নপামৰ বাছ

প্ৰাণকৃষ্ণ বৰগোহাঞি

প্ৰথমে বুকুত যে কিবা এটা চিৰিংকৈ মাৰিলে, দীপাংকৰে সেয়া গম পোৱাৰ পাছতে অনুভৱ কৰিলে ভৰিৰ তলৰপৰা উজাই অহা তেজৰ সুঁতিৰ কাৰণে কাণ দুখন গৰম হৈ ৰঙা পৰিছে। থিয়ৰীৰ শেষৰটো ক্লাছ কৰি সি ততাতৈয়াকৈ ভাত খাইছিল, তাৰ কেইবাটাও বস্তু কিনিবলগীয়া আছে, গতিকে বাছ নাপালে আকৌ টেম্প’লৈ ৰৈ থকাটো তেনেই অকল্পনীয়। বিশ্ববিদ্যালয়ৰ বাছখনৰ নিৰ্দিষ্ট সময়সূচী আছে, সেইখনত যিটো সময় লিখা থাকে আৰু যিটো ৰাস্তায়েদি যোৱাৰ কথা লিখা থাকে, তাৰ অকণো হীন দেঢ়ি ঘটা সি দেখাও নাই, শুনাও নাই। শুক্ৰবাৰৰ ক্লাছকেইটাত মন দিয়াৰ ধৈৰ্য সাধাৰণতে তাৰ নাথাকে, কেৱল তাৰেই নহয়, প্ৰায়খিনি ল’ৰা ছোৱালীৰেই সেই একেই অৱস্থা। সেইদিনা সপ্তাহটোৰ শেষৰটো দিন, গতিকে আগন্তুক দুটা দিনৰ নিশ্চিত বন্ধৰ আগৰাতি কেম্পাছৰ গোটেইকেইটা হোষ্টেললৈ মায়াৱী ঢৌ একোটাই সকলোকে চুই থৈ যায়। অৱশ্যে তাৰ মাজতে কিছুমান সোঁতৰ বিপৰীতে যোৱা ছাত্ৰ নথকাও নহয়, সিহঁতৰ কাৰণে বিশ্ববিদ্যালয়খনত চিনাকি ঠাই এখনেই – কেন্দ্ৰীয় গ্ৰন্থাগাৰ। দিন নাই, ৰাতি নাই, উৎসৱ পাৰ্বণ একো নাই, সিহঁত তাতেই থাকে। দীপাংকৰৰ কাৰণে গ্ৰন্থাগাৰটো বহুত ভাললগা বস্তুৰ ভিতৰত অন্যতম, ইমান বিশাল ঘৰ এটাত গণি শেষ কৰিব নোৱাৰা কিতাপৰ মাজত এনেই সোমাই থাকিয়েই কিবা এটা ভাল লাগে তাৰ। আগতেও ঘৰৰ আলমাৰী এটা কিতাপেৰে ঠাহ খাই আছিল, আৰু সৰুতে কেতিয়াবা দেওবাৰে একো কাম নাথাকিলে সি সেই কিতাপখিনি জাপিছিল, কেতিয়াবা বিষয় অনুসাৰে, নতুবা একেজন লেখকৰ কেইবাখনো কিতাপ থাকিলে এটা চেল্ফ তেওঁৰ নামত উচৰ্গা কৰা, কিতাপৰ ক্ৰমিক নং দিয়া—আৰু মাজে মাজে সেই কামখিনি কৰি থাকোতে যদি নেদেখা কিতাপ এখন পোৱা যায়, তেন্তে সেইখনৰ অলপ সোৱাদ লৈ চোৱা—এইবোৰ আছিল তাৰ প্ৰিয় কাম। পিছে বিশ্ববিদ্যালয়খনৰ গ্ৰন্থাগাৰটোৰ কিতাপৰ ভিতৰত বেছিভাগেই পাঠ্যক্ৰমৰ অন্তৰ্গত কিতাপ, বাহিৰা কিতাপ বুলিবলৈ তেনেই নগণ্য। গতিকে সিও পাঠ্যক্ৰমৰ কিতাপ বিছাৰিয়ে তালৈ গৈছে, কেতিয়াবা হোষ্টেলৰ ৰুমত পঢ়িবলৈ মন নগ’লে তালৈকে গৈও পঢ়িছে। কিন্তু সেইবুলি শুক্ৰবাৰৰ দিনা অহা সেই মায়াৱী ঢৌৰ সোৱাদ সিও লভিছে, সেইনিশা পাঠ্যক্ৰম বাদ দি মনত পাগুলি থকা কামবোৰ যেনে ঘৰৰ পৰা লৈ অনা গল্পৰ কিতাপখন, তাৰ প্ৰিয় ঔপন্যাসিকৰ কেইবাবাৰো পঢ়া উপন্যাস খনকে আকৌ এবাৰ পঢ়িবলৈ উলিয়াই লৈছে।

ক্লাছটো কৰিয়েই সি খৰধৰকৈ হোষ্টেললৈ আহিছিল, ভাত খোৱাৰ উপৰি বাছ ষ্টেণ্ডটোলৈ যাবলৈ তাক প্ৰায় বিশ মিনিটমান সময়েই লাগিব। লগৰ সীমান্তক সি লগ ধৰিব নেকি বুলি বহুতবাৰ ভাবিও তাক সি লগ নধৰিলে একমাত্ৰ এটা কাৰণেই — তাক অলপ অকলশৰীয়াকৈয়ো সময় লাগে। অকলে ঘুৰি ফুৰাটো যিমান তাৰ পছন্দ, সিমানে পছন্দ ক’ৰবাৰ নিৰ্জন ঠাইত বহি বাৰেবিংকৰা কথা ভাবি থাকিবলৈ। বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ আৱাসৰ সন্মুখৰ ‘নিৰিবিলি’ত বহিবলৈ ঠাই নথকা নহয়, কিন্তু অকলে তাত বহি থাকিবলৈ তাৰ লাজ লাগে। নিৰিবিলিত বহি থকা বেছিভাগ ল’ৰাৰ কাষতে সিহঁতৰ মনৰ পছন্দৰ লগ থাকে, নিৰিবিলিৰ চিনাকিয়ে সেয়া হৈ পৰিছে। গতিকে তাত যদি সি অকলেও বহি থাকে, এনেকুৱা লাগে যেন সি কাৰবালে অপেক্ষা কৰিহে তাত বহি থকা বুলি ভাবি কোনোবাই সি শুনাকৈ জোকাই থৈ যাব, অথচ কোনে ক’লে বুলি সি ঘূৰি চাবলৈও সাহস কৰিব নোৱাৰিব। গতিকে অকলশৰীয়াকৈ বহিবলৈ, অথবা অলপ সময় কটাবলৈ ঠাই বিচৰা আৰু সময় উলিওৱা, দুটাই কঠিন হৈ পৰে। গতিকে আজি বস্তুকেইপদ কিনি সি যাব অগ্নিগড়লৈ, তাৰপিছত গণেশ ঘাটত কিছুসময় অকলে বহিব। তাৰপাছত ৰাতি থকা শেষৰখন বাছতহে সি উভতি আহিব।

কিন্তু বাছলৈ বুলি যাওঁতেই তাৰ অলপ সময় দেৰি হৈয়েই গ’ল আৰু সেই অলপসময়ৰ কাৰণে সি বহিবলৈ ছীট এটা পোৱাৰ পৰা বঞ্চিত হ’ল। তেনেকৈয়ে আৰু কেইবাটাও ল’ৰা-ছোৱালীয়ে তাৰ দৰেই ছীটৰ মাজৰ খালী ঠাইটুকুৰাত থিয় হৈ আহিবলগীয়া হ’ল। গতিকে তেজপুৰ এএছটিচি বাছষ্টেণ্ড পায়েই সি খৰধৰকৈ নামি বজাৰকেইটা কৰি ল’লে। নমাৰ সময়তেই সি দেখিছিল ইউনিভাৰ্ছিটিলৈ ঘূৰি যাবলগীয়া গধূলিৰ বাছখনো ৰৈয়ে আছে। সি বাছৰ সময় চালে, আৰু আধাঘণ্টা মাত্ৰ সময়। হঠাতে সি ঠিক কৰিলে বজাৰ কেইটা কৰিয়ে সি ঘূৰি আহিব, আৰু তাৰ গণেশ ঘাটলৈ যোৱা নহ’ব। বজাৰকেইটা কৰি আহিয়েই আগতীয়াকৈ আহি গাড়ীৰ ছীট এটা ল’ব আৰু প্ৰস্ৰাৱ কৰিব লাগিলেও সি নামি নাযায়, একেবাৰে বিশ্ববিদ্যালয়ত নমাৰ পাছতহে কৰিব —সি মনে মনে ভাবিলে। আহোতে থিয় হৈ অহাৰ কাৰণে তাৰ এনেই সৰু সৰুকৈ খং এটা উঠিয়ে আছিল, তাতে তাৰ এনেকুৱা লাগি আছিল যেন বাকী বহি অহা সব এনেই এনেই টাউনলৈ আহিছে, তাৰ দৰে কামত অহা কেইটামানৰ ছীটবোৰ বন্দী কৰি এনেই কষ্ট দিছে।

বজাৰ কৰি ঘূৰি আহে মানে সি ভবাৰ দৰেই বাছখনত ল’ৰা ছোৱালীবোৰে ছীটত হয় বেগটো, নহ’লে ৰুমালখন নহয় কিবা খোৱাবস্তুৰ পেকেট থৈ দিছে। হঠাতে আকৌ খংটো তাৰ উঠি আহিব লৈছিল, প্ৰথম ছীটকেইটাই যদি খালী নাই পাছলে ক’ত পাব। ছীট বিছাৰি বিছাৰি সি আগুৱাই গৈ থাকিল আৰু ভিতৰলৈ অলপ সোমাই গৈ দেখা পালে নিজৰাক। তাইক দেখা পাই আকৌ এবাৰ ছোৱালীজনী নিজৰা হয় নে নহয় বুলি চিধাকৈ চাবলৈকো সি বৰ অপ্ৰস্তুত হৈ পৰিল, আনকি খালী ছীট আছে নে নাই বুলি চাবলৈ যাবলৈও তাৰ বৰ কিবা অনুভৱ হ’ল। নিজৰাই নিজৰ বেগটো তাইৰ কাষৰ ছীটটোত থৈ খিৰিকীখন খুলিবলৈ চেষ্টা কৰি আছিল। এটা সময়ত যুঁজি যুঁজি লাগি ধৰা বাছৰ খিৰিকীখন তাই খুলি ল’লে আৰু তাৰপাছত লগতে লাগি থকা ছীটটোৰ পৰা বেগটো লৈ অলপ স্বাভাৱিক হৈ বহি সন্মুখলৈ চাওঁতেই দীপাংকৰক দেখা পালে।

সেইসময়তে দীপাংকৰেও ছীট বিছৰাৰ চলেৰে মনে মনে ছোৱালীজনী নিজৰা হয় নে নহয় বুলি চুৰকৈ চকুটো তাইৰ ফালে ঘূৰাইছিল আৰু একেসময়তে চকুত চকু পৰাত তাৰ বুকুখন চিৰিং কৰি গ’ল। তাৰ কাণ দুখনো কিবা গৰম হৈ গ’ল, সি ধৰা পৰি গ’ল।

সি কেতিয়াও কল্পনাই কৰা নাছিল যে নিজৰা আৰু সি যে একেখন বিশ্ববিদ্যালয়তে পঢ়ি আছে। স্কুল এৰাৰ পাছৰে পৰা সিহঁতৰ ৰাস্তা দুটা সলনি হৈ গ’ল, আৰু তেনেদৰে সলনি হৈ গ’ল খবৰ লোৱা মাধ্যমবোৰ। অৱশ্যে আগতেও যে সিহঁতৰ সঘন খবৰ লোৱা হৈছিল, সেয়া ক’লেও মিছা কোৱাহে হ’ব। তাতে নিজৰা আছিল ছোৱালী হাইস্কুলৰ আৰু সি পঢ়া স্কুলখন আছিল নিজৰাহঁতৰ স্কুলৰ পৰা প্ৰায় দুই কিল’মিটাৰ দূৰ। গতিকে সিহঁতৰ দেখা হৈছিল তেনেই কাচিৎ। কেতিয়াবা দীপাংকৰে স্কুলৰ ছুটীৰ পাছত তাৰ ঘৰলৈ যাব পৰা দুটা ৰাস্তাৰ মাজৰ পৰা দীঘলীয়া ৰাস্তাটো বাছি লৈছিল আৰু সেইদিনাই যদি নিজৰাও বিপৰীত দিশৰ পৰা খোজকাঢ়ি লগৰ কেইজনীৰ লগত আহি থাকিছিল, তেন্তে সিহঁত দুটাই ইটোৱে সিটোক পাৰ হৈ যাওঁতে সি মনে মনে তাইলৈ চাই পঠিয়াইছিল। আৰু ভুলতেও সি আহি থকা ৰাস্তাটোৰ ফালে তাই যদি অলপ চাইছিলেও, তেন্তে তাই তাক অলপ হ’লেও দেখিছিল নে নাই, এইবোৰ ভাবি ভাবি সি পাছৰ সমগ্ৰ আবেলিৰ সময়কণ উছৰ্গা কৰিছিল।
পিছত স্কুলৰ ডাঙৰ শ্ৰেণী পোৱাৰ পিছত সি য’ত ইংৰাজীৰ টিউচন ল’লে, তাতে নিজৰাও টিউচন কৰিবলৈ আহিল। লেডীবাৰ্ড এখন লৈ অহা নিজৰাক সি মাতিম বুলি ভাবে, কিন্তু প্ৰত্যেকবাৰেই সাহস গোটাব নোৱাৰে। ক্লাছত কেতিয়াবা লিখি থকাৰ মাজতে আঁৰ চকুৰে সি তাইক লক্ষ্য কৰে। তাইৰ মুখখনত যেন কিবা এক প্ৰশান্তিয়ে অনবৰতে বিৰাজ কৰি থাকে।
বাছখন যোৱাৰ সময় হৈছিলগৈ, গতিকে বেলেগ ল’ৰা ছোৱালীবোৰেও বাছৰ ভিতৰলৈ আহিবলৈ ওথপথপ লগাইছিল। গতিকে সি নিজৰাৰ কাষৰ ছীটটোতে বহি ললেগৈ। কিনি অনা বস্তু তেনেকৈ নাছিল, গতিকে সেইকেইটা কোচতে লৈ সি চাওঁ নাচাওঁকৈ এবাৰ তাইলৈ চালে। তাইৰ ইমান কাষত বহাৰ সৌভাগ্য তাৰ কোনোদিনেই হোৱা নাছিল। মাত্ৰ এবাৰ ইয়াতকৈ অলপ দূৰে দূৰে তাইৰ কাষে কাষে সি চাইকেল চলাই গৈছিল। বহুত ভাবি চিন্তি তাৰ লগৰ সৌৰভে এশবাৰমান “একো নহয় যা, খাই নেপেলায়” এনেকৈ কোৱাৰ পাছত সি তাইৰ ওচৰলৈ গৈছিল। আৰু ঠিক মুখস্থ কৰাৰ দৰে খৰধৰকৈ তাইৰ ফালে চাই সি কৈছিল যে তাইক তাৰ বেলেগবোৰতকৈ বেছি ভাল লাগে, আৰু সেয়া কি কাৰণে সি একেবাৰেই নাজানে। যদি এনেকৈ কোৱাৰ কাৰণে তাই তাক বেয়াও পাইছে বা অসুবিধা পাইছে, তেন্তে তাক যেন তাই মাফ কৰি দিয়ে।

কথাখিনি কোৱাৰ আগতে সি চাইকেল চলাই গৈ তেনেকৈ তাইৰ ওচৰত ৰোৱাৰ কাৰণে নিজৰাই উচপ খাই কোননো আহি ৰ’লহি বুলি তালৈ চাইছিল, আৰু সি কথাখিনি কৈ থকাৰ সময়ত তাই মুখখন ঘূৰাই আনি চাইকেলৰ আগচকাৰ আগৰ ৰাস্তাকণ চাই গৈ আছিল।

কথাকেইটা কৈয়ে উশাহ চোশাহ বন্ধ কৰি সি জোৰেৰে চাইকেল খন চলাই তাইৰ ওচৰৰ পৰা গুচি আহিছিল, ঘৰলৈ সদায় যোৱা চুটি ৰাস্তাটোও সেইদিনা বহুত দীঘল দীঘল যেন লাগি গৈছিল।

সেইদিনাৰ কেইদিনমান পাছতেই সিহঁতৰ টিউছনো শেষ হৈছিল, স্কুল এৰিবৰ সময় হোৱাৰ কাৰণে পৰীক্ষাৰ কাৰণে পঢ়াত জোৰ দিবলগীয়া হৈছিল। তাৰপাছত তেনেকৈয়ে স্কুল পাছ কৰি কলেজ বেলেগ হৈ পৰিল, দুয়োটাৰ ৰাস্তা বেলেগ হৈ পৰিল। সি কোনোদিনাই গম নাপালে সেইদিনাৰ পাছত নিজৰাই আচলতে তাক ভাবিলে কি?

বাছখন চলাৰ লগে লগে খিৰিকীখনেদি ফেৰফৰীয়া বতাহ সোমাই আহিল। টাউনত খোজ কাঢ়ি ঘূৰি ঘূৰি তাইৰ কাহিল অৱস্থা, তাতে কিবাধৰণৰ উকমুকণি এটা অনুভৱ হৈ থকাৰ কাৰণে এছাটি বতাহৰ প্ৰয়োজন অনুভৱ হৈছিল। গতিকে আহিয়ে খিৰিকীৰ কাষৰ ছীট এটা বিছাৰি লৈছিল। কিন্ত তাই সপোনতো ভবা নাছিল এনেদৰে কেতিয়াবা আকৌ এবাৰ দীপাংকৰক লগ পাই যাব। আচলতে কিমান যে দিন পাৰ হৈ গ’ল, সিহঁতে একেখন ঠাইৰ হৈও লগ পোৱা হোৱা নাছিল। তাতে দুয়োটাৰ স্কুল একেখন হোৱা হলেও ছাগৈ সিহঁতৰ মাজত ইমানখিনি দূৰত্ব নাথাকিল হয়। সেইকাৰণে কেতিয়াবা কাৰবাক ‘দীপাংকৰে এতিয়া ক’ত কি পঢ়ি আছে’ বুলি সুধিবলৈ, তাৰ খবৰ কৰিবলৈও তাইৰ কোনো উপায় নাছিল। তাতে তেনেদৰে তাৰ খবৰ যদি সুধিবলৈ যায়, কোনে বা কি ভাবিব পাৰে, তাৰ কাৰণেও নিজৰা যথেষ্ট সাৱধান। বাপেক নথকা ঘৰৰ ছোৱালী তাই। মাকৰ কষ্ট তাই দেখি আহিছে, কিমান কষ্টেৰে তেওঁ তাইক, তাইৰ বায়েক দুজনীক ডাঙৰ দীঘল কৰি পঢ়া শুনা কৰাইছে। আৰু তাই যদি ভালদৰে পঢ়া শুনা নকৰি এইবোৰ ধেমালি কৰি থকা বুলি ঘৰত গম পাবলৈ হয়, মাকে টানকৈ একো এষাৰি নকলেও তাই বুজি পায় তেওঁ মনত কিমান দুখ পাব—নাই নাই, তাই সেইবোৰ কোনো কাৰণতেই হ’বলৈ দিব নোৱাৰে। মাক-বায়েকৰ কিবা দুখ দিব পৰা কোনো কামেই তাই কৰিব নোৱাৰে। কিন্তু দীপাংকৰৰ কাৰণে তাই নিজেও বাৰু অলপ দুৰ্বল নেকি? দীপাংকৰে যে সেইদিনা টিউচনৰ পৰা আহি থাকোতে তেনেকৈ কৈছিল, তাইৰ ঘৰলৈ আহি কাক কি কওঁ, কি নকওঁ এনেকুৱা লাগি গৈছিল। সি প্ৰায়ে তাইক যে লক্ষ্য কৰি থাকে, সেয়া তাই জানে, অথচ সি কোনোদিনেই তাইক নামাতে কাৰণেই তাইৰো মতাৰ সাহস নহয়। তাতে তেনেকৈ বেলেগ স্কুলৰ ল’ৰা এটাক মাতিবলৈ একো কাৰণ তায়ো বিচাৰি নাপাইছিল যে সেই চলতে বেলেগ কথা পতাৰ সুবিধাও লভিব। ইংৰাজীৰ টিউচনৰ শেষৰ ফালে তাৰ লগৰবোৰে যে তাক তাইৰ নাম লৈ জোকাই হাৰাশাস্তি কৰিছিল, সেয়া তাই নজনা নহয়। কিন্তু তাক আগভাগ ধৰি মাতি দিলে জানোছা তাই ভবাৰ দৰে কথাবোৰ নহয়, তেনেকুৱা এটা সৰু ভয়ৰ কাৰণেও তাই একো ভাবিব পৰা নাছিল।

তাই কাষতে বহি থকা দীপাংকৰক কি কম ভাবি নেপালে। ইমান দিনৰ পাছত যে এনেকৈ একেখন বিশ্ববিদ্যালয়ে সিহঁত দুটাক লগ পোৱাই দিব সেয়া সপোনৰো অগোচৰ আছিল।

“তুমি, মানে..তুমি ইয়াতে পঢ়ি আছা নেকি?”

বাছখনে ইতিমধ্যে আহি আহি চাৰিআলি এটা পাইছিলহি। এএছটিচি ষ্টেণ্ডৰ পৰা আহি ইমানখিনি পালেহি, কিন্তু এটাইও ইটোৱে সিটোক মাতিবলৈ একো সুবিধা বিছাৰি পোৱা নাছিল। চাৰিআলিটো পাৰ হৈ সিহঁতৰ বিশ্ববিদ্যালয়লৈ যোৱা পথটোলৈ সোমাবলৈ লওঁতে ৰাস্তাৰ যান-জঁটৰ কাৰণে বাছখন কিছু ৰ’বলগীয়া হ’ল, সেইসময়তে দীপাংকৰে বাহিৰলৈ চোৱাৰ চলেৰে তাইলে চাওঁতে তাইকো তাৰফালে চোৱা দেখি হঠাতে তাৰ মুখৰ পৰা সুধিম সুধিম বুলি ভাবি থকা কথাষাৰ ওলাই গ’ল।
নিজৰাই যিমান পাৰি সিমানখিনি নিজকে সংযম কৰিবলৈ চেষ্টা কৰিলে। সি মতাৰ লগে লগে তাইৰ এনেকুৱা লাগিল ইমানদিনৰ কথাবোৰ সকলো পাতি পেলাব, অযুত প্ৰশ্নৰ আগ্নেয়গিৰি এটাই অনবৰতে খুন্দিয়াই থকা মনটো শাত পেলাব, কিন্তু কিবা এটাই তাইকো যেন বান্ধি ৰাখিছে। তাইৰ মন গৈছিল– “কোনটো হোষ্টেলৰ তুমি? একেখন ঠাইতে থাকি যে আমি এটাইও গম পোৱা নাই কি আচৰিত নহয় নে? আমি কিমান দিনৰ মূৰত যে লগ পাইছোঁ। সদায় তোমাৰ খবৰ কাৰোবাক সুধিম বুলি ভাবোঁ কিন্তু কাক সুধিম ভাবি নাপাওঁ, আৰু আজি যে কি ভাগ্যৰ বলত লগ পাই গ’লোঁ। তোমাৰ বাৰু আগৰ কথাবোৰ মনত পৰেনে? তুমি মোক পাহৰা নাই মানে নহয়?”

আৰু তাৰপাছত তাইৰ মুখৰ পৰা যেনেতেনে ওলাল, “অ তুমিও ইয়াতে ন?”

দীপাংকৰেও “উ ইয়াতে” বুলি কৈ আৰু কি বুলি সুধিব, কি ক’ব— ভাবি নেপালে। কথাষাৰ সুধি তাইক সি অস্বস্তিত পেলোৱা যেনহে তাৰ বোধ হ’ল। অথচ বাৰে বাৰে তাৰ অনুভৱ হৈছে যে সিহঁত দুয়োটাই যেন কথা পাতিব লাগে, তাৰ নিজৰে বহুত কথা তাইক ইমানদিনে ক’বলৈ থাকি গ’ল। ইমানদিনে বাৰু তাক তাইৰ মনত আছেনে সঁচাকৈ? নে একেলগে ইংৰাজী টিউচন কৰা ল’ৰা এটা বুলি মনত ৰাখি থৈছে? নে ইমানদিনে বেলেগ কোনোবাৰ যাদুকৰী হিয়াৰ জালত নিজকে বিলীন কৰি দীপাংকৰ নামৰ কোনোবা সত্ত্বা এটাক কেতিয়াবাই জলাঞ্জলি দিলে আৰু সেইকাৰণে আজি তাই তাক চিনি পোৱা নাই? নে চিনি নোপোৱাৰ ভাও ধৰি তাক তাইৰ পৰা আঁতৰাই ৰাখিছে?

নিজৰাক যদি তেতিয়াই কোনোবাই প্ৰশ্ন কৰিলেহেতেন যে সুখ কি, দ্বিধাহীনভাৱে অকণো পলম নকৰি তাই এই মুহূৰ্তটোলৈকে আঙুলিয়াই দিলেহেতেন। ইমানদিনৰ পাছত এনেকৈ যে তাক তাই লগ পাই যাব, সেইকথা ভাবি তাই তাক দেখাৰ পৰাই ইমানেই ৰোমাঞ্চিত হৈ আছে যে তাই কি কৰি দিছে, নিজেই ধৰিব পৰা নাই, মুখ ফুটাই তাক কিবা এটা কবলৈও কিবা এক অনুকম্পনে তাইক শিহৰিত কৰি ৰাখিছে। মাজতে তাই এবাৰ বেগটোকে কোলাত ঠিক কৰি ল’লে, আকৌ খিৰিকীখনকে এবাৰ পিছলৈ টানি ল’লে, তাৰপাছত আকৌ এবাৰ আগলৈ টানি আনিলে- মুঠৰ ওপৰত তাই কি কৰি আছে নিজেই বুজি পোৱাত ব্যৰ্থ হ’ল। সকলোতে কিবা এক চঞ্চলতাই শাসন কৰি থাকিল, তাই যেন কেৱল আখৰে আখৰে নিৰ্দেশ পালন কৰা বাধ্য দাসীহে মাথোঁ। মাত্ৰ মনে মনে তাই ভাবি থাকিল কেনেবাকৈ হলেও যেন এই সময়খিনি কেতিয়াও শেষ হৈ নাযাওক।
কিন্তু তাইক হতাশ কৰি বাছখন বিশ্ববিদ্যালয়ৰ মুখ্য গেইটেদি সোমোৱাৰ পাছত ৰখোৱাৰ সময়তে দীপাংকৰে ইমান সময়ৰ সিহঁতৰ মাজৰ নীৰৱতা ভংগ কৰি কৈ উঠিল “তুমি ছাগৈ ‘এছেঞ্চিয়েল’ত নামিবা, হোষ্টেলৰ ওচৰ নহ’ব জানো? মই ইয়াতে নামিম, কিবা অলপ ল’বলৈ আছে” তাইক একো কবলৈ সুবিধা নিদি সি বহি থকাৰ পৰা উঠি ল’লে। নিজৰাৰ হঠাতে বেয়া লাগি গ’ল—ইমান সময়ে সি বহি থকাৰ সুখৰ সময়খিনি নস্যাৎ কৰি হঠাতে সি উঠি যাবলৈ লোৱাৰ কথাটোৱে তাইক সাময়িকভাৱে দুখ লগাই দিলে। সি ইতিমধ্যে গেইটৰ ওচৰত বাছৰ পৰা নামিবলগীয়া ল’ৰা ছোৱালীখিনিৰ শাৰীটোত থিয় হৈছিলগৈ।

“দীপাংকৰ”

ইমান সময়ে একো কথা নোকোৱাৰ বাবে মাতটো উলিয়াবলৈ তাইৰ অলপ কষ্ট হ’ল- তাৰ নামটো শুনি সি তাইলৈ থিয় হৈ থকা শাৰীৰ পৰাই ঘুৰি চালে। হৃদয়ৰ সমস্ত আকুলতাখিনি মনৰ বাসনাৰ সৈতে লগ হৈ একধৰণৰ অদ্ভূত জিলিঙণি তাইৰ চকুত দৃশ্যমান হৈ উঠিছিল—আস, কি যে অপূৰ্ব সৌন্দৰ্য—সেইখিনি দেখি দীপাংকৰে নিজেও তাইৰ চকুলৈ চাই থাকিবলৈ বাধ্য হৈ পৰিল। নিজৰাই সেই স্থিৰ দৃষ্টিৰে তাৰ চকুলৈ চাই থাকিল; বহুতপৰ—চকুৰ পলক নপৰালৈকে।
তাৰপাছত পুনৰ তাইৰ ডিঙিৰ পৰা ওলাও নোলাওকৈ এষাৰি মাত ওলাই আহিল “আমি আকৌ লগ পাম”

প্ৰকৃততে দীপাংকৰেও এনেয়েহে বাছৰ পৰা নামি দিছিল। তাৰ কোনোপধ্যেই তাইৰ কাষৰ পৰা আঁতৰি অহাৰ মন নাছিল। কিন্তু ইমানদেৰি থকাৰ পাছতো একো কথা নপতাৰ কাৰণে তাৰ এনেকুৱা লাগিছিল যেন তাৰ কাৰণে তাই কিবা অসুবিধাই পালে নেকি? সেইবাবেই বাৰেবিংকৰা কথা কিছুমান ভাবি লৈ সি ঠিক কৰিলে, আজিয়েই তাৰ তাইৰ লগত বিশ্ববিদ্যালয়ত প্ৰথম আৰু শেষ দেখা হ’ব। যদি তাই তাক এতিয়াও সহজভাৱে ল’বই পৰা নাই তেন্তে সি তাইক কোনো কাৰণতে পুনৰবাৰ অসুবিধা দিবলৈ নিবিচাৰিব।

কিন্তু শেষত তাই তেনেদৰে তাক যে মাতিব সি কল্পনাই কৰা নাছিল। তাইৰ দুচকুয়ে বহুত কিবা কিবি ক’ব খুজিছিল, অথচ সিহে যেন আওকাণ কৰি গুচি অহাৰ দৰে হ’ল। বাছৰ পৰা নমাৰ পাছত বাৰে বাৰে তাৰ সেই চকুযুৰিলৈ মনত পৰি থাকিল। সি বাৰু আকৌ বাছলৈ ঘূৰি যায় নেকি? কিন্তু তেনেকৈ উভটি গ’লে সি যে মিছা মাতিলে, সেয়া জানো ওলাই নপৰিব? নালাগে থাকক, সি আকৌ তাইক লগ ধৰিব, এইবাৰ কোনো ভয় নকৰাকৈ, লাজ নকৰাকৈ কেৱল সকলোবোৰ কথা খুলি ক’বৰ বাবেই লগ ধৰিব। যিবোৰ কথা কম কম বুলি থাকি গ’ল, যিবোৰ কথা হয়তো ভালদৰে কেতিয়াও কোৱা নহ’ল।

কিছু সময়ৰ পাছত নিজৰাও বাছৰ পৰা নামিল, লাহে লাহে নিজৰ হোষ্টেললৈ সোমাই গ’ল। কেতিয়া ৰাস্তা পাৰ হৈ, হোষ্টেলৰ গেইট পাৰ হৈ নিজৰ ৰূম পালেগৈ, সেয়া তাই গম নাপালে। কিন্তু জ্ঞান ঘূৰাই পোৱাৰ পাছত তাইৰ এটা কথাই মনত থাকিল- তাই তাক লগ কৰিব, তাৰ লগত সময় কটাব, কথা পাতিব। কোনেও আমনি কৰিব নোৱাৰাকৈ—সকলো কথা।

7 COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here