডিফেন্স এনালিষ্ট (defence analyst)।
মোৰ আটাইতকৈ ডাঙৰ গুৰুজন আছিল এম. এছ. প্ৰভাকৰ ছাৰ। তেখেতৰ নিচিনা ডাঙৰ পণ্ডিত মানুহৰ লগত কাম কৰিব পৰাটো মোৰ বাবে এক ডাঙৰ সুযোগ। মই তেতিয়া outstationত আছিলোঁ, তাৰমানে ” জনমভূমি” প্ৰকাশিত হয় যোৰহাটত, মই থাকোঁ গুৱাহাটীত। সেইকাৰণে মই outstationৰ মানুহবোৰৰ লগত কাম কৰিব লগা হয়, desk ৰ মানুহবোৰৰ লগত কাম কৰিব নাপাওঁ।
তাৰ কাৰণে “দৈনিক অসম” বা “আজিৰ বাতৰি”ৰ লগত মোৰ সিমান সম্পৰ্ক নাছিল, প্ৰভাকৰ ছাৰ আমাৰ গুৰু আছিল। তেওঁ বনোৱা কপি , আমি অৰ্থাৎ ৱাছবিৰ হুছেইন আৰু মই সদায় পঢ়োঁ, পঢ়ি পেলাই আমি গম পাওঁ যে কেনেকৈ বাতৰিটো আৰম্ভ কৰিম, কোনটো কথাত অধিক গুৰুত্ব প্ৰদান কৰিম।
প্ৰভাকৰ ছাৰৰ কথাবিলাক অতি গহীন-গম্ভীৰ আছিলে, আমি ইমান গম্ভীৰ বাতৰি তেতিয়া কৰিব নোৱাৰো। Those were the good days। আমি অবিবাহিত আছিলোঁ, তেতিয়া আমি গ্ৰুপত থাকোঁ, কেতিয়াবা লাঞ্চ স্কিপ কৰোঁ, কঠিন আছিল। Life was quite tough, কিন্তু কামৰ মজা আছিল। সেই সময়ত byline culture নতুনকৈ আহিছিল। ইয়াৰ অৰ্থ হ’ল বাতৰি পৰিবেশন কৰিলে নামটো ওলায়। তাৰ আগলৈকে সদায় staff reporter বুলি দিয়ে। কিন্তু আমি যেতিয়া প্ৰথম byline পাইছিলোঁ, সেয়া আমাৰ কাৰণে বৰ সুখৰ কথা আছিল। আগতে পৰিচালনা সমিতি বা সম্পাদকসকলে byline দিব নিবিচাৰিছিল, কিন্তু পিছত যেতিয়া Telegraph, Times of India ইত্যাদি সকলোৱে দিয়া হ’ল, আমাৰ অসমটো দিবলৈ ল’লে। Byline generation ৰ আমিয়েই প্ৰথম বেট্স। গতিকে byline culture টোৱে আমাক খুব উৎসাহিত কৰিছিল সেই সময়ত।

৪। ছাৰ, এইখিনিতে এটা কথা সোধো, এই নগা চুক্তিৰ সময়ত শেখৰ গুপ্তাই অনুষ্ঠান এটাত এটা কথা কৈছে। অসমত তেওঁ বহু কাম কৰি গৈছিল, নগা চুক্তিৰ সময়ত বহু জেগা গৈছিল, অৰ্থাৎ “field” ত কাম কৰা বহুত অভিজ্ঞতা লাভ কৰিছিল । কিন্তু যেতিয়াৰ পৰা তেওঁ Indian expressৰ সম্পাদক হ’ল, তাৰ পিছত এতিয়া “প্ৰিন্ট”ৰ এডিটৰ হ’ল, তেওঁ সেই অভিজ্ঞতা “মিছ” কৰে বুলি কয়। আপুনিওটো field ত যথেষ্টখিনি কাম কৰিছে, আপুনি তেনেকুৱা দুটা এটা অভিজ্ঞতাৰ বিষয়ে ক’ব নেকি, বা সেই বস্তুখিনি আপুনি এই অফিচৰ মাজত থাকি মিছ কৰে নেকি ?

উ: মাৰাত্মক ধৰণে মিছ কৰোঁ।মিছ কৰাতকৈও আটাইতকৈ ডাঙৰ কথাটো হ’ল, সেইবোৰ cover কৰিবলৈ এতিয়া যে ল’ৰাবোৰ যায়, তেতিয়া মোৰ এনেকুৱা লাগে, I would have done far better than him! কাৰণ মই কৰি আহিছোঁ কামটো। “Ground “ত কাম কৰাৰ সমান অভিজ্ঞতা তোমাৰ আৰু ক’তো নাই। সেই মানসিক শান্তি এ.চি কোঠাত বহি তুমি কেতিয়াও নোপোৱা।
কাহিনী দুটি কও। ভৃগু ফুকন তেতিয়া গৃহ মন্ত্ৰী, প্ৰফুল্ল মহন্ত মুখ্যমন্ত্ৰী। সেইদিনা ABSUৰ নেতাসকলে কোকৰাঝাৰত আলোচনাত মিলিত হ’ব। তেওঁলোকে প্ৰফুল্ল মহন্তক বিশ্বাসত নলয়, কিন্তু ভৃগু ফুকনক বিশ্বাসত লয়, সেয়েহে তেওঁ মধ্যস্থতাকাৰীৰ ভূমিকা লৈছিল। ফুকনে মোক কোকৰাঝাৰত যাবলৈ বুলি লগ ধৰিলে কিয়নো জনগোষ্ঠীয় নেতাসকলৰ সৈতে মোৰ ভাল আছিল। মোৰ আকৌ ABSUৰ উপেন ব্ৰহ্মৰ লগত খুব ভাল বন্ধুত্ব আছিল। সেয়া একেবাৰে ব্যক্তিগত, উপেনৰ এজনেই ভাল বন্ধু আছিলে, শুদ্ধ বসুমতাৰী বুলি। দুয়োৰে মোৰ লগত খুব ভাল। উপেন ঢুকাই থাকিলে, শুদ্ধ এতিয়াও আছে। মই ফুকনৰ সৈতে গ’লো, দুৰ্গা দাস বড়ো তেতিয়া গৃহ ৰাজ্য মন্ত্ৰী। ফুকনৰ সৈতে চাৰ্কিট হাউছত একেলগে বহি থাকোঁতে ফুকনে ক’লে যে পাছদিনা আদিবাসীসকলৰ এক ডাঙৰ সমাগম হ’ব। আদিবাসী মানুহবিলাকে বড়ো আন্দোলন সমৰ্থন নকৰে, গতিকে আমি আদিবাসী বিলাকক লৈ পেলাই শক্তি প্ৰদৰ্শন কৰিম। ভাল কথা, কৰক।
অলপ পাছত এজন ডেকা আৰক্ষী বিষয়াই আহি গৃহ মন্ত্ৰীক লগ পাব খুজিলে। তেওঁ কিবা এটা কথা কাণে কাণে মন্ত্ৰীজনক ক’লে। কথাটো শুনি মন্ত্ৰীৰ মুখ ক’লা পৰি গ’ল। তেখেতে মোক মাতি নি ক’লে যে বৰ ডাঙৰ কথা হ’ল, পাছদিনা আদিবাসীসকলৰ যি সমাগম হোৱাৰ কথা আছিল, তাৰ মূল দায়িত্বত থকা সত্যেন চৰেন, আদিবাসী সেনা সমিতিৰ অধ্যক্ষ, তেওঁৰ মৃতদেহ পথাৰত উদ্ধাৰ হৈছে। সমাগম বুলি তেওঁক আগদিনাই মাৰি পেলোৱা হ’ল।
সেইকাৰণে পিছদিনাখন আমি গুচি আহিলো। কোকৰাঝাৰৰ পৰা কাৰিগাঁওৰ মাজত ৰাস্তাৰ দুয়োফালে ঘন অৰণ্য। ভৰ দুপৰীয়া, আমাক অত্যাধিক নিৰাপত্তাৰ মাজত অনা হৈছিল। ফুকনে সদায় সন্মুখৰ আসনত বহে, মই পিছৰ আসনত, মোৰ লগত তেঁওৰ PSO জন বহিছে। হঠাৎ PSO জনে ক’লে ছাৰ, ছাৰ গুলিয়াইছে গুলিয়াইছে। তেতিয়া আমি লগালগ মূৰ তল কৰি দিলোঁ। PSO জনে পিষ্টল ক’ত থৈছিলে পাহৰিলেই। সকলোৱে নিজৰ জীৱন ৰক্ষাত ব্যস্ত। ইতিমধ্যে ডাঙৰ গছ বিলাকৰ পৰা ধেৰৰৰৰৰৰৰৰ কৈ শব্দ আহিছিল। তাৰ পিছত convoyত থকা নিৰাপত্তাৰক্ষীজনে ওলোটাই গুলী বৰ্ষণ কৰিলে। খেৰৰ পুঁজিৰ আঁৰৰ পৰা ল’ৰা কেইজনে গুলী বৰ্ষণ কৰি আছিল, তেওঁলোকৰ কেঁচা হাত, সেইকাৰণে লক্ষ্য কৰে ঠিকেই কিন্তু গুলি খিনি ওপৰত গৈ লাগে। সেইদিনা তেনেকৈ বাছি গ’লো।

দ্বিতীয় ঘটনাটো গহপুৰৰ। তেতিয়া গহপুৰত খুব ডাঙৰ সংঘাতৰ সৃষ্টি হৈছিল। তেতিয়া অধ্যক্ষ আছিল পুলকেশ বৰা । তেওঁ ক’লে যে “all party delegation” অৰ্থাৎ সকলো সংগঠনৰ প্ৰতিনিধিৰ দল এটা যাব লাগে। পিছদিনাই যোৱাটো ঠিক হ’ল। আমি সাংবাদিক হিচাপে দলটোৰ লগত যাম। দলটো গৈ তেজপুৰ পালেগে, তেজপুৰ চাৰ্কিট হাউছত আমি আছোঁ। হঠাতে বিনয় বসুমতাৰী নামৰ এজন বিধায়কে তেওঁৰ গা বেয়া লগাৰ কাৰণে যাব নোৱাৰে বুলি ক’লে। তেওঁ ETNLF বুলি এটা পাৰ্টিৰ পৰা বিধায়ক আছিল। সেই পাৰ্টিটোৰ আকৌ NDFB ৰ লগত অলপ ভাল আছিল।
ইতিমধ্যে গহপুৰত ডাঙৰ গণ্ডগোল, বড়ো মানুহবোৰে অৰুণাচল সীমান্তত আশ্ৰয় লৈছে। বিনয় বসুমতাৰীক তাতে এৰি আমি গুচি গ’লো। পাহাৰীয়া ৰাস্তা, জুৰি দুটা পাৰ হৈ এক বিশেষ ঠাইত “hearing” ল’ল। Hearing লৈ থাকোঁতে এজন ল’ৰা মোৰ ওচৰলৈ আহি পেলাই (তেতিয়া মই ডেকা) মই সাংবাদিক নেকি বুলি মোক সুধিলে।মই হয় বুলি কোৱাত তেওঁ ক’লে যে তোৰ ইয়াতে কাম নাই তই যাগে। তেওঁলোকে hearing লৈ আছে মইও টুকি আছোঁ। অলপ পিছত আৰু এটা ল’ৰা আহি মোক ক’লে,” ঐ তোক যাব কৈছিলোঁ নহয়।” বাৰম্বাৰ কোৱা দেখি মই নোটবুকখন বন্ধ কৰি ভাবিলোঁ গাড়ীতেই বহোগে।
তাৰ পিছতেই মূৰ ডাঙি দেখিলোঁ যি হাজাৰ হাজাৰ মানুহ গোট খাইছিল, তাৰে এজনো নাই। গোটেই পথাৰখন খালি, অকল hearing লৈ থকা মানুহ কেইজন আছে। তেনেকুৱাতে, অধ্যক্ষৰ PSO জনে তৎক্ষণাৎ তেওঁক হেঁচা মাৰি ধৰি দৌৰিবলৈ ধৰিলে। তেওঁক দেখি আমিও সবে দৌৰিবলৈ ধৰিলোঁ। জুৰিৰ ওচৰত আমাৰ গাড়ীকেইখন ৰাখিছিল। তালৈ প্ৰায় ১০০ মিটাৰ মান আছিল। আমি গাড়ীত উঠি জুৰিটোৰ মাজ পাইছোহি তেনেকুৱাতে hearing লোৱা ঠাইত দুটা বিস্ফোৰণ হৈছিল। সেই ল’ৰাটোৱে যে মোক আঁতৰাই আছিল, সিহঁতেই মানে তাত বোমা ৰাখিছিল। নিৰীহ মানুহ যাতে নমৰে তাৰ প্ৰতি লক্ষ্য ৰাখি মোক যাবলৈ কৈছিল।ইফালে বিনয় বসুমতাৰী যে তেজপুৰত থাকি গ’ল, he knew it।
এনেকৈ বহুত ঘটনা আছে। NSCN ৰ শিবিৰত গৈছোঁ, UTNLF আৰু DHD কেম্পত গৈছোঁ। ULFAৰ কেম্পত যোৱা আমি প্ৰথম। মই, মঞ্জিত মহন্ত, ৱাছবিৰ হুছেইন আৰু প্ৰশান্তজ্যোতি বৰুৱা, আমি চাৰিজন। তাৰ আগলৈকে আলফাৰ কেম্পত কোনো যোৱা নাছিল। ৰবীন্দ্ৰ ভৱনৰ সন্মুখৰ পৰা আমাক লৈ গৈছিল, দিনতে গৈছোঁ।

৫। আপুনি এগৰাকী প্ৰসিদ্ধ সাংবাদিকৰ লগতে এজন গল্পকাৰো। “কৰ্ণেল এণ্ঠোণীৰ এপিটাফ” আপোনাৰ গল্প সংকলন। ভৱিষ্যতে আৰু গ্ৰন্থ প্ৰকাশ কৰাৰ পৰিকল্পনা আছে নেকি?
উ: মই বেছি গল্প লিখা নাই কেইটামানহে লিখিছোঁ। মোৰ ভাগ্য ভাল যে মই বহুত কম কাম কৰি (low input)ত বহুত বেছি সঁহাৰি পাইছোঁ। মোৰ সমান কাম কৰা মানুহক আজিলৈ চিনিয়েই পোৱা নাই, সঁহাৰিটো বেলেগ কথা, কিন্তু মোক খুব সোনকালে চিনি পালে সেইটো ভাগ্য, কেৱল ভাগ্য(That’s luck, sheer luck)। মোৰ লগত বৈদ্যুতিন প্ৰচাৰ মাধ্যম( Electronic media)টো একেই হৈছে, খুব কম দিনত মোক চিনি পোৱা হৈছে, এইটো কেৱল ভাগ্য। মই বেছি কাম কৰা নাই, গল্প তেনেই কম লিখিছোঁ কিন্তু যিকেইটা গল্প লিখিছোঁ তাৰ ভিতৰত চাৰি-পাঁচটা মান ভাল গল্প আছে, মই সেইটো ক’ব পাৰোঁ। মোৰ চাৰি-পাঁচটা গল্প মানে দলিয়াই পেলাব পৰা গল্প নহয়। বাকীবোৰ ভাল হোৱা নাই, এনেই লিখাৰ কাৰণে লিখিছিলোঁ, সেই সময়ত বাধ্যবাধকতা(Compulsion) আছিল। এতিয়া গল্প লিখাটো টান হব, ভাল গল্প এটা গঢ়ি উঠোতে বহুত সময় লাগি যায়, আৰু প্ৰবাহটো যদি স্বতঃস্ফূৰ্ত নহয়, তেতিয়া গল্পটো ভাল নহয়। মই লিখা গল্পবোৰৰ কেইটামান একো একো ৰাতিতেই লিখা । কেতিয়াবা “জনমভূমি”ত থাকোঁতে মই ৰোমান লেটাৰত লিখোঁ, তেতিয়া মই গোটেই ৰাতি টাইপ কৰি থাকোঁ। ওচৰৰ মানুহে শোওঁতে কেতিয়াবা শব্দ পাই মোক ৰাতিপুৱা কয় যে কালি গোটেই ৰাতি টাইপ কৰিয়েই থাকিলা হ’বলা।
কিন্তু মোৰ আটাইতকৈ ডাঙৰ ইচ্ছাটো হৈছে মই যদি এখন দুখন উপন্যাস লিখিব পাৰোঁ। আমাৰ অসমৰ ঔপন্যাসিকসকলৰ আটাইতকৈ ডাঙৰ সমস্যাটো হল তেওঁলোকৰ জীৱনৰ অভিজ্ঞতা খুব কম, খুব সীমিত(Limited) অভিজ্ঞতাৰ পৰা লিখিবলগীয়া হয়। তেওঁলোকৰ গাতো দোষ নাই, তেওঁলোক গাওঁত আছিলে, স্কুলত পঢ়িলে, তাৰ পিছত কলেজত পঢ়িলে, বিশ্ববিদ্যালয়ত আহি পঢ়িলে। তাৰ পিছত ঘূৰি গৈ কোনোবা এখন কলেজত প্ৰফেছৰ হ’ল, তেঁওলোকৰ অভিজ্ঞতা সিমানেই। সেইখিনি সীমিত অভিজ্ঞতাৰ পৰা তেওঁলোকে নো আৰু কিমান লিখিব। জনপ্ৰিয় ইংৰাজী সাহিত্যৰ ৭০-৮০ শতাংশ লিখকেই হৈছে দ্বিতীয় বিশ্বযুদ্ধৰ সৈনিক। পিছত আহি ডাঙৰ ডাঙৰ লিখক হৈছে । গতিকে তেওঁলোকৰ যিটো অভিজ্ঞতা, যিটো জীৱনবোধ সেইটোৰ লগত আমাৰ অসমীয়া লিখকৰ নিমিলে। এতিয়া বেংগলত শংকৰ খুব সাহিত্যিক মূল্য থকা লিখক নহয়, কিন্তু তেওঁ খুব জনপ্ৰিয়। শংকৰৰ কিতাপৰ সাহিত্যিক মূল্যৰ বিচাৰ মই নকৰোঁ, কিন্তু শঙ্কৰে কলিকতাখনক লৈ পেলাই যিমানবোৰ কাম কৰিছে, আন কলিকতাতে থকা লিখকে সিমান খিনি কৰিব পৰা নাই। আমাৰ সেইধৰণৰ লিখকৰ প্ৰয়োজন আছে। গোটেই দ্বিতীয় বিশ্বযুদ্ধখনত ভাৰতৰ যিটো অংশগ্ৰহণ তাৰ প্ৰভাৱ ভাৰতৰ মুখ্য ভূখণ্ড(Mainland India)ত নাইয়ে। দ্বিতীয় বিশ্ব যুদ্ধখন হৈছিল উজনি অসমত। চাবুৱা নাডুৱাত যিটো বিমানবন্দৰ আছিল, তাৰ পৰা যোগান ধৰা হৈছিল, তাৰ পৰা গৈ পেলাই একেবাৰে পুনমিংত এয়াৰদ্ৰপ কৰিছিল। আমাৰ লীলাবাৰী, মোহনবাৰী, শালনিবাৰী এইবিলাক বিমানবন্দৰৰ পৰা হে যোগান গৈছিল। সেইকাৰণে আমাৰ ইমানকেইটা বিমানবন্দৰ ইমান ওচৰে ওচৰে। পৃথিৱীৰ কোনো ঠাইত একেলগে ঠেপা ঠেপিকে ইমান বিমানবন্দৰ নাই। আমাৰ নগাওঁৰ বাহিৰে সকলোতে বিমানবন্দৰ আছে আৰু যিবিলাকত নাই তাত বিমান অৱতৰণ কৰোৱা ৰেখা আছিলে। এতিয়া যুদ্ধখন হৈছিল উজনি অসমত, গতিকে উজনিৰ মানুহৰ যুদ্ধৰ অভিজ্ঞতা আছে। মোৰ ককাৰ প্ৰজন্মটোৰ সম্পূৰ্ণ অভিজ্ঞতা আছিলে, দেউতাৰ প্ৰজন্মটোৰো মোটামুটি অভিজ্ঞতা আৰু ককাহতো লিখা পঢ়া জনা মানুহ আছিল। কিন্তু আমাৰ যুদ্ধক কেন্দ্ৰকৰি পেলাই উপন্যাস কেইখন আছে ? তিনিখন। যোগেশ দাসৰ ‘ডাৱৰ আৰু নাই’, বীৰেন ভট্টাচাৰ্য্যৰ ‘ইয়াৰউইঙ্গম’ আৰু দেৱেন আচাৰ্যৰ ‘জঙ্গম’। দেৱেন আচাৰ্য মোৰ ডাঙৰ মামা, গতিকে মই সৰুৰে পৰা বহুত জেগা তেওঁৰ লগত ঘূৰিছোঁ; তেওঁৰ লগত ফুৰিবলৈ মাৰ্ঘেৰিটা, লিডু, ষ্টীলৱেল ৰোড আদিলৈ গৈছিলোঁ । তেওঁ কম বয়সতে ঢুকাই থাকিল,, এইটো আমাৰ বাবে এটা ডাঙৰ ক্ষতি। তেওঁৰ পৰা শিকিব পৰা বয়সত তেওঁ ঢুকাইয়েই থাকিলে। এই তিনিখন উপন্যাস লৈয়েই আছোঁ আমি। অসমৰ মানুহে সংঘাতটো বুজি পোৱা নাই গতিকে মোৰ ইচ্ছা আছে এই সংঘাত বিলাকক লৈ পেলাই উপন্যাস লিখা। এতিয়া নেলী কাণ্ড, ইমান ডাঙৰ নৰসংহাৰ এটাৰ কোনো এখন কিতাপতেই প্ৰতিফলন নাই। ছয় বছৰীয়া অসম আন্দোলন, কোনো এখন কিতাপত তাৰ প্ৰতিফলন নাই। বড়ো আন্দোলন ইমান ডাঙৰ আন্দোলন, কোনো এখন কিতাপত তাৰ প্ৰতিফলন নাই “ফেলানী”ক বাদে।” ফেলানী”ত অলপ প্ৰতিফলন আছে। অৰূপা বাইদেউয়ে খুব ভাল লিখি আছে, আমাৰ মহিলা লিখকসকলে খুব ভাল লিখি আছে। তেওঁলোকৰ গুণমান খুব ভাল। গতিকে যদি মোৰ বয়সে জুৰে, জীৱনে জুৰে তেতিয়া মোৰ এখন দুখন উপন্যাস লিখাৰ ইচ্ছা আছে। লিখিলে মই যুদ্ধ(Conflict)ক লৈয়েই লিখিম, কাৰণ এইটো বিষয়ত মোৰ কিছু প্ৰশিক্ষণ আছে (I am little bit trained), কিছু প্ৰভাৱ( Exposure) আছে। যেতিয়া মই বাহিৰত পঢ়োতে ২২ খন দেশৰ ল’ৰা ছোৱালীৰ লগত একেলগে পঢ়িছিলোঁ, তেওঁলোকে সকলো যুদ্ধ-বিগ্ৰহৰ অঞ্চল (Conflict Area)ৰ পৰা অহা। তেওঁলোকৰ লগতো মোৰ ভাব-বিনিময়(Interaction) হৈছিল গতিকে মোৰ ইউৰোপৰ সংঘাতেই হওক বা শ্ৰীলংকা, আফগানিস্তান, পাকিস্তান, ইৰাণ, ইৰাক, পেলেষ্টাইনৰেই সংঘাতেই হওক; সংঘাত সম্পৰ্কে মোটামুটি ধাৰণা এটা আছে। যদি মই ভালদৰে গৱেষণা কৰোঁ, তেতিয়াহ’লে নিশ্চয় কৰিব পৰা হ’ব। এতিয়া এই জীৱন নিৰ্বাহৰ কাৰণে দিনটো খাটিব লাগিব। এতিয়া পৰিয়াল চলাবলৈও চাকৰি এটা কৰিব লাগে। এই চাকৰিটো কৰি থাকিলে কিন্তু লিখা নহয় সেইটো খাটাং।

৬। অসম আন্দোলনৰ পৰা “কা” আন্দোলনলৈ, অসমীয়া জাতিয়ে দুবাৰ নিজৰ অস্তিত্ব ৰক্ষাৰ বাবে যুঁজ দিলে। এই সমগ্ৰ প্ৰক্ৰিয়াটোক আপুনি কিদৰে বিশ্লেষণ কৰে?
উ: অসম আন্দোলনৰ সময়ত মই সাংবাদিক নাছিলোঁ, ছাত্র আছিলোঁ। মই মেট্ৰিক দিয়া বছৰটোতেই অসম আন্দোলন আৰম্ভ হৈছিল আৰু তাৰ পিছত ১৯৮৫ চনলৈকে চলিছিল। অসম আন্দোলনৰ যিটো উদ্দেশ্য(Spirit) আছিল যে বিদেশী বহিস্কাৰ কৰিব লাগে, তাত কাৰো দ্বিমত নাই। কিন্তু অসম আন্দোলনৰ যিটো কাৰ্য্যপ্ৰণালী ,যি ধৰণে কামটো কৰা হ’ল তাত বহুতৰ লগতে মোৰো আপত্তি আছে। আমি আগৰ পৰাই জোৰ দি আছিলোঁ যে ১৯৭১ চনক ভিত্তি বৰ্ষ হিচাপে লৈ কামটো কৰিব লাগে। মিছেছ গান্ধীয়ে এই অফাৰটো আৰম্ভণিতেই দিছিল, “Let us begin from 71” এনেকৈ কৈছিল তেওঁ। ১৯৫১ চনটোতে লাগি পেলাই আন্দোলনটো অযথা দীঘলীয়া কৰিলে। ১৯৮০ চনতে যদি আমি ১৯৭১ চনটোক ভিত্তি বৰ্ষ হিচাপে লৈ পেলাই বিদেশী খেদিব চেষ্টা কৰিলোঁহেঁতেন তেতিয়া আমি এই জটিল সন্ধিক্ষণটোলৈ আহিব নালাগে। শেষত যেতিয়া ১৯৭১ চনটো ভিত্তিবৰ্ষ হিচাপে মানি লোৱা হ’ল, তেতিয়া কিহৰ কাৰণে মানি লোৱা হ’ল ? কাৰণ পূব পাকিস্তান দেশখনেই নাই, ক’লৈ এই মানুহখিনিক পঠাব? বাংলাদেশলৈ পঠাব লাগিল, কিন্ত বাংলাদেশৰ উত্থানটো ১৯৭১ চনৰ ডিচেম্বৰৰ পৰা হে হৈছিল। মোৰ এক নম্বৰ পইণ্টটো হ’ল যে ১৯৮০ চনতে আমি ১৯৭১ চন ভিত্তিবৰ্ষ ধৰি আৰম্ভ কৰি দিব পৰিলোঁহেঁতেনে, তেতিয়া ১৯৭১ আৰু ১৯৮০ চনৰ মাজত মাত্ৰ ৯ বছৰ পাৰ্থক্য হে আছিল। কিন্তু এতিয়া ১৯৭১ আৰু ২০২০ ৰ মাজত ৪৯ বছৰৰ পাৰ্থক্য হৈ গ’ল। এই সময়ছোৱাত আৰু বহুত প্ৰব্ৰজন হ’ল।
দ্বিতীয়তে অসমীয়া জাতিটোৰ ধাৰণাটোক লৈ আমাৰ তেতিয়াৰ মধ্যবিত্ত শ্ৰেণী আৰু ছাত্ৰসকল খুব স্পষ্ট নাছিল। এই যে জনগোষ্ঠীসকল বেলেগ বেলেগ হৈ গুচি গ’ল, এইটো বহুতে ষড়যন্ত্ৰ বুলি কয়, কিন্তু এইটো ষড়যন্ত্ৰ নহয়। এইটো এটা অৱধাৰিত গতি, এই গতিটো এওঁলোকে ধৰিব পৰা নাছিল। এওঁলোকৰ সমাজ বিজ্ঞানৰ বৰ এটা ধাৰণা নাই। যেতিয়া নেলীত নৰসংহাৰ হ’ল, তেতিয়া গোটেই পৃথিৱী জুৰি অসমীয়াৰ বদনাম হৈছিল। কিন্তু তেতিয়া অসমীয়া মানুহে গোটেই ঘটনাটো অস্বীকাৰ কৰিলে। ‘ অসমীয়াই কৰা নাই লালুঙে কৰিছে’ বুলি কালিমাটো লালুংলে ঠেলি দিলে। মানে এচেতটো(ঐশ্বৰ্য )অসমীয়াই ল’ব কিন্তু অপযশটো (liability) লালুঙলে ঠেলি দিলে, এইটো ভুল আছিল।
তৃতীয় কথাটো হ’ল যে অসমীয়া আৰু অসমীয়া জাতিৰ ধাৰণাটো খুব পুৰণি নহয়। শংকৰদেৱ আৰু মাধৱদেৱৰ ৰচনাতো “অসম” শব্দটোৰ উল্লেখ পোৱা নাযায়। ‘ধন্য ধন্য ভাৰত বৰ্ষ’ আছে কিন্তু “অসমীয়া” শব্দটো ক’তো নাই। অসমীয়া শব্দটোৰ ধাৰণাটো যোৱা শতিকাৰ আগৰটো শতিকাত, মানে উনৈশ শতিকাৰ শেষৰ ফালেহে আহিছে। তেতিয়া আমাৰ ল’ৰা ছোৱালীসকল কলিকতালৈ পঢ়িবলৈ গৈ দেখিলে যে বঙালীসকলে যথেষ্ট সাহিত্য-সংস্কৃতিৰ বহুত চৰ্চা কৰে, তেওঁলোকৰ এটা অভিজাত মধ্যবিত্ত শ্ৰেণী আছে। সেইবোৰ দেখি আমাৰ অসমীয়াৰ ভিতৰতো তেনেকুৱা এটা কৰিবলৈ চেষ্টা কৰিলে। সেই সময়ত আনন্দ ৰাম ঢেকিয়াল ফুকনৰ নিচিনা মানুহেও তেওঁৰ একমাত্ৰ আইনৰ কিতাপখন বঙালীত লিখিছিল, লক্ষ্মীনাথ বেজবৰুৱাইও উৰিষ্যাৰ চম্বলত থাকিয়েই সাহিত্য চৰ্চা কৰিছিল। তেতিয়া সাহিত্যিক বিলাকেই সকলো কাম কৰিবলগীয়া হ’ল। তেওঁলোকে একেবাৰে অ,আ,ক,খ ৰ কিতাপৰ পৰা উপন্যাসলৈকে সকলোখিনি কৰিবলগীয়া হ’ল। তেনেকৈ তেওঁলোকে অসমীয়া ভাষাটো উদ্ধাৰ কৰিলে। ব্ৰিটিছে তেওঁলোকৰ সুবিধাৰ বাবে বাংলা ভাষা চলাই দিছিল, তাৰ বাবে মই বঙালীসকলক দোষ নিদিও। অসমত বাগিচাৰ কেৰাণী হ’বলৈ শিক্ষিত মানুহ নাছিল। আজি অন্তিমটো শতিকালৈকে অসমত ইংৰাজী পঢ়াবলৈ মানুহ নাছিল। ২০০০ চনতহে উৰিষ্যাৰ পৰা অহা অন্তিমজন ইংৰাজী প্ৰবক্তাজনে অৱসৰ লৈছে। ইয়াত উৰিয়া প্ৰবক্তা বোৰে ইংৰাজী পঢ়াইছিল, প্ৰত্যেক কলেজত এজন নহয় এজন উৰিয়া ইংৰাজী প্ৰবক্তা আছিলেই। অসমীয়া গোটেই ধাৰণাটো বঙালীক দেখি হোৱা, তাৰ আগতে আমি সব বড়ো ,কছাৰী ,কোচ ,কৈৱৰ্ত হিচাপে বিভাজিত আছিলোঁ। আমাৰ মাতৃভাষাটো ঘূৰাই অনাৰ যিটো প্ৰক্ৰিয়া(So in the process of regaining our language) আমি আৰম্ভ কৰিলোঁ, তাত আমাৰ জাতিটো এক হ’ল,এটা ভাষাভিত্তিক এটা জাতি হ’ল।
এতিয়া যদি ইউৰোপৰ মডেল চোৱা হয় তাত তুৰ্কীক বাদ দি গোটেইবোৰ খ্ৰীষ্টান, সকলো মানুহৰ খাদ্যাভাষো মোটামুটি একেই; তেতিয়াহলে তাত ইমানবোৰ দেশ কেলেই? ফ্ৰান্স, ইটালী, গ্ৰীচ আদি এই দেশ বিলাক প্রত্যেকেই ভাষাকেন্দ্ৰিক একো একোটা জাতি। বড়ো সকল বা নগাসকল ভাষাকেন্দ্ৰিক জাতি নহয়। চেমা, লোঠা, আও, অংগামী এইবোৰ সকলো বেলেগ ভাষা, তেওঁলোক নৃগোষ্ঠী কেন্দ্ৰিক জাতি। আমাৰ জাতি বহুত, কিন্তু ভাষা উমৈহতীয়া।
ইউৰোপত যেতিয়া এই জাতিসমূহ গঠন কৰিছিল তেওঁলোকৰ তিনিটা চুক্তি আছিল, যিকোনো এটা প্ৰেক্ষাপট একে হ’লেই এটা জাতি গঠন কৰিব পাৰি মানে জাতীয়তাবাদী ধাৰণা এটা গঢ় দিব পাৰি। কেৱল জাতিটো হ’লেই নহ’ব জাতীয়তাবাদো লাগিব, জাতীয়তাবাদী ধাৰণাটোৰ বাবে জাতিটো লাগিল।
জাতি গঠনৰ প্ৰথম চুক্তিটো হ’ল উমৈহতীয়া ধৰ্ম, দ্বিতীয়তে উমৈহতীয়া ভাষা আৰু তৃতীয়তে উমৈহতীয়া শত্ৰু। So in the process of regaining our language, we realized that Bengalis are our common enemy. তেতিয়া আমি সংহত হ’লো। তেতিয়া আমি নিজকে assert কৰিব পাৰিলোঁ। আমাৰ সম্ভ্ৰান্ত মধ্যবিত্ত জাতি এটা ওলাই আহিল, আমাৰ পৰা ডাক্তৰ হ’ল ইঞ্জিনীয়াৰ হ’ল, হাকিম হ’ল, উকীল হ’ল , IAS পালে। ১৯৭০ৰলৈ চাৰিওফালৰ পৰা যেতিয়া আমি উন্নত জাতি এটা হ’লো , তেতিয়া কাষৰীয়া জাতিবিলাকেও একেটা কামেই কৰিলে। তেওঁলোককো উমৈহতীয়া ভাষা অথবা উমৈহতীয়া শত্ৰুৰ প্ৰয়োজন হ’ল, তেতিয়া Assamese become the common enemy of every community.
কাৰ্বি, মিজো, নগা, খাচী, গাৰো,বড়ো সকলোৱে নিজৰ উমৈহতীয়া শত্ৰু অসমীয়া‌ জাতিটোক পালে।
এইটো এটা অৱধাৰিত গতি, যিটো তুমি ৰখাব নোৱাৰা, সেইটো অসম্ভৱ কথা এটা। যদি ইয়াৰ মাজত তোমাক সংখ্যা সৰহকৈ লাগে, আৰু এই অৱধাৰিত গতিটো তুমি স্বীকাৰ কৰি লোৱা, বড়ো তোমাৰ লগত কোনোদিন নাই, ৰাজ্য এখন নাপাব পাৰে কিন্তু তোমাৰ লগত নাই, তুমি হাজাৰ জোৰ কৰি তাক ৰাখিব নোৱাৰা আৰু হাজাৰ জোৰ কৰি তুমি আমাক বাহিৰ কৰি দিব নোৱাৰা। আমি ৩০০ বছৰ আগতে আমি বেঙ্গলৰ নডিয়া জিলাৰ পৰা আহিছোঁ। We were originally bengalis. আমি ভট্টাচাৰ্য মানুহ, আমাক ৰজাই আনি পেলাই বহুৱালে, তাৰ পিছত ৰজাই ৰাজগুৰু পাতিলে, তাৰ পিছত আমি ৰাজগুৰু হৈ অসমীয়া হৈ পৰিলোঁ। You can not wipe me out from the Assamese community. , আকৌ বড়োক জোৰকৈ তুমি অসমীয়া কৰিব নোৱাৰা। এইটো এটা irreversible process। এতিয়া যদি তোমাক সংখ্যা লাগে তোমাক তেতিয়া নতুন মানুহ লাগিল। নতুন মানুহ তুমি ক’ত পাবা ? Migration is the history of civilization, you all know. আমি বেংগলৰ পৰা প্ৰবজন কৰিলোঁ শিবসাগৰলৈ। শিৱসাগৰৰ পৰা মই আহিলোঁ গুৱাহাটী, খুড়াহঁত গ’ল দিল্লী, অমুক গ’ল আমেৰিকা, তাৰ পিছত ঘূৰি নাহিল। এইটো হ’ল আমাৰ সকলোৰে পৰিয়ালৰ মাজত চলি থকা প্ৰবজন। এই migration টো হৈছে unorganized but huge। এই যিখিনি মানুহ তোমাৰ ১৯৭১ লৈকে আহিল, ১৯৭৯ত তেওঁলোকক জোকাই লোৱাৰ আগলৈকে আমাৰ লগত কোনোদিনে সংঘাত নাই। তুমি অম্বিকাগিৰীৰ যিমান ৰচনাৱলী পঢ়া, তাত তেওঁ এক পক্ষীয় ভাবে সময়সীমাতো বঢ়াই গৈ আছে। তেওঁ প্ৰথমতে ক’লে যে আমি ১৯৪৭ চনলৈকে অহা মৈমানশিঙিয়া সকলক ৰাখিম। কেইদিনমানৰ পিছত তেওঁৰ “চেতনা”ত লিখিলে যে ৪৭টো অলপ বেছি হৈ গ’ল আমি ৫৭লৈকে ৰাখিম, তাৰ পিছত ক’লে নহয়, মানুহখিনিয়ে অসমীয়া হৈ গৈছে, আমি ৬৭লৈকে ৰাখিম। তেওঁৰ কথা কোনে শুনিছে কোনে নুশুনিছে নাজানো কিন্তু তেওঁ একপক্ষীয় ভাবে কৈ গৈছে। এতিয়া, এই মানুহখিনি যেতিয়া প্ৰবজন কৰিলে, তেওঁলোকৰ নিজৰ নিজৰ ল’ৰা ছোৱালী অসমীয়া মাধ্যমত পঢ়োৱাৰ বাহিৰে আন কোনো বিকল্প নাই। এই মানুহখিনিয়ে অসমীয়া হ’বলৈ ইচ্ছা কৰে। বড়োয়ে অসমীয়া হ’বলৈ নিবিচাৰে কিন্তু মিয়া সকলে অসমীয়া হ’বলৈ বিচাৰে। এতিয়া তুমি কোনটো “option” ল’বা, হয়তো তুমি দুইটাকে বাদ দিব লাগিব নহ’লে, যিকোনো এটাক ৰাখিব লাগিব। এই প্ৰক্ৰিয়াত কোনটো তোমাৰ লগত থাকিব, number gameত তুমি কাক লগত পাবা। কোনো শত্ৰু নহয়, নেপালী আমাৰ শত্ৰু নহয়, চাহ বাগিচাৰ লোকসকলো আমাৰ শত্ৰু নহয়। এতিয়া অসমী মানুহৰ সংখ্যা ৪৮ শতাংশলৈ নামিছে কিন্তু খিলঞ্জীয়া মানুহ কমা নাই। খিলঞ্জীয়া ৬৫ শতাংশই আছে। যেতিয়া লোকপিয়লত ভাষাৰ option বিলাক আছিল, সেই option বিলাকত, যেতিয়ালৈকে গোৰ্খালেণ্ড আন্দোলন হোৱা নাছিল, তেতিয়ালৈকে নেপালী ভাষাটো Major Indian Language (MIL)ত নাছিল। যেই গোৰ্খালেণ্ড আন্দোলন হ’ল, নেপালী ভাষাটো major indian language হ’ল, তেতিয়া নেপালী option টো আহি গ’ল লোকপিয়লত, তেতিয়া আগতে যিবোৰ নেপালী মানুহে অসমীয়া বুলি লিখি আছিলে, তেওঁলোকে নেপালী বুলি লিখা হ’ল মাতৃভাষা। এনেদৰে কামবোৰ হৈ থাকিল।

৭। ছাৰ আপুনি ১৯৫১ক ভিত্তি বৰ্ষ হিচাপে লোৱাটো কেনেকৈ চায়? বহু ঠাইত NRC ও নথকা বুলি কয়। ভোটাৰ তালিকাও নথকা বুলি কয় ?

উ: মিছা কথা! কেৱল কাৰ্বি আংলং, ডিমা হাছাওক ধৰি মুঠতে তিনিখন জিলাত নাই। একো ডাঙৰ কথা নহয় সেইটো। বাকী গোটেই কেইখন প্ৰধান জিলাত আছে। ১৯৫২ৰ ভোটাৰ তালিকা খন আছে। সেইখন থাকিলে NRC নাথাকিলেও অসুবিধা নাই। এওঁলোকৰ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীখন সম্পূৰ্ণ কৰাৰ মতলব নাই। তাত কি অসুবিধা আছে ? একোটো নাই। তেওঁলোকে কৈছে হাজেলাই নিজৰ খুচি মতে কৰিছে, কিন্তু তেওঁলোকে এটাও টো ভুল ধৰিব পৰা নাই যে এইজন বিদেশীৰ নামেই ভুলকৈ সোমাই আছে বা এইজন স্বদেশীৰ নামেই ভুলকৈ কটা গৈছে। আজিলৈকে Rejection Certificate খনেই দিয়া নাই। মতলব নাই।
গতিকে এই বস্তুটোত আমি আমাৰ শত্ৰুটো ঠিক মতে চিনিব লাগিব। এতিয়া সময় বেলেগ হৈ গ’ল। এতিয়া তুমি যদি জাতিটোৰ ভিতৰত এটা ব্যৱসায়িক পৰিবেশ এটা আনিব নোৱাৰা, জাতিটো বাচি নাথাকে। কৃষিত এতিয়া, মানুহে কয় হে অসমীয়া ল’ৰাই খেতি কৰিব লাগে। কৰা কেইটাই হে গম পায়। আমদানি নাই নহয়। It is not giving any result. ধান খেতি কৰিলেও ধানৰ একদম দাম নাপায়। যিখিনিয়ে আচলতে কষ্ট কৰে তেওঁলোকে মূল্য নাপায়। মানুহৰ হাহাকাৰ অৱস্থা। তেওঁলোকৰ পৰাই যদি 50 টকাত কিনা, আমি ইয়াতে 150 টকাত কিনিব লাগিব।
আমি বাণিজ্যত গুৰুত্ব দিব লাগিব। চাবা, স্বাধীনতাৰ পিছত অসমীয়া মানুহে খেতিৰ মাটি কিনা ৰেকৰ্ড নাই, বেচা হে ৰেকৰ্ড আছে। সবে বেচিছে। কিনিছে কোনে ? প্ৰবজনকাৰীয়ে কিনিছে। নামনি অসমত সৰহসংখ্যক প্ৰবজনকাৰীয়ে কিনিছে। আৰু উজনি অসমত সৰহসংখ্যক মাৰোৱাৰীয়ে ৰাস্তাৰ কাষৰ খেতি পথাৰৰ মাটি কিনিছে। গতিকে আমাৰ গোটেই “perception of economy” একদম বেয়া। এই জেগাটুকুৰাত যিয়ে আহিছে, সবৰে খেলি মেলি হৈ গৈছে মাৰোৱাৰীৰ বাহিৰে। একেই আহোম, সেই একেখন প্ৰদেশৰ পৰাই আহিছে দক্ষিণ চীনৰ, থাইলেণ্ড আৰু অসমত মাত্ৰ দুবছৰ পাৰ্থক্যত সোমাইছে। থাইলেণ্ডত দুবছৰ আগত পালেগে, আৰু অসমত দুবছৰ পাছত পালে। তাত গৈ যিখন ৰাজধানী বনালে ,আয়োথায়া, তাত যিবোৰ ভগ্নাংশ আছে, তাৰ পৰাই কল্পনা কৰিব পাৰি কি বস্তু বনাইছে এইখন, আৰু একেখিনি মানুহে ইয়াত যিখন বনালে, সৰ্বনাশ। আমাৰ ইয়াৰ ভগ্নাংশৰ পৰা ৰজাই ক’ত পাইখানা কৰিছিল গমেই নাপায়। Two different clans from the same place migrated towards south, but ended in huge difference.

৮। নিৰ্বাচনৰ কথা। আপুনি তাক কেনেদৰে চায় আৰু ২০২১ চনৰ নিৰ্বাচনৰ জয় পৰাজয়ৰ লগত অসমীয়া মানুহৰ ইতিহাস আৰু ভৱিষ্যত কেনেকুৱাকৈ জড়িত ? বিজেপিৰ অৱস্থান কেনেকুৱা হ’ব?

উ: এক নম্বৰ কথা ২০২১ চনৰ নিৰ্বাচনটো এতিয়াও ধৰিব পৰা হোৱা নাই। এতিয়া যিখিনি উপৰে উপৰে আমি ক’ব পাৰিম, তাৰমানে, “কা” টো ইশ্চু (issue) হ’বও পাৰে , নহ’বও পাৰে নহয়, তাৰ কোনো নিশ্চয়তা নাই। মই ধৰি লৈছোঁ, যদি হয় তেন্তে ভোটটো ‘কা’ৰ সপক্ষে নহয় বিপক্ষে আছে। “কা”ৰ সপক্ষে আছে BJP, অগপ, BPF, UPPL ;আৰু বিপক্ষে আছে কংগ্ৰেছ, AIUDF, জাতীয় পৰিষদ, কৃষক মুক্তি। বাকী অজিতদাৰ পাৰ্টি অথবা অৰূপ বৰবৰাৰ পাৰ্টিও একো প্ৰভাৱ পেলাব নোৱাৰে। এতিয়া “কা” বিৰোধী শক্তিটো তিনিভাগত ভাগ হৈ আছে, আৰু “কা” ৰ সপক্ষে থকা তিনিওটা পাৰ্টি একেলগ হৈ আছে। গতিকে ই কাক সহায় কৰিব। নিশ্চিতভাবে BJP ক সহায় কৰিব।
এই ফালে বিজেপিয়ে, ডেৰ কোটি মানুহৰ হিতাধিকাৰী তালিকা বনাইছে, এই সংখ্যা কম নহয়। অসমত সৰ্বমুঠ ভোটদানেই নহয় ডেৰ কোটি। ডেৰ কোটি হিতাধিকাৰীৰ লগত কোনে পাত্তা পাব? কোনেও নাপায়। কিন্তু এই নিৰ্বাচনটোৱে যে অসমীয়া মানুহক একেবাৰে শেষ কৰি পেলাব সেই ধাৰণাটো ভুল।
এইবাৰ কংগ্ৰেছ আৰু AIUDF একেলগ হোৱা কাৰণে BJP ৰো অলপ টান হ’ব। ভোটদানৰ দুটি ধৰণ আছে (voting pattern)। এক ধৰণৰ হ’ল যে মই ভোট দিব বিচাৰিছোঁ “কা”ৰ বিৰুদ্ধে, তেতিয়া হয় মই কংগ্ৰেছ- AIUDFক দি দিম। তুমিও “কা”ৰ বিৰুদ্ধে ভোট দিব বিচাৰিছাঁ কিন্তু তুমি কংগ্ৰেছ-AIUDFক নিদিয়া,গতিকে তুমি জাতীয় পৰিষদক দি দিবা। মই যদি কংগ্ৰেছ-AIUDF ক দি দিওঁ তেতিয়া জিকিব পৰা জোঁট এটাক সহায় কৰা হ’ব। তুমি যদি জাতীয় পৰিষদ বা কৃষক মুক্তিক দি দিয়া তেতিয়া পৰাজিত জোঁট (losing side) এটাক ভোট দি তোমাৰ ভোটটো নষ্ট হৈ গ ‘ল। এইটোৱে বিজেপিৰ সহায় কৰিব। আকৌ ২০১৬ৰ নিৰ্বাচনত “fringe” ভোটাৰ আছিল। তেওঁলোক হ’ল অসমীয়া ভোটাৰ, BJPৰ ভোটাৰ নহয়, তৰুণ গগৈক বেয়া পাইছে, গতিকে কংগ্ৰেছক গুচাব লাগে, মোদী আহিছে , সৰ্বানন্দ আহিছে, পৰিৱৰ্তন লাগে, গতিকে BJPক ভোট দি দিছিল। সেইবিলাক ভোটাৰে এতিয়া নতুন পথ বিচাৰিব। সেইবিলাক মানুহে ভাবিব যে এইবাৰ BJPক দিব নোৱাৰি, একে সময়তে কংগ্ৰেছ-AIUDFকো দিব নোৱাৰি। গতিকে সেই ভোটটো BJPৰ পৰা আহি জাতীয় পৰিষদত পৰি যাব। তেতিয়া BJPৰ লোকচান আছে। এটা অংকত BJPৰ লাভ, আন এটা অংকত লোকচান। এতিয়া কোনটো অংক চলেসময়ে ক’ব।

৯। আঞ্চলিকতাবাদী দলৰ ভৱিষ্যত আপুনি কেনেদৰে চাইছে ?
উ: আঞ্চলিকতাবাদী দলৰ ভৱিষ্যত সদায়েই ভাল। মিত্ৰজোঁট চৰকাৰ এতিয়া যেনেকুৱা বিপদত পৰিছে, আমাৰ ভাৰতবৰ্ষত আচলতে গুৰুত্বপূৰ্ণ প্ৰভাৱ আঞ্চলিকতাবাদী দলৰ।
আঞ্চলিকতাবাদৰ ডাঙৰ সমস্যাটো হৈছে যে আমাৰ অসমীয়া আঞ্চলিকতাবাদৰ ধাৰণাটো স্পষ্ট নহয় । তেওঁলোকে কি কৰিব বিচাৰিছে সেয়া স্পষ্ট নহয়।
ৰাজনৈতিক দল বুলিবলৈ হ’লে, একদম শৃংখলাবদ্ধ ৰাজনৈতিক দল কেইটা আছে ? সমবাদী পাৰ্টি Communist party) আছে আৰু BJP। ইয়াত দলৰ নিৰ্দেশানুযায়ী সকলো চলে। তাৰ বাহিৰেটো এটা পাৰ্টিও তেনেকুৱা নহয়। অকল এই দুটা দল নিয়ন্ত্ৰিত হৈ থাকে, তেওঁলোকে দলৰ মতে চলে। গতিকে তেনেকুৱা গঢ়ত যদি আমি অসমীয়া জাতীয়তাবাদী দল গঠন কৰিব পাৰোঁ তেতিয়া হ’ব। তেতিয়া কোনো ক্ষুদ্ৰ স্বাৰ্থই কাম নকৰিব। কিন্তু সেইটো টান কাম।

১০। সাংবাদিকতাৰ অধঃপতন (downgrade of journalism) সত্য নে? যি সময়ত দেশ এটাৰ পাছত এটা সমস্যাৰে বিধ্বস্ত, সেই সময়ত ৰিয়া-কংগনাক লৈ ব্যস্ত হৈ আছে আগশাৰীৰ ৰাষ্ট্ৰীয় সংবাদ মাধ্যম। এই বিষয়ে কি ক’ব?
উ: এয়া সাংবাদিকতাই এই নহয়। অধংপতন পিছৰ কথা। অৰ্ণৱ গোস্বামী আৰু হিন্দী চেনেলৰ দুই একে যিটো কৰি আছে সেইটো সাংবাদিকতাই নহয়। ১৯৯৫ৰ পৰা ২০২০ লৈকে একেখন মহাৰাষ্ট্ৰতেই ৩ লাখ ৩০ হেজাৰ কৃষকে আত্মহত্যা কৰিছে। আৰু এইফালে এজন অভিনেতাই আত্মহত্যা কৰিছে। ক’ত ৩ লাখ আৰু ক’ত আত্মহত্যা! কৃষকৰ আত্মহত্যাকলৈ এদিনো বাতৰি পৰিবেশন হোৱা নাই। এটা মাত্ৰ আত্মহত্যাক লৈয়ে যিমান চৰ্চা হৈছে। চাৰিমাহ সময় অন্য কোনো বিষয় নাই পৃথিৱীত ? This is no journalism!

১১। সাংবাদিকতা এতিয়া porpagandaৰ অংশ হৈ গৈছে নেকি ? তেনে ক্ষেত্ৰত আপোনালোকে নিৰূপেক্ষতাটো কেনেকৈ বৰ্তাই ৰাখিছে ?
উ: It’s very difficult. চোৱা মোদীৰ শাসনকালত সাংবাদিকতা এটা propaganda এই হৈছে। দেখিছাই ছাগে, লাইক দিছলাইকৰ option টোৱেই নাইকিয়া কৰি পেলালে। সদনত প্ৰশ্ন কাল (question hour) নাই। আজিলৈকে প্ৰধানমন্ত্ৰীয়ে এখনো সংবাদমেল কৰা নাই। যদি এনেকুৱাই হয়, কি কাম থাকিল সংবাদ মাধ্যমৰ? গোটেইটো গোদী মেডিয়া ( godi media)। এনেকুৱা আনকি জৰুৰীকালীন সময়তো হোৱা নাই। সেইসময়ত নিৰীক্ষণ কৰিছিল । সম্পাদকীয় পৃষ্ঠাৰ কলমবোৰ (column) খালি ৰাখিছিল। তেতিয়া মানুহে গম পায় যে ইয়াত কিবা এটা আছিলে যিটো প্ৰকাশ নহ’ল। এতিয়া একদম বেয়া পৰিস্থিতি। এতিয়া চৰকাৰৰ আপত্তি থকা বাতৰি আহিবই নিদিয়ে চৰ্চালৈ। ৰাফেল বিমানৰ এটা কথাও আলোচনা নহ’ল। আজি কাশ্মীৰ এবছৰ ধৰি সম্পূৰ্ণ shutdown হৈ আছে, তাকলৈ এটাও আলোচনা নাই। আজি “কা”ৰ বিষয়ে আলোচনা কৰিবলৈ এজনো মানুহ মতা নাই অসমৰ পৰা। অসমীয়া মানুহে কি ভাবিছে, আহাচোন অনুষ্ঠান এটা কৰোঁ, এটাও নাই। সব মিছা। এইটো এটা propaganda machinery। এতিয়া চোৱা পাপনে ছোৱালী এজনীক চুমা খালে, অৰ্ণৱ গোস্বামীয়ে তিনিদিন ধৰি সেইটো চলাই আছে। Check the timeline. নীৰৱ মোদীৰ কেলেংকাৰী যেতিয়া উদ্ভৱ হৈছিল তেতিয়া পাপনৰ বাতৰি চলাই আছিল। He has hid the Neerav Modi case. এই জৰুৰীকালীন অৱস্থাত কৈ বেছি বেয়া। তেতিয়া টো তুমি অন্তত গম পাইছিলা, এতিয়াটো গমেই নোপোৱা।

১২। এতিয়াটো কাঠফুলাৰ দৰে ৱেব পৰ্টেল যিবিলাক ওলাইছে সেইবোৰো নিৰপেক্ষ নহয়। ৱেব পৰ্টেলবোৰ বাতৰি-কাকত বা ইলেক্ট্ৰনিক মাধ্যমৰ বাবে ভাবুকি হ’ব পাৰে নেকি?

উ: তেওঁলোক পক্ষপাতী হব’ই। সেইটোতো আৰু ভয়ানক। তাত কোনো দ্বায়িত্বশীল মানুহ নাই। এইবোৰ হৈছে স্পৰ্শকাতৰ বিষয়। ধৰি লোৱা পৰমাণৱিক বোমা । পাৰমাণৱিক শক্তিৰ মালিক দেশ এখনৰ যিটো “atomic energy agency” অৰ্থাৎ যিটোৱে বস্তুটো নিৰীক্ষণ আৰু নিয়ন্ত্ৰন , তেওঁলোকৰ এখন নিয়মাৱলী থাকে। তাৰ এক নম্বৰ কথাটো হৈছে- system must be in the hands of responsible authority. সংবাদ মাধ্যমো দ্বায়বদ্ধ ব্যক্তিৰ হাতত থাকিব লাগিব।
বাতৰিকাকত বা ইলেক্ট্ৰনিক মিডিয়াৰ কাৰণে ভাবুকি নহয়। এইটো সমাজৰ কাৰণে ভাবুকি। গণতন্ত্ৰৰ কাৰণে ভাবুকি।ই উৰাবাতৰি মিনিটৰ ভিতৰত বিয়পাই দিব পাৰে। ই যদি দ্বায়বদ্ধ মানুহৰ হাতত নাথাকে, তেতিয়া ই মানুহক মানসিক, সামাজিক আৰু ৰাজনৈতিকভাৱে “damage” কৰিব পাৰে।

আপোনাৰ অত্যন্ত ব্যস্তসূচীৰ পৰা আমাক এইখিনি সময় দিয়াৰ বাবে আমি আপোনাৰ ওচৰত চিৰকৃতজ্ঞ হৈ ৰ’ম। অসমৰ সংবাদ মাধ্যমক প্ৰকৃতাৰ্থত গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হিচাপে স্থাপন কৰাত আগন্তুক দিনতো আপুনি একেদৰেই অগ্ৰণী ভূমিকা গ্ৰহণ কৰিব বুলি আমাৰ বিশ্বাস আছে।

“প্ৰাঙ্গণ”ৰ হৈ সাক্ষাৎকাৰ গ্ৰহণ কৰিছে হেমাংগিনী দাস, ত্ৰিদীৱ ভাগৱতী, পল্লৱ কুমাৰ দাস আৰু প্ৰত্যুষ প্ৰতিম দাসে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here