“প্ৰাঙ্গণ”ৰ কিতাপৰ টোপোলা (৩)

“প্ৰাঙ্গণ”ৰ এই সংখ্যাৰ “কিতাপৰ টোপোলা”ত অসম সম্পৰ্কীয় দুখন গ্ৰন্থৰ কথা কোৱা হৈছে।
১) শান্তনুকুলনন্দন
লেখিকা: পুৰবী বৰমুদৈ
প্ৰকাশক: বনলতা

২০০৭ চনৰ সাহিত্য অকাডেমি বঁটাপ্ৰাপ্ত পূৰবী বৰমুদৈৰ ‘শান্তনুকুলনন্দন’ নিসন্দেহে এখন পঢ়িবলগীয়া উপন্যাস। প্ৰাক ঐতিহাসিক যুগৰ পৰা অষ্টম শতিকালৈ ব্ৰহ্মপুত্ৰ উপত্যকাৰ বৰ্ণময় ইতিহাসৰ অতি সুন্দৰ বৰ্ণনাৰে পৰিপুষ্ট এইখন গ্ৰন্থ। ঐতিহাসিক ঘটনাৱলীৰ অন্তৰ্নিহিত মূল্যবোধ আৰু গুৰুত্ব সবল অথচ সাৱলীল ভাষাত উপস্থাপন কৰিব পৰাটো লেখিকাৰ সাফল্য।

২। Post Colonial Assam(1947-2020)
লেখক: মৃণাল তালুকদাৰ
প্ৰকাশক: জাগৰণ সাহিত্য পৰিষদ

মৃণাল তালুকাৰৰ ভাষাতে ক’বলৈ গলে ভাৰতবৰ্ষৰ কোনো ৰাজ্যই অসমৰ নিচিনাকৈ যোৱা সাতটা দশক ইমান ঘটনাবহুল পৰিসৰৰ মাজেৰে পাৰ হৈ যোৱা নাই, অসম সদায়ে এক অগ্নিপিণ্ড। ‘Post Colonial Assam’ হৈছে এজন সাংবাদিকৰ দৃষ্টিৰে চাবলৈ বিচৰা যোৱা ৭০ বছৰৰ অসমৰ সামাজ-ৰাজনীতিৰ এখন জীৱন্ত দলিল। ত্ৰিশ বছৰতকৈও অধিক সময় সক্ৰিয় সাংবাদিকতাৰ লগত জড়িত মৃণাল তালুকদাৰৰ ইতিহাস,ভূগোল, ৰাজনীতিৰ লগত জড়িত কিতাপ সমূহে অসমীয়া সাহিত্যত এক নতুন আলোড়নৰ সৃষ্টি কৰিছে। ‘স্বৰাজোত্তৰ অসম(১৯৪৭-২০১৯)’ নামেৰে কিতাপখন অসমীয়া ভাষাটো উপলব্ধ।

কিতাপ দুখন পঢ়ি চাবচোন!!

কাৰ্ণট ইঞ্জিনৰ কথাৰে
কাৰ্ণট ইঞ্জিন

LEAVE A REPLY

Please enter your comment!
Please enter your name here