অণুগল্প

হেমেন নাথ

দৰদাম

লাগেজৰ সৈতে ঘৈণীয়েকক ৰ’বলৈ কৈ তুষাৰে টেক্সি ড্ৰাইভাৰজনৰ ওচৰলৈ গৈ সুধিলে- ‘কোৱা, কিমান দিম?’
তেওঁ লাহেকৈ সুধিলে, কাৰণ তেওঁৰ দৰদাম কৰা স্বভাৱটো ঘৈণীয়েকে পছন্দ নকৰে।
ড্ৰাইভাৰজনে সুন্দৰ হাঁহি এটা মাৰি উত্তৰ দিলে- ‘ছশ টকা দিয়ক চাৰ।’
তুষাৰৰ মগজ গৰম হৈ গ’ল, চিঞৰিব খুজিও নিজকে চম্ভালি ক’লে তেওঁ- ‘এইকণ ৰাস্তাত ছশ টকা?’
ড্ৰাইভাৰজনে নিৰ্বিকাৰভাৱে উত্তৰ দিলে- ‘সিদিনা অইন এগৰাকী মেডামৰ লগত আহোঁতেতো দুশটকা এক্সট্ৰা টিপ দিছিল চাৰ? মনত পৰিছেনে?

নিগনি দৌৰ

‘…ডক্তৰ: তিনিকোটি, ইঞ্জিনিয়াৰ: দুই কোটি বিশ লাখ…’
ফৰ্মখন লৈ বিবুদ্ধিত পৰিল প্ৰাণময়।
কোনটোত টিকমাৰ্ক দিব! লেবাৰ ৰুমত অৰ্ধচেতন হৈ থকা ঘৈণীয়েকক এবাৰ সুধি ল’ব লাগিছিলনেকি!
প্ৰাণময়হঁতে পঢ়ি থকা দিনত এনে নাছিল কথাবোৰ। হায়াৰ চেকেণ্ডেৰীৰ পিছত এন্ট্ৰেন্স, তাৰপিছত য’ত চিট পায় পঢ়িব, সম্পূৰ্ণ মাক-বাপেকৰ তত্বাৱধানত। কিন্তু এয়া কি?
তেওঁ এজেন্টজনক সুধি পেলালে: ‘দুদিনমান বেবিটোক ৰাখোঁ নেকি আমি লগতে?….’
‘কি কৈছে মিষ্টাৰ প্ৰাণময়, দুদিনমান ৰাখোঁতে ডিজায়াৰড এনভায়ৰনমেণ্ট নাপাব, তেতিয়া আপুনি ডক্তৰ বেলেগ কথা, কেৰাণীও বনাব নোৱাৰিব সন্তানক। ইউ ন’ ইট, এনভায়ৰনমেণ্টৰ ইম্পৰটেন্স কিমান! ড’ণ্ট ৱৰি, আমি নিতৌ ভিডিঅ কলৰ ব্যৱস্থা কৰিম। লওক, চাইন কৰক।’
ফৰ্মখনৰ ‘ডক্তৰ’ত টিকমাৰ্ক দি প্ৰাণময়ে যন্ত্ৰৱৎ বাকীবোৰো পূৰ কৰে। এজেণ্টজনে অহৰহ বকি থাকে: ‘কংগ্ৰেটছ, চৌবিছ বছৰ পিছত আপোনাৰ সন্তানক ডক্টৰ কৰি আপোনাক গতাম!’
এজেণ্টজনৰ নিৰ্দেশত প্ৰাণময়হঁতৰ সদ্যোজাত সন্তানটোক লেবাৰ ৰুমৰ পৰা নি “গ্লোবেল ড্ৰিমস্কুল”ৰ ভেনত ভৰোৱা হয়।
একেবাৰে তলত প্ৰাণময়ে চহী কৰে- প্ৰাণময় চৌধুৰী, তাৰিখ: সাতাইশ-তিনি-দুহেজাৰ সাতচল্লিছ, স্থান: মডাৰ্ণ মেটাৰনিটি হস্পিটেল।

ভাৰ

আন্ধাৰতে ভীম বাহাদুৰে লংকেৰ অস্পষ্ট প্ৰফাইলটোলৈ চাই সুধিলে- ‘কি সুধিছিলি?’
‘আপোনাৰ বোপায়ে যে প্লাষ্টিক ইঞ্জিনিয়াৰিং পঢ়িছিল, আমাৰ পোনাকনেও তাৰে এন্ট্ৰেন্স দিব খুজিছে এইবাৰ। দিবলৈ দিওঁনে কি?’

‘এহ নালাগে দে।’- উত্তৰটো দি অজানিতে তেওঁ নিজৰ কুৰ্ত্তাৰ জেপটো চুই চালে।
পুতেকৰ ঠিকনাৰ পৰা ‘আনডেলিভাৰড’ হৈ উভতি অহা তৃতীয়খন চিঠি দুপৰীয়া ডাকোৱালে দি গৈছিল, এতিয়া জেপটো গধূৰ লাগি আছে

LEAVE A REPLY

Please enter your comment!
Please enter your name here