“প্ৰাঙ্গণ”ৰ চলচ্চিত্ৰৰ সংগ্ৰহ

আমাৰ মাজত বহুত কমেই ওলাব যিয়ে চিনেমা চাবলৈ ভাল নাপায়। মনোৰঞ্জনৰ উৎকৃষ্ট মাধ্যমৰ ভিতৰত চিনেমা অন্যতম। ভাৰতৰ চলচ্চিত্ৰ উদ্যোগ অৰ্থাৎ বলিউড সমগ্ৰ বিশ্বতেই প্ৰসিদ্ধ। দুৰ্ভাগ্যবশতঃ , যোৱা প্ৰায় পাঁচ বছৰৰ পৰা বলিউডে সবল আৰু মৌলিক কাহিনী বাদ দি কেৱল “মছালা”ধৰ্মী চিনেমাক প্ৰশ্ৰয় দিয়াৰ অভিযোগ উত্থাপিত হৈ আহিছে। ৯২ সংখ্যক অস্কাৰ বঁটাৰ বাবে কেইবাখনো আঞ্চলিক ভাষাত নিৰ্মিত উৎকৃষ্ট ছবিক বঞ্চিত কৰি ভাৰতে “গলি বয়” (Gully Boy) চিনেমাখনক নিজৰ আনুষ্ঠানিক প্ৰৱেশ হিচাপে নিক্ষেপ কৰাক লৈ যথেষ্ট বিতৰ্কৰ সৃষ্টি হৈছিল। সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পাছত বলিউডৰ কেইবাগৰাকীও আগশাৰীৰ ব্যক্তিক স্বজনপ্ৰীতিৰ (nepotism) অভিযোগেৰে থকা-সৰকা কৰা হ’ল।
কিন্তু কেৱল বলিউডক দোষ দি দৰ্শক হিচাপে আমি আমাৰ দ্বায়িত্ব এৰাই চলাটো অনুচিত। কেৱল আগশাৰীৰ বলিউড তাৰকাৰ মুখ চাই প্ৰাধান্য দিয়াতকৈ আমি যদি কাহিনী, পৰিচালনা আৰু অভিনয়ক অগ্ৰাধিকাৰ দিওঁ, তেতিয়াহ’লে দৰ্শক হিচাপে আমি সফল হ’ম। লগতে প্ৰত্যেকখন চিনেমাই নিজৰ যোগ্যতা অনুসৰি যথোচিত গুৰুত্ব আৰু সঁহাৰি লাভ কৰিব। সেয়েহে এই শিতানত আমি সকলোৱে চাবলগীয়া চলচিত্ৰ যেন অনুভৱ কৰা দুখনকৈ চিনেমাৰ কথা উল্লেখ কৰিম।

১। 96
পৰিচালক: প্ৰেম কুমাৰ
দক্ষিণ ভাৰতৰ চলচিত্ৰ কেৱল একচনধৰ্মী আৰু গতানুগতিক বুলি আওকাণ কৰোঁ। কিন্তু দক্ষিণ ভাৰতৰ বিশেষকৈ তামিল আৰু মালায়ালম চিনেমাৰ কাহিনী আৰু ধাৰণাত যি এক পৰিবৰ্তনকামী আন্দোলন চলি আছে তাক আমি চলচিত্ৰ প্ৰেমী হিচাপে উপেক্ষা কৰাটো ভুল হ’ব।
২০১৮ চনত চি.প্ৰেম কুমাৰ নির্দেশিত ’96’ শীৰ্ষক এখন তামিল ছবিয়ে মুক্তি লাভ কৰিছিল। বিজয় সেতুপাঠী আৰু তৃষা কৃষ্ণন অভিনীত ছবিখনে সকলোকে স্কুলীয়া জীৱনৰ সুমধুৰ স্মৃতিবোৰ ৰোমন্থন কৰিবলৈ এক সুযোগ দিয়ে।
চমুকৈ কাহিনীটো এনেধৰণৰ। ৰাম এজন ফটোগ্ৰাফাৰ। তেওঁ সুদীৰ্ঘ ২২ বছৰ পাছত বিদ্যালয়ৰ ৰিউনিয়নত শৈশৱৰ প্ৰেমিকা জানকীক লগ পায়। জানকীৰ ইতিমধ্যে বিয়া হৈছে যদিও ৰাম এতিয়াও অবিবাহিত। তাৰ পিছত কাহিনীটো ৰাম আৰু জানকীৰ মাজত হোৱা কথা-বতৰা পুৰণি স্মৃতিসমূহৰ ৰোমন্থনৰ মাজেৰে আগবাঢ়ে। অতি উৎকৃষ্ট লেখনিৰে এটা অতি সাধাৰণ কাহিনী ডাঙৰ পৰ্দাত সফলতাৰে প্ৰেম কুমাৰে উপস্থাপন কৰিছে। ছবিখন পাৰিলে চাবচোন!

২। সোণচিৰিয়া
পৰিচালক: অভিষেক চৌবে
“সোণচিৰিয়া” ২০১৯ চনত মুক্তিপ্ৰাপ্ত এখন হিন্দী ছবি। অভিষেক চৌবে পৰিচালিত চিনেমাখনত অভিনয় কৰিছে মনোজ বাজপাই, সুশান্ত সিং ৰাজপুত, ভূমি পেডেনকাৰ আদিয়ে। চলচিত্ৰখনত ৭০ ৰ দশকৰ মধ্যপ্ৰদেশৰ চম্বলৰ ডকাইতৰ কাহিনী এটা উপস্থাপন কৰা হৈছে। কাহিনী, অভিনেতা সমূহৰ উৎকৃষ্ট অভিনয়ৰ লগতে অভিষেক চৌবেৰ নিৰ্দেশনা শলাগ লব লগীয়া।
সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পিছত তেখেতে অভিনয় কৰা “দিল বেচাৰা” ছবিখনে সকলোৰে হৃদয় স্পৰ্শ কৰিছে। কিন্তু তেখেতৰ উত্তম অভিনয় কলা আন কেইবাখনো কম প্ৰচলিত ছবিত ফুটি উঠিছে।

কাৰ্ণট ইঞ্জিনৰ কথাৰে
কাৰ্ণট ইঞ্জিন

LEAVE A REPLY

Please enter your comment!
Please enter your name here