“প্ৰাঙ্গণ”ৰ কিতাপৰ টোপোলা (২)

এজন লেখকে নিজৰ চিন্তাধাৰা আৰু কল্পনা শক্তিক আখৰৰ জগতত বন্দী কৰি একোখন গ্ৰন্থৰ জন্ম দিয়ে। সেই আখৰবোৰক কাগজত আশ্ৰয় দি চকুত লগা বেটুপাত এখনৰ সৈতে পাঠক সমাজক আগবঢ়াই দিয়াৰ কৰ্তব্য এজন প্ৰকাশকে পালন কৰে। তেনেদৰেই প্ৰেছৰ পৰা নতুন পাতৰ চিনাকি গোন্ধ লৈ গ্ৰন্থখনে কিতাপৰ বিপনীত স্থান পায়। গ্ৰন্থখনৰ পৰৱৰ্তী সময়ৰ ভাগ্যনিয়ন্তা ৰূপে ৰৈ যায় একো একোজন পাঠক। সেয়েহে ভাল কিতাপ এখনৰ সৌভাগ্য নিশ্চিত কৰাৰ দায়বদ্ধতা পাঠকজনৰ হৈ পৰেহি। আহক আমি তেনে দুখন ভাল গ্ৰন্থৰ বিষয়ে জানো।

১। ডিগ বয় ডিগ
লিখক: দীপাংকৰ মল্ল বৰুৱা
প্ৰকাশক: বনলতা
২০১৬ চনৰ পৰা ২০১৮ চনলৈ “প্ৰান্তিক”ত ধাৰাবাহিকভাৱে প্ৰকাশিত “ডিগ বয় ডিগ” গ্ৰন্থাকাৰে প্ৰকাশ পোৱাৰ পিছত অসমীয়া উপন্যাস জগতত এক উল্লেখযোগ্য সংযোজন হিচাপে পৰিগণিত হৈছে। ১৮২৫ চনতে লেফটেনেন্ট উইলকক্সে বুঢ়ীদিহিং নদীয়েদি উজাই গৈ থাকোতে নামপঙত সেউজীয়া , কজলা বৰণৰ পেট্ৰোলিয়ামৰ অৱস্থিতি প্ৰত্যক্ষ কৰাৰ পৰা ১৮৮৯ চনত লেক চাহাবে “ডিগ বয় ডিগ” ধ্বনিৰে মুখৰিত কৰি অসমৰ বুকুত ভাৰতৰ প্ৰথমটো বাণিজ্যিকভাৱে সফল তৈল খাদৰ খনন কৰালৈকে এক ৰোমাঞ্চকৰ ইতিহাসৰ বৰ্ণনা ইয়াত দিয়া হৈছে। তাৰ লগতে বিদেশী আৰু স্বদেশী জীৱন প্ৰতিফলিত কৰি আৱেগ-অনুভূতিৰে সিক্ত এটি কাল্পনিক কাহিনীৰ মাজেৰে ইতিহাস আগবাঢ়ি গৈছে। সাহিত্য আৰু ঐতিহাসিক ঘটনাৱলীৰ এক উত্তম সামঞ্জস্য ৰক্ষা কৰা গ্ৰন্থখন পঢ়ি চাবচোন।

২। এ হিষ্ট্ৰি অৱ ইণ্ডিয়ান স্পৰ্ট থ্ৰু ১০০ আৰ্টিফেক্টছ্ ( A history of Indian Sport through 100 Artefacts)
লিখক: বৰিয়া মজুমদাৰ
প্ৰকাশক: Harper Collins publication
বৰিয়া মজুমদাৰ আমাৰ মাজত শচীন টেণ্ডুলকাৰৰ আত্মজীৱনী “Playing it my way”ৰ সহ-লেখক হিচাপেহে পৰিচিত যদিও তেওঁ ভাৰতীয় ক্ৰীড়াজগতৰ এগৰাকী অন্যতম ইতিহাসবিদ। ভাৰতৰ ক্ৰীড়া জগতৰ ইতিহাসৰ বিষয়ে কিতাপৰ সংখ্যা তেনেই তাকৰ। সাম্প্ৰতিক সময়ত ক্ৰিকেটৰ বর্ধমান জনপ্রিয়তাৰ বাবে ক্ৰিকেটৰ ইতিহাসকলৈ উচ্চ মানদণ্ডৰ কিতাপ প্ৰকাশিত হৈছে যদিও ৰাষ্ট্ৰীয় খেল হকী, অলিম্পিক আদিৰ ইতিহাস এতিয়াও এলাগী। লগতে খেলজগতৰ লগত জড়িত কলাকৃতি সমূহ সংৰক্ষণৰ বাবে কোনো বিশেষ সংগ্ৰহালয়ো নাই। তেনে পৰিপ্ৰেক্ষিতত ১৮৪৫ চনৰ বেংগল গেজেটৰ পৰা অলিম্পিকত ৰূপৰ বঁটা বিজয়ী পি ভি সিন্ধুলৈ সামৰি ১০০ বিধ মূল্যৱান কলাকৃতিৰ জৰিয়তে ভাৰতীয় ইতিহাসৰ ওপৰত এখন কিতাপ লিখা সঁচাকৈয়ে প্ৰশংসনীয়। লেখকৰ মতে “In sum, this book is a reconstruction of the story of Indian sport in totality, in good and bad, glorious and inglorious, bright and dark, inspiring and controversial”। খেল-জগতৰ প্ৰতি আকৃষ্ট সকলৰ বাবে এই গ্ৰন্থখনে নিশ্চয় তৃপ্তি প্ৰদান কৰিব।

কাৰ্ণট ইঞ্জিনৰ কথাৰে
কাৰ্ণট ইঞ্জিন

LEAVE A REPLY

Please enter your comment!
Please enter your name here