“প্ৰাঙ্গণ”ৰ কিতাপৰ টোপোলা

অসমীয়া গ্ৰন্থৰ সমাদৰ আৰু পঢ়ুৱৈৰ সংখ্যা কমিছে বুলি আজিকালি প্ৰায়েই অভিযোগ উত্থাপন কৰা হয়। এই অভিযোগ কিমান দূৰ সত্য সেয়া নিৰূপণ কৰা আমাৰ পক্ষে সম্ভৱ নহয়। কিন্তু এই অভিযোগ সত্য নহওঁক, সেয়া আমাৰ সকলোৰে কাম্য। সকলোৱে পঢ়িব লগা দুখন কিতাপৰ বিষয় জানোঁ আহক!

জীৱন জীৱন বৰ অনুপম

১। জীৱন জীৱন বৰ অনুপম
লেখিকা: ডঃ নিৰ্মলপ্ৰভা বৰদলৈ
প্ৰকাশক: জ্যোতি প্ৰকাশন
মহান ব্যক্তিসকলে জীৱনত নানা ঘাট-প্ৰতিঘাতৰ সন্মুখীন হৈ অভিজ্ঞতাৰে পৰিপুষ্ট হয়। চলচ্চিত্ৰৰ কাহিনীৰ দৰে জীৱনক জিনি প্ৰতিষ্ঠা লাভ কৰাৰ সুবাদতেই তেওঁলোক হৈ পৰে মহান, হৈ পৰে সমাজৰ আদৰ্শ আৰু অনুপ্ৰেৰণাৰ উৎস। তাৰেই এক শ্ৰেষ্ঠ উদাহৰণ ডঃ নিৰ্মলপ্ৰভা বৰদলৈ।
“জীৱন জীৱন বৰ অনুপম ” বৰদলৈৰ আত্মজীৱনী। কিতাপখনৰ প্ৰত্যেকটো পাততেই নিহিত স্বনামধন্য সাহিত্যিক গৰাকীৰ জীৱনৰ সৰু-বৰ ঘটনাই পঢ়ুৱৈক অভিভূত কৰি তোলে। ব্ৰাহ্মণ পৰিয়ালত জন্মগ্ৰহণ কৰাৰ বাবে পুষ্পিতা হোৱাৰ পূৰ্বেই বাল্যবিবাহৰ বলি হৈ মাত্ৰ তেৰ বছৰ বয়সত মাতৃত্বৰ গধুৰ বোজা গ্ৰহণ কৰাৰ পৰা অসমৰ আগশাৰীৰ নাৰীসকলৰ মাজত নিজৰ নাম সোণালী আখৰেৰে সন্নিবিষ্ট কৰালৈ তেখেতৰ যাত্ৰাই আপোনাক অনুপ্ৰাণিত কৰি তোলাটো নিশ্চিত।

পাটকাইৰ ইপাৰে মোৰ দেশ

২। পাটকাইৰ ইপাৰে মোৰ দেশ
লেখিকা: চন্দনা গোস্বামী
প্ৰকাশক: চন্দ্ৰ প্ৰকাশ
ঐতিহাসিক ঘটনাৱলীৰ ওপৰত আধাৰিত শ্ৰেষ্ঠ অসমীয়া গ্ৰন্থৰ ভিতৰত চন্দনা গোস্বামীৰ “পাটকাইৰ ইপাৰে মোৰ দেশ” নিসন্দেহে অন্যতম। ২০১২ বৰ্ষৰ সাহিত্য অকাডেমী পুৰস্কাৰ প্ৰাপ্ত গ্ৰন্থখনত অতীজৰ আহোম আৰু কোচ ৰাজপৰিয়ালৰ এটা প্ৰজন্মৰ মাজত হোৱা বৈবাহিক সম্পৰ্ক আৰু আহোম সাম্ৰাজ্যৰ পৰৱৰ্তী প্ৰজন্মৰ স্বৰ্গদেউৰ ঘটনাৱলী লেখিকাগৰাকীয়ে সৰস ভাষাত উপস্থাপন কৰিছে। কিতাপ পঢ়াৰ আমেজৰ লগতে অনুসন্ধিৎসু সকলৰ সংগ্ৰহত এইখন গ্ৰন্থই স্থান পোৱাটো ধুৰূপ।

কাৰ্ণট ইঞ্জিনৰ কথাৰে
কাৰ্ণট ইঞ্জিন

LEAVE A REPLY

Please enter your comment!
Please enter your name here