“প্ৰাঙ্গণ”ৰ চলচ্চিত্ৰ সংগ্ৰহ (৪)

মনোৰঞ্জনৰ জগতত চিনেমাৰ লগতে চিৰিজ বোৰৰ জনপ্ৰিয়তাও লেখত ল’বলগীয়া। “ফ্ৰেন্দস্”, “গেম অফ থ্ৰোন্স”, “ব্ৰেকিং বেড” ইত্যাদি চিৰিজবোৰে দৰ্শকৰ মনত বহুৱাই থৈছে সাঁচ। নেটফ্লিক্স, এমাজন প্ৰাইম, হটষ্টাৰ ইত্যাদি OTT মাধ্যমৰ আগমনৰ লগে লগে নিৰ্মাণ হৈ আছে অজস্ৰ চিৰিজ। ভাৰততো নিৰ্মাণ হ’বলৈ ধৰিছে ভালেমান উৎকৃষ্ট আৰু নিৰ্ভীক চিৰিজ। চেন্সৰ বোৰ্ডৰ ৰোষৰ পৰা মুক্ত ৱেব চিৰিজবোৰত সমাজৰ বাস্তব ঘটনাবোৰৰ নিখুঁত উপস্থাপন কৰা হয়। “প্ৰাঙ্গণ”ৰ এই সংখ্যাৰ চলচ্চিত্ৰ সংগ্ৰহত এখন চিনেমাৰ লগতে এখন ৱেব চিৰিজৰ কথা উল্লেখ কৰা হ’ল।

১। “দ্যা ট্ৰায়েল অফ দ্যা চিকাগো ৭” (The Trial of the Chicago 7)
পৰিচালক: আৰণ চৰকিণ
যোৱা ২৫ ছেপ্তেম্বৰ, ২০২০ত নেটফ্লিক্স যোগে মুক্তিলাভ কৰা “দ্যা ট্ৰায়েল অফ দ্যা চিকাগো ৭” (The Trial of the Chicago 7) সত্য ঘটনাৰ ওপৰত নিৰ্মিত এখন উৎকৃষ্ট মানৰ ছবি হিচাপে বিবেচিত হৈছে। ১৯৬৮ চনত চিকাগোত অনুষ্ঠিত হোৱা Democratic National Conventionত ভিয়েটনাম-আমেৰিকাৰ যুদ্ধৰ বিৰোধিতা কৰা “চিকাগো ছেভেন” নামৰ দলটোৱে ষড়যন্ত্ৰ ৰচা আৰু হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি কৰিবলৈ উদগনি যোগোৱা বুলি চৰকাৰে তোলা অভিযোগত চলা মোকৰ্দমাৰ কাহিনীৰ পটভূমিত ছবিখন নিৰ্মাণ কৰা হৈছে। ছবিখনৰ মূল চৰিত্ৰত চাছা বেৰত কোহেন, অস্কাৰ বঁটা বিজয়ী এদি ৰেডমেইন, এলেক্স ছাৰ্প, জেৰেমী ষ্ট্ৰং, জন কেৰল লিন্ক, নোৱাহ ৰবিন্ছ আৰু ডেনিয়েল ফ্লেহাৰটীয়ে অভিনয় কৰিছে। তাৰ ভিতৰত বেৰণ কোহেন আৰু ৰেডমেইনে নিজৰ নিখুঁত অভিনয়েৰে সকলোকে মুগ্ধ কৰিছে। ছবিখনৰ সংলাপেই হৃদয় চুই যাব পৰা আটাইতকৈ শক্তিশালী দিশ। এই বছৰৰ চাবলগীয়া ছবিত নিশ্চিতভাৱে ছবিখনে স্থান পাব।

২। “মেদ ইন হেভেন” (Made in Heaven)
পৰিচালক: নিত্যা মেহৰা, জোয়া আখতাৰ, প্ৰশান্ত নায়াৰ, অলংকৃতা শ্ৰীবাস্তব
এমাজন প্ৰাইমত মুক্তিলাভ কৰা ভাৰতীয় ৱেব চিৰিজৰ ভিতৰত “মেদ ইন হেভেন” (Made in Heaven) অন্যতম। মুখ্য চৰিত্ৰত ছোবিতা ধুলিপালা আৰু অৰ্জুন মাথুৰ অভিনীত চিৰিজখনৰ কাহিনী তাৰা আৰু কৰণ নামৰ দুগৰাকী ৱেডিং প্লেনাৰৰ (wedding planner) ব্যক্তিগত আৰু বৃত্তিগত জীৱনৰ ওপৰত আধাৰিত। প্ৰতিটো খণ্ডত তেওঁলোকে পৰিচালনা কৰা একোখন আড়ম্বৰপূৰ্ণ বিবাহৰ কাহিনীৰ লগে লগে আগবাঢ়ি যায় তেওঁলোকৰ ব্যক্তিগত জীৱনৰ সুখ-দুখ। ভদ্ৰ আৰু সম্ভ্ৰান্ত পৰিয়ালৰ অন্তৰালত লুকাই থকা সঁচা-মিছা, আবেগ-অনুভূতিৰ এক উৎকৃষ্ট নিদৰ্শন “মেদ ইন হেভেন” । চিৰিজখন চাবলৈ আৰম্ভ কৰিলে অন্তিম দৃশ্যলৈ আপোনাক আকৰ্ষিত কৰি ৰখাটো খাটাং।

LEAVE A REPLY

Please enter your comment!
Please enter your name here