প্ৰাঙ্গণৰ গ্ৰন্থৰ টোপোলা (৫)

১। এই হিষ্ট্ৰি অৱ আছাম ( A History of Assam)

লেখক: ছাৰ এডৱাৰ্ড গেইট


ছাৰ এড্‌ৱাৰ্ড গেইট ভাৰতত কৰ্মৰত এগৰাকী ইংৰাজ প্ৰশাসনিক বিষয়া আছিল। ১৮৯৪ চনত গেইটে অসমত বুৰঞ্জী চৰ্চাৰ এখন বিশদ আঁচনি প্ৰস্তুত কৰে। এই আঁচনিৰ ৰূপদানৰ বাবে গঠিত ‘এথ্‌নগ্ৰাফি’ বিভাগৰ তেওঁ প্ৰথম সঞ্চালক নিযুক্ত হয়। ১৮৯৭ চনত ‘অসম বুৰঞ্জী বিষয়ক অনুসন্ধান কাৰ্যাৱলীৰ ৰিপোৰ্ট’ প্ৰকাশ কৰে। ১৯০৬ চনত হেমচন্দ্ৰ গোস্বামী, গোলাপ চন্দ্ৰ বৰুৱা আদিৰ সহায় লৈ লিখা তেখেতৰ বিখ্যাত গ্ৰন্থ ‘এ হিষ্ট্ৰী অৱ আছাম’ প্ৰকাশিত হয়। পূব, পশ্চিম আৰু উত্তৰৰ পৰা অহা মানুহৰ সংমিশ্ৰণ‌ আৰু ভাৰতীয়-আৰ্য, অষ্ট্ৰ’-এচিয়াটিক আৰু তিব্বতীয়-বাৰ্মীয় সংস্কৃতিৰ মিলনৰ ইতিহাসেই হৈছে অসমৰ ইতিহাস। এই গ্ৰন্থখনেই এই অঞ্চলৰ প্ৰথমখন পূৰ্ণাংগ বুৰঞ্জী । এই বুৰঞ্জীৰ প্ৰসংগ আৰু সমল উত্তৰ-পূব ভাৰতৰ বুৰঞ্জীবিষয়ক গৱেষণাত সঘনাই উল্লিখিত হয়। বুৰঞ্জীবিদ অমৰেন্দ্ৰ ঠাকুৰ-ৰ মতে এডৱাৰ্ড গেইটৰ A History of Assam গ্ৰন্থই উত্তৰ-পূৱ ভাৰতৰ বুৰঞ্জী অধ্যয়নত নতুন যুগৰ সূচনা কৰিছিল, সেই বাবেই হয়তো প্ৰকাশৰ ১১৪ বছৰ পিছতো গ্ৰন্থখন আজি পৰ্যন্ত প্ৰাসংগিক । এগৰাকী ইংৰাজৰ দৃষ্টিৰে সেই সময়ৰ অসমক জনাৰ আটাইতকৈ শ্ৰেষ্ঠ মাধ্যম “এই হিষ্ট্ৰি অৱ আছাম”।

২। ২১ লেচনছ ফৰ দ্য ২১ চেঞ্চুৰী (21 Lessons for the 21st Century)

লেখক: য়ুভাল নোৱাহ হাৰাৰি


য়ুভাল নোৱাহ হাৰাৰিৰ “২১ লেচনছ ফৰ দ্য ২১ চেঞ্চুৰী” বিশ্বযুৰি যথেষ্ট সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। একবিংশ শতিকাৰ বিশ্ববাসীৰ মনত ক্ৰিয়া কৰি থকা বিভিন্ন চিন্তা আৰু ঘটনাৰ বিষয়ে তেওঁ এই কিতাপখনত উল্লেখ কৰিছে। ইতিমধ্যে তেখেতৰ পূৰ্বৰ দুখন গ্ৰন্থ “Sapiens” আৰু “Homo Dues” অতি জনপ্ৰিয় হৈছিল। এই দুখন গ্ৰন্থত তেখেতে অতীত আৰু ভৱিষ্যতৰ বিশ্লেষণ কৰিছিল। কিন্তু এইখন গ্ৰন্থত তেখেতে বৰ্তমানকলৈ নিজৰ চিন্তাধাৰা আৰু উদ্বিগ্নতা প্ৰকাশ কৰিছে। তাৰ ভিতৰত বিশ্ব ৰাজনীতি, এ.আই টেক্ন’লোজী (AI Technology) ইত্যাদি বিভিন্ন বিষয় সামৰি লৈছে।

কাৰ্ণট ইঞ্জিনৰ কথাৰে
কাৰ্ণট ইঞ্জিন

LEAVE A REPLY

Please enter your comment!
Please enter your name here