প্ৰাঙ্গণৰ চলচিত্ৰ সংগ্ৰহ (৫)

যোৱা বছৰটোত তলাবন্ধৰ সময়ত OTT platform (নেটফ্লিক্স, এমাজন প্ৰাইম, হটষ্টাৰ ইত্যাদি) সমূহ মনোৰঞ্জনৰ উৎকৃষ্ট আহিলা হিচাপে পৰিগণিত হয়। এখনৰ পাছত এখনকৈ কেইবাখনো ছিৰিজে মুক্তিলাভ কৰে। এই ছিৰিজসমূহৰ ভিতৰত কেইখনমান অতি উচ্চ মানদণ্ডৰ ছিৰিজ নিৰ্মাণ কৰা হয়।

১। দ্যা ক্ৰাউন ( The Crown)

মাধ্যম: নেটফ্লিক্স

ব্ৰিটিছ ৰাজপৰিয়ালৰ জীৱন শৈলী, তেওঁলোকৰ ক্ষমতা আৰু ব্যক্তিগত জীৱন সাধাৰণ জনতাৰ নজৰৰ পৰা দূৰত অৱস্থিত। ১৯৫২ চনৰ পৰা শাসনাধিষ্ট ৰাণী এলিজাবেথ দ্বিতীয়ৰ ৰাজত্বকালত ব্ৰিটিছ ৰাজশক্তি বিভিন্ন পৰিৰ্তন আৰু প্ৰত্যাহ্বানৰ সম্মুখীন হৈ আহিছে। তাৰেই আধাৰত নিৰ্মিত হৈছে নেটফ্লিক্সৰ আটাইতকৈ ব্যবহুল ছিৰিজ পিটাৰ মৰ্গানৰ “দ্যা ক্ৰাউন”। ছিৰিজখনৰ ইতিমধ্যে চাৰিটা ছিজন প্ৰচাৰ কৰা হৈছে। প্ৰথমটো দৃশ্যৰ পৰাই ছিৰিজখনে দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছিল। একোটা ছিজনৰ প্ৰতিটো খণ্ডত ৰাণী এলিজাবেথ আৰু তেওঁৰ পৰিয়ালৰ বিভিন্ন সদস্যৰ জীৱনৰ উল্লেখযোগ্য ঘটনাবোৰ বাস্তৱ আৰু কিছু নাটকীয় সংমিশ্ৰণেৰে অতি উৎকৃষ্ট ৰূপত উপস্থাপন কৰা হৈছে। ছিৰিজখনত ৰাণী এলিজাবেথ আৰু পৰিয়ালৰ সদস্যবোৰৰ বয়স অনুযায়ী বেলেগ বেলেগ অভিনেতাই অভিনয় কৰিছে। ডেকা বয়সৰ ৰাণীৰ ভূমিকাত অভিনয় কৰিছে ক্লেইৰ ফয় আৰু আদবয়সীয়া ৰাণীৰ ভূমিকাত অভিনয় কৰিছে অলিভিয়া ক’লমেনে। দুয়োগৰাকী অভিনেত্ৰীয়ে তেওঁলোকৰ অদ্ভূত কলাৰ পৰিবেশনৰ বাবে গোল্ডেন গ্লোব পুৰস্কাৰ অৰ্জন কৰে। ছিৰিজখনত ৰাণীৰ স্বামী প্ৰিন্স ফিলিপৰ ভূমিকাত অভিনয় কৰিছে মেট ফিলিপ আৰু ট’বিয়াছ মেনজিয়াছে। প্ৰিন্স চাৰ্লচ হৈছে জছ ও কন্নোৰ। চতুৰ্থ চিজনত লেডী ডায়েনাৰ আগমনে ছিৰিজখনৰ জনপ্ৰিয়তা যথেষ্ট বৃদ্ধি কৰিছে। ডায়েনাৰ ভূমিকাত এমা কৰিণৰ অভিনয় অতুলনীয়। মনোৰঞ্জন, জ্ঞান আৰু সময়ৰ সদব্যৱহাৰৰ “পাৰ্ফেক্ট” মিশ্ৰণ “দ্যা ক্ৰাউন”।

২। বেন্দিশ বন্দিত্স ( Bandish Bandits)

মাধ্যম: এমাজন প্ৰাইম

আমাৰ ইয়াত এটা অঘোষিত প্ৰথা আছে, কোনো বিশেষ বস্তু যদি চালুকীয়া হয়, সকলোৱে তাতেই মনোনিবেশ কৰে। আজিৰ পৰা কিছু বছৰৰ পূৰ্বে নেটকেফেৰ জোৱাৰ উঠিছিল। প্ৰয়োজনতকৈ বহুত বেছি সংখ্যক নেটকেফেই একেলগে ভুমুকি মাৰিছিল। তাৰেই যেন পুনৰাবৃত্তি ঘটিছে ৱেব ছিৰিজৰ ক্ষেত্ৰত। “চেক্ৰেড গেমছ”ৰ (Sacred Games) পিছত কেইবাটাও প্ৰযোজক গোষ্ঠী “ক্ৰাইম থ্ৰীলাৰ” ধাৰাৰ ৱেব চিৰিজ বনোৱাৰ প্ৰতিযোগিতাত নামি পৰিল। কিন্তু ভিৰৰ মাজতো ব্যতিক্ৰম থাকে। তেনেকুৱা এখন ব্যতিক্ৰমী ধাৰাৰ ৱেব চিৰিজ হৈছে বেন্দীশ বন্দিত্স। ইয়াত সংগীতৰ দুখন বেলেগ বেলেগ পৃথিৱীৰ পৰা অহা এহাল যুৱক-যুৱতীৰ জীৱন যাত্ৰা বৰ ৰোমাঞ্চকৰভাৱে দেখোৱা হৈছে।” বন্দীশ বন্দিত্স”ৰ নিৰ্দেশনা আনন্দ তিৱাৰীৰ , সংগীত দিছে শংকৰ-এহসন-লয়ে।

কাৰ্ণট ইঞ্জিনৰ কথাৰে
কাৰ্ণট ইঞ্জিন

LEAVE A REPLY

Please enter your comment!
Please enter your name here