পোষ্ট ভেলেণ্টাইন

প্ৰাঞ্জল তালুকদাৰ

বেলিটো ৰঙা কৰি পঠিয়াইছোঁ
ৰাখি থোৱা

অজ্ঞাতবাস শেষ হ’লে
দুয়ো দুয়োলৈ ঘূৰাৰ কথা

বাকী সকলো উৰাবাতৰি
নুশুনিবা

আমিয়েই
ব্ৰহ্মাণ্ডৰ অন্তিমটো প্ৰেম কাহিনী

LEAVE A REPLY

Please enter your comment!
Please enter your name here