অলিম্পিকত কবিতা

দীপাংকৰ কৌশিক

‘Ode au sport’ ( অ’ড টু স্পৰ্ট) – এটা কবিতা। লিখিছিল জৰ্জেছ হোৰ’ড আৰু এম এছবখে। সেয়া আছিল কবিগৰাকীৰ ছদ্মনাম । ১৯১২ চনৰ ষ্টকহম অলিম্পিকত এই কবিতাটোৰ বাবে কবিগৰাকীয়ে লাভ কৰিছিল স্বৰ্ণ পদক। অবিশ্বাস্য যেন লাগিলেও সঁচা যে ১৯১২ চনৰ পৰা ১৯৪৮ চনলৈ অলিম্পিকত ৫ টা শিতান সামৰি কলা প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল। সংগীত , সাহিত্য, পেইণ্টিং, স্থাপত্য আৰু ভাস্কৰ্য – ক্ৰীড়াৰ অনুপ্ৰেৰণাত সৃষ্টিমূলক কৰ্মৰাজিৰ বাবে এই শিতানকেইটাত বিজয়ীসকললৈ পদক আগবঢ়োৱা হৈছিল। অলিম্পিক আন্দোলনৰ অভিন্ন অংশ আছিল এই প্ৰতিযোগিতাসমূহ।

পীয়েৰ ডি কুবাৰ্টিন

“অ’ড টু স্পৰ্ট” কবিতাটো ছদ্মনামত লিখি সাহিত্য শাখাত স্বৰ্ণ পদক জয়ী ব্যক্তিগৰাকী আছিল আধুনিক অলিম্পিকৰ জন্মদাতা পীয়েৰ ডি কুবাৰ্টিন । উল্লেখ্য যে অলিম্পিকৰ ইতিহাসত এনে দুগৰাকী ব্যক্তিও আছে যিয়ে এথলেটিকছত পদক অৰ্জনৰ লগতে  কলা প্ৰতিযোগিতাতো সফলতা লাভ কৰিছিল। ইয়াৰে এগৰাকী হৈছে হাংগেৰীৰ সাঁতোৰবিদ, ফুটবলাৰ এলফ্ৰেড হাজোছ( Alfred Hajos) । ১৮৯৬ চনৰ এথেন্সত অনুষ্ঠিত আধুনিক অলিম্পিকৰ প্ৰথম সংস্কৰণত হাজোছে ১০০ মিটাৰ আৰু ১২০০ মিটাৰ ফ্ৰীষ্টাইল সাঁতোৰত লাভ কৰিছিল স্বৰ্ণ পদক। ১৯২৪ চনৰ পেৰিছ অলিম্পিকত তেওঁ ( স্থাপত্য শাখাত) আৰ্ট প্ৰতিযোগিতাত যোগ দিয়ে। ১৯০৮ চনৰ গ্ৰীষ্ম অলিম্পিকত টেনিছত অংশ লোৱা নিজ দেশৰে এজছো লুবেৰৰ সৈতে ষ্টেডিয়াম নিৰ্মাণৰ যি আৰ্হি প্ৰস্তুত কৰিছিল তাৰ বাবে তেওঁ সেই প্ৰতিযোগিতাত ৰূপৰ পদক অৰ্জন কৰিছিল। কলা প্ৰতিযোগিতা আৰু ক্ৰীড়া দুয়োটাতে অলিম্পিক পদক বিজয়ী আনগৰাকী হৈছে আমেৰিকাৰ ৱাল্টাৰ ডব্লিউ উইনানছ। ১৯০৮ চনৰ লণ্ডন অলিম্পিকত তেওঁ ৰানিং ডিয়েৰ ( ডবল শ্বট ) প্ৰতিযোগিতাত স্বৰ্ণ পদক অৰ্জন কৰাৰ লগতে ১৯১২ চনৰ অলিম্পিকত সেই ইভেণ্টৰে দলীয় শাখাত ৰূপৰ পদক লাভ কৰিছিল। ১৯১২ চনৰে ষ্টকহম অলিম্পিকতে উইনানছে ‘ An American Trotter’ ৰ বাবে ভাস্কৰ্য শাখাত স্বৰ্ণ পদক জয় কৰিছিল। ইয়াৰ উপৰি দহখন গ্ৰন্থও লিখিছিল এইগৰাকী অলিম্পিয়ানে। আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সমিতিৰ সভাপতি পদত কাৰ্যনিৰ্বাহ কৰা আমেৰিকাৰ এভেৰী ব্ৰুণ্ডেজেও ১৯১২ চনৰ অলিম্পিকত এথলীটৰূপে প্ৰতিদ্বন্দিতা কৰিছিল। ১৯৩২ আৰু ১৯৩৬ চনত তেওঁ অলিম্পিকৰ সাহিত্য প্ৰতিযোগিতাত যোগদান কৰিছিল। পদক লাভ কৰা নাছিল অৱশ্যে তেওঁ। ১৯৫২ চনৰ পৰা ১৯৭১ চনলৈ তেওঁ আই অ’ চি(IOC) ৰ সভাপতি পদত নিযুক্ত আছিল । ১৯৪৮ চনৰ পিছত অলিম্পিকত এই কলা প্ৰতিযোগিতা বন্ধ কৰি দিয়া হয়। ইয়াৰ এটা বিশেষ কাৰণ আছিল – শিল্পীসকলক পেছাদাৰীৰূপে বিবেচনা কৰা হৈছিল আৰু তেতিয়া অলিম্পিকৰ এথলীটসকল এমেচাৰ অৰ্থাৎ অপেচাদাৰী হোৱাটো নিয়ম আছিল। ১৯৫৬ চনৰ অলিম্পিকত সাংস্কৃতিক অনুষ্ঠানটোৰ ‘ দ্য গ্ৰেটেষ্ট শ্ব’ অন দ্য আৰ্থ’ ত সংযোজন ঘটোৱা হয়।

SPONSORED

2 COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here