ন’মেডলেণ্ড(Nomadland) : গ’ল্ডেন লায়নৰ পৰা অস্কাৰলৈ

চলচ্চিত্ৰ জগতৰ অত্যন্ত সন্মানীয় ভেনিচ চলচ্চিত্ৰ মহোৎসৱ (Venice Film Festival) হৈছে বিশ্বৰ আটাইতকৈ পুৰণি চলচ্চিত্ৰ মহোৎসৱ। এই মহোৎসৱত বৰ্তমানলৈকে গ’ল্ডেন লায়ন (Golden Lion) বঁটা লাভ কৰা আটাইবোৰ ছবিৰ ভিতৰত কেৱল মাত্ৰ তিনিখন ছবিয়েহে শ্ৰেষ্ঠ ছবিৰ অস্কাৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। ছবি তিনিখন হ’ল- শ্বেইকছপীয়েৰৰ বিখ্যাত নাটক হেমলেটৰ আধাৰত নিৰ্মাণ হোৱা আৰু ল’ৰেন্স অলিভিয়াৰে (Laurence Olivier) পৰিচালনা কৰা “হেমলেট” (১৯৪৮), গুইলাৰম’ ডেল ট’ৰ’ৰ (Guillermo del Toro) পৰিচালনাত নিৰ্মিত “দ্য শ্বে’প অৱ ৱাটাৰ” (২০১৭) আৰু ক্লোৱে ঝাওৰ পৰিচালনাত নিৰ্মিত ন’মেডলেণ্ড (২০২০)। এই তালিকাৰ তৃতীয় খন ছবি ন’মেডলেণ্ডৰ (Nomadland) কথাৰেই এই লেখা।

আমেৰিকান সাংবাদিক জেছিকা ব্ৰুডাৰৰ (Jessica Bruder) ২০১৭ চনত প্ৰকাশ পোৱা অকাহিনীমূলক (Non-fiction) গ্ৰন্থ “Nomadland: Surviving America in the Twenty-First Century”-ৰ আধাৰত ন’মেডলেণ্ড নিৰ্মাণ কৰা হৈছে। অৰ্থনৈতিক স্তব্ধতাই কঢ়িয়াই অনা আৰ্থিক অনাটনৰ বাবে নিজ ইচ্ছা অনুসৰি ঘৰ এৰি প্ৰকৃতিৰ মাজলৈ ওলাই অহা এচাম আমেৰিকান মানুহৰ জীৱন সংগ্ৰামৰ কথা ব্ৰুডাৰে গ্ৰন্থখনত লিপিবদ্ধ কৰিছিল। গ্ৰন্থখন প্ৰকাশ পোৱা বছৰটোতে পিটাৰ স্পীয়েৰ্ছ (Peter Spears) আৰু ফ্ৰান্সিছ মেকডৰমাণ্ডে (Frances McDormand) ছবি নিৰ্মাণৰ উদ্দেশ্যে গ্ৰন্থখনৰ স্বত্বটো ক্ৰয় কৰে। একেটা বছৰতে ট’ৰ’ণ্ট’ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত চীনা পৰিচালক ক্লোৱে ঝাওৰ (Chloe Zhao) দ্বিতীয়খন পূৰ্ণদৈৰ্ঘ্যৰ ছবি “দ্য ৰাইদাৰ” উপভোগ কৰি মেকডৰমাণ্ডে ব্ৰুডাৰৰ গ্ৰন্থৰ আধাৰত নিৰ্মাণ হ’বলগীয়া ছবিখনৰ চিত্ৰনাট্য আৰু পৰিচালনাৰ বাবে ঝাওৰ কাষ চপাৰ সিদ্ধান্ত লয়। দুই প্ৰযোজক মেকডৰমাণ্ড আৰু স্পীয়েৰ্ছৰ সেই প্ৰস্তাৱত ক্লোৱে ঝাওৱেও সন্মতি প্ৰদান কৰে আৰু তেনেদৰেই ন’মেডলেণ্ড হৈ পৰে ঝাওৰ পৰিচালনাত নিৰ্মাণ হ’ব লগা তৃতীয়খন পূৰ্ণদৈৰ্ঘ্যৰ ছবি।

ফাৰ্ন (Fern) নামৰ এগৰাকী বিধৱা মহিলাক কেন্দ্ৰ কৰি ছবিখনৰ কাহিনীটো আগবাঢ়ে। এম্পায়াৰ নামৰ ঠাইত ফাৰ্নে নিজ স্বামীৰ সৈতে বাস কৰিছিল। স্বামীৰ মৃত্যু হোৱাত আৰু ফাৰ্নে কাম কৰা জিপছামৰ কাৰখানাও বন্ধ হৈ যোৱাত নিজৰ প্ৰায় সকলো সামগ্ৰী বিক্ৰী কৰি ফাৰ্নে এখন ভানকে সাৰথি কৰি এক অনিশ্চিত ভৱিষ্যতৰ মুখামুখি হোৱাৰ উদ্দেশ্য আগবাঢ়ে। যি ঠাইত কাম পায় সেই ঠাইত কিছুদিন অতিবাহিত কৰাৰ পাছত পুনৰ অন্য কামৰ সন্ধানত ব্ৰতী হয়। এইদৰে যাযাবৰী জীৱন যাপন কৰোঁতে ফাৰ্নে বহুতো অচিনাকি যাযাবৰ লোকৰ সান্নিধ্য লাভ কৰে আৰু সেই অচিনাকি লোকসকৰ লগত অতি কম সময়তে ফাৰ্নৰ এক আত্মিক সম্পৰ্ক গঢ় লৈ উঠে। ফাৰ্নৰ দৰে একোখন ভানকে সাৰথি কৰি কামৰ সন্ধানত দিহিঙে-দিপাঙে ঘূৰি ফুৰি জীৱন নিৰ্বাহ কৰা, নিজৰ জীৱন ধাৰণৰ প্ৰণালীক লৈ কোনো আক্ষেপ নথকা সেইসকল যাযাবৰৰ লগত ফাৰ্নৰ জীৱন সংগ্ৰাম কেনেদৰে আগবাঢ়ে সেয়া উপলব্ধি কৰিবলৈ আপুনি চাব লাগিব ক্লোৱে ঝাওৰ এই অনবদ্য চিনেকৰ্ম- “ন’মেডলেণ্ড”।

ওপৰত ছবিখনৰ সম্পূৰ্ণ কাহিনীটোৰ ধাৰণা দিয়াৰ পৰা বিৰত থাকি কেৱল এক পৰিচয়মূলক ধাৰণাহে দিয়া হৈছে। ছবিখন ভালদৰে চালে এটা কথা উপলব্ধি কৰিব পৰা যায় যে- মূল কাহিনীৰ সমান্তৰালকৈ নেপথ্যত অৰ্থনৈতিক স্তব্ধতাই কঢ়িয়াই অনা আৰ্থিক সংকটৰ অন্য এক কাহিনীও অনবৰতে গতিশীল অৱস্থাত থাকে। ছবিখনৰ এটা দৃশ্যত এগৰাকী কিশোৰীয়ে ফাৰ্নক প্ৰশ্ন কৰে- My mom says that you’re homeless. Is that true? উত্তৰত ফাৰ্নে এনেদৰে কয়- No, I’m not homeless. I’m just houseless. Not the same thing, right? এই দৃশ্যটোৰ জৰিয়তে নিৰ্মাতাই দিব বিচৰা বাৰ্তাটো এনেধৰণৰ হ’ব পাৰে- “এখন ভানকে সাৰথি কৰি তাকেই বসতিস্থল হিচাপে ব্যৱহাৰ কৰি যাযাবৰ জীৱন কটাই থকা এই লোকসকল যে পৰিয়ালবিহীন তেনে নহয়; তেওঁলোকে মাথোঁ স্ব-ইচ্ছাৰে প্ৰকৃতিৰ লগত একাত্ম হৈ জীয়াই থকাৰ উদ্দেশ্যেহে গতানুগতিক জীৱন ধাৰণৰ শৈলী পৰিত্যাগ কৰিছে। যিকোনো ঠাইতে যিকোনো কাম কৰি নিজৰ ক্ষুদ্ৰ প্ৰয়োজনখিনিহে পূৰণ কৰিব লগা এই জীৱন শৈলীয়ে তেওঁলোকক অৰ্থনৈতিকভাৱে কিছু স্বাধীনতা প্ৰদান কৰে।” ছবিখনৰ শেষৰফালৰ এটা আৱেগিক দৃশ্যত ফাৰ্নৰ ভগ্নীয়ে সোধে- Why don’t you move in with us? প্ৰশ্নোত্তৰত ফাৰ্নে কয়- I can’t live here. I can’t live in this room. I can’t sleep in this bed. Thank you, but I can’t… এই দৃশ্যটোত কেন্দ্ৰীয় চৰিত্ৰ ফাৰ্নৰ পৰম্পৰাগত সমাজ ব্যৱস্থা আৰু গতানুগতিক জীৱন শৈলীৰ প্ৰতি থকা চূড়ান্ত অনীহাৰ কথাই ফুটি উঠিছে।

জেছিকা ব্ৰুডাৰৰ গ্ৰন্থখনৰ কেন্দ্ৰবিন্দু হ’ল লিণ্ডা মে’ (Linda May) নামৰ এগৰাকী ষাঠি ঊৰ্ধ্বৰ যাযাবৰ মহিলা। এই গ্ৰন্থৰ আধাৰত চিত্ৰনাট্য ৰচনা কৰিলেও কেন্দ্ৰীয় চৰিত্ৰ ফাৰ্ন এটা কাল্পনিক চৰিত্ৰ। পৰম্পৰাগত সমাজ ব্যৱস্থা, গতানুগতিক বস্তুবাদী জীৱন শৈলীৰ সৈতে কেন্দ্ৰীয় চৰিত্ৰ ফাৰ্নৰ এক উদ্দেশ্যপ্ৰণোদিত বিচ্ছিন্নতাবাদৰ সৃষ্টি কৰি ক্লোৱে ঝাওৱে ব্ৰুডাৰৰ অকাহিনীমূলক গ্ৰন্থখনক কাহিনীৰ ৰূপ দিছে। কাহিনী মূলতঃ ফাৰ্নৰ যাযাবৰী জীৱন, যাযাবৰ সংগীসকলৰ মানৱীয় চিন্তা-ধাৰা, আশা-প্ৰত্যাশা, জীয়াই থকাৰ দুৰ্বাৰ হেঁপাহক লৈ আগবাঢ়িলেও কোনো কোনো ঠাইত নিৰ্মাতাই কিছু ছাব-প্লটৰো বিকাশ ঘটাইছে। কিন্তু এইবিলাক ছবিখনৰ মূল বিষয়বস্তুৰ পৰা বিচ্ছিন্ন নহয়। উদাহৰণস্বৰূপে- যাযাবৰ সংগী ডেভৰ (Dave) সৈতে ফাৰ্নৰ গঢ় লৈ উঠা আৱেগিক সম্পৰ্কৰ পৰিসমাপ্তি নিৰ্মাতাই দৰ্শকে আশা কৰিব পৰা ধৰণেৰে কৰা নাই। মূল কাহিনী যিহেতু যাযাবৰ লোকসকলৰ জীৱন সংগ্ৰামৰ লগতহে জড়িত; সেয়ে এই সম্পৰ্কৰ কথাটো এনেদৰে সমাপ্ত কৰিছে, যাতে ইয়াৰ দ্বাৰা ফাৰ্নৰ নিজৰ জীৱন ধাৰণ শৈলীৰ প্ৰতি থকা তাড়না আৰু মুক্ত হৈ থাকিব বিচৰাৰ হেঁপাহৰ কথাহে প্ৰতিফলিত হয়। চিনেমেট’গ্ৰাফীৰ দায়িত্বত থকা জ’ছোৱা জেমছ ৰিচাৰ্ডছে (Joshua James Richards) লোৱা ৱাইড শ্বটবোৰ পৰিচালক ক্লোৱে ঝাওৱে দক্ষতাৰে সম্পাদনা কৰিছে। ছবিত দৃশ্যমান হোৱা সুসম্পাদিত সেই প্ৰকৃতিৰ নৈসৰ্গিক সৌন্দৰ্যৰ দৃশ্যৰ জৰিয়তে পৰিচালক ঝাওৱে ছবিখনৰ সকলো মূহুৰ্ততে সেই লোকসকলৰ প্ৰকৃতিৰ প্ৰতি থকা দুৰ্বলতা বা প্ৰেমৰ কথাকেই দৰ্শকক সোঁৱৰাই থকাৰ প্ৰয়াস কৰিছে বুলি ক’ব পৰা যায়। ন’মেডলেণ্ডৰ লগতে ২০২১ চনৰ অস্কাৰৰ শ্ৰেষ্ঠ ছবিৰ বাবে মনোনীত হোৱা “দ্য ফাডাৰ”ৰ দৰে জটিল ছবিত অপেৰা সংগীতৰ সময়োপযোগী ব্যৱহাৰেৰে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা ইটালীৰ পিয়ানোবাদক লুড’ভিক’ ইনাউদি (Ludovico Einaudi) ন’মেডলেণ্ডৰ লগতো জড়িত হৈ আছিল যদিও তেখেতে ঝাওৰ এই বিচক্ষণ চিনেমেটিক শুশ্ৰূষাত বিশেষ প্ৰভাৱ বিস্তাৰ কৰিব পাৰিলে বুলি আমাৰ অনুভৱ নহ’ল।

ন’মেডলেণ্ডৰ মুখ্য চৰিত্ৰ ফাৰ্নত অভিনয় কৰিছে ছবিখনৰ প্ৰযোজক তথা বিশ্ব চলচ্চিত্ৰৰ এগৰাকী শক্তিশালী অভিনেত্ৰী ফ্ৰান্সিছ মেকডৰমাণ্ডে। মেকডৰমাণ্ডৰ শক্তিশালী অভিনয়ৰ বিষয়ে বিশিষ্ট চলচ্চিত্ৰ সমালোচক পিটাৰ ব্ৰেডশ্বাউৱে (Peter Bradshaw) দ্য গাৰ্ডিয়েনত এনেদৰে লিখিছে- “This quiet, self-effacing performance may be the best of her career so far.” ন’মেডলেণ্ডৰ মুখ্য চৰিত্ৰত কৰা এই বিচক্ষণ অভিনয়ৰ বাবে ২০২১ চনৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ অস্কাৰ বঁটা লাভ কৰে মেকডৰমাণ্ডে। ব্ৰুডাৰৰ গ্ৰন্থৰ কেন্দ্ৰীয় চৰিত্ৰ তথা এগৰাকী প্ৰকৃতাৰ্থত যাযাবৰ লিণ্ডা মে’য়েও ছবিখনত অভিনয় কৰিছে। ছবিখনত অভিনয় কৰা আনকেইজন সঁচা যাযাবৰ হ’ল- বব ৱেলছ (Bob Wells) আৰু ছোৱেংকী (Swankie)। চলচ্চিত্ৰ জগতৰ কেৱল মাত্ৰ দুখন চিনাকি মুখেহে ঝাওৰ এই ছবিখনত অভিনয় কৰিছে। তেওঁলোক হ’ল- ফ্ৰান্সিছ মেকডৰমাণ্ড আৰু ডেভৰ চৰিত্ৰত আমেৰিকান অভিনেতা ডেভিদ ষ্ট্ৰাথেইৰন (David Strathairn)। অভিনয়ৰ জগতত প্ৰতিষ্ঠিত কেৱল মাত্ৰ দুজন ব্যক্তিক লৈ নিৰ্মিত ন’মেডলেণ্ডক অসাধাৰণ চিনেমেটিক দক্ষতাৰে পৰিচালনা কৰি ক্লোৱে ঝাওৱে আঁজুৰি আনে ২০২১ চনৰ শ্ৰেষ্ঠ পৰিচালকৰ অস্কাৰ বঁটা। এই শিতানত শ্ৰেষ্ঠ বিবেচিত হোৱা ঝাও হ’ল‌ দ্বিতীয়গৰাকী মহিলা। ২০২০ চনৰ ভেনিচ চলচ্চিত্ৰ মহোৎসৱৰ গ’ল্ডেন লায়নৰ পৰা ২০২১ চনৰ অস্কাৰৰ শ্ৰেষ্ঠ ছবিলৈকে- ন’মেডলেণ্ডৰ এই যাত্ৰা চলচ্চিত্ৰৰ ইতিহাসত নিঃসন্দেহে এক অন্যতম সফল যাত্ৰা হিচাপে চিহ্নিত হৈ ৰ’ব।

ভাৰ্গৱ প্ৰতিম খাৰঘৰীয়া

LEAVE A REPLY

Please enter your comment!
Please enter your name here