পৰীক্ষাগাৰত সত্য কণিকা

হিমাংক কাকতি

১) আৱিস্কাৰ

বাদামৰ বাকলিটো
ভাঙি দিয়াত সৰি পৰিল
সূৰ্যাস্তৰ শলা এডাল।

ইমান দিনে
সোমাই আছিল তাত
মোৰ মস্তিষ্কৰ ৰৌদ্ৰৰাগ।

অতদিনে মই
কিবা এটা বিচাৰি আছিলোঁ।
শুকান মাটিৰ টান চপৰাত
মই শুই আছোঁ;
হঠাৎ উমান পালোঁ।

২) বিবৃতি

ৰাতিপুৱা
দেৰিকৈ সাৰ পালোঁ
বাহিৰত জাৰৰ ৰ’দ !

চোতালত পীৰা পাৰি বহিলোঁ।
গা টঙাই উঠোঁতেই
অপদাৰ্থ কণিকাবোৰ
এটা এটাকৈ সৰি গ’ল।

৩) সিদ্ধান্ত

নৈঃশব্দ
আৰু মই
মৌলিক সত্য কণা।

LEAVE A REPLY

Please enter your comment!
Please enter your name here