অপ্ৰাসংগিক

এন হক (জান)

ৰৌদ্ৰোস্নাতা পুৱাৰ পিঠিত সপোনবোৰ গজি উঠিছিল
নিয়মীয়া প্ৰতিশ্ৰুতিৰ বৰষুণত তিতি-বুৰি সপোনবোৰ
কঁপালত লেপি দিছিল অপ্ৰত্যাশিত বুৰঞ্জী।

সাম্প্ৰদায়িকতাৰ দেওলম্ভা বিপন্ন ৰাতিৰ গানৰ সুহুৰিৰ
ছন্দ,, লয়, তানত বাজিছে
ক’লা ছাৰ বিপন্ন জাতিৰ দুখৰ ৰাগ
চৌদিশে জীৱন মায়াৰ কৰুণ হাবিয়াস
পিটনিত পৰি ৰয়
বুকুৰ উলাহ ।

বজাৰত জুইৰ শোভাযাত্ৰা
আলুবোৰ আপেল, পিয়াজ আঙুৰ হ’ল । জলকীয়াৰ জুইত
উদৰৰ ভোক পুৰি ছাই হয় । বন্ধন বেংকৰ কিস্তি শুজোতে
ফাঁচীৰ ৰচীত ওলমে কৃষকৰ ডিঙি
বেপাৰীৰ বাঢ়ি যোৱা পেটলৈ চাই
বেঙুনীয়া নোটবোৰ ৰাজকীয় পকেটত খৰমৰায় ।

চতুৰ্থ স্তম্ভৰ মগজুত বোলে ঘাঁ হৈছে
কবিৰাজৰ দুবৰিবনৰ লেপ দি উশাহ টানে
বনৰজাৰ চিকেনফ্ৰাইৰ জুতিত উচুপনিৰ স্থিৰ চিত্ৰৰে
ব্ৰেকিং নিউজৰ ঢংকা বজায়
ৰাজসভাত মোগল খেদাৰ ৰণৰ হুংকাৰত
টিভিৰ পৰ্দাত মেল বহে
মেলত আলী আৰু শৰ্মাৰ তুমুল যোদ্ধ ।

উন্নয়নশীল ফটা ঢোলৰ ছেৱে ছেৱে
নৰকংকাল হাঁহে , নাচে , গায়
গণতন্ত্ৰৰ সাঙী বান্ধি চিতামূখী মাৰাথানত
হাত উজান দিয়ে এপাচি স্বাৰ্থ
ভুলুকা বাঁহৰ আগলিত জীৱন লৈ
জ্বলাই দিয়ে অপ্ৰসাংগিক জুই
জুইত জাহ যায় নিজৰেই ঘৰ ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here