পাঁচফোৰণ

হেমেন নাথ

‘চাৰ,আমাৰ সূত্ৰৰ পৰা খবৰ আহিছে।’

লিফ্ট তললৈ নামি আহি থাকোঁতে ৰাষ্ট্ৰপ্ৰধানগৰাকীৰ কাণত ফুচফুচাই ক’লে ব্যক্তিগত সচিবগৰাকীয়ে। ৰাষ্ট্ৰপ্ৰধানগৰাকীয়ে কোনোফালে মূৰটো নুঘুৰোৱাকৈ স্বাভাৱিকভাৱে সুধিলে- ‘কেনেকুৱা?’এইবাৰ সচিবগৰাকীয়ে হাতত থকা ডিজিটেল নোটপেডটোৰ পৰ্দাখনলৈ চাই উত্তৰ দিলে- ‘এয়া চীনৰ জৈৱ মাৰণাস্ত্ৰই হয়। আমাৰ চোৰাংচোৱাই নিশ্চিত কৰিছে। গতিকে, আপুনি ভাষণত কিবা সালসলনি কৰিব বিচাৰিব নেকি চাৰ?’

কোনো‌ উত্তৰ নিদিলে ৰাষ্ট্ৰপ্ৰধানগৰাকীয়ে। এওঁক বুজা মস্কিল। আনকি ব্যক্তিগত সচিবগৰাকীৰ বাবেও। কোন সময়ত কি ভাবি থাকে, সেয়া এওঁৰ মুখৰ ফালে চাই বুজা নাযায়। অৱশ্যে পৃথিৱীৰ শক্তিশালী ৰাষ্ট্ৰখনৰ ৰাষ্ট্ৰপ্ৰধান এনেকুৱাই হোৱা উচিত- সচিবগৰাকীয়ে বুজে সেয়া।

ইতিমধ্যে তেওঁলোকে ভূমিমহলা পালে। কঠোৰ নিৰাপত্তা বেষ্টনীৰ মাজেৰে গৈ তেওঁলোক সভাগৃহত উপস্থিত হ’ল। সাম্প্ৰতিক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত সীমিত সংখ্যক সংবাদকৰ্মীহে উপস্থিত আছে। ৰাষ্ট্ৰীপ্ৰধানগৰাকীয়ে পোনে পোনে মাইক্ৰ’ফোনৰ সমুখলৈ গ’ল।

ইতিমধ্যে সচিবে নোটপেড সমুখত ৰাখি থৈছে তেওঁৰ বাবে। তেওঁ তালৈ ভ্ৰূক্ষেপ নকৰি আৰম্ভ কৰিলে- ‘সাংবাদিক বন্ধুসকল, স্বাগতম। আমি চীনৰ কৰ্মকাণ্ডত অসন্তুষ্ট। ভীষণ অসন্তুষ্ট।….’

পিছপিনে থিয় হৈ থকা সচিবগৰাকীৰ মুখত হাঁহি। ‘সঁচাই, এখেতক বুজা মস্কিল’- মনে মনে ভাবে সচিবগৰাকীয়ে।


কালি খবৰটো পালে নিৰ্দেশকজনে।

এসপ্তাহমান আগতে তেওঁৰ নিৰ্দেশনাত সম্পূৰ্ণ হোৱা বিজ্ঞাপনটো আজি প্ৰথমবাৰ টেলিভিশ্যনৰ পৰ্দাত ওলাব। জীৱনত প্ৰথমবাৰ তেওঁ যেন বিমুখ হৈছিল এই বিজ্ঞাপনটোৰ লগত জড়িত হৈ থাকোঁতে। শ্বুটিঙৰ শেষৰ দিনটোৰ কথা ভাবিলেই তেওঁৰ চিনেমা এখন চাই থকা যেন লাগে। চেলুলয়ডৰ ৰিলবোৰ ভাঁহি উঠে মনত। শেষৰ দিনটো যেন এখন চুটি ছবি।

নায়িকা গৰাকীৰ দেহৰ ভাঁজত সূৰ্যৰ পোহৰ পৰাত পানীৰ কণিকাবোৰ জিলমিলাই উঠিছে। সেই দৃশ্য দেখি তিৰবিৰাই উঠিছে নতুনকৈ কামত যোগদান কৰা স্পটবয় কেইজনৰ চকু। কেমেৰাৰ ফ’কাচ নামি গৈছে দেহৰ ইটো ভাঁজৰ পৰা সিটো ভাঁজলৈ।

নিৰ্দেশকে কম্পিউটাৰৰ পৰ্দাত নিমিষ নমৰাকৈ চাই যায় দৃশ্যটো। কেমেৰাৰ ফ’কাচ গৈ গৈ নায়িকাগৰাকীৰ মে’কআপযুক্ত আৱেদনময়ী ওঁঠৰ ওপৰত স্থিৰ হয়, নিৰ্দেশকগৰাকীয়ে চিঞৰি দিয়ে- ‘কাট্! এক্সিলেণ্ট শ্বট, ৱণ্ডাৰফুল জব ৰাগিণী!’

তেওঁ সোঁহাতৰ বুঢ়া আঙুলিৰে বিশেষ ভঙ্গিমা নায়িকাক দেখুৱায়। শ্বুটিং চে’টৰ সকলোৱে স্বস্তিৰ নিশ্বাস এৰে। মাথোঁ বিশ ছেকেণ্ডৰ কণ্ডমৰ বিজ্ঞাপনটোৰ কেইছেকেণ্ডমানৰ এটা শ্বটৰ বাবে এবেলা পুৰা কষ্ট কৰিবলগা হ’ল সকলোৱে।

যা হওক, আজি পে’ক আপ হ’ব। এইটোৱেই বিজ্ঞাপনটোৰ শেষ শ্বট আছিল। বালিৰ পৰা উঠি আহিল একালৰ মোহময়ী পৰ্ণষ্টাৰগৰাকী। সহায়িকাগৰাকীয়ে দৌৰি আহি তেওঁৰ অৰ্ধনগ্ন দেহৰ পৰা বালিবোৰ জোঁকাৰি দিলে আৰু নাইট গাউনৰ দৰে ডাঙৰ পোছাকটো পিন্ধাই দিলে।

নায়িকাগৰাকীয়ে কোবাকুবিকৈ নিজৰ ভেনিটি ভেনলৈ বুলি আগবাঢ়িল। নিৰ্দেশকো আগবাঢ়ি আহিল ভেনখনৰ ফালে। তেওঁ নায়িকাগৰাকীক বাট আগচি মুখৰ পৰা এন নাইনটি ফাইভ মাস্কখন আঁতৰাই সুধিলে- ‘ৰাতিলৈ ডিনাৰত যাবানে মোৰ লগত? আজিতো শেষ ৰাতি ইয়াত!’

নায়িকাগৰাকীয়ে তেওঁলৈ কেৰাহীকৈ চালে। নিৰ্দেশকৰ মুখৰ পৰা আঁতৰোৱা মাস্কখনত লিখা আছিল- ‘ষ্টে’এৱে ষ্টে’চে’ফ!’


গাড়ীত বহিয়েই মন্ত্ৰীৰ সহকাৰীজনে টিভি চেনেলৰ এডিটৰ ইন চিফলৈ ফোন কৰিলে।

‘কাইলৈ প্ৰাইম এইটত কি আছে?’ – সুধি তেওঁ ওচৰতে বহি থকা মেদবহুল মন্ত্ৰীলৈ চালে।

‘দাদা ৰোগী কেইগৰাকীমানৰ ভিডিঅ ইন্টাৰভিউ হ’ব। কিবা সালসলনি কৰিম নেকি? এতিয়ালৈ এডভাৰ্টাইজ কৰা নাই আমি!’

‘ডেটচ গুড। চাৰে বেলেগ এটা ভাবিছে। এটা কাম কৰক। এটা টিম পঠিয়াওক এয়াৰপ’ৰ্টলৈ। আমি এয়াৰপ’ৰ্টলৈ গৈ আছোঁ। তাত মেডিকেল ইকুইপমেন্ট ৰিচিভ কৰি পোনে পোনে মেডিকেল কলেজলৈ যাম। তাৰপৰা নতুন কোৱাৰেন্টাইন চেন্টাৰলৈ, আবেলি দিল্লীৰ সৈতে ভিডিঅ কনফাৰেন্স আছে। এই গোটৈইখিনি কভাৰ কৰিব। সন্ধিয়ালৈ পোন্ধৰ মিনিটমানৰ এটা বাইট লৈ ল’ব চাৰৰ, অন স্পট। বি কুইক প্লিজ। ইজ ডেট ক্লিয়েৰ?’

‘হাঁ হাঁ,…..মানে কি ধৰণৰ প্ৰগ্ৰেম হ’ব?’

‘কি ধৰণৰ মানে, চাৰে কেনেকৈ অহোৰাত্ৰ পৰিশ্ৰম কৰিছে, তাৰ ওপৰত এটা …..মানে ডকুমেন্টেৰি টাইপ….’- কৈ সহকাৰীজনে মন্ত্ৰীলৈ চালে।

‘গট ইট। হ’ব দাদা।’

ৰাজধানীৰপৰা কনভয়টো বিমানবন্দৰৰ ফালে তীব্ৰগতিত আগবাঢ়িল।

সিদিনা দিনত চেনেলটোত প্ৰচাৰ হ’ল- ‘কাইলে সন্ধিয়াৰ অনুষ্ঠানত এই মহামাৰী যুজাৰুজনৰ সৈতে অন্তৰঙ্গ ….. ’


‘সন্ধিয়ালৈ কি কাৰ্যসূচী আছে আমাৰ?’- যোগগুৰুজনে তামৰ গিলাছৰ পৰা এঢোক পানী খাই লগৰজনক সুধিলে।

‘সন্ধিয়া আপোনাৰ বক্তৃতানুষ্ঠান আছে।’ -ডায়েৰীখনত চাই লগৰজনে উত্তৰ দিয়ে। উত্তৰ দি তেওঁ ডায়েৰীখনত কিবাকিবি হিচাপ চাবলৈ ধৰে। এঠাইত তেওঁৰ চকু ৰৈ যায়। তাৰপিছত একমুহূৰ্ত তেওঁ চিন্তা কৰে আৰু যোগগুৰুজনক কয়- ‘চ্যৱনপ্ৰাছৰ ডিমাণ্ড কমিছে। যোৱা বেটছত মাল ৰৈ গৈছে। আজি পাৰে যদি চ্যৱনপ্ৰাছটো মেনশ্যন কৰি দিব শ্ব’ত।’

‘ঠিক আছে, এটা বটল আনি থ’বলৈ কোৱা।’- চকু মুদি তেওঁ কয়। হঠাতে কিবা মনত পৰাত চকু মেলি কয় – ‘বেমাৰৰ‌ পৰিসংখ্যাটো মোক দিবলৈ কোৱা। ৰোগীৰ সংখ্যা, সুস্থ হোৱা আৰু মৃত্যুৰ সংখ্যা আদি।’

কোঠালিত কেমেৰা সাজু কৰি কেমেৰামেনজনে কয়- ‘বাবাজী, আৰু দহ মিনিটত আমি লাইভ হ’ম, ষ্টুডিঅ’ৰ লগত যোগাযোগত আছোঁ, আপুনি সাজু হওক।’

যোগগুৰুজনে কাৰ্যসূচীৰ আৰম্ভণি ভাষণটো মনতে জুকিয়াই লয়- ‘এই‌ বৈশ্বিক মহামাৰীৰ পৰা বাচি থকাৰ সদ্যহতে উপায় হ’ল যোগ আৰু প্ৰাণায়াম…’

**

পেনেলত সকলোকে বহুৱাই, লাইট কেমেৰা সমস্ত ঠিক কৰাৰ পিছত কন্ট্ৰলৰুমৰ পৰা কোৱা হয়- ‘অ’কে, উই উইল বি অন এয়াৰ উইদিন ফিউ মমেন্টচ।

টেন নাইন এইট ছেভেন….’

পেনেলৰ সৈতে বহি থকা এংকৰগৰাকীয়ে ‘অন এয়াৰ’ বুলি সংকেত পাই হেডফোনটো চুই আৰম্ভ কৰে- ‘প’ষ্টমৰ্টেমলৈ সমূহ দৰ্শকক স্বাগতম জনাইছোঁ। আমি ইতিমধ্যে জানিবলৈ পাইছোঁ যে বেমাৰটো এটা নিৰ্দিষ্ট অনুষ্ঠানৰ পৰাহে বেছি পৰিমাণে বিয়পিছে। সেই বিষয়ে আলোচনা কৰিবলৈ আমি আমাৰ মজিয়ালৈ আমন্ত্ৰণ জনাই আনিছোঁ চৰকাৰী মুখপাত্ৰ, বিৰোধী দলৰ নেতা, সাহিত্যিক-বুদ্ধিজীৱি, লগতে আছে কাকতৰ সম্পাদক। মই প্ৰথমে গৈছোঁ বিৰোধী দলৰ মাননীয় নেতা ডাঙৰীয়াৰ ওচৰলৈ। কওক কি মতামত আপোনাৰ?’

নেতাগৰাকীয়ে টান মাতেৰে ক’লে- ‘মই এটা কথা বুজা নাই। কিহৰ ভিত্তিত মিডিয়া আৰু চৰকাৰে নিৰ্দিষ্ট অনুষ্ঠানৰ পৰাহে বেমাৰটো বিয়পিছে বুলি গণ্য কৰিছে? ইয়াত কিহৰ সাম্প্ৰদায়িক ৰাজনীতি কৰি আছে আমি কি বুজা নাই?……’

চৰকাৰী মুখপাত্ৰজনে তেওঁক কথা সম্পূৰ্ণ কৰিবলৈ নিদি চিঞৰি উঠে- ‘কি কথা ক’বলৈ আহিছে? ইয়াত আৰু গৱেষণা কৰাৰ প্ৰয়োজন আছে নেকি? আমি সাম্প্ৰদায়িক নহয়, তথ্য জলজল পটপট হৈ আছে….’

ক্ৰমাৎ ষ্টুডিঅ’ৰ পৰিৱেশ গৰম হৈ আহে।

কন্ট্ৰলৰুমৰ সকলোৰে মুখত মিচিকি হাঁহি। তেওঁলোক অভ্যস্ত এনেধৰণৰ অৰ্থহীন অথচ ভাল টিআৰপি পোৱা তৰ্কাতৰ্কিৰ লগত।


মাটিদাইলখিনি ধুই থাকোঁতে বিক্ষিপ্ত চিন্তাই সৌমিতাৰ মনটো চুই থাকিল।

এয়া দুপৰীয়াৰ সাঁজৰ প্ৰস্তুতি। ৰান্ধি থকাৰ মাজে মাজে টিভি চাই থকাৰ সুবিধাকণ তাইৰ আছে। বে’ডৰুম আৰু পাগঘৰৰ মাজত অকমানি পাৰ্টিচনখনহে। চলি থকা টিভিত ৰাষ্ট্ৰীয় চেনেল এটাত শক্তিশালী দেশখনৰ ৰাষ্ট্ৰপ্ৰধানৰ ভাষণ বাজিছে। ততাতৈয়াকৈ তাই টিভিৰ সমুখ পালে, মাটিদাইল চৰিয়াতে থাকিল।

‘…আমি চীনৰ কৰ্মকাণ্ডত অসন্তুষ্ট। ভীষণ অসন্তুষ্ট। তেওঁলোকে শেষ মুহূৰ্ত্তলৈকে কৈ আছিল যে ই মহামাৰী নহয়, মানুহৰ পৰা মানুহলৈ নিবিয়পে।… আনহাতে আজিৰ তাৰিখলৈ চীনে কৈছে যে এয়া জৈৱ মাৰণাস্ত্ৰ নহয়। কিন্তু আমাৰ হাতত থকা শেহতীয়া তথ্য অনুসৰি এয়া নিশ্চিত কৰা হৈছে যে এয়া তেওঁলোকৰ পৰীক্ষাগাৰতে তৈয়াৰী। এতিয়াও সময় আছে, তেওঁলোকে নিজৰ ভুল স্বীকাৰ কৰক। অন্যথা আমিও বহি নাথাকিম…।’ – ভাষণটো প’জ কৰি যুৱতী এংকৰগৰাকী ওলাল, আৰু অভাৱনীয়ভাবে খৰখৰকৈ কৈ গ’ল- ‘এয়া হ’ল ৰাষ্ট্ৰপ্ৰধানগৰাকীৰ হুংকাৰ। অথচ তেওঁলোকে মহামাৰীৰ লগত মোকাবিলা কৰিবলৈ সমগ্ৰ সামগ্ৰী চীনৰ পৰাই ক্ৰয় কৰিব বুলি আমি জানিবলৈ পাইছোঁ। ইয়াকে কয়, নিন্দে য’ত ভুঞ্জে ত’ত!’

বিজ্ঞাপন ওলাল টিভিৰ পৰ্দাত।

সৌমিতা আকৌ মাটিদাইল পৰ্বলৈ উভতি আহিল।

‘প্যাৰ কি ৰাহ’মে’….মে ’ন উইল বি মে’ন…’বিজ্ঞাপনৰ শব্দবোৰ তাইৰ কাণত পৰি থাকিল।

মাটিদাইলখিনি ধুই কুকাৰত দি ঢাকোন লগাই তাই গেছত তুলি দিলে। ভলিউম কমাই চেনেল সলাবলৈ লওঁতেই অইন বিজ্ঞাপন এটা আহিল।

সাগৰৰ পাৰত ভাৰতীয় মূলৰ পৰ্ণষ্টাৰ এগৰাকী- দেহত নামমাত্ৰ পোছাক।

‘কেতিয়াবা সাগৰৰ তীৰত, কেতিয়াবা নিৰ্জন দ্বীপত- তুমি মোৰ সদায়েই কাষত। ষ্ট্ৰবেৰী, পাইনাপল, ভেনিলা- পাঁচোটা ফ্লে’ভাৰতে তুমি মোক সন্তুষ্ট কৰা!’ শেষত টেগলাইনটো আহিল- ‘প্ৰেমসূত্ৰ কণ্ডম- ঘৰতে থাকক- সুৰক্ষিত থাকক।’

সৌমিতাৰ হাঁহি উঠিল- ঘৰতে থকাৰ উপায় পাঁচটা ফ্লে’ভাৰৰ কণ্ডম??

চেনেল সলালে তাই।

প্ৰান্তীয় চেনেলটোত কাইলৈ সন্ধিয়া প্ৰচাৰ হ’বলগা কাৰ্যসূচী এটাৰ ট্ৰেইলাৰ চলিছে।

‘এতিয়া যদি তেওঁ বিমানবন্দৰত, পিছমুহূৰ্তত হাস্পতালত, তাৰপিছতে কোৱাৰেন্টাইন চেন্টাৰত । অহোৰাত্ৰ তেওঁ ব্যস্ত মহামাৰী প্ৰতিহত কৰাত। কেনেদৰে চলিছে তেওঁৰ দিনলিপি? সন্ধিয়াৰ অনুষ্ঠানত এই মহামাৰী যুজাৰুজনৰ সৈতে অন্তৰঙ্গ … ’

কুকাৰৰ হুইছেল বাজিল।

সৌমিতা গেছৰ ওচৰ পালে। পুৰণি কুকাৰটোৰ হুইছেলেৰে কেতিয়াবা খাদ্যবস্তু ওলাই যায়, পিছে আজি নহ’ল তেনে।

আকৌ টিভিৰ ৰিম’টত তাইৰ আঙুলিৰ চাপ। ভক্তি চেনেল এটাত প্ৰখ্যাত যোগগুৰু এজনে আশ্ৰমৰ পৰা পোনপটীয়া সম্প্ৰচাৰত যোগ শিকাই আছে।

‘…এয়া গোমুখাসন। এইকেইটা আসন আৰু ব্যায়াম নিতৌ কৰিলে আপোনাৰ ৰোগ-প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পাব। যিহেতু এই বৈশ্বিক মহামাৰীৰ কোনো প্ৰতিষেধক ওলোৱা নাই, সকলোৱে যাতে যোগ-ব্যায়াম কৰে; লগতে আমাৰ শেহতীয়া গৱেষণালব্ধ চ্যৱনপ্ৰাছ সেৱন কৰক…।’

আচৰিত হয় সৌমিতা।

চাৰভাইভেল অৱ দ্য ফিটেষ্ট! সকলো ঠিকেই চলি আছে, এই দুৰ্যোগৰ দিনতো! তাইৰ বিক্ষিপ্ত মনটোৰ বাদে।

দ্বিতীয়টো হুইছেল বাজিল। কুকাৰটো নমাই ঢাকনিৰ ওপৰত পানী ঢালি দিলে, প্ৰেছাৰ লগে লগে ওলাই গ’ল। বেছি সিজি যাতে নাযায়, তাৰবাবে এই ব্যৱস্থা।

একেবাৰে কেৰাহীটো জুইত বহাই দিলে, লোৰ কেৰাহী গৰম হওতে সময় ল’ব। চেনেল সলাওতে টক শ্ব’এটাত থমকিল সৌমিতা। আলোচনাৰ নামত দুৰ্বাদল কাজিয়া। টিভিৰ পৰ্দাত চৰকাৰৰ মুখপাত্ৰ, বিৰোধী দলৰ এজন, এজন বুদ্ধিজীৱী, কাকতৰ সম্পাদক এজন।

তেওঁলোকক তেনেকৈ এৰি আহি‌ তেল দিলে কেৰাহীত। গোটেইকেইজনৰ চিঞৰে কাণত বিন্ধি থাকিল তাইৰ। কুটি থোৱা পিয়াজখিনি তেলত দি আকৌ টিভিৰ ওচৰ পালে। এটা নিৰ্দিষ্ট অনুষ্ঠানৰ পৰাহে হেনো বেমাৰটো গোটেই দেশত বিয়পিল- এয়াই শ্ব’টোৰ বিতৰ্কৰ বিষয়বস্তু।

তথাকথিত বুদ্ধিজীৱীজন খৰ্গহস্ত, সম্পাদকজন নীৰৱ, চৰকাৰৰ মুখপাত্ৰজনৰ চকুত জুই, বিৰোধীজন সৰৱ। এখন থ্ৰিলাৰ! ইতিমধ্যে পিয়াজ ৰঙা হৈছিল। সৌমিতাই পাঁচফোৰণ দিলে। তাইৰ মনত ক্ৰিয়া কৰি থাকিল উন্নত দেশখনৰ পৰস্পৰবিৰোধী কাৰবাৰ, কণ্ডমৰ টেগলাইন, মহামাৰীৰ যুজাৰুজনৰ দিনলিপি, যোগগুৰুৰ চ্যৱনপ্ৰাছ আৰু টক শ্ব’ৰ লেতেৰা বোকাই।

দালিখিনি তাই ঢালি দিলে কেৰাহীত। দালিৰ ফুৰফুৰীয়া গোন্ধত সৌমিতাৰ মনৰ চিন্তাৰেখাবোৰ ক্ৰমাৎ অস্পষ্ট হৈ অদৃশ্য হৈ গ’ল।

LEAVE A REPLY

Please enter your comment!
Please enter your name here