পানীত ডুবা জোন

চাহিদুল ইছলাম

(উৎসৰ্গাঃ-আবেদুৰ ৰহমান)

গধূলিবোৰৰ কেকুৰিয়ে কেকুৰিয়ে দুখৰ চিন
ককবকোৱা ৰাতিবোৰত হাড়ত গজি নুঠা টোপনিৰ হাহাকাৰ!

ৰাতিহ’লে প্ৰায়েই টোপনি নাহে
দুখবোৰ শিল হৈ বুকুত বহে,
পানীত ডুবা জোনে নাজানে
কিমান ডুবিলে নাৱৰীয়াই ঘাট
মানুহে ঘৰ এৰে!

ঘৰ এৰা মানুহবোৰে
বুকুৱে বুকুৱে কঢ়িয়াই ফুৰে
লানি নিচিগা বেদনাৰ সুৰ

সুৰ মানে বেসুৰ
এক সৰুগাথী পানীতো ডুবি মৰে জোন!

শেষৰাতি
ভোক আৰু দুৰ্ভোগক লৈ
বাদ বিবাদ
তাৰ পিছত সকলো এৰি যোৱা সুৰ…

মই তেতিয়া সাৰে নাই
প্ৰিয় কবি জীয়াই নাই

বুঢ়াদিয়াৰ পাৰত এজন কবিৰ চকুৱে পিতপিতায়!

3 COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here