“প্ৰাঙ্গণ”ৰ চলচ্চিত্ৰ সংগ্ৰহ (৩)

“প্ৰাঙ্গণ”ৰ এইবাৰৰ “চলচ্চিত্ৰ সংগ্ৰহ”ত দুখন কিছু ব্যতিক্ৰমী ছবিৰ বিষয় উল্লেখ কৰা হৈছে। ছবি দুখন আপুনি চাই ভাল পোৱাটো নিশ্চিত।

১। আড়ুকলম (Aadukalam)

পৰিচালক: ভেট্ৰিমৰণ
কুকুৰা যুঁজ তামিল নাডুৰ এক ঐতিহাসিক খেল। আগৰ দিনত ৰথী-মহাৰথী সকলৰ বাবে ই আছিল এক প্ৰিয় মনোৰঞ্জনৰ আহিলা। এই কুকুৰা যুঁজ প্ৰতিযোগিতাৰ ওপৰতেই ভিত্তি কৰি নিৰ্মাণ কৰা হৈছে “আড়ুকলম” নামৰ তামিল চলচ্চিত্ৰ খন। কুকুৰা যুঁজ প্ৰতিযোগিতাৰ আঁৰত লুকাই থকা কষ্ট, জেদ, খং, ষড়যন্ত্ৰ ইত্যাদিৰ মনজয়ী উপস্হাপন “আড়ুকলম”। ছবিখনৰ মূল চৰিত্ৰ “কাৰাপ্পু”ত অভিনয় কৰিছে দক্ষিণৰ বিখ্যাত অভিনেতা ধনুষে। লগতে আছে তাপছী পন্নু ,কিশোৰ, জয়াপলন ইত্যাদি। ছবিখনে ৫৯ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ পুৰস্কাৰত ৬টা বঁটা জিনিবলৈ সক্ষম হয়।

২) ইনচেনদিছ (Incendies)

পৰিচালক: ডেনিছ ভিলিনুএভ
চিনেমা বুলিলে আমাৰ মানসপটত সাধাৰণতে ভাঁহি উঠা শব্দটো হৈছে ‘হলিউড’। নিঃসন্দেহে হলিউডে বিশ্ববাসীক উপহাৰ দিয়ে অগণনীয় উৎকৃষ্ট মানৰ চলচিত্ৰ। কিন্তু তাৰ বাহিৰেও অন্য দেশ আৰু ভাষাটো নিৰ্মিত হয় কিছুমান হৃদয়স্পৰ্শী কাহিনীৰ চলচিত্ৰ। তাৰ ভিতৰত এখন হৈছে কানাডিয়ান চলচ্চিত্ৰ “ইনচেনদিছ”। চমুকৈ কাহিনীটো এনেধৰণৰ- নৱাল নামৰ এগৰাকী মধ্যপ্ৰাচ্যৰ মহিলাই মৃত্যুৰ আগমুহূৰ্তত তেওঁৰ দুটি যমজ সন্তানলৈ দুখন পৃথক চিঠি লিখি থৈ যায়। যমজ যুগলৰ এটি সন্তান ‘জীন’ৰ দায়িত্ব পৰিল চিঠিখন তেওঁলোকৰ অজ্ঞাত পিতৃলৈ লৈ যোৱাৰ। আনহাতে চাইমনৰ চিঠিখন তেওঁলোকৰ এজন ভাতৃলৈ লৈ যোৱাৰ নিৰ্দেশ আছিল যিজনে পূৰ্বতে তেওঁলোকে জনা নাছিল। দুই যমজ ভাতৃ-ভগ্নীয়ে পৃথকভাৱে তেওঁলোকৰ যাত্ৰা আৰম্ভ কৰিলে। সেই যাত্ৰাত তেওঁলোক সন্মুখীন হ’ল এনে অনেক বিভীষিকাময় পৰিস্থিতিৰ আৰু আবিষ্কাৰ কৰিলে তেওঁলোকৰ পৰিয়ালৰ আশ্চৰ্যজনক সত্য।
ছবিখন চাই আপুনি আশ্চৰ্য আৰু পুলক দুয়োটাই অনুভৱ কৰাটো নিশ্চিত।

1 COMMENT

LEAVE A REPLY

Please enter your comment!
Please enter your name here