“প্ৰাঙ্গণ”ৰ চলচ্চিত্ৰ সংগ্ৰহ (২)

মনোৰঞ্জনৰ শ্ৰেষ্ঠ আহিলা সমূহৰ ভিতৰত চলচ্চিত্ৰ অন্যতম। চলচ্চিত্ৰৰ বৰ্ণিল ইতিহাসৰ আৰম্ভণি ক’ত সেয়া বৰ স্পষ্ট নহয়। কিন্তু 1895 চনৰ 28 ডিচেম্বৰত পেৰিছত লুমিৰ ভাতৃদ্বয়ৰ চুটি ছবিৰ পৰিবেশনকেই চলচ্চিত্ৰৰ ইতিহাসৰ প্ৰথম মাইলৰ খুটি হিচাপে ধৰা হয়। লগে লগেই সমগ্ৰ বিশ্বত প্ৰযোজক গোষ্ঠী আৰু ষ্টুডিও স্থাপনৰ যোৱাৰ উঠিল। কালক্ৰমত চলচ্চিত্ৰত শব্দ, ৰং আৰু 3D ৰ প্ৰয়োগ ঘটিল। আজি চলচ্চিত্ৰ জগতখনত অভাৱনীয় কাৰিকৰী কৌশলৰ (virtual effects) ব্যৱহাৰে সকলোকে অভিভূত কৰি তুলিব পাৰে। কিন্তু তাৰ মাজে মাজে নিৰ্মাণ হয় একোখন মনত সাঁচ থৈ যোৱা ছবি, দৰ্শক আৰু চৰিত্ৰৰ মাজত এক আত্মিক সম্পৰ্ক গঢ়ি তোলা ছবি। আহকচোন দুখন চাবলগীয়া চলচ্চিত্ৰৰ কথা জানো —

1) দ্য ইমিটেশ্বন গেম ( The Imitation Game )

বিংশ শতিকাত পৃথিৱীত জন্ম লাভ কৰা “জিনিয়াছ” সকলৰ ভিতৰত ইংৰাজ গণিতজ্ঞ, কম্পিউটাৰ বিজ্ঞানী আৰু দাৰ্শনিক এলেন টিউৰিং (Alan Turing) অন্যতম। দ্বিতীয় বিশ্বযুদ্ধত জাৰ্মানীৰ গোপন বাৰ্তা ফাদিল কৰিব পৰা যন্ত্ৰ নিৰ্মাণ কৰি ব্ৰিটেইনৰ জয়ত এক অতি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা টিউৰিঙক কৃত্ৰিম বুদ্ধিমত্তাৰ ( Artificial Intelligence) পিতা হিচাপে অভিহিত কৰা হয়। ” দ্য ইমিটেশ্বন গেম” তেখেতৰ জীৱনভিত্তিক চলচ্চিত্ৰ। কিন্তু ছবিখন কেৱল বিজ্ঞান আৰু যুদ্ধকেন্দ্ৰিক জানো??? ছবিখন চালে পাশ্চাত্য সংস্কৃতি অতি উচ্চখাপৰ বুলি ভবা ধাৰণাক আপুনি পুনৰ এবাৰ ভাবি চাবলৈ বাধ্য হব। ছবিখনত এলান ট্যুৰিঙৰ ভূমিকাত বেনেদিক্ট কাম্বাৰবেট্ছে নিজৰ অভিনয়েৰে আপোনাক অভিভূত কৰি তোলাটো নিশ্চিত।

২। কুম্বলংগী নাইটছ্ ( Kumbalangi Nights)

প্ৰখ্যাত মালায়লম চলচ্চিত্ৰ পৰিচালক ফাজিলে ২০০২ চনত নিজৰ ১৯ বছৰীয়া পুত্ৰক নিজে নিৰ্দেশনা কৰা ছবি এখনত অভিনয়ৰ সুযোগ দিলে। ফলাফল – বাণিজ্যিক তথা সমালোচকৰ দৃষ্টিত এখন অতিকৈ বিফল ছবি। ২০০২ ৰ পৰা ২০০৯ চনলৈ সাত বছৰৰ সুদীৰ্ঘ বিৰতি আৰু তাৰ পিছত যেন ‘The rest is history’। ইয়াত উল্লেখ কৰি থকা ব্যক্তি ফাদাহ ফাজিলৰ আটাইতকৈ সমাদৃত ছবিখনেই হৈছে “কুম্বলংগী নাইটছ্”। ২০১৯ চনত মুক্তিপ্ৰাপ্ত ছবিখনৰ কাহিনীৰ পটভূমি কেৰেলাৰ ৰাজধানী কোচ্চিৰ ওচৰৰ এখন সৰু মাছমৰীয়া গাঁও কুম্বলংগী। এইখন গাঁওৰে এটা সাধাৰণ পৰিয়ালৰ চাৰিগৰাকী ভাতৃৰ মাজৰ সম্বন্ধই ছবিখনৰ মূল বিষয়বস্তু। যিমানেই সংঘাত, দ্বিমত, কাজিয়া-পেছাল নহ’লেও বিপদৰ সময়ত সহদোৰেই যে কাষত থিয় দিয়ে তাৰে সুন্দৰ আৰু বাস্তবিক উপস্থাপন “কুম্বলংগী নাইটছ্”। ফাদাহ ফাজিল প্ৰযোজিত ছবিখনৰ পৰিচালনা মধু নাৰায়ণৰ।

কাৰ্ণট ইঞ্জিনৰ কথাৰে
কাৰ্ণট ইঞ্জিন

LEAVE A REPLY

Please enter your comment!
Please enter your name here