প্ৰাংগণ…..

অৰূপজ্যোতি কাকতি

বহ্নিমান,
ভৰ বাৰিষাতে এটি সপোন দেখিলো…
সূৰ্য্য উঠা দেশত এখন চহৰ আছিল,
চহৰখনত কত যে ফুল ফুলিছিল,
ৰঙা, নীলা, কমলা, সেউজীয়া আৰু কত কি….!
সপোনৰ শেষাংশত এজাক ধুমুহা আহিল
চহৰৰ চাৰিওফালে কলা ধোঁৱাই চানি ধৰিলে
কিৰিলি আৰু মাথোঁ কিৰিলি,
ভোকৰ তাড়না
কৰ্মহীনতাৰ বেদনা
নিৰ্যাতনৰ অতিচিঞৰ
হালোৱাৰ ভাতত চকিদাৰৰ স্থবিৰ স্বাক্ষৰ।
সেয়া অশনি সংকেত আছিল
প্ৰতি সীমাত তিৰস্কাৰ, অজুহাত…!
জুই জ্বলিছে প্ৰতিবাদৰ,
প্ৰতিবাদত মুক্তিৰ পুস্তিকা
অন্ন, বস্ত্ৰ, বাসস্থান
তোমাৰ ছলনাৰ আখৰা
মুক্তিৰ একেৰাঙী মূৰ্ছনা
আমাৰ অধিকাৰ বোৰ ক’ত হেৰাই গ’ল?
শুকান নদীৰ খিৰিকী খুলি আজি সোণগুটি কোনে সিঁচিব?
“নাঙল যাৰ, মাটি তাৰ” বুলি বিষ্ণু ৰাভাই এনেই গোৱা নাই।
উদং ভঁৰাল উদং পথাৰ,
তোৰ বলতে দেশৰ ধন
তোৰ মনতে হেনো কোটিৰ জীৱন…!
গৰকি চাতুৰীৰ ৰণ
তই নৱ প্ৰভাতী
ৰৈ যোৱা পূৱৰ বেলি
আজি পশ্চিমে মৃত্যুৰ ভুমুকি
ভাটিয়ালী আবেগৰ সমন্বয়
পিঞ্জৰাত যাতনাৰ বাহৰ সাজি
অভিলাষী সপোন পখিলী।
হে সমনীয়া,
আমি নোৱাৰোঁ শিকলিৰ দৰে সাজোন
হাত-ভৰিত কাহিলি যুগুত,
আহা গঢ়ো সাঁকো সমতাৰ
জিনিব লাগিব বণিয়াৰ বান্ধোন….।।

LEAVE A REPLY

Please enter your comment!
Please enter your name here